Logo
image

নাৰীৰ সুৰক্ষা

নাৰীক পূজা কৰা ভাৰতবৰ্ষতো এতিয়া নাৰীৰ সুৰক্ষা নিশ্চিত নহয়৷ দেশৰ প্ৰতিগৰাকী কন্যা সন্তানৰ শিক্ষা আৰু জীৱনৰ সুৰক্ষা তথা সৰ্বতোমুখী উত্তৰণৰ বাবে প্ৰধানমন্ত্ৰীয়ে ‘বেটী বচাও, বেটী পঢ়াও’ শ্লোগানেৰে শ কোটি টকীয়া আঁচনি প্ৰৱৰ্তন কৰিছে যদিও প্ৰতিগৰাকী কন্যাৰ সুৰক্ষা তথা নিৰাপত্তা নিশ্চিত কৰিবলৈ সক্ষম নহয় দেশৰ চৰকাৰ৷ বিজ্ঞান প্ৰযুক্তিৰে প্ৰকৃতিকো নিয়ন্ত্ৰণ কৰিবলৈ প্ৰয়াস কৰা মানৱ জাতিয়ে মানসিক উৎকৰ্ষতাৰে মানৱীয় প্ৰমূল্যসমূহ বিকশিত কৰিছে যদিও এতিয়াও আমাৰ সমাজৰে একাংশৰ বৰ্বৰ আচৰণে এই সকলোবোৰ অৰ্থহীন কৰি তোলে বাৰে বাৰে৷ নাৰীক বলাৎকাৰ, নিৰ্যাতন চলাই হত্যা কৰা অমানুসিক কাৰ্যই লজ্জানত কৰে সমাজ, সভ্যতাক৷ মূক হৈ চাই ৰয় অসহায় মানুহে৷ চৰম দুৰ্ভাগ্যজনক এনে ঘটনাৰো ৰাজনৈতিক লাভালাভৰ অংকত ব্যস্ত হয় ৰাজনৈতিক নেতা, দল৷ মানৱতাৰ অভিশাপস্বৰূপ বলাৎকাৰী, হত্যাকাৰীক সুৰক্ষা দিবলৈও তৎপৰতা চলে সমান্তৰালভাৱে৷

উত্তৰ প্ৰদেশৰ হাথৰাছত যোৱা ১৪ ছেপ্টেম্বৰৰ দিনা পথাৰত ঘাঁহ কাটি থকা অৱস্থাৰ পৰা টানি নি চাৰি দুবৃৰ্ত্তই চলোৱা অকথ্য নিৰ্যাতনৰ পৰিণতিত ২৯ ছেপ্টেম্বৰত দিল্লীৰ চিকিৎসালয়ত মৃত্যু হোৱা ১৯ বছৰীয়া যুৱতীগৰাকীৰ হৃদয় বিদাৰক ঘটনা এতিয়া দেশৰ সৰ্বাধিক চৰ্চাৰ বিষয় হৈ পৰিছে৷ চাৰিটাকৈ নৰপিশাচে বলাৎকাৰ কৰাৰ উপৰিও অবৰ্ণনীয় নিৰ্যাতন চলাই ডিঙি আৰু ৰাজহাড় ভাঙি পেলোৱাৰ লগতে জিভাখনো ছিঙি পেলোৱা যুৱতীগৰাকীৰ মৃতদেহ পৰিয়ালক গতাই নিদি উত্তৰ প্ৰদেশৰ আৰক্ষীয়ে পৰিয়ালৰ কোনো সদস্যৰ উপস্থিতি অবিহনেই ৰাতিৰ আন্ধাৰত দাহ কৰা কাৰ্যই সকলোকে হতচকিত কৰি তুলিছে৷ ইয়াৰ পাছতো দুৰ্ভগীয়া পৰিয়ালটোক গৃহবন্দী কৰি গাঁওখনলৈ সকলোৰে প্ৰৱেশ নিষিদ্ধ কৰি সমগ্ৰ ঘটনাটো ঢাকি ৰাখিবলৈ চেষ্টা চলায় প্ৰশাসন আৰু আৰক্ষীয়ে৷ দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিবলৈ সাংবাদিককো বাৰণ কৰাত প্ৰশাসনৰ ভূমিকা সন্দেহজনক হৈ পৰে৷ নিৰ্যাতনৰ বলি যুৱতীগৰাকীৰ আত্মীয়ক লগ ধৰিবলৈ যোৱা ৰাহুল গান্ধীসহ কংগ্ৰেছ নেতা-কৰ্মীকো আৰক্ষীয়ে বাধা দি বলপূৰ্বক আঁতৰাই নিয়ে৷ এই কাৰ্যৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিবাদ আৰু জনমত গঢ় লৈ উঠাৰ পাছত গাঁওখনত প্ৰৱেশৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হয় যদিও সমগ্ৰ কৰ্মকাণ্ডই ৰাজ্য চৰকাৰৰ ভূমিকাক বিতৰ্কৰ মাজলৈ টানি নিয়ে৷ ইতিমধ্যে ৰাজ্য চৰকাৰে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে বিশেষ অনুসন্ধানকাৰী গোট নিয়োগ কৰাৰ উপৰিও চি বি আই তদন্তৰ কথাও ঘোষণা কৰিছে৷

