‘ধৈৰ্য’ হেৰুৱাই থাওৰাৰ প্ৰাৰ্থী ঘোষণা কৰিলে ৰাইজৰ দলে
আমাৰ অসম, ১৩ ছেপ্টেম্বৰঃ দেশৰ নিৰ্বাচন আয়োগে অসমৰ ছয় বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ আনুষ্ঠানিক দিনবাৰ এতিয়াও ঘোষণা কৰা নাই৷ কিন্তু নিৰ্বাচন আয়োগে উপ নিৰ্বাচনৰ দিনবাৰ ঘোষণা নকৰিলেও ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে থাওৰা সমষ্টিত নিজ দলৰ প্ৰাৰ্থী ৰাজহুৱাকৈ ঘোষণা কৰি একপ্ৰকাৰে অভিলেখৰ সৃষ্টি কৰিছে৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদকৰ দায়িত্বত থকা ধৈৰ্য কোঁৱৰক থাওৰা সমষ্টিৰ প্ৰাৰ্থী হিচাপে ইতিমধ্যে নাম ঘোষণা কৰিছে অখিল গগৈয়ে৷ যদিও ৰাইজৰ দলৰ পৰা আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই তথাপি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সংবাদ মাধ্যমৰ আগত ধৈৰ্য কোঁৱৰৰ নাম ঘোষণা কৰি সদ্যহতে কেৱল থাওৰা আৰু মৰিয়নী সমষ্টিতহে দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা চিন্তা কৰিছেবুলি ঘোষণা কৰিছে৷ অখিল গগৈয়ে থাওৰা সমষ্টিত বাহৰ পাতি ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰৰ সমৰ্থনত ব্যাপক নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে৷ নিৰ্বাচন খেলিবৰ বাবে ধৈৰ্য কোঁৱৰে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰিছে৷ ধৈৰ্য কোঁৱৰক লগত লৈ থাওৰা সমষ্টিৰ দিহিংমুখকে ধৰি বিভিন্ন অঞ্চলত ঢোল বাই বিহু নাচি অখিল গগৈয়ে উপ-নিৰ্বাচনৰ প্ৰচাৰ আৰম্ভ কৰিছে৷ সমষ্টিটোৰ দুৰ্গম অঞ্চলত বাহৰ পাতি ক’ৰবাত যদি অখিল গগৈয়ে নাও চলাই ভোটাৰক আকৰ্ষণৰ চেষ্টা কৰিছে আন ক’ৰবাত আকৌ কেইবামাইল হাৱাই চেণ্ডেল পিন্ধি খোজকাঢ়ি ভোটাৰৰ মন বুজিবলৈ চেষ্টা কৰিছে৷ উল্লেখ্য যে মিত্ৰতাৰ প্ৰস্তাৱ লৈ নতুন দিল্লীত কংগ্ৰেছৰ হাইকামাণ্ডক সাক্ষাৎ কৰা অখিল গগৈয়ে বিফল মনোৰথ লৈ নতুন দিল্লীৰ পৰা ঘূৰি আহিবলগীয়া হয়৷ অসম কংগ্ৰেছৰ নেতৃত্বই ৰাইজৰ দলৰ সৈতে মিত্ৰতা নকৰে বুলি স্থিতি স্পষ্ট কৰাত কাৰ্যতঃ একপ্ৰকাৰে দিশহাৰা হৈ পৰে অখিল গগৈ৷ সম্ভাৱনাৰ সকলো দুৱাৰ বন্ধ হোৱাত অখিল গগৈ একপ্ৰকাৰে ধৈৰ্য হেৰুৱাই ধৈৰ্য কোঁৱৰক থাওৰা সমষ্টিৰ প্ৰাৰ্থী বুলি ঘোষণা কৰে৷ অখিল গগৈৰ এই তৎপৰতা দেখি হাত সাৱটি বহি থকা নাই শাসকীয় বিজেপি দল৷ ন-বিজেপি তথা সাম্ভাব্য প্ৰাৰ্থী সুশান্ত বৰগোঁহাইক লগত লৈ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি থাওৰা সমষ্টিৰ ১৪ টা পথৰ আধাৰশিলা স্থাপন কৰি আন এক অভিলেখৰ সৃষ্টি কৰে৷ বিজেপি, ৰাইজৰ দলৰ এনে উপনিৰ্বাচন কেন্দ্ৰিক তৎপৰতাৰ পাছতো বৰ্তমানলৈকে অৱশ্যে ৰহস্যজনকভাৱে নিৰব হৈ আছে থাওৰাত দখল থকা কংগ্ৰেছ দল৷
