ভৰা লুইতৰ পাৰত উজাগৰী নিশা...
আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ অসম চৰকাৰে ৰাজ্যৰ বৰ্তমানৰ জল পৰিবহণ ব্যৱস্থাটোক পৰ্যায়ক্ৰমে অত্যাধুনিক আৰু যাত্ৰীৰ বাবে নিৰাপদ তথা আনন্দদায়ক জল পৰিবহণ ব্যৱস্থালৈ উন্নীত কৰাৰ অৰ্থে বিশ্ববেংকৰ অৰ্থ-সাহায্যৰে ‘অসম আভ্যন্তৰীণ জল পৰিবহণ প্ৰকল্প’ নামৰ এক প্ৰকল্প হাতত লৈছিল৷ এই প্ৰকল্পৰ অধীনত জল পৰিবহণৰ বাবে ৰাজ্যত সদ্যহতে থকা আন্তঃগাঁথনিৰ ব্যাপক উন্নীতকৰণৰ লগতে প্ৰথম পৰ্যায়ত ব্ৰহ্মপুত্ৰৰ কেতবোৰ নিৰ্বাচিত পাৰঘাটত অত্যাধুনিক ফেৰীসেৱা প্ৰৱৰ্তন কৰিব পৰাকৈ টাৰ্মিনেল স্থাপনকে ধৰি অত্যাধুনিক সা-সুবিধাযুক্ত ফেৰীসেৱা মুকলি কৰিবলৈ পৰিকল্পনা কৰিছিল৷ এই প্ৰকল্পটোৰ প্ৰথম পৰ্যায়ত গুৱাহাটীৰ লগতে মাজুলীৰ অফলামুখ পাৰঘাটকো অত্যাধুনিক ‘টাৰ্মিনেল’লৈ উন্নীতকৰণৰ প্ৰস্তাৱো অন্তৰ্ভুক্ত কৰা হৈছিল৷ এই সমগ্ৰ প্ৰক্ৰিয়াটোত ‘জীৱন ডিঙা’ আঁচনিৰ জৰিয়তে এছিছটেড স্কীমৰ অধীনত ১০০কোটি টকা বিশ্ব বেংকে দিছিল৷ প্ৰতিজন যাত্ৰীৰ বিপৰীতে লাইফ জেকেট সুনিশ্চিত কৰিছিল৷ এটা ইঞ্জিনযুক্ত নাওসমূহ ২০১৮চনৰ উত্তৰ গুৱাহাটীৰ নাও দুৰ্ঘটনাৰ পাছত বন্ধ কৰা কথা তেতিয়াৰ জল পৰিবহণমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত ঘোষণা কৰিছিল৷ এই ঘোষণা সঁচা অৰ্থত কাৰ্যকৰী হোৱা হ’লে নিমাতীঘাটত সংঘটিত নহ’লহেঁতেন বুধবাৰৰ শোকাৱহ ফেৰী দুৰ্ঘটনা৷ মাজুলীৰ দুই লক্ষ্য জনগণৰ বিপৰীতে মাজুলী-নিমাতী ফেৰীঘাটত ফেৰী মাত্ৰ এখন৷ সকলো যাত্ৰীৰে জৰুৰী আৰু অতি জৰুৰী কাম৷ স্বাস্থ্য-চিকিৎসা-শিক্ষা সকলো দিশতে মাজুলীবাসী নিৰ্ভয় দক্ষিণপাৰৰ ওপৰত৷ তেনেস্থলত নিমাতীমুখি জলপথ মাজুলীবাসীৰ বাবে অতিকে গুৰুত্বপূৰ্ণ৷ জড়িত হৈ আছে মাজুলীবাসীৰ জীৱন-জীৱিকা৷ সেয়ে পুৱতি নিশাৰে পৰা মাজুলীৰ কমলাবাৰী আৰু অফলামুখ ফেৰীঘাটত অভাৱনীয় যাত্ৰীৰ ভিৰ৷ কোনোৱে তিনি বজাতে উঠি ফেৰীঘাটলৈ বুলি ঢাপলি মেলিছে৷ কাৰণ এখন মাত্ৰ ফেৰীৰ এখন আসন প্ৰত্যেকৰে বাবে অতিকে জৰুৰী৷ কমলাবাৰী ফেৰীঘাটত যাত্ৰী পাৰ হ’ব পাৰিব মাত্ৰ ১০৬জনৰ বিপৰীতে অফলামুখ ফেৰীঘাটত পাৰ হ’ব পাৰিব ১৩০জন৷ গতিকে যি আগেয়ে গৈ টিকট