Logo
image

থানবান বিৰোধী ঐক্য! ৬-০১ আশা দেখিছে বিজেপিয়ে

আমাৰ অসম, ১৫ ছেপ্টেম্বৰঃ কাৰ্যত থানবান হৈ গ’ল বিৰোধী ঐক্য৷ বিধানসভাৰ সদ্য সমাপ্ত নিৰ্বাচনত কংগ্ৰেছৰ নেতৃত্বত যি মহাজোট গঠন হৈছিল বৰ্তমান তাৰ অস্তিত্ব নাইকীয়া হৈ পৰিছে৷ বিধানসভাৰ ৬টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনত মহাজোটৰ অংশীদাৰী দল সমূহ অকলে অকলে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো প্ৰায় নিশ্চিত৷ মহাজোটৰ অন্যতম অংশীদাৰ বি পি এফ দলে ইতিমধ্যে কংগ্ৰেছৰ সংগ ত্যাগ কৰি শাসকীয় বিজেপি দলৰ কাষ চাপিছে৷ আনহাতে সততে বিৰোধী ঐক্যৰ কথা কোৱা অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে কংগ্ৰেছৰে জোটবন্ধনৰ বাবে দিল্লী-গুৱাহাটীত তাত বাতি কাঢ়ি আছিল যদিও অখিল গগৈৰে মিত্ৰতাৰ বিষয়টো মুকলিভাৱে নাকচ কৰিছে প্ৰদেশ কংগ্ৰেছে৷ আনহাতে বিজেপিক নিজৰ প্ৰধান শত্ৰু বুলি দাবী কৰা ৰাইজৰ দল আৰু এ আই ইউ ডি এফ বৰ্তমান দুটা মেৰুত অৱস্থান কৰিছে৷ ৰাইজৰ দল আৰু আজমল বাহিনীৰ মাজত মিত্ৰতা কোনো কাৰণতে সম্ভব নহয় বুলি দল দুটাই ইতিমধ্যে স্পষ্ট কৰি দিছে৷ বিৰোধী ৰাজনৈতিক দল সমূহৰ মাজত এনে মতানৈক্য চলি থকাৰ মাজতে লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে বৰ্তমানলৈ মিত্ৰতাৰ বিষয়টো ৰাজহুৱা কৰা নাই৷ বিধানসভাৰ বিগত নিৰ্বাচনত ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ মাজত কাগজে কলমে মিত্ৰতা হৈছিল যদিও কাৰ্যক্ষেত্ৰত দল দুটাৰ মাজত কোনো ধৰণৰ মিত্ৰতা নহ’ল৷ উল্লেখ্য যে বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচন তথা লোকসভাৰ নিৰ্বাচন পৰ্যন্ত কংগ্ৰেছৰে মিত্ৰতা বিচাৰি দিল্লীত কংগ্ৰেছ হাইকামাণ্ড আৰু গুৱাহাটীত প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বৰে বহুবাৰ বৈঠকত মিলিত হৈছিল অখিল গগৈ৷ কিন্তু মূৰকত দল দুটাৰ মাজত আনুষ্ঠানিক মিত্ৰতা হৈ নুঠিল এই পৰ্যন্ত৷ বৰং বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচনত ৬টা সমষ্টিতে অকলে খেলিবলৈ কংগ্ৰেছ দল