
যুদ্ধক্ষেত্ৰ থাওৰা
দুদিনত ২৭টা আধাৰশিলা স্থাপন মন্ত্ৰী পীয়ূষৰ
আমাৰ অসম, ১৪ ছেপ্টেম্বৰঃ ৰাজ্যৰ ৬টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ দিন-বাৰ এই পৰ্যন্ত ঘোষণা হোৱাই নাই৷ ৰাজনৈতিক দলসমূহে নিজৰ নিজৰ প্ৰাৰ্থী বাচনি কৰাই নাই৷ ৰাজনৈতিক দলসমূহৰ কোনে কাৰ লগ লাগিব, কোনে কাৰ সংগ এৰিব সেইটো নিশ্চিত হোৱাই নাই৷ অথচ থাওৰা সমষ্টিত যেন এখন মহাযুদ্ধহে আৰম্ভ হৈছে৷ এফালে মন্ত্ৰী পীয়ূষ হাজৰিকাই যোৱা দুদিনত সমষ্টিটোত ২৭টা পথ পকীকৰণৰ আধাৰশিলা স্থাপন কৰি অভিলেখ সৃষ্টি কৰাৰ বিপৰীতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে থাওৰাত বাহৰ পাতি যুদ্ধকালীন তৎপৰতা অব্যাহত ৰাখিছে৷ হঠাৎ যেন সকলোৰে বাবে থাওৰা সমষ্টি এতিয়া সন্মানৰ প্ৰশ্ন হৈ পৰিছে৷ যেনেতেনে দখল কৰিব লাগে সমষ্টিটো৷ থাওৰা সমষ্টিক কেন্দ্ৰ কৰি ৰাজনৈতিক যুদ্ধ ইমানে বৃদ্ধি পাইছে যে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অন্য পাঁচটা সমষ্টি যেন ক্ৰমাৎ গুৰুত্বহীন হৈ পৰিছে৷ আনকি ৰূপজ্যোতি কুৰ্মীৰ মৰিয়নি সমষ্টি আজিৰ তাৰিখত থাওৰা সমষ্টিৰ দৰে লাভ কৰা নাই ৰাজনৈতিক গুৰুত্ব৷ ইয়াৰ আঁৰৰ কাৰণ কি সেয়া সময়তহে স্পষ্ট হ’ব৷ লক্ষণীয়ভাৱে ‘ৰাইজৰ দল’ৰ প্ৰাৰ্থী হিচাপে থাওৰা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ লক্ষ্যৰে ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা পদত্যাগ কৰিছে সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে৷ থাওৰা সমষ্টিক কেন্দ্ৰ কৰি ৰাজনৈতিক যুদ্ধ তুংগত উঠাৰ বিপৰীতে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া অন্য পাঁচটা সমষ্টি ক্ৰমে মাজুলী, ভৱানীপুৰ, তামুলপুৰ, গোসাঁইগাঁও আৰু মৰিয়নিত নাই কোনো ধৰণৰ নিৰ্বাচনী তৎপৰতা৷ থাওৰা সমষ্টিত বিগত দুদিন ধৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই বাহৰ পাতি থকাৰ বিপৰীতে মন্ত্ৰী ক্ৰমে যোগেন মোহন, ডাঃ ৰণোজ পেগু, শাসকীয় বিজেপি দলৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়ক ভুৱন পেগু আদি যথেষ্ট সক্ৰিয়তাৰে ৰাজনৈতিক তৎপৰতা অব্যাহত ৰাখিছে৷ থাওৰাৰ সদ্য পদত্যাগী