Logo
image

আইপিএলত নতুন দল তালিকাত গুৱাহাটীও

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ পৰৱৰ্তী ছীজনৰ পৰা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত [আই পি এল] বৃদ্ধি পাব নতুন দুটা দলৰ৷ বৰ্তমান ৮ টা দল থকা  ধনাঢ্য আই পি এল সমৃদ্ধ হ’ব ১০ টা দলেৰে৷ কোন দুখন নতুন চহৰক অহা বছৰৰ অই পি এলৰ পৰা দেখা পোৱা যাব তাক লৈ ক্ৰিকেট অনুৰাগীৰ মাজত আগ্ৰহ বৃদ্ধি পাইছে৷  নতুন দল দুটা গঠনৰ বাবে বি চি চি আয়ে প্ৰস্তুত কৰা ছখন প্ৰস্তাৱিত চহৰৰ তলিকাত গুৱাহাটীয়েও ইতিমধ্যে স্থান লাভ কৰিছে৷ গুৱাহাটী আই পি এলৰ এটা দল হিচাপে পৰিগণিত হোৱাৰ বাবে আশাৰে বাট চাইছে ক্ৰিকেটৰ ৰুচি থকা উত্তৰ পূবৰ লোকসকলে৷ তদুপৰি  ৰাঁচী, কটক, আহমেদাবাদ, লক্ষ্ণৌ, ইন্দোৰ আৰু ধৰমশালাই নতুন দলৰ তালিকাত স্থান লাভ কৰিছে৷ মাণ্ডলিক ভাৰসমতা আৰু  ব্যৱসায়িক সুযোগ বৃদ্ধি কৰাৰ বাবেই আই পি এলৰ দুটা দল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বি চি চি আয়ে৷ এই ক্ষেত্ৰত ১৭ অক্টোবৰত নতুন দলৰ নিলাম হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে৷ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই] এতিয়ালৈ কোনো তথ্য সদৰী কৰা নাই যদিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি নতুন দল দুটাৰ নিলাম সংক্ৰান্তত যাৱতীয় প্ৰশ্নৰ  উত্তৰ জনাৰ অন্তিম দিন ২১ ছেপ্টেম্বৰ৷ ইয়াৰ পাছত কোনো তথ্য জনাৰ সুযোগ নাথাকিব৷ আনহাতে, ৫ ছেপ্টেম্বৰৰ পৰা নিবিদা জমা দিয়া প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে৷ প্ৰথমে নথি- পত্ৰ পৰীক্ষা কৰাৰ পাছত আৰ্থিক লেনদেন  সম্পন্ন হ’ব৷ অনলাইনযোগে এই নিলাম সম্পন্ন নহয়৷ সামান্য লোকৰ উপস্থিতিত এই নিলাম প্ৰক্ৰিয়া সম্পন্ন হ’ব বুলি জানিব পৰা গৈছে৷ উল্লেখ্য, এটা দল ক্ৰয় কৰাৰ বাবে অন্তত ২০০০ কোটি টকা খৰচ কৰিব লাগিব প্ৰতিষ্ঠানটোৱে৷