শুৱনি আমাৰ গাঁওখন অতি...
আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ মেঘালয়ৰ কংথং নামৰ এখন বিশেষ গাঁৱক কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই নিৰ্বাচন কৰিবলগীয়া ‘শ্ৰেষ্ঠ পৰ্যটন গাঁও’ শিতানলৈ মনোনীত কৰিছে৷ মেঘালয়ৰ কংথং গাঁৱৰ উপৰি কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰণালয়ে তেলেংগানাৰ পচামপাল্লী আৰু মধ্যপ্ৰদেশৰ লাধপুৰা খাছ নামৰ গাঁও দুখনকো একে শিতানৰ বাবে মনোনীত কৰিছে৷ ৰাজধানী শ্বিলঙৰ পৰা ৬০ কিলোমিটাৰ দূৰত অৱস্থিত মেঘালয়ৰ কংথং গাঁওখনৰ এটা বিশেষত্ব আছে, যিটো বিশেষত্বৰ বাবে কংথঙক ‘সুহুৰিৰ গাঁও’ বা ‘হুইচলিং ভিলেজ’ বুলি আখ্যা দিয়া হয়৷ এই গাঁওখনত যেতিয়াই এটি শিশুৰ জন্ম হয় তেতিয়াই শিশুটিৰ মাতৃয়ে এটা সুৰৰ সৃষ্টি কৰে৷ প্ৰকৃততে এটা নতুন সুৰৰ সৈতে কংথং গাঁৱত এটি শিশুৰ জন্ম হয়৷ কালক্ৰমত সেই সুৰটোৰেই সেই সন্তানৰ পৰিচিতি হৈ পৰে৷ এই সুৰৰ কোনো শব্দ নাথাকে, ই হৈছে ‘লুলাবি’ বা শিশুক টোপনি আহিবলৈ গোৱা গানৰ সুৰ৷ এই সুৰ ইমানেই বিশেষ হয় যে ইয়াক কেৱল সেই গাঁওখনৰ বাসিন্দাইহে বুজি পায় বা চিহ্নিত কৰিব পাৰে আৰু মনত ৰাখিব পাৰে৷ নিৰ্দিষ্ট শিশুটিৰ বাবে তেওঁৰ মাকে যি সুৰৰ সৃষ্টি কৰে, পৰৱৰ্তীকালত গাঁওবাসীয়ে শিশুটিক সেই সুৰেৰেই মাতে৷ সেই সুৰৰ কোনো শব্দ নাথাকে, যেনে– ইঅ’উ [Eeoow] বা অৱেঅ’ [Ooeeo] ইত্যাদি৷ কংথং গাঁৱৰ প্ৰতিজন বাসিন্দাৰ দুটা নাম থাকে, এটা পোছাকী নাম, যিটো আনুষ্ঠানিক ক্ষেত্ৰত ব্যৱহাৰ হয় আৰু আনটো মাতৃয়ে জন্মৰ সময়তে দিয়া সুৰৰ নাম৷ এই সুৰৰো আকৌ দুটা ভাগ থাকে, এটা হ্ৰস্ব আৰু আনটো দীঘল৷
প্ৰকৃততে কংথং গাঁৱৰ এগৰাকী নাৰীয়ে যেতিয়া গৰ্ভত সন্তান ধাৰণ কৰে তেওঁ তেতিয়াৰ পৰাই এটা সুৰৰ বিষয়ে চিন্তা কৰে৷ শিশুটিৰ জন্মৰ পূৰ্বেই মাতৃয়ে সেই নিৰ্দিষ্ট সুৰটোৰ বিষয়ে গাঁওবাসীক জনায় আৰু শিশুটিৰ জন্মৰ লগে লগে গাঁওবাসী সমবেত হৈ সেই সুৰ একেলগে গায় আৰু তেতিয়াই সকলোৱে নিৰ্দিষ্ট সুৰটোৰ সৈতে পৰিচিত হৈ পৰে আৰু ভৱিষ্যতৰ বাবে চিহ্নিত কৰি লয়৷ এই প্ৰথা কংথং গাঁৱত স্মৰনাতীত কালৰ পৰা চলি আছে৷ দুবছৰৰ মান আগলৈকে মেঘালয়ৰ এই গাঁওখনৰ বিশেষত্ব আনকি মেঘালয়ৰ বাসিন্দায়ো নাজানিছিল বুলি মন্তব্য কৰিছে ৰাজ্যসভাৰ সাংসদ প্ৰফেছাৰ ৰাকেশ সিন্হাই৷ সাংসদ সিন্হাই কংথং গাঁওখন ‘এডপ্ট’ কৰি লৈছে৷ এতিয়া কংথং গাঁৱে দেশৰ আৰু আনকি বিদেশী পৰ্যটককো আকৃষ্ট কৰিছে৷ উচ্ছ সদনত তেওঁ এই গাঁওখনৰ বিষয়ে জনোৱাৰ পাছৰ পৰাই কংথঙৰ পৰিচিতিৰ পৰিসৰ বৃদ্ধি হয়৷ আনহাতে, যি এই প্ৰথাটোৰ বিষয় পোহৰলৈ আনিছিল, সেই মেঘালয়ৰ পৰ্যটন ফৰামৰ সভাপতি এলান ৱেষ্ট খাৰকংগৰে কয় যে, কেৱল কংথং গাঁৱক সুহুৰিৰ গাঁও বুলি কোৱা ভুল হ’ব৷ এই পৰম্পৰা খাট-আৰ ছনং অঞ্চলৰ প্ৰতিখন গাঁৱেই পালন কৰে, কংথং ইয়াৰ মাজৰে এখন৷ কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন মন্ত্ৰণালয়ক ইয়াৰ শুধৰণিৰ বাবেও তেওঁ আহ্বান জনায়৷