বিধায়ক সুশান্ত বৰগোহাঁই বিজেপি মিত্ৰদলৰ প্ৰাৰ্থী হোৱাটো প্ৰায় নিশ্চিত৷ আনহাতে, বিগত প্ৰায় সাতদিন ধৰি থাওৰাত বাহৰ পাতি দলীয় তৎপৰতা অব্যাহত ৰাখিছে অখিল গগৈয়ে৷ অৱশ্যে কংগ্ৰেছ দলে বৰ্তমান পৰ্যন্ত এই ৰাজনৈতিক তৎপৰতাৰ পৰা নিজকে যথেষ্ট আঁতৰত ৰাখিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে স্পষ্ট কৰি দিছে যে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ছটা সমষ্টিতে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰাবলৈ কংগ্ৰেছ দল সাজু৷ ৰাজনৈতিক তৎপৰতাৰ সমান্তৰালভাৱে ৰাজনৈতিক নেতাসমূহৰ মাজত বৃদ্ধি পাইছে বাকযুদ্ধ আৰু আক্ৰমণ-প্ৰত্যাক্ৰমণ৷ অখিল গগৈক কটাক্ষ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয়– গপতে গঙাটোপ হৈ থকা অখিল গগৈৰ আচল শক্তিৰ প্ৰমাণ থাওৰাত পাব ৰাইজে৷ ৰাইজৰ দল এইবাৰ তিনি নম্বৰত থাকিব৷ অখিল গগৈ বহু ওপৰত উৰি আছে৷ আনহাতে, বিধায়ক অখিল গগৈয়ে বিজেপিৰ সাম্ভাব্য প্ৰাৰ্থী সুশান্ত বৰগোহাঁইক আক্ৰমণ কৰি কয়– গাখীৰেৰে গা ধুই আহিলেও থাওৰা জয় কৰিব নোৱাৰে সুশান্তই৷ ইয়াৰ বিপৰীতে বিধায়ক গগৈক এই সমালোচনাৰ প্ৰত্যুত্তৰ দি সুশান্ত বৰগোহাঁয়ে কয়– অখিলৰ কথাৰ কোনো মূল্য নাই৷ এতিয়া তেওঁক কোনেও গুৰুত্ব নিদিয়ে৷’ এনে ৰাজনৈতিক তৎপৰতা আৰু বাকযুদ্ধৰ মাজতে সময়েহে ক’ব থাওৰাৰ উপ-নিৰ্বাচনত শেষ হাঁহি কোনে মাৰিব৷
থাওৰাত উপ-নিবাৰ্চন উপলক্ষে বিজেপিৰ আধাৰশিলাৰ ৰাজনীতি
আগন্তক উপ-নিবাৰ্চনক লক্ষ্য কৰি শাসকীয় বিজেপি-মিত্ৰজোঁট চৰকাৰখনে শিৱসাগৰ জিলাৰ ১০৭ নং থাওৰা বিধানসভা সমষ্টিত ভোটাৰ ৰাইজৰ মন প্ৰলোভিত কৰিবলৈ গ্ৰহণ কৰিছে ইখনৰ পাছত সিখনকৈ আঁচনি ৷ আজি সমষ্টিটোৰ অন্যতম নিতাইপুখুৰী গাঁও পঞ্চায়তৰ অধীনৰ নিতাই কোঁৱৰ গাঁৱত মাজগাঁৱলৈ যোৱা প্ৰায় ৰকিলোমিটাৰ পথটো আধাৰশিলা স্থাপন কৰে অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগমন্ত্ৰী পীয়ূষ হাজৰিকাই৷ আজিৰ আধাৰশিলা অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱা, থাওৰাৰ প্ৰাক্তন বিধায়কদ্বয় কুশল দুৱৰী,সুশান্ত বৰগোহাঁই উপস্থিত থাকে৷ উল্লেখ্য যে ,অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগৰ ২০২১-২০২২ বৰ্ষৰ ৯৬.