সাজু বুলি মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই৷ এইবাৰৰ উপ-নিৰ্বাচনত প্ৰতিটো বিৰোধী ৰাজনৈতিক দলে যে পৃথকে পৃথকে নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ ইতিমধ্যে সাজু হৈছে সেইটো স্পষ্ট হৈ পৰিছে৷ প্ৰদেশ কংগ্ৰেছৰ সমান্তৰালভাৱে বিৰোধী দলপতি দেবব্ৰত শইকীয়াও ৬টা সমষ্টিতে কংগ্ৰেছে অকলে নিৰ্বাচন খেলিব বুলি মঙলবাৰে স্পষ্ট কৰি দিয়ে৷ শীঘ্ৰে দলৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব কংগ্ৰেছ দলে৷ আনহাতে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে আজি পুনৰবাৰ দাবী কৰি কয়–এ আই ইউ ডি এফ দলক বাদ দি যদি বিৰোধী দল সমূহ একত্ৰিত হয় তেন্তে ৬টাৰ ভিতৰত ৪টা সমষ্টিত বিৰোধীয়ে জয় লাভ কৰিব৷ কালি আমাৰ দলৰ নিৰ্বাচনী কমিটীৰ বৈঠক অনুষ্ঠিত হৈ গৈছে৷ সভাত থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হিচাপে ধৈৰ্য কোৱৰে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সিদ্ধান্ত লৈছে৷ আনহাতে এ আই ইউ ডি এফ দলে নিজাববীয়াকৈ গোসাইগাঁও আৰু ভবানীপুৰত প্ৰাৰ্থী দিয়াৰ কথা সক্ৰিয়ভাৱে বিবেচনা কৰি আছে৷ বাও দল সমূহে বৰ্তমান পৰ্যন্ত এই ক্ষেত্ৰত কোনো সিদ্ধান্ত ঘোষণা কৰা নাই যদিও অখিল গগৈ দীৰ্ঘ কালৰ আইনী সহযোগী কৃষ্ণ গগৈ চি পি আই [এম]ৰ প্ৰাৰ্থী হিচাপে থাওৰাত প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷ যাৰ ফলত আজিৰ তাৰিখত থানবান হৈ পৰিছে বিৰোধী ঐক্য৷ বিৰোধীৰ এনে অনৈক্যৰ সুযোগ লৈ বিজেপি দলে উপ নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৬টা সমষ্টিতে অতি সহজে জয়লাভ কৰিব বুলি ইতিমধ্যে নিশ্চিত হৈছে৷ প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই যাৰ বাবে ইতিমধ্যে দৃঢ়তাৰে দাবী কৰিছে যে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া আটাইকেইটা সমষ্টি বিজেপিৰ দখললৈ যাব৷ যদি এইটোৱে হয় তেন্তে উপ-নিৰ্বাচনত বিৰোধীৰ আসন শূন্য হোৱাৰ বিপৰীতে শাসকীয় মিত্ৰদলৰ আসনৰ সংখ্যা ৬ খনলৈ বৃদ্ধি পোৱাটো নিশ্চিত৷