কাটিব পাৰিব তেৱেঁই সেই ফেৰীৰ যাত্ৰী হ’ব৷ নিমাতী ফেৰীঘাটত বুধবাৰে সংঘটিত অভাৱনীয়-অকল্পনীয় ফেৰী দুৰ্ঘটনাৰ পাছত প্ৰশাসনে বন্ধ কৰি দিছিল এটা ইঞ্জিনযুক্ত গুটিয়া ফেৰীসমূহ৷ নীতি কৰা হৈছে কেৱল চৰকাৰী মেৰাইন ইঞ্জিনযুক্ত মাৰ নাওসমূহ৷ বিপৰীতে দুয়োটা ফেৰীঘাটতে কাৰ্যক্ষম চৰকাৰী ফেৰীৰ সংখ্যা মাত্ৰ এখন৷ ফলত মাজুলীৰ পৰা নিমাতীঘাটলৈ পাৰ হ’ব নোৱাৰি বহু যাত্ৰীয়ে অফলামুখ ফেৰীঘাটতে ৰাতিটো পাৰ কৰিব লগা হয়৷ শনিবাৰৰ পৰা অফলামুখ ফেৰীঘাটত ৰ’পেক্স চলিল৷ এঘাৰ মাহ নিমাতীঘাটত ৰ’ পেস্ক ফেৰী দুখন ফুলদানীৰ দৰে সজাই থোৱাৰ পাছত শনিবাৰে নিমাতীঘাটৰ পৰা যাত্ৰী লৈ অফলাঘাটত উপস্থিত হ’লহি শচীন দেৱ বৰ্মন নামৰ ৰ’পেক্স ফেৰীখন৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছদিনা জ্ঝছেপ্টেম্বৰত স্বয়ং মুখ্যমন্ত্ৰীজনে মাজুলীবাসীৰ জল পৰিবহণৰ সমস্যাৰ অৱসান ঘটিব বুলি ব্যক্ত কৰিছিল৷ তদুপৰি, যাত্ৰীৰ নিৰাপত্তাৰ খাতিৰত চিংগল ইঞ্জিনৰ ফেৰীসমূহ সম্পূৰ্ণভাৱে নিষিদ্ধ কৰি যাত্ৰীৰ নিৰাপত্তা নিশ্চিত কৰিলে ঠিকেই, কিন্তু নানান সমস্যাৰে ভাৰাক্ৰান্ত সাধাৰণ জনতাক যোৰহাট-মাজুলী জল পৰিবহণৰ সুবিধা কৰি দিব নোৱৰাটো চৰকাৰৰ চূড়ান্ত বিফলতা বুলি প্ৰতিক্ৰিয়া কৰিছে মাজুলীবাসীয়ে৷ একমাত্ৰ ফেৰীখনত যাত্ৰাৰ বাবে টিকটৰ কাৰণে পুৱতি নিশাৰ পৰাই দুপৰীয়াৰ প্ৰচণ্ড ৰ’দত শাৰী পাতিও যাব পৰা নাই বহু যাত্ৰী৷ যোৱাৰ সুবিধা লাভ কৰিব নোৱাৰি দুখে-ভাগৰে, খং-ক্ষোভ, হতাশাৰে বহু দূৰ-দূৰণিৰ ঘৰলৈ পুনৰ ঘূৰি যাব নোৱাৰি অফলামুখ ফেৰীঘাটতে ৰাতি পাৰ কৰে৷ মাজুলীৰ ফেৰীঘাটত অতিৰিক্ত ফেৰী মুখ্যমন্ত্ৰীয়ে দিব বুলি কৈছিল যদিও বৰ্তমানলৈ সেয়া হৈ উঠা নাই বাবেই ৰাইজে হাৰাশাস্তি ভোগ কৰিব লগা হৈছে৷ ফেৰী দুৰ্ঘটনাৰ পাঁচদিনৰ পাছতো ফেৰীৰ সংখ্যা বৃদ্ধি পোৱা নাই৷ উল্লেখ্য, নদীৰ পাৰত ফুলদানী কৰি সজাই থোৱা ৰ’পেক্স ফেৰী এখন কমলাবাৰী ফেৰীঘাটত চলিব বুলি মুখ্যমন্ত্ৰীয়ে মাজুলীত প্ৰকাশ কৰিছিল যদিও আজিও কমলাবাৰী ফেৰীঘাটত নচলিল ৰ’ পেক্স৷ লক্ষণীয়ভাৱে কমলাবাৰী ফেৰীঘাটত ৰ’পেক্স চপোৱাত অসুবিধাৰ অজুহাত দেখুৱাইছে বিভাগে৷ পূৰ্বে কেইদিনমান চলিয়েই বন্ধ হৈ পৰা ৰ’পেক্স ফেৰী কমলাবাৰী ফেৰীঘাটতো শীঘ্ৰে চলোৱাৰ লগতে চৰকাৰী ফেৰীৰ সংখ্যা বৃদ্ধি কৰিবৰ বাবে আহ্বান জনাইছে মাজুলীবাসীয়ে৷ এইবাৰ কিমানদিন চলে সেয়া লক্ষণীয় হ’ব৷