২৪লক্ষাধিক টকাৰে উক্ত পথটো নিৰ্মাণ কৰা হ’ব৷ ইফালে আজি একেদিনাই সমষ্টিটোৰ বিভিন্ন প্ৰান্তত মুঠ ১২টাকৈ পথৰ আধাৰশিলা কৰা হয়৷ আনহাতে, আগন্তুক উপ-নিবাৰ্চনত থাওৰাৰ ন-বিজেপি সুশান্ত বৰগোহাঁইক যিকোনো প্ৰকাৰে দিছপুৰলৈ জয়ী কৰাই নিয়াৰ উদ্দেশ্য সমষ্টিটোত দুদিনত চ্ছটাকৈ পথৰ আধাৰশিলা, ৰাইচাই গ্ৰাম্য ক্ৰীড়াংগন নিৰ্মাণৰ ১০কোটি টকা, দুখন দলং নিৰ্মাণৰ বাবে ১২কোটি টকা দিয়া হ’ব বুলি মন্ত্ৰী পীয়ূষ হাজৰিকাই ভোটাৰ ৰাইজৰ মন প্ৰলোভিত কৰিবলৈ ঘোষণা কৰিছে বুলি সমষ্টিটোৰ নিৰপেক্ষ আৰু সচেতন মহলে অভিযোগ কৰিছে৷ লগতে অভিযোগ কৰি কয় যে নিৰ্বাচনৰ সময় পাৰ হোৱাৰ লগে লগে সকলো ফুটুকাৰ ফেনত পৰিণত হ’ব৷
থাওৰাত বিজেপিৰ প্ৰাৰ্থীয়ে বিপুল ভোটত জয়লাভ কৰিবঃ ৰূপমৰ ভৱিষ্যদ্বাণী
ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি বিয়লি নগৰৰ হোটেল পিক্লোত এখন সংবাদ মেল অনুষ্ঠিত হয়৷ বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভানেত্ৰী সুৰভী ৰাজকুঁৱৰীয়ে আঁতধৰা এই সংবাদ মেলত বিজেপিৰ নৱনিযুক্ত প্ৰভাৰী ৰূপম গোস্বামীয়ে কয় যে, যোৱা বিধানসভা নিৰ্বাচনত শিৱসাগৰ, থাওৰা আৰু নাজিৰা সমষ্টিত বিজেপি প্ৰাৰ্থীকেইজন কম ভোটৰ ব্যৱধানত পৰাজিত হৈছিল৷ অৱশ্যে আমগুৰি সমষ্টি বিজেপি মিত্ৰজোঁটৰ দখলত আছে৷ আমি শিৱসাগৰ জিলাত দলৰ প্ৰভাৰীৰ দায়িত্ব লোৱাৰ পাছতেই বহু অৰাজনৈতিক নিৰপেক্ষ লোকে শিৱসাগৰ বিৰোধীৰ দখললৈ যোৱাৰ বাবেই এই সমষ্টি পুনৰ উন্নয়নৰ দিশত বহু পিছ পৰি যাব বুলি আশংকা প্ৰকাশ কৰিছে৷ কিছু লোকে শিৱসাগৰৰ বিধায়কৰ বক্তব্য ঢোৰাসাপৰ ফেঁাচফোঁচনি বুলি ব্যক্ত কৰি এনে লোকে প্ৰকৃতাৰ্থত সমষ্টিৰ উন্নয়ন কৰিব নোৱাৰে বুলি মত প্ৰকাশ কৰিছে৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বতহে ৰাজ্যৰ সবাংগীণ উন্নয়ন সম্ভৱ বুলি উপলব্ধি কৰি থাওৰা, মৰিয়নি আৰু ভৱানীপুৰৰ বিৰোধী দলৰ বিধায়ক তিনিজনে বিজেপিত যোগদান কৰিছে৷ সংবাদ মেলত ৰূপম গোস্বামীয়ে কয় যে, শিৱসাগৰ জিলাৰ অন্তৰ্গত থাওৰা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ কিছুদিনৰ পাছতেই অনুষ্ঠিত