৩৬ লাখকহে দুপালি ভেক্চিন কি হ’ব ব্যৱসায়-বাণিজ্যৰ
আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে ভেক্চিন প্ৰদান প্ৰক্ৰিয়া তৰান্বিত কৰা বুলি দাবী কৰি আহিলেও বৰ্তমানলৈ ৰাজ্যৰ মাত্ৰ ৩৬ লাখ লোককহে সম্পূৰ্ণ ভেক্চিন দিবলৈ সক্ষম হৈছে৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই শনিবাৰে সদৰী কৰা অনুসৰি বৰ্তমানলৈ ৰাজ্যবাসীক ২ কোটি পালি ভেক্চিন প্ৰদান কৰিছে৷ বিভাগীয় মন্ত্ৰীৰ তথ্য মতে ৩৬ লাখ লোককহে দ্বিতীয় পালি অৰ্থাৎ সম্পূৰ্ণ ভেক্চিন দিব পাৰিছে স্বাস্থ্য বিভাগে৷ কিছু কিছু ৰাষ্ট্ৰই নাগৰিকক ক’ভিডৰ তৃতীয় পালিলৈকে ভেক্চিন প্ৰদান কৰিছে যদিও অসমত মুঠ ৩ কোটি জনসংখ্যাৰ মাত্ৰ ১০ শতাংশতকৈ অধিক লোককহে দ্বিতীয় পালি ভেক্চিন দিবলৈ স্বাস্থ্য বিভাগ সক্ষম হৈছে৷ ইপিনে ৰাজ্য চৰকাৰে দুপালি ভেক্চিন নোলোৱা ব্যক্তিক বিভিন্ন ক্ষেত্ৰ তথা কৰ্মত নিয়োজিত কৰাত নিষেধাজ্ঞা আৰোপ কৰাত একাংশ নাগৰিকৰ যে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে সেয়া খাটাং৷ কিয়নো ৰাজ্যত বৰ্তমান সম্পূৰ্ণ ভেক্চিনেটেড লোকৰ সংখ্যা হৈছে ১০ ভাগৰ এভাগ৷ এক কথাত ৰাজ্যৰ স্বাস্থ্য বিভাগে ভেক্চিনৰ নাটনি বা দ্বিতীয় পালি লোৱাৰ সময় নোহোৱাৰ বাবে প্ৰায় ৯০ শতাংশ লোককে সম্পূৰ্ণ ভেক্চিন দিব পৰা নাই৷ কিন্তু চৰকাৰে ক’ভিড এছ অ’ পিত স্পষ্ট কৰি দিছে যে দুয়োপালি ভেক্চিন নোলোৱা ব্যক্তিয়ে দোকান তথা ব্যৱসায় প্ৰতিষ্ঠান খুলিব নোৱাৰিব৷ ব্যৱসায় প্ৰতিষ্ঠানৰ মালিক-কৰ্মচাৰীয়ে ডিঙিত সম্পূৰ্ণ ভেক্চিনেটেডৰ ফলক ওলোমাই ৰাখিব লাগিব বুলিও খোদ স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰিছিল৷ তদুপৰি স্কুল-কলেজৰ লগতে চৰকাৰী-বেচৰকাৰী কৰ্মচাৰীয়ে ভেক্চিন নল’লে কাৰ্যালয়ত উপস্থিত থকা অনুমতি দিয়া নহয় বুলিও স্পষ্ট কৰি দিছিল৷ আনকি জিলা উপায়ুক্তক কাৰ্যালয়ে কাৰ্যালয়ে ভেক্চিন লোৱা কৰ্মচাৰীৰহে উপস্থিতি নিশ্চিত কৰাৰ বাবে তদাৰক কৰাব বাবেও নিৰ্দেশ দিছিল৷ স্বাভাৱিকতেই এটা কথা স্পষ্ট হৈ পৰিছে যে ৰাজ্যৰ মাত্ৰ ৩৬ লাখ লোককহে দুয়োপালি ভেক্চিন দিবলৈ সক্ষম হোৱাত বৃহৎসংখ্যক লোকে সম্পূৰ্ণ ভেক্চিন ল’বলৈ সক্ষম হোৱা নাই৷ ভেক্চিন গ্ৰহণৰ ক্ষেত্ৰত জাৰি কৰা ক’ভিড এছ অ’ পি যদি কাৰ্যকৰী হোৱা বুলি ধৰা হয়, তেনেহ’লে ব্যৱসায়-বাণিজ্য আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত কৰ্মৰত অধিকাংশ লোকেই দুয়োপালি ভেক্চিন গ্ৰহণ কৰিবলৈ সক্ষম নোহোৱাত ইয়াৰ প্ৰভাৱ নিশ্চিতভাৱে হয়তো ব্যৱসায় প্ৰতিষ্ঠান তথা কাৰ্যালয়ৰ কাম-কাজত পৰিছে৷ স্বাভাৱিকতে প্ৰশ্ন হয় সঁচাকৈয়ে জানো ব্যৱসায় প্ৰতিষ্ঠান বা কাৰ্যালয়ত কৰ্মচাৰীয়ে দুপালি ভেকচিন নোলোৱাৰ বাবে সমস্যাৰ সন্মুখীন হৈছে? আনহাতে মুখ্যমন্ত্ৰী-স্বাস্থ্যমন্ত্ৰীয়ে ঢাক-ঢোল বজাই ব্যৱসায় প্ৰতিষ্ঠান আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত ক’ভিড ভেক্চিন কৰ্মচাৰীৰ বাবে বাধ্যতামূলক বুলি প্ৰচাৰ কৰাৰ পাছতো নগণ্যসংখ্যক লোককহে দুয়োপালি ভেক্চিন দিবলৈ সক্ষম হোৱা কাৰ্যই মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ বক্তব্যকে গুৰুত্বহীন কৰি তোলা দেখা গ’ল৷ যাৰ বাবে ক’ভিড এছ অ’ পি উলংঘন কৰি ব্যৱসায় প্ৰতিষ্ঠান আৰু চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীয়ে গিজ-গিজাই যে আছে সেই সন্দেহো অমূলক নহয়৷