মাজুলীৰ নাও দুৰ্ঘটনাৰ তদন্ত সঠিক হ’ব লাগেঃ জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ
যোৰহাট-মাজুলী পাৰঘাটত হৈ থকা দীৰ্ঘদিনীয়া সমস্যা, ভাড়াবৃদ্ধি, চিণ্ডিকেটৰাজ বন্ধ কৰা, যাত্ৰীৰ জীৱন-সম্পতি সুৰক্ষা কৰা, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ আন্তঃগাঁথনি উন্নীত কৰাকে ধৰি বিভিন্ন সমস্যাৰ ওপৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, মাজুলী জিলা সমিতিয়ে ৰাজপথত আন্দোলন কৰাৰ উপৰিও উচ্ছ ন্যায়ালয়ত পি আই এল তৰি ভাড়া হ্ৰাস কৰাকে ধৰি যাত্ৰীৰ যাতায়াত ব্যৱস্থা সূচল কৰাত কিছুপৰিমাণে সক্ষম হৈছিল যদিও আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, জিলা প্ৰশাসন আৰু চৰকাৰৰ চূড়ান্ত হেমাহি, অসাৱধানতা আৰু চৈৰাচাৰীৰ বাবেই যোৱা ৮ ছেপ্টেম্বৰ তাৰিখে এনে ঘটনা সংঘটিত হ’বলৈ পালে বুলি একপ্ৰকাৰ দাবী কৰিছে পৰিষদৰ মাজুলী জিলা সমিতিয়ে৷ ইয়াৰ উচিত তদন্ত হ’ব লাগিব বুলি উল্লেখ কৰে পৰিষদে৷ লগতে কয় কেৱল পুঠি-খলিহনাক গ্ৰেপ্তাৰ বা নিলম্বন কৰি সমস্ত ঘটনাৰ গাপ দি দায় সাৰিলে নহ’ব ঘাটসমূহত দীৰ্ঘদিন ধৰি যাত্ৰীক কৰি অহা শোষণ, অত্যাচাৰ আৰু বৃহৎ চিণ্ডিকেটৰ লগত জড়িত চক্ৰক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে৷ যাতে ভৱিষ্যতৰ দিনত পুনৰ এনে ঘটনা সংঘটিত হ’বলৈ নাপায়৷ আনহাতে, চৰকাৰী মাৰ নাওখন পৰিচালনা কৰা সংশ্লিষ্ট বিভাগৰ লগতে ইয়াৰ লগত জড়িত যিকোনো পক্ষকে এই তদন্তৰ আউটিলৈ আনি প্ৰকৃত দোষীক চিনাক্ত কৰাৰ শীঘ্ৰে ব্যৱস্থা কৰিবলৈ দাবী তুলিছে পৰিষদে৷ কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তি যোগেদি পৰিষদৰ সভাপতি মুনিন্দ্ৰ ভূঞা আৰু সাধাৰণ সম্পাদক পবিত্ৰ বৰাই কয় যে, আভ্যন্তৰিণ জল পৰিবহণ বিভাগৰ যাত্ৰীৰ প্ৰতি থকা দীৰ্ঘদিনীয়া অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবেই শেহতীয়াকৈ এনে দুৰ্ঘটনা সংঘটিত হ’ল৷ সেয়ে এই ঘটনাক