হ’ব৷ এই নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থীজন বিপুল ভোটৰ ব্যৱধানত জয়লাভ কৰিব৷ আমি এই সমষ্টিত সাংগঠনিকভাৱে শক্তিশালী হৈ আছোঁ৷ কেৱল থাওৰাই নহয়৷ অহা বিধানসভা নিৰ্বাচনত শিৱসাগৰ জিলা নাজিৰা, আমগুৰি আৰু নাজিৰা বিজেপি মিত্ৰজোঁটৰ দখললৈ আহিব বুলি ৰূপম গোস্বামীয়ে মন্তব্য কৰে৷ সংবাদ মেলত শিৱসাগৰ জিলাৰ নৱনিযুক্ত সহঃপ্ৰভাৰী সুভাষ দত্তই কয় যে, আজি শিৱসাগৰ জিলা বিজেপিৰ সাংগঠনিক সভাত আৰু প্ৰত্যক্ষ কৰি শিৱসাগৰ জিলাৰ চাৰিটা বিধানসভা সমষ্টিতেই বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী৷ আমাৰ প্ৰথম লক্ষ্য থাওৰা বিধানসভা সমষ্টিত উপ-নিৰ্বাচন৷ এইবাৰ থাওৰা বিজেপিৰ দখললৈ অহাতো এশ শতাংশ নিশ্চিত৷ শিৱসাগৰৰ অভিভাৱক মন্ত্ৰী ৰণোজ পেগুৰ উপৰিও জলসম্পদ মন্ত্ৰী পিয়ূষ হাজৰিকাই এই সমষ্টিত উন্নয়নৰ দিশত নিজে চকু ৰাখিছে৷ উপ-নিৰ্বাচনৰ পাছতে ৰাজ্যত হ’বলগা পৌৰসভা, লোকসভা, পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনৰ বাবে আমি আগতীয়াকৈ সাংগঠনিক দিশ শক্তিশালী কৰাৰ সংকল্প গ্ৰহণ কৰিছোঁ এই আটাইকেইটা নিৰ্বাচনতেই শিৱসাগৰ জিলাৰ আটাইকেইটা সমষ্টিৰ অন্তৰ্গত পঞ্চায়ত আৰু পৌৰসভা বিজেপিৰ দখললৈ আহিব বুলি সুভাষ দত্তই মন্তব্য কৰে৷ ইয়াৰ উপৰিও সুভাষ দত্তই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি অহা ১৭ ছেপ্টেম্বৰৰ পৰা ৭ অক্টোবৰলৈ বিজেপিৰ শিৱসাগৰ জিলা সমিতিয়ে গ্ৰহণ কৰা ২০ দিনীয়া কাৰ্যসূচী সম্পৰ্কত ব্যাখ্যা দাঙি ধৰে৷
বিজেপিয়ে টিকট নিদিলে নিৰ্দলীয় হৈ নিৰ্বাচন খেলাৰ হুংকাৰ দিয়া ইমানুৱেল মুছাহাৰীক তুলা-ধূনা ইউপিপিএলৰ
অসম বিধানসভাৰ উপ-নিৰ্বাচন সমাগত৷ সম্প্ৰতি টিকটকেন্দ্ৰিক যুঁজ চলিছে তামুলপুৰ বিধানসভা সমষ্টিত৷ বৰ্তমান সমষ্টিটোত ইউপিপিএল আৰু বিজেপি দলৰ নেতৃত্বৰ মাজত চলিছে মতানৈক্য৷ সাম্প্ৰতিক বিধানসভাৰ নিৰ্বাচনত বিজেপি দলে তামুলপুৰ সমষ্টিতো ইউপিপিএল দলক এৰি দিয়াৰ পাছতে আঁকোৰগোঁজ হৈ পৰিছে প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা ইমানুৱেল মুছাহাৰী৷ যদিহে সমাগত উপ-নিৰ্বাচনত বিজেপি দলে তামুলপুৰ সমষ্টিত তেওঁক টিকট