গাখীৰে গা ধুই আহিলেও থাওৰা জয় কৰিব নোৱাৰে সুশান্তইঃ অখিল গগৈ
গাখীৰে গা ধুই আহিলেও এইবাৰ থাওৰাত জয়ী হ’ব নোৱাৰে সুশান্ত বৰগোঁহাই- আজি থাওৰা সমষ্টিৰ বকতাত ৰাইজৰ হৈ নিবাৰ্চনী প্ৰচাৰ সভাত এনেদৰে কয় ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে৷ বিধায়ক অখিল গগৈয়ে কয় যে– যিমানেই আধাৰশিলাৰ ৰাজনীতি আৰু উন্নয়নৰ নাটক কৰিলেও ৰাইজে বিজেপি দলৰ প্ৰাৰ্থী সুশান্তক ভোট নিদিয়ে৷ তেওঁ কয় যে বিশ্বাসঘাটক, প্ৰতাৰক সুশান্তক এইবাৰ থাওৰাৰ ৰাইজে উচিত শিক্ষা দিব৷ সুশান্তৰ বিৰুদ্ধে থাওৰাত ৰাইজৰ দলে এঘঁড়ী যুঁজিবলৈ সাজু হৈছে বুলি আজি অখিল গগৈয়ে ঘোষণা কৰে৷ উল্লেখ্য যে, আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰক লগত লৈ অখিল গগৈয়ে আজি সমষ্টিটোৰ বকতা মৌজাৰ নেমুগুৰি, জবলাটিঙকে ধৰি মুঠ সাতখন সভাত অংশগ্ৰহণ কৰে৷ তেওঁ ৰাইজক ধৈৰ্য কোঁৱৰক আগন্তুক নিবাৰ্চনত সহায় কৰিবলৈ ৰাইজক আহ্বান জনায়৷ সভাত বকতাৰ বহু জ্যেষ্ঠ নাগৰিক, যুৱ প্ৰজন্মই স্বতঃস্ফূৰ্তভাৱে অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ল৷ ইফালে অহা ১৪ ছেপ্টেম্বৰত ৰাইজৰ দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিয়ে৷
ৰাইজৰ দলৰ মৰিয়নিৰ যুটীয়া সম্পাদক দীপক পানীফুকনৰ পদত্যাগ
উপ-নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও ৰাজনৈতিক দলসমূহৰ মাজত ক্ৰমশঃ তৎপৰতা বৃদ্ধি হৈছে৷ এনে এক মুহূৰ্তত মৰিয়নি সমষ্টিৰ ৰাইজৰ দলৰ কিছু কৰ্মীৰ আভ্যন্তৰীণ কন্দলৰ ফলত সমষ্টিটোৰ যুটীয়া সম্পাদক দীপক পানীফুকনে আজি ৰাইজৰ দলৰ যুটীয়া সম্পাদকৰ পদ ত্যাগ কৰিছে বুলি এক বাৰ্তা প্ৰেৰণ কৰিছে৷ পদত্যাগৰ কাৰণ সোধাত তেওঁ কয় দলীয় কিছু কৰ্মকৰ্তাৰ কাৰ্যত মানসিক আঘাত তথা লজ্জিত হৈ তেওঁ নৈতিক দায়িত্ববোধ অনুভৱ কৰি পদ সেচ্ছাই ত্যাগ কৰিছে৷ তেওঁৰ বাবে দলহে ডাঙৰ তেওঁ বা ব্যক্তি ডাঙৰ নহয়৷ সেয়েহে সম্পাদকৰ পদ ত্যাগ কৰি দলৰ এজন সাধাৰণ কৰ্মী হিচাপে সেৱা আগবঢ়াই যাব যদিহে দলে বিচাৰে৷ কোনো পদবী নালাগে৷ তেওঁৰ পদত্যাগ-পত্ৰ ইতিমধ্যে ৰাইজৰ দলৰ কেন্দ্ৰীয় সভাপতি-সম্পাদক জিলা সমিতি মৰিয়নি সমষ্টিলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে৷ দীপক পানীফুকনৰ সম্পাদকৰ পদ ত্যাগে বহু প্ৰশ্নৰ উত্থাপন কৰিছে৷ দলটো গঠন হোৱাৰ সময়ৰে পৰা বিগত নিৰ্বাচন আৰু শেহতীয়াকৈ দলীয় কাম-কাজত দীপক পানীফুকনেও অন্য কৰ্মীৰ সৈতে যথেষ্ট সক্ৰিয় হৈ পৰিছিল৷ এনেস্থলত দলৰ পদ ত্যাগ কথাই দলটোৰ কৰ্মীৰ আভ্যন্তৰিণ সংঘাতৰ কথা পোহৰলৈ আনিছে৷ দলটোৱে যি সময়ত মৰিয়নি সমষ্টিত ভেটি টনকিয়াল কৰাত গুৰুত্ব দিব লাগিছিল এনে সময়ত নতুন দলটোৰ বাবে দলীয় পদত্যাগৰ কথা এক চৰ্চাৰ বিষয় হৈছে৷






