Logo
image

ভয় নকৰি বিয়া পাতক, কৰ দিব নালাগে

আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ বিবাহ অনুষ্ঠান আয়োজনত ৫ লাখ টকাতকৈ অধিক ব্যয় কৰিলে ১৮ শতাংশ জি এছ টি অৰ্থাৎ পণ্য আৰু সেৱা কৰ ভৰিব লাগিব বুলি এটা বাতৰি সম্প্ৰতি সমগ্ৰ দেশ আৰু আনকি অসমতো ব্যাপকভাৱে প্ৰচাৰ হৈছে৷ প্ৰাথমিকভাৱে ক’ব পাৰি এইটো এটা গাজাখুৰি গল্প৷ ইণ্টাৰনেটে ছানি পেলোৱা দেশত এই খবৰটো এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল৷ সৰ্বভাৰতীয় পৰ্যায়ৰ কেইখনমান হিন্দী সংবাদপত্ৰ আৰু স্থানীয় সংবাদ পত্ৰয়ো বিবাহ অনুষ্ঠানৰ জি এছ টি-ৰ বাতৰি প্ৰকাশ কৰিছে৷ সেই সংবাদ অনুসৰি অহা নৱেম্বৰৰ পৰা জি এছ টি-ৰ এই নতুন নিয়ম কাৰ্যকৰী হ’ব৷ বাতৰিসমূহত এটা হিচাপো দেখুওৱা হৈছে৷ সেই হিচাপ অনুসৰি বিবাহ অনুষ্ঠানত ৫,৫০,০০০ টকা ব্যয় কৰিলে বিবাহ আয়োজন কৰা গৰাকীয়ে ৯৬,০০০ টকা জি এছ টি ভৰিব লাগিব৷

ধুমুহাৰ গতিত ভাইৰেল হৈ পৰা এই খবৰটো এটা ভুৱা খবৰ হিচাপেই প্ৰাথমিকভাৱে জানিব পৰা গৈছে৷ অসমৰ কৰ বিভাগৰ কাৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াৰ মতে এতিয়ালৈকে তেওঁলোকে এনেধৰণৰ কোনো জাননী পোৱা নাই৷ জি এছ টি কাউন্সিলৰ শেহতীয়া ৪৪ সংখ্যক বৈঠক অনুষ্ঠিত হৈছিল যোৱা ২৮ মে’ত৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত সেই বৈঠকত জি এছ টিৰ একাধিক সংশোধনী ঘটোৱা হ’লেও বিবাহৰ ক্ষেত্ৰত জি এছ টি আৰোপৰ কোনো সিদ্ধান্ত লোৱা হোৱা নাছিল৷ তেনে সিদ্ধান্ত লোৱা হ’লে সেই জাননী কেতিয়াবাই আহিলহেঁতেন৷

এই গাজাখুৰি গল্পটো কোনে প্ৰচাৰ কৰিছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত৷ যিখন হিন্দী সংবাদ পত্ৰৰ বাতৰি এটা এতিয়া ম’বাইলে ম’বাইলে, আনকি সাংবাদিকৰ হোৱাটছএপতো ঘূৰি আছে, সেই সংবাদপত্ৰখনৰ নাম আৰু বাতৰি প্ৰকাশৰ তাৰিখ তাত উল্লেখ নাই৷ তাত উল্লেখ কৰা জি এছ টি-ৰ কৰৰ টকাৰ সংখ্যাৰো জিএছটি-ৰ কোনো হাৰৰ সৈতে মিল নাই৷ ৫,৫০,০০০ টকা ব্যয়ৰ বিপৰীতে ৯৬,০০০ টকা জিএছটি দিব লাগে বুলি তাত উল্লেখ কৰা হৈছে৷ সেই অংকৰ ওচৰা-ওচৰি জিএছটি-ৰ হাৰ যদি চোৱা হয় তেন্তে ৫,৫০,০০০ টকা ব্যয়ৰ ১৮ শতাংশ জিএছটি হ’ব ৯৯,০০০, ২৮ শতাংশ হ’ব ১,৫৪,০০০, ১৫ শতাংশ হ’ব ৮২,০০০ টকা৷ জি এছ টিৰ হাৰত ৯৬,০০০ টকা কেনেকৈ হ’ল সেই বিষয়ে সংবাদটোত উল্লেখ নাই আৰু সেয়া কোনেও পৰীক্ষাও কৰি চোৱা নাই৷ কেৱল অজ্ঞ আৰু মূৰ্খৰ দৰে ছ’চিয়েল মিডিয়াত বিয়াৰ জিএছটিক লৈ পোষ্ট, কমেণ্ট ভৰাই পেলাইছে, অনেক ফেচবুক পণ্ডিতে৷

উল্লেখ্য, বিবাহৰ ক্ষেত্ৰত বিবাহ ভৱন আৰু কেটাৰাৰে ৫ শতাংশৰ পৰা ১৮ শতাংশলৈ  জিএছটি ভৰিব লাগে৷ অৱশ্যে এই জিএছটি ঘোষণা কৰি অথবা নকৰি বিবাহ ভৱনৰ কতৃৰ্পক্ষ আৰু কেটাৰাৰে বিবাহ আয়োজন কৰা পৰিয়ালৰ পৰাই আদায় কৰে৷ আনহাতে মোদী চৰকাৰে জিএছটি বলৱৎ কৰাৰ পাছৰ পৰা বিবাহৰ সকলো খৰচ বাঢ়ি গৈছে৷ বিবাহ আয়োজন কৰা পৰিয়ালে সকলো সামগ্ৰী যিহেতু জি এছ টি আদায় দি ক্ৰয় কৰিব লাগে সেয়ে বিবাহৰ ক্ষেত্ৰত জিএছটি বলৱৎ হোৱাৰ পৰা ব্যয় বৃদ্ধি হোৱাটো স্বভাৱসিদ্ধ ঘটনা৷