নিদিয়ে তেনেহ’লে তেওঁ নিৰ্দলীয় হৈ নিৰ্বাচন খেলাৰ হুংকাৰ প্ৰদান কৰাৰ পাছতে মুছাহাৰীক তুলা-ধূনা দিছে ইউপিপিএল দলৰ নেতা জলেন দৈমাৰীয়ে৷ কালি নাওকাটাত সাংবাদিকৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত নেতাজনে ক্ষুৰধাৰ সমালোচনা কৰি কয় যে প্ৰাক্তন বিধায়ক তথা বিজেপি দলৰ নেতা ইমানুৱেল মুছাহাৰীয়ে ছ’চিয়েল মিডিয়াত যি ষ্টেটমেন দি আছে প্ৰমোদ বড়োৱে যোৱা আঠমাহত সমষ্টিৰ কোনো কাম কৰা নাই৷ সেয়ে তেওঁ নেতাজনক প্ৰশ্ন কৰিছে তেওঁ বিটিচিৰ ১০বছৰীয়া কাৰ্যকালত এজন সদস্য লগতে বিগত ১০বছৰে তামুলপুৰ সমষ্টিৰ বিধায়ক পদত অধিষ্ঠিত থাকি সমষ্টিৰ কি উন্নয়নসাধন কৰিলে৷ তেওঁ কয়– মুছাহাৰীয়ে যিখন তামুলপুৰ উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত সুদীৰ্ঘ সময় ধৰি শিক্ষকতা কৰিলে সেই বিদ্যালয়ৰে অৱস্থা চাই লওক তেওঁ৷ তদুপৰি, তেওঁৰ নিজগৃহৰ উত্তৰ অঞ্চলৰ জনসাধাৰণে এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ কৰি থকা অৱস্থাতোও চাই লওক৷ প্ৰমোদ বড়োৰ আজি কাৰ্যকাল আঠমাহহে হৈছে৷ বৰ্তমান ৰাজ্যখনত বিজেপি, ইউপিপিএল আৰু জিএছপি দলৰ মিত্ৰজোঁটৰ এখন চৰকাৰ চলি আছে৷ সম্প্ৰতি সমষ্টিৰ দলীয় কৰ্মকৰ্তাসকলৰ মাজত কোনো সংঘাত নাই৷ সেয়েহে তেওঁ সমষ্টিৰ বিজেপি, ইউপিপিএল আৰু জিএছপিৰ দলীয় কৰ্মকৰ্তাসকলৰ মাজত কাজিয়াৰ সৃষ্টি কৰিব বিচাৰিছে আৰু এইবোৰ কেৱল তেওঁৰ ব্যক্তিগত লাভালাভৰ বাবেই কৰি আছে বুলি কয়৷ কথা প্ৰসংগত তেওঁ উল্লেখ কৰে যে, বৰ্তমান তামুলপুৰ সমষ্টিত তেওঁ বিজেপি দলৰ টিকট বিচাৰি আছে৷ অন্যহাতে, যোৱাবাৰ বিজেপি দলে মিত্ৰতাৰ খাতিৰতে সমষ্টিত তেওঁক প্ৰাৰ্থিত্ব নিদিলে৷ তাৰ বিপৰীতে তেওঁ কিন্তু নিজৰ বাসভৱনত তেওঁৰ সমৰ্থকসকলৰ লগত বিজেপি দলৰ দলীয় পতাকাখন নমাই আনি মাটিত পেলাই দিছিল আৰু অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা গ’ বেক, হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা গৰুৰ দালাল আদি শ্লোগান দিছিল৷ গতিকে তেনেকুৱা এজন লোক বিজেপি দলৰ কৰ্মী হৈ থকাৰ কোনো যুক্তি নাই আৰু বিজেপি দল নতুবা দলীয় নেতা-কৰ্মীয়ে সমষ্টিত কোনো কাম কৰা নাই বুলি