পৰিষদে বিভাগ আৰু জিলা প্ৰশাসনে পৰোক্ষভাৱে কৰা এক হত্যাকাণ্ড বুলি অভিহিত কৰিছে৷ নাওসমূহত কিয় লাইফ জেকেট, লাইফ ৰিং নাই, ঘাটৰ দুয়োপাৰে উপযুক্ত ৰেম্প নাই, যাত্ৰীৰ পঞ্জীয়নৰ ব্যৱস্থা নাই এই সমস্ত ঘটনাৰ তদন্ত কৰিলেহে যাত্ৰীসকলে ন্যায় পাব বুলি পৰিষদে উল্লেখ কৰে৷ আনহাতেদি বৰ্তমান সময়ত জল পৰিবহণ বিভাগৰ নগ্নস্বৰূপে বিভাগটোৰ অকমন্যতাৰ কথা স্পষ্ট কৰি দিছে৷ মাজুলীৰ দুইলক্ষ্য জনসাধাৰণৰ আৰ্থ-সামাজিক উন্নয়ন, বাণিজ্য, চিকিৎসা, শিক্ষাৰ দিশত যাতায়াতৰ একমাত্ৰ সূচল এই ঘাটসমূহত বিভাগৰ অধীনত ফেৰী মাত্ৰ এখন৷ দৈনিক হাজাৰ হাজাৰ মানুহ নিজৰ কৰ্মৰ বাবে এই পথেৰে অহা-যোৱা কৰিব লাগে যদিও ফেৰীৰ অভাৱত মাজুলীবাসী এতিয়া পণবন্দী হৈ থাকিব লগা হৈছে৷ লগতে যাত্ৰীৰ অনুপাতে ফেৰীৰ যোগাৰ নোহোৱা বাবে দৈনিক শ শ যাত্ৰী প্ৰখৰ ৰ’দত থিয় কৰাই টিকট দিয়াৰ নামত হাৰাশাস্তি কৰিছে৷ সেয়েহে যিকোনো মূল্যৰ বিনিময়ত মাজুলীবাসীৰ যাতায়াত ব্যৱস্থা সূচল কৰিবলৈ চৰকাৰক দাবী জনাইছে পৰিষদে৷ উল্লেখযোগ্য যে, যোৱা ৯ ছেপ্টেম্বৰত মাজুলীত আহি ৰাজ্যৰ মুখ্যমন্ত্ৰীজনে ঘাটসমূহৰ এই পুৰণিকলীয়া যাতায়াত ব্যৱস্থা উন্নত কৰা আৰু চাৰিখনকৈ মাৰনাও পাছদিনাৰ পৰা চলোৱাৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া এক মিথ্যাচাৰ বুলিহে প্ৰমাণিত হৈছে৷ এইয়া মাজুলীবাসীৰ বাবে দুভাগ্যজনক৷ ইয়াৰ উপৰিও যাত্ৰীবাহী নাও লগতে মালবাহী নাওৰ অভাৱৰ ফলত মাজুলীলৈ মাল সৰবৰাহৰ ক্ষেত্ৰত বাধা আহি পৰিছে৷ যাৰ ফলত দুই এদিনতে মাজুলীত খাদ্য-সামগ্ৰী ধৰি আন আন সামগ্ৰীৰ নাটনিয়ে আন এক সংকটময় পৰিস্থিতিৰ উদ্ভৱ হ’ব৷ সেয়ে মাজুলীৰ দুইলক্ষ্য জনসাধাৰণৰ স্বাৰ্থ বৰ্তমান সময়ত দেখা দিয়া এই সমস্যাসমূহৰ শীঘ্ৰে সমাধান নকৰিলে পৰিষদে মাজুলীবাসীৰ স্বাৰ্থত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷ এই সমস্ত ঘটনাৰ বাবে চৰকাৰী পক্ষৰ একমাত্ৰ দায়ী বিভাগীয় বহুবল্কী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক নিজৰ চূড়ান্ত অকমণ্যতা, ব্যৰ্থতা আৰু অদক্ষতাৰ বাবে শীঘ্ৰে মন্ত্ৰীসভাৰ পৰা অপসাৰণ কৰিবলৈও দাবী তুলিছে পৰিষদে৷






