Logo
image

মোদীৰ ২০ দিনীয়া জন্মদিন লৈ বাৰুকৈয়ে বিতৰ্ক

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ শাসকীয় বিজেপি দলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিনীয়া কাৰ্যক্ৰমনিকাৰে পাতিবলৈ আয়োজন কৰাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ এয়া বিজেপিৰ প্ৰহসনৰ অন্যতম উদাহৰণ বুলিও বিভিন্ন দল-সংগঠনে মন্তব্য কৰিছে৷ আন একাংশই আকৌ ব্যৰ্থতা ঢাকিবলৈ বিজেপিৰ সেয়া নিৰ্লজ কাণ্ড বুলিও অভিহিত কৰিছে৷ প্ৰদেশ বিজেপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিনীয়া কাৰ্যসূচীৰে পালনৰ আয়োজন কৰা কাৰ্যত ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে৷ বিজেপিক কঠোৰ ভাষাৰে সমালোচনা কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয়–‘যিখন দেশত খাবলৈ ভাত নাই, চিকিৎসা-চিকিৎসকৰ অভাৱ সেইখন দেশত ২০ দিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ আয়োজন কৰাৰ কোনো যুক্তি নাই৷’ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাইছে যদিও বিজেপি দলে ২০ দিনীয়া কাৰ্যসূচীৰে জন্মদিনৰ আয়োজন কৰা কাৰ্যক কটাক্ষ কৰি কয়–‘এয়া বিজেপিৰ প্ৰহসন৷ দেশৰ দৰিদ্ৰ জনতাক ভেঙুচালি কৰিছে বিজেপিয়ে৷ কৰ’নাই কোঙা কৰা দেশত এনে কাৰ্য মুঠেই সমৰ্থনযোগ্য নহয়৷’ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিন ২০ দিনীয়া কাৰ্যসূচীৰে পালন কৰিব বিচৰা কাৰ্যক হাস্যকৰ বুলি আখ্যা দি এ আই ইউ ডি এফৰ জ্যেষ্ঠ নেতা তথা বিধায়ক হাফিজ ৰফিকুল ইছলামে সংবাদ মাধ্যমৰ আগত কয়–‘প্ৰধানমন্ত্ৰীক আমি জন্মদিনৰ শুভেচ্ছা জনাইছো৷ কিন্তু ইমান দীঘলীয়া জন্মদিন আমি দেখাও নাই, শুনাও নাই৷ আমি জনাত জন্মুদিন এদিনহে হয়৷ কৰ’নাত ককাল ভাঙিছে দেশবাসীৰ৷ দেশৰ জিডিপি এতিয়া শূন্যৰ তলত৷ কৰ’নাকালত লাখ লাখ লোক নিবনুৱা হ’ল৷ বন্ধ হ’ল, বিক্ৰী হ’ল এটাৰ পাছত এটা উদ্যোগ৷ প্ৰকৃতাৰ্থত ব্যৰ্থতা ঢাকিবলৈ বিজেপিৰ এয়া নিৰ্লজ কাণ্ড৷ ইয়াৰ বিপৰীতে সেই ২০ দিন বিজেপিৰ নেতা-কৰ্মী-বিধায়ক-সাংসদসকলে গাঁৱলৈ গৈ দুখীয়াৰ খবৰ ল’লে, স্বাস্থ্যসেৱা ঠিকেই আছেনে নাই, কৃষকে পৰ্যাপ্ত সা-সুবিধা পাইছেনে নাই আদি খবৰ ল’লে আমাৰ ক’বলগীয়া নাছিল৷ যি সময়ত সমগ্ৰ দেশব্যাপী জ্ঝ মাহ ধৰি কৃষক আন্দোলন চলি আছে, সেই সময়তে কৃষকৰ আয় তিনিগুণ বৃদ্ধি কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া বিজেপিয়ে সকলো দেখিও চকুমুদা কুলিৰ ভাও ধৰি থাকিল৷ এয়া হাস্যকৰ মাথো৷’ উল্লেখ্য, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিনীয়া কাৰ্যসূচীৰে মহা ধুম ধামেৰে পালন কৰিব শাসকীয় দল বিজেপিয়ে৷ ইয়াৰ বাবে বিস্তৃত কাৰ্যসূচী চূড়ান্ত কৰিছে প্ৰদেশ বিজেপিৰ নেতৃত্বই৷ ১৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এই কাৰ্যসূচী৷ ৭ অক্টোবৰলৈ চলিবলগীয়া প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনৰ কাৰ্যসূচীক ‘সেৱা আৰু সমৰ্পনৰ ২০ দিন’ বুলি অভিহিত কৰা হৈছে৷ উল্লেখ্য যে প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ লগত সংগতি ৰাখি তেওঁৰ জীৱন আৰু কীৰ্তি সম্পৰ্কত দলৰ ৰাজ্যিক আৰু জিলা কাৰ্যালয় সমূহত প্ৰদৰ্শনী অনুষ্ঠিত হ’ব৷