নিৰ্বাচনী মিত্ৰতা বা প্ৰাৰ্থী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত লোৱা নাই কংগ্ৰেছেঃ ভূপেন বৰা

বিধানসভাৰ ছয়টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে শাসকীয় দল বিজেপিয়ে ককালত টঙালি বান্ধি সাজু হোৱাৰ বিপৰীতে কংগ্ৰেছ দলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা সন্দৰ্ভত দোধোৰ-মোধৰ স্থিতিত আছে৷ কংগ্ৰেছে কেতিয়াবা নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰাৰ বিপৰীতে, কেতিয়াবা বিজেপিক প্ৰতিহিত কৰাৰ স্বাৰ্থত বিজেপি বিৰোধী সমভাবাপন্ন ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাত অৱতীৰ্ণ হ’ব বুলিও ঘোষণা কৰিছে৷ দলটোৰ দোধোৰ-মোধোৰ স্থিতি পুনৰ প্ৰকাশ পাইছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ভাষ্যত৷ মঙলবাৰে বিয়লি প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীব ভৱনত ‘আমাৰ অসম’ৰ সৈতে হোৱা এক আছতীয়া বাৰ্তালাপত ভূপেন বৰাই কয় কংগ্ৰেছ দলৰ মূল লক্ষ্যই হৈছে সাম্প্ৰদায়িক বিজেপিক প্ৰতিহিত কৰা৷ ইয়াৰ বাবে যিকোনো সমভাবাপন্ন দলৰ সৈতে কংগ্ৰেছে মিত্ৰতা কৰিবলৈ সাজু৷ অসমত হ’বলগীয়া বিধানসভাৰ ছয়টা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবেও দলটোৱে মানসিকভাৱে প্ৰস্তুত হৈছে৷ কিন্তু অকলে খেলিব নে কোনো সমভাবাপন্ন দলৰ সৈতে মিত্ৰতাত আৱদ্ধ হ’ব তাক এতিয়াও চূড়ান্ত কৰা নাই৷ তেনেদৰে প্ৰতিদ্বন্দ্বিতা কৰিলে প্ৰাৰ্থী কোন হ’ব তাকো চূড়ান্ত কৰা নাই৷ কিন্তু প্ৰাৰ্থী নিৰ্বাচন সন্দৰ্ভত দলটোৰ বিভিন্ন কমিটীৰ পৰা প্ৰতিবেদন আহি আছে৷ একেদৰে বিভিন্ন সৰু বৰ আঞ্চলিক আৰু সৰ্ব ভাৰতীয় দলৰ পৰাও মিত্ৰতাৰ প্ৰস্তাব আহিছে৷ নিৰ্বাচনৰ দিন-বাৰ ঘোষণাৰ পাছতহে অকলে নিৰ্বাচন খেলা-নেখেলা বা মিত্ৰতাৰে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নকৰা, প্ৰাৰ্থী কোন হ’ব তাক চূড়ান্ত কৰা হ’ব৷ আনহাতে কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি এতিয়াও ১২৬ টা সমষ্টিতে অটুত থকাৰ লগতে বিপিএফ আৰু এ আই ইউ ডি এফ মহাজোটৰ পৰা আতৰি গ’লেও বি টি এ ডি এলেকাৰ বাহিৰে আন বাকী অঞ্চলত দলটোৰ বিশেষ ক্ষতি নহয় বুলি ভূপেন বৰাই সদৰি কৰে৷

মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীঃ পীয়ূষৰ ঘোষণা

উপ-নিৰ্বাচনত মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীয়ে হ’ব আৰু এই সন্দৰ্ভত দলে সিদ্ধান্ত লৈ থৈছে বুলি প্ৰকাশ কৰে মন্ত্ৰী পিয়ূষ হাজৰিকাই৷ মঙলবাৰে মৰিয়নি সমষ্টিৰ আঠটাকৈ পথৰ আধাৰশিলা স্থাপন কৰিবলৈ অহা অসম চৰকাৰৰ জলসম্পদমন্ত্ৰী পিয়ূষ হাজৰিকাই এই মন্তব্য প্ৰকাশ কৰে৷ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থাকি  মন্ত্ৰী পিয়ূষ হাজৰিকাই কয়, উপ-নিৰ্বাচনৰ পূৰ্বে এয়া আধাৰশিলাৰ ৰাজনীতি নহয়, আজিৰ পৰাই পথ নিৰ্মাণৰ কাম আৰম্ভ হ’ব৷ ইফালে উপ-নিৰ্বাচনত মৰিয়নিত বিজেপি প্ৰাৰ্থী সন্দৰ্ভত সাংবাদিকে কৰা এক প্ৰশ্নত মন্ত্ৰীজনে কয়- মৰিয়নিত বিজেপি প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মী হোৱাটো নিশ্চিত৷ এই সিদ্ধান্ত দলে লৈ থৈছে৷ উল্লেখ্য যে, যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ পৰা জয়ী হোৱাৰ দুমাহৰ পাছতে ৰূপজ্যোতি কুৰ্মীয়ে বিধায়ক পদ তথা দল ত্যাগ কৰি বিজেপিত যোগদান কৰিছিল৷ যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী ৰূপজ্যোতি কুৰ্মীৰ হাতত মাত্ৰ বাইছশ ভোটত পৰাজিত হোৱা বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীও বিজেপিৰ শক্তিশালী প্ৰাৰ্থিত্বৰ দাবীদাৰ৷ ইয়াৰ উপৰি ন বিজেপি তথা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বিতৰ্কিত কৰ্মকাণ্ডই দলৰ ভাবমূৰ্তি ম্লান কৰাৰ অভিযোগ তুলি বিজেপি দলৰ যোৰহাট জিলাৰ একাংশ আগশাৰী নেতাই উপ-নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীক দলৰ টিকট দিয়াৰ ক্ষেত্ৰত বিৰোধিতা কৰি অহা বুলি জানিব পৰা গৈছে৷ এই নেতাসকলে ৰাজ্যিক বিজেপিক হেঁচা প্ৰয়োগ কৰি অহা বুলিও চৰ্চিত হৈছে৷ এনে প্ৰেক্ষাপটত মৰিয়নিত ন বিজেপি ৰূপজ্যোতি কুৰ্মীক মৰিয়নিৰ উপ-নিৰ্বাচনত দলে টিকট দিয়াৰ সিদ্ধান্ত লৈ থোৱা বুলি দাদা বিগ্ৰেদৰ মন্ত্ৰী পিয়ূষ হাজৰিকাই কৰা মন্তব্যই তাৎপৰ্য বহন কৰাৰ লগতে আওপকীয়াকৈ ৰূপজ্যোতিক বিৰোধিতা কৰা জিলাপৰ্যায়ৰ সেই বিজেপি নেতাসকলকো সকীয়নি প্ৰদান কৰা বুলি চৰ্চিত হৈছে৷

উপ-নিৰ্বাচনত বিজেপিক ৱাক অভাৰ দিব বিচাৰিছে কংগ্ৰেছেঃ অখিল গগৈ

উপ-নিৰ্বাচনত অকলে প্ৰতিদ্বন্দ্বিতা কৰি বিজেপি দলক ৱাক অভাৰ দিব বিচাৰিছে কংগ্ৰেছ দলে৷ এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈৰ৷ গোৱালপাৰা জিলাৰ দুধনৈৰ আমজোঙাস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ নাম ফলকত ক’লা ৰং সনা গোচৰৰ বাবে আজি গোৱালপাৰা আদালতত হাজিৰ হৈ অখিল গগৈয়ে উপ-নিৰ্বাচন সম্পৰ্কে এইদৰে কয়৷ অখিল গগৈয়ে কয় যে, উপ-নিৰ্বাচনক লৈ কংগ্ৰেছ দল সাংঘাতিকভাৱে উদাসীন৷   কংগ্ৰেছৰ নেতৃত্বৰ মতে উপ-নিৰ্বাচনত বিৰোধী দলৰ প্ৰাৰ্থী জয়ী হ’লেও চৰকাৰ গঠন কৰিব নোৱাৰে৷  সেয়ে সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে সকলোৱে এই নিৰ্বাচনত সুকীয়া সুকীয়াকৈ প্ৰতিদ্বন্দ্বিতা কৰিব লাগে৷ কিন্তু আমি ৰাইজৰ দলে ভাবোঁ যে এআইইউডিএফ যিহেতু সাম্প্ৰদায়িক দল সেয়ে এই দলটোক বাদ দি বাকী সকলো দলে ঐক্যবদ্ধ হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিব লাগে৷ ঐক্যবদ্ধভাৱে যুঁজ দিলে আমাৰ ৬ টাৰ ভিতৰত ৪টা সমষ্টিতে জয় নিশ্চিত৷ কংগ্ৰেছ দলে কিন্তু এতিয়ালৈ নিজৰ স্থিতি স্পষ্ট কৰা নাই৷ আৰু যদি কংগ্ৰেছে কৈ থকাৰ দৰে কৰে তেন্তে উপ-নিৰ্বাচনটো বিজেপিক ৱাক অভাৰ দিয়া হ’ব ৷ কিন্তু আমি ৰাইজৰ দলে বিজেপিক পৰাভূত কৰিবলৈ বদ্ধপৰিকৰ ৷ কাৰণ বিজেপি আমাৰ দেশৰ জনগণৰ শত্ৰু, গণতন্ত্ৰৰ শত্ৰু৷ বিজেপিক আমি লোকসভা বা বিধানসভা নিৰ্বাচনত নহয় সাধাৰণ ৱাৰ্ড মেম্বাৰৰ নিৰ্বাচনত পৰাজয় কৰিব পৰাটো আমাৰ বাবে আদৰ্শগত বিজয়৷ সেইকাৰণে আমি বিজেপিক উপ-নিৰ্বাচনত পৰাভূত কৰাৰ কাৰণে অত্যন্ত চেষ্টা চলাম ৷ তদুপৰি, থাওৰা সমষ্টিক লৈ অখিল গগৈয়ে কয় যে, সুশান্ত বৰগোহাঁই হ’ল এজন ডলাৰ বগৰীৰ দৰে  দল বাগৰা মানুহ ৷ এতিয়া বিজেপিৰ শাসন চলি থকা বাবে কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰিছে কিন্তু ২০২৬চনত বিজেপি শাসনৰ পৰা গ’লে সুশান্ত বৰগোহাঁই কোন দলত যোগদান কৰিব তাৰ ঠিক নাই ৷ সুশান্ত বৰগোহাঁই গাখীৰেৰে গা ধূই আহিলেও থাওৰা সমষ্টিৰ মানুহে সুশান্তক আঁকোৱালি নলয় ৷ ইতিমধ্যে সুশান্ত প্ৰতাৰক, প্ৰৱঞ্চক মানুহ বুলি থাওৰাৰ মানুহে গণ্য কৰিছে৷ ইতিমধ্যে উপ-নিৰ্বাচনক লৈ ৰাইজৰ দলৰ নিৰ্বাচনী সমিতিৰ কালি এখন বৈঠক হৈছে আৰু বৈঠকত  থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী ধৈৰ্য কোঁৱৰক প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ থাওৰাত ৰাইজৰ দলৰ জয় নিশ্চিত বুলিও বিধায়ক অখিল গগৈয়ে মন্তব্য কৰে ৷ আনহাতে,  ২০১৭চনত দুধনৈৰ আমজোঙাস্থিত পণ্ডিত দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ নাম ফলকত ক’লা ৰং সনাক কেন্দ্ৰ কৰি অখিল গগৈৰ বিৰুদ্ধে ইউযএছ ১৪৩/৪৪৭/৪২৭ আই পি চি ১২০[বি]ৰ অধীনত দুধনৈ থানাত ৰুজু হোৱা গোচৰ সন্দৰ্ভত তেওঁ কয় যে  দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ নাম ফলকত ক’লা ৰং সনা কাৰ্যত মোৰ   কোনো সম্পৰ্ক নাছিল৷ বিজেপিৰ প্তবছৰীয়া শাসনকালত মই আঢ়ৈ বছৰে জে’লৰ ভিতৰত আছিলোঁ৷ যড়যন্ত্ৰমূলকভাৱে বিজেপিয়ে মোৰ ওপৰত সকলো ভুৱা গোচৰ জাপি দিছিল৷ এইটোও এটা ভুৱা গোচৰ আছিল৷ আমি আদৰ্শগতভাৱে দীনদয়ালৰ নামটো মহাবিদ্যালয়ত দিয়াৰ বিৰোধী আছিলোঁ কিন্তু কোনো হিংসাত্মক ঘটনাৰ লগত আমি জড়িত নহয়৷ গতিকে অহা ২৪ছেপ্টেম্বৰত এই গোচৰটোৰ চূড়ান্ত ৰায়দান হ’ব৷ মই নিশ্চিত ৰায়দানত মই ৰেহাই পাম৷