ক’বলৈ তেওঁৰ কোনো অধিকাৰ নাই৷ গতিকে তেওঁ যি কৈছে সেয়া তেওঁৰ ব্যক্তিগত টিকট নোপোৱাৰ বেদনা৷ বিজেপি দল তথা দলীয় কৰ্মকৰ্তাসকলক তেওঁ বহু লজ্জাজনক অৱস্থালৈ লৈ গৈছে বুলিও ব্যক্ত কৰে৷ তেওঁ লগতে কয় যে সমষ্টিৰ সকলো দলীয় সমৰ্থক, কাৰ্যকৰ্তাসকলে সদায়ে হাইকামাণ্ডৰ নিৰ্দেশ অনুসৰি কাম কৰে, ইমানুৱেলৰ মতে, কোনেও নচলে আৰু বিজেপিও কেতিয়াও ইমানুৱেলৰ মতে নচলে বুলি উল্লেখ কৰে৷ অন্যহাতে, ইমানুৱেল মুছাহাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ দৰে ইউপিপিএল দলে বিজেপি দলৰ অক্সিজেনত চলি আছে বুলি অভিযোগ আনিছে তাক খণ্ডন কৰি তেওঁ কয় যে ইউপিপিএল দলে বিজেপি দলৰ সৈতে মিত্ৰতাতহে চলি আছে৷ ইয়াত কোনো অক্সিজেনৰ কথা নাহে বুলি কয়৷ বিজেপি, ইউপিপিএল আৰু জিএছপি দলে আলোচনাৰ জৰিয়তেহে চলি আছে৷ তেওঁ লগতে উল্লেখ কৰে যে ইমানুৱেল মুছাহাৰীয়ে যিটো দলৰ সাধাৰণ সম্পাদক হৈ আছিল৷ সেই সময়ত বিটিচি অঞ্চলত বড়ো, অবড়োৰ মাজত যি সমস্যাৰ সৃষ্টি কৰিছিল৷ সেই পৰিৱেশ পৰিস্থিতি সম্প্ৰতি সন্মানীয় মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, বিটিআৰপ্ৰধান প্ৰমোদ বড়ো আৰু জিএছপি দলৰ সাংসদ নৱ কুমাৰ শৰণীয়া এই তিনিজন মহান নেতাৰ প্ৰচেষ্টাতহে আজি অঞ্চলটোত বড়ো, অবড়োৰ মাজৰ সমস্যাসমূহ নাইকিয়া কৰিবলৈ সমৰ্থ হ’ল৷ গতিকে এতিয়া বিটিআৰ অঞ্চলত কোনো সংঘাত নাই৷ তেওঁ পুনৰ উভতি ধৰি কয় যে তেওঁ যদিহে এজন গেম ছেন্সৰ আছিল৷ তেনেহ’লে বিটিচি নিৰ্বাচনত কেনেকৈ বিপিএফ দলে ১৭খন আসন লাভ কৰিলে বুলিও প্ৰশ্ন কৰে৷ বিজেপি এটা ৰাষ্ট্ৰীয় দল৷ গতিকে তামুলপুৰ সমষ্টিত মিত্ৰতাৰে নিৰ্বাচন খেলিব নে নেখেলে সেইতো দলীয় উৰ্ধতন কাৰ্যকৰ্তাসকলেহে নিৰ্ধাৰণ কৰিব বুলিও কয়৷ এইক্ষেত্ৰত বিজেপি দলৰ সভাপতি ভবেশ কলিতা, প্ৰমোদ বড়ো আছে আৰু দুয়োটা ৰাজনৈতিক দলৰ দলীয় নেতৃত্বই ৰাজনৈতিক পৰ্যায়ত আলোচনা কৰি সমাধান কৰিব বুলি কয়৷ ইয়াতে ইমানুৱেল মুছাহাৰীয়ে মিত্ৰতাৰে খেলিব লাগিব বুলি ক’লেও নহ’ব৷ ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা কৰিহে মিত্ৰতাৰ কথা সমাধান কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে৷