আমাৰ বিশাল দেশখনৰ যিকোনো এটা স্থানত সংঘটিত অপৰাধমূলক কাৰ্যৰ বাবে কেন্দ্ৰ বা সংশ্লিষ্ট ৰাজ্য চৰকাৰক কেতিয়াও দোষী সাব্যস্ত কৰিব নোৱাৰি৷ আমাৰ দেশৰ ৰাজনৈতিক পৰম্পৰাগত কোনো দলৰে শাসন কালত বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত যিকোনো অথন্তৰৰ বাবে চৰকাৰলৈ দোষ ঠেলাৰ এক স্বাভাৱিক প্ৰৱণতা দেখা যায় যদিও ই জনসাধাৰণক প্ৰভাৱিত কৰিব নোৱাৰে৷ উত্তৰ প্ৰদেশৰ এই নাৰকীয় ঘটনাৰ পাছত কংগ্ৰেছ শাসিত ৰাজস্থানতো নাৰী নিৰ্যাতন, বলাৎকাৰৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ বাবে নিশ্চয় কোনো দল বা চৰকাৰক পোনপটীয়াকৈ দায়ী কৰিব নোৱাৰি৷ কিন্তু, যিকোনো অপৰাধমূলক কাৰ্যক ঢাকি ৰাখি বা গুৰুত্বহীন কৰি আওপকীয়াকৈ অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অপচেষ্টা কেতিয়াও কাৰো বাবে গ্ৰহণযোগ্য নহয়৷ হাথৰাছৰ ঘটনাত প্ৰথমৰ পৰাই চৰকাৰে অপৰাধীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ লগতে দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত প্ৰতিবন্ধকতা আৰোপ কৰাৰ পৰিৱৰ্তে স্বচ্ছতা প্ৰদৰ্শন কৰিলে চৰকাৰৰ ভূমিকা সম্পৰ্কে সন্দেহৰ অৱকাশ নাথাকিলহেঁতেন৷ তদুপৰি পৰিয়ালৰ লোকক এবাৰো চাবলৈ নিদিয়াকৈয়ে নিশাৰ আন্ধাৰত মৃতদেহ দাহ কৰা দোষী আৰক্ষীৰ ওপৰত তৎকালীনভাৱে ব্যৱস্থা গ্ৰহণ কৰাটোও জৰুৰী আছিল৷ দেশজুৰি তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এই ঘটনাৰ তদন্ত তথা ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অনাকাংক্ষিত পৰিস্থিতি নিয়ন্ত্ৰণত ৰাজ্য চৰকাৰৰ সন্দেহজনক ভূমিকা আৰু প্ৰাৰম্ভিক ব্যৰ্থতা অতিক্ৰমি ক্ষিপ্ৰ তথা সঠিক তদন্ত আৰু কঠোৰ কাৰ্যব্যৱস্থাইহে নিৰূপণ কৰিব যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰৰ সদিচ্ছা আৰু সততা৷ সমগ্ৰ দেশতে ভয়াৱহ ৰূপত বৃদ্ধি পোৱা নাৰী নিৰ্যাতনৰ ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ হ’ব লাগিব আৰক্ষী আৰু ন্যায় ব্যৱস্থা৷

পিতৃ-মাতৃ, আত্মীয় তথা একোটা পৰিয়ালৰ বাবে চৰম দুৰ্দশা নমাই অনা এনে ঘটনা নিৰ্মূলৰ বাবে চৰকাৰৰ লগতে ব্যক্তি আৰু সমাজৰ সকলো সজাগ আৰু সচেতন হ’ব লাগিব৷ সকলোৰে সন্মিলিত প্ৰচেষ্টাইহে সুফল দিব পাৰে৷ অন্যথা বাৰে বাৰে সংঘটিত হ’ব মানৱতাক কলংকিত কৰা এনে দুষ্কাৰ্য৷ তদন্ত হ’ব, গ্ৰেপ্তাৰ-বিচাৰ, জে’ল-জৰিমনাও হ’ব৷ বাৰে বাৰে মূক হৈ চাই ৰ’ব অসহায় মানুহে৷