থাওৰাৰ উপ-নিবাৰ্চনত চিপিআইৰ প্ৰাৰ্থী হ’ব অখিল গগৈৰ অধিবক্তা কৃষ্ণ গগৈ

থাওৰাৰ আগন্তুক উপ-নিবাৰ্চনত পৰাস্ত হ’ব বিজেপিৰ প্ৰাৰ্থী সুশান্ত বৰগোহাঁই৷ পৰাজয়ৰ শংকাতেই এতিয়া সুশান্ত বৰগোহাঁয়ে আধাৰশিলাৰ ৰাজনীতি কৰিছে৷ এই আধাৰশিলাৰ উদ্দেশ্য সমস্যা সমাধান নহয় ই কেৱল চমক সৃষ্টিৰ এখন নাটক-আজি ডিমৌত এইদৰে ন-বিজেপি সুশান্ত বৰগোহাঁইক তীব্ৰ আক্ৰমণ কৰে থাওৰা সমষ্টিৰ উপ-নিবাৰ্চনৰ চিপিআই দলৰ প্ৰাৰ্থী গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে৷ ডিমৌৰ সাংবাদিকসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত অধিবক্তা থাওৰাৰ সন্তান কৃষ্ণ গগৈয়ে কয় যে, চিপিআই দলৰ ৰাজ্যিক কাৰ্যনিবাৰ্হকৰ  লগতে ৰাষ্ট্ৰীয় কাৰ্যনিবাৰ্হকে থাওৰাৰ প্ৰাৰ্থীৰূপে মোক প্ৰক্ষেপ কৰিছে আৰু মই এইবাৰ নিবাৰ্চন খেলিবলৈ সাজু হৈছোঁ৷ অখিল গগৈৰ বাবে দীৰ্ঘদিনে আইনী যুঁজৰ নেতৃত্ব বহন কৰি অহা কৃষ্ণ গগৈয়ে কয় যে বিজেপিবিৰোধী শক্তি ঐক্যবদ্ধ হোৱাটো আমি বিচাৰিছিলোঁ৷ কিন্তু এতিয়াও সময় উকলি যোৱা নাই আমি আশা কৰিম শাসকীয় দলক পৰাস্ত কৰিবলৈ সকলো ঐক্যবদ্ধ হ’ব৷ আজি সাংবাদিকৰ আগত চিপিআইৰ শিৱসাগৰ জিলাৰ কাৰ্যনিবাৰ্হক অনুপ গগৈ আৰু থাওৰা সমষ্টিৰ অজয় বৰাই থাওৰাৰ উপ-নিবাৰ্চনত অধিবক্তা কৃষ্ণ গগৈক প্ৰাৰ্থিত্ব আগবঢ়োৱা হৈছে বুলি ঘোষণা কৰে৷ দুয়োজন নেতাই কয় যে থাওৰা সমষ্টিবাসীয়ে আগন্তুক দিনত প্ৰতাৰক, বিশ্বাসঘাটক সুশান্ত বৰগোহাঁইক উচিত শিক্ষা দিব৷ লগতে দুয়োজন নেতাই কয় যে ছাত্ৰ অৱস্থাৰ পৰাই ডিমৌৰ বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ সামাজিক কাম-কাজত কৃষ্ণ গগৈয়ে ডিমৌবাসীৰ মাজতো এজন জয়প্ৰিয় যুৱনেতা হিচাপে পৰিচিত৷ দৰিদ্ৰ কৃষক তথা ভূমিহীন লোকৰ ভূমিপট্ৰাৰ বাবে ন্যায়িক যুঁজ আগবঢ়োৱা কৃষ্ণ গগৈয়ে নগাঁৱৰ মিকিৰ বামুণী আজুৰ্ চ’লাৰ কোম্পানীৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনৰ ন্যায়িক যুঁজৰো নেতৃত্ব বহন কৰিছিল৷ থাওৰা সমষ্টিৰ বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত অধিবক্তা কৃষ্ণ গগৈক সমৰ্থন আগবঢ়াবলৈ চিপিআই দলে থাওৰা সমষ্টিবাসীক আহ্বান জনাইছে৷

মৰিয়নিত উবুৰিখাই পৰিছে মন্ত্ৰী-সাংসদ

মৰিয়নি বিধানসভা সমষ্টিৰ আসন্ন উপ-নিৰ্বাচনৰ বাবে তৎপৰ হৈ পৰিছে শাসনাধিষ্ঠ বিজেপি দল৷ শাসকীয় দলৰ বাবে মান-সন্মানৰ প্ৰশ্ন জড়িত হৈ পৰিছে ১০১নং মৰিয়নি সমষ্টি৷ যিকোনো মূল্যৰ বিনিময়ত মৰিয়নি সমষ্টি লাগে বিজেপিক৷ কংগ্ৰেছৰ দুৰ্গস্বৰূপ মৰিয়নিত এইবাৰ উপ-নিৰ্বাচনৰ পূৰ্বে সমষ্টিবাসী ৰাইজক ‘টোপ’ দিবলৈ আহিল বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ ইজনৰ পাছত সিজনকৈ মন্ত্ৰী-সাংসদ৷ জলসম্পদমন্ত্ৰী পিয়ূষ হাজৰিকাই ইতিমধ্যেই কেইটামান দিনৰ ব্যৱধানত দুবাৰকৈ মৰিয়নি ভ্ৰমণ কৰি যোৱাৰ পাছত পুনৰ মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে মৰিয়নিত উপস্থিত হয়৷ ন-বিজেপি ৰূপজ্যোতি কুৰ্মীক কাষত বহুৱাই কেৱল মৰিয়নি সমষ্টিৰ উন্নয়নৰ ফুলজাৰি মৰাত ব্যস্ত হৈ পৰিছে মন্ত্ৰী-সাংসদসকল৷ ১৫ বছৰীয়া কংগ্ৰেছৰ বিধায়ক হৈ থাকোঁতে মৰিয়নি সমষ্টি উন্নয়ন কৰিব নোৱৰা ৰূপজ্যোতিয়ে এতিয়া বিজেপিত যোগদান কৰি উন্নয়নৰ নামত ‘আল্লাউদ্দিনৰ চাকি’ হাততে ঢুকি পোৱাৰ দৰে হৈছে৷ মঙলবাৰে মৰিয়নি সমষ্টিত একেদিনাই ৮টাকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ‘দাদা বিগ্ৰেড’ৰ সদস্যসকলে৷ মন্ত্ৰী পিয়ূষ হাজৰিকাৰ লগতে শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগু, লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, যোৰহাটৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাকে ধৰি কেইবাজনো মন্ত্ৰী-বিধায়ক-সাংসদ আৰু বিজেপিৰ ৰাজ্যিক নেতৃত্বই এই আধাৰশিলা স্থাপন অনুষ্ঠানত ভাগ লয়৷ মৰিয়নি সমষ্টিৰ অন্তৰ্গত গটঙা- সোণাপুৰ গাঁও সংযোগী পথ, নিউ সোণোৱাল কানখোৱা গাঁও পথ, বছাগাঁও পাঞ্চোৱাল গাঁও পথ, সোণোৱাল- হাতীজুৰি-নগাধূলি চাহ বাগিচা সংযোগী পথ, নাগিনীজান চাহ বাগিচাৰ পৰা নাগিনীজান বিঅ’পি সংযোগী পথ, মগ্ৰৈ গাঁৱৰ পথ, ধোদৰ আলিৰ এছোৱা পথৰ আধাৰশিলা, কুকুৰাচোৱা- চিৰাখুন্দা-কমাৰগাঁও সংযোগী পথৰ আধাৰশিলাৰে একপ্ৰকাৰ নিৰ্বাচনী চমক দিয়ে৷ আমোদজনক কথা যে এইসমূহ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিবলৈ আধাডৰ্জন মন্ত্ৰী-সাংসদ অহাৰ প্ৰাসংগিকতা কিমান তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷ কিয়নো ইয়াতকৈও বহু বেছি গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ আধাৰশিলা প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েই পূৰ্বতে কৰি গৈছে৷ তেনেস্থলত একমাত্ৰ সন্মুখৰ উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চমক সৃষ্টি কৰিবলৈকে এইদৰে আধাৰশিলা স্থাপন কৰি ভোটাৰক আকৰ্ষণ কৰাৰ এক কূট-কৌশল বুলিও ইতিমধ্যে চৰ্চিত হৈছে মৰিয়নিত৷ ইফালে, মৰিয়নিত পথৰ আধাৰশিলা কৰিবলৈ অহা শিক্ষামন্ত্ৰী ড॰ ৰণোজ পেগুৰ সৈতে সাংবাদিকৰে হোৱা কথা-বতৰাত মন্ত্ৰীজনে স্পষ্ট কৰে যে বৰাকত অসমীয়া মাধ্যমৰ বিদ্যালয় বিলুপ্তিৰ কোনো প্ৰস্তাৱ চৰকাৰে গ্ৰহণ কৰা নাই৷ আনহাতে, মন্ত্ৰীজনে কয় যে সকলো শিক্ষানুষ্ঠানৰ দুৱাৰ শীঘ্ৰে খুলি দিয়াৰ বাবে চৰকাৰে বিবেচনা কৰিছে আৰু অহা বৃহস্পতিবাৰে শিক্ষা বিভাগে এই বিষয়ে ঘোষণা কৰিব৷

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ একো কামে নকৰিলে বিজেপিয়েঃ দেবব্ৰত শইকীয়া

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ গৱেষণা চলিছে বুলি কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই প্ৰকাশ কৰাৰ পাছতে ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ জাঙুৰ খাই উঠিছে জনজাতিকৰণৰ দাবীৰে ৰাজপথ উত্তপ্ত কৰি অহা বিভিন্ন দল সংগঠনে৷ নিৰ্বাচন আহিলেহে ছয় জনগোষ্ঠীলৈ মনত পৰে নেকি ৰাষ্ট্ৰীয় দলসমূহৰ নেতৃত্বৰ বুলি প্ৰশ্ন উত্থাপন কৰে বিভিন্ন দল-সংগঠনৰ নেতৃত্বই৷ কেন্দ্ৰীয় মন্ত্ৰী মুণ্ডাই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰক্ৰিয়া এতিয়াও চৰকাৰৰ বিবেচনাধীন বুলি কৰা মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়াই কয়–বিজেপিয়ে ছয় জনগোষ্ঠীৰ জনজাতিকৰণক লৈ দীৰ্ঘদিনে ৰাজনীতি কৰি আহিছে৷ ২০১৪ চনৰ নিৰ্বাচনৰ সময়ত দলটো শাসনলৈ আহিলেই ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ দলটো শাসনলৈ আহিল যদিও একো নকৰিলে৷ একেটা দল পুনৰ শাসনলৈ আহিল৷ তাৰ পাছতো ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কৰাৰ এটা পদক্ষেপো লোৱা নাই৷ তেওঁ আৰু কয়– ৰাজ্যৰ প্ৰতিটো বিধানসভা সমষ্টিৰে উন্নয়ন কৰাৰ সংবিধানৰ শপত গ্ৰহণ কৰি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন এই চৰকাৰখনে মাত্ৰ নিজ দলৰ বিধায়ক থকা সমষ্টি সমূহতহে বেছি গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে৷ বিশেষকৈ আগন্তুক উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি থাওৰা, মৰিয়নী, ভৱানীপুৰ এই সমষ্টিকেইটাত চৰকাৰৰ ৩-৪ জনকৈ মন্ত্ৰী উপস্থিত হৈ আধাৰশিলা স্থাপন কৰি থকাৰ খবৰ মিডিয়াৰ যোগেদি প্ৰকাশিত হৈছে৷ যদিও আধাৰশিলা স্থাপন কৰি, প্ৰলোভন দেখুৱাই ৰাইজক প্ৰতাৰণা কৰাটো বিজেপি দলৰ এক বৈশিষ্ট্য৷ তথাপিও ৰাজ্যৰ উন্নয়নমূলক কামত বিৰোধী বিধায়ক থকা সমষ্টিক আওকাণ কৰি মাত্ৰ ভোট দখল কৰাৰ উদ্দেশ্যে বিজেপি দলৰ প্ৰতিনিধি থকা সমষ্টিক বিশেষ গুৰুত্ব দিয়াটো সাংবিধানিক মূল্যবোধৰ ওপৰত কুঠাৰাঘাট৷

বিজেপিয়ে কৰি আছে প্ৰতাৰণাৰ ৰাজনীতিঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

বিজেপি দল আৰু চৰকাৰে অসমৰ ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা সন্দৰ্ভত চূড়ান্ত প্ৰতাৰণাৰ ৰাজনীতি কৰি আহিছে৷ কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী অৰ্জুন মুণ্ডাই ১৩ ছেপ্টেম্বৰত গুৱাহাটীত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৱেষণাগাৰাত আছে বুলি কৰা ঘোষণাতে দলটোৰ মিথ্যাচাৰ ওলাই পৰিছে৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্যৰ৷ মঙলবাৰে প্ৰদেশ কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত আয়োজিত এক সংবাদ মেলত এই মন্তব্য কৰে অপূৰ্ব কুমাৰ ভট্টাাৰ্চাই৷ সংবাদ মেলত অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই কয় বিজেপিয়ে ২০১৪ চনৰ লোকসভাৰ নিৰ্বাচন আৰু ২০১৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰ সময়ত চৰকাৰে গঠন কৰিব পাৰিলে ছয় মাহৰ ভিতৰত ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু ২০১৪ চনৰ পৰা সাত বছৰ পাৰ হোৱাৰ পাছতো বিজেপিয়ে এই সন্দৰ্ভত একো এটায়ে নকৰিলে৷ তাৰ বিপৰীতে দিল্লী-দিছপুৰে ছয় জনগোষ্ঠীক কেৱল আভুৱাহে কৰি শেষত বিষয়টো প্ৰধানমন্ত্ৰীৰ গৱেষণাগাৰত থকা বুলিহে ক’লে৷ ইফালে অশান্ত অঞ্চল আইনৰ সময় বৃদ্ধি কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কৰা মন্তব্য, মহানগৰবাসীলৈ বিশুদ্ধ খোৱাপানী যোগান সন্দৰ্ভত চৰকাৰৰ ব্যৰ্থতা, নিমাতীঘাটৰ নাও দুৰ্ঘটনা, ২০ দিনীয়া কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰীক নৰেন্দ্ৰ মোদীৰ জন্মদিন উদ্‌যাপন কৰা সন্দৰ্ভতো বিজেপি দলক সমালোচনা কৰে অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই৷ আনকি ২০ দিনীয়াকৈ নৰেন্দ্ৰ মোদীৰ জন্মদিন পালন কৰি বিজেপিয়ে ভাৰতৰ দৰিদ্ৰ জনগণক চৰম ভেঙুচালি কৰা বুলি অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই সদৰি কৰে৷