Logo
image

ক’ভিডাসুৰ নাশিবলৈ কঠোৰ পূজা বিধি

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ মানুহ আৰু দেৱতাৰ মাজত সন্ত্ৰাসৰ সৃষ্টি কৰা পৰাক্ৰমী অসুৰ মহিষাসুৰৰ বিৰুদ্ধে যেন নহয়, এইবাৰৰ শাৰদীয় দুৰ্গা পূজাত যেন ৰজাঘৰে টঙালি বান্ধিছে ক’ভিডৰূপী ‘অসুৰ’ক নাশ কৰিবলৈ৷ সেইবাবেই ক’ভিডৰ বিৰুদ্ধে চলি থকা যুদ্ধৰ বাবে নতুনকৈ প্ৰস্তুত কৰা হৈছে কেতবোৰ নীতি-নিয়ম৷ ক’ভিডৰূপী অসুৰৰ বিৰুদ্ধে যুদ্ধত ৰজাঘৰে স্বাভাৱিকতেই সাৰথি কৰি লৈছে প্ৰজাগণক৷ বহু জল্পনা-কল্পনাৰ মূৰত বুধবাৰে ৰাজ্য চৰকাৰে দুৰ্গা পূজাকেন্দ্ৰিক এছঅ’পি ঘোষণা কৰে৷ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বুধবাৰে সংবাদমেলযোগে নতুন এছঅ’পি ঘোষণা কৰাৰ পূৰ্বে মঙলবাৰে এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ সৈতে দীঘলীয়াকৈ আলোচনা কৰে৷ মুখ্যমন্ত্ৰীৰ পৰামৰ্শ অনুসৰিয়েই স্বাস্থ্যমন্ত্ৰী মহন্তই বুধবাৰে ঘোষণা কৰা এছঅ’পি অনুসৰি ক’ভিডৰ কমেও এপালি ভেক্‌চিন লোৱাসকলেহে এইবাৰ দুৰ্গা পূজা উপভোগ কৰিব পাৰিব৷ কঠোৰ নীতি-নিয়মৰ মাজত পূজা উদ্‌যাপনৰ অনুমতি দিয়া হৈছে যদিও শাৰদীয় দুৰ্গোৎসৱৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰা হৈছে৷ বৰ্তমানৰ ক’ভিড বিধি অনুসৰিয়েই বিশ্বকৰ্মা পূজা উদ্‌যাপনৰ বিষয়ে উল্লেখ কৰিছে চৰকাৰে৷ শাৰদীয় দুৰ্গা পূজাৰ দৰেই কালী পূজা আৰু দীপাৱলীৰ ক্ষেত্ৰতো কেতবোৰ বাধা-নিষেধ আৰোপ কৰা হৈছে৷ দুৰ্গা পূজা, কালী পূজা, দীপাৱলী– সকলো উৎসৱ উদ্‌যাপনৰ বাবে জিলা প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি ল’ব লাগিব আৰু ক’ভিড বিধি কঠোৰভাৱে মানি চলিব লাগিব৷ জিলা প্ৰশাসনে দুৰ্গা পূজা কমিটীসমূহৰ সৈতে আগতীয়াকৈ বৈঠক অনুষ্ঠিত কৰি কমিটীসমূহক ক’ভিড বিধি সম্পৰ্কে পুংখানুপুংখভাৱে অৱগত কৰিব৷ পূজাথলীত কিমান লোকৰ সমাৱেশ ঘটিব পাৰে সেই বিষয়ে পূজা কমিটীয়ে পূজাৰ বাবে অনুমতি বিচৰাৰ সময়তে জিলা প্ৰশাসনক সম্যক আভাস দিব লাগিব৷ ভক্ত-দৰ্শনাৰ্থীয়ে পূজাথলী-পূজা মণ্ডপত সুশৃংখলিতভাৱে সোমাব পৰাৰ সকলো ব্যৱস্থা কৰাৰ উপৰি আয়োজকে পৰ্যাপ্ত স্বেচ্ছাসেৱক নিয়োগ কৰিব লাগিব৷ পূজাথলী-পূজা মণ্ডপত কাৰোবাৰ দেহত ক’ভিড সংক্ৰমণৰ লক্ষণ পৰিলক্ষিত হ’লে আয়োজকে এই বিষয়ে ততালিকে জিলা প্ৰশাসনক-স্বাস্থ্য বিভাগক অৱগত কৰাৰ লগতে সংশ্লিষ্ট লোকজনক নিকটৱৰ্তী ক’ভিড পৰীক্ষা কেন্দ্ৰলৈ নিব লাগিব৷ কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পূজা চাব পাৰিব৷ এপালিও ভেক্‌চিন নোলোৱা ১৮ বছৰৰ ঊধবৰ্ৰ কোনো লোকেই পূজাথলী-পূজা মণ্ডপত প্ৰৱেশ কৰিব নোৱাৰিব৷ পূজাথলী আহল-বহল হ’ব লাগিব, কেউফালৰ পৰা মুকলিমূৰীয়া হ’ব লাগিব৷ যিকোনো দুজন লোকৰ মাজত নূ্ন্যতম শাৰীৰিক ব্যৱধানৰ ক্ষেত্ৰত ক’ভিড বিধি মানি চলিব লাগিব৷ পূজাথলীত প্ৰৱেশ-প্ৰস্থানৰ সুকীয়া ব্যৱস্থা থাকিব লাগিব আৰু দুয়ো স্থানতে উপযুক্ত ফলক সকলোৰে চকুত পৰাকৈ আঁৰিব লাগিব৷ পূজাথলীত একে সময়তে মাত্ৰাধিক লোক সমৱেত হ’ব নোৱাৰিব৷ পূজা কমিটীৰ সকলো বিষয়ববীয়া, সদস্য, স্বেচ্ছাসেৱক, পূজাৰী, সহযোগী, ৰান্ধনী, যোগালি আৰু ভক্ত-দৰ্শনাৰ্থী কমেও এপালি ক’ভিড ভেক্‌চিন লোৱা হ’ব লাগিব৷ অনুমতি প্ৰদানৰ সময়তে ৰেণ্ডম চেকিঙৰ জৰিয়তে এই বিষয়ে জিলা প্ৰশাসনে পৰীক্ষা কৰাৰ পাছতহে পূজা পাতিবলৈ অনুমতি দিব পাৰিব৷ ভক্ত-দৰ্শনাৰ্থীৰ পৰা আয়োজক-পূজাৰীলৈকে সকলোৱে অহৰহ মাস্ক পৰিধান কৰাৰ উপৰি ছেনিটাইজ কৰিব লাগিব আৰু নূ্ন্যতম শাৰীৰিক ব্যৱধান ৰক্ষা কৰিব লাগিব৷ অঞ্জলি অৰ্পণ, প্ৰসাদ বিতৰণ আৰু সান্ধ্য আৰতিৰ সময়ত ক’ভিড প্ৰট’কল ৰক্ষা কৰি ভক্ত-দৰ্শনাৰ্থীক সৰু সৰু গোটত ভাগ কৰি দিব লাগিব পূজা কমিটীয়ে৷ অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সান্ধ্যআইনৰ সময়সীমা সকলোৱেই মানি চলিব লাগিব৷ সান্ধ্যআইনৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত পূজাৰ কাম শেষ হ’ব লাগিব৷ তাৰ পূৰ্বেই পূজা মণ্ডপৰ দ্বাৰ বন্ধ কৰিব লাগিব৷ কমিটীৰ সকলো বিষয়ববীয়া, সদস্য, স্বেচ্ছাসেৱক আৰু দৰ্শনাৰ্থীৰ লগতে পূজাৰী, ৰান্ধনী, সহযোগী, যোগালিয়ে মাস্ক পিন্ধিব লাগিব৷ প্ৰতিদিনে পুৱা দৰ্শনাৰ্থীৰ প্ৰৱেশৰ পূৰ্বে আৰু নিশা দৰ্শনাৰ্থীৰ প্ৰস্থানৰ পাছত আয়োজকে পূজাস্থলী, মণ্ডপ সম্পূৰ্ণৰূপে ছেনিটাইজ কৰিব লাগিব৷ ভক্ত-দৰ্শনাৰ্থী যাতে এঠাইতে ৰৈ নাথাকি এটা দিশত আগবাঢ়ি গৈ থাকে, সেয়া স্বেচ্ছাসেৱকৰ জৰিয়তে আয়োজকে নিশ্চিত কৰিব লাগিব৷ ‘কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে পূজা মণ্ডপত প্ৰৱেশৰ অনুমতি’ শীৰ্ষক ফলক পূজা মণ্ডপৰ সকলোফালে সকলোৰে চকুত পৰাকৈ আঁৰি থ’ব লাগিব৷ পূজা মণ্ডপৰ সমীপৰ দোকান আদি খুলিবৰ বাবে জিলা প্ৰশাসনৰ পৰা আগতীয়া অনুমতি ল’ব লাগিব৷ দুৰ্গা পূজা আৰু দুৰ্গা পূজাৰ আগে-পাছে সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান নিষিদ্ধ৷ পূজাথলীৰ বাহিৰত বা সমীপত সকলো ধৰণৰ মেলা আদি নিষিদ্ধ৷ আয়োজক কমিটীয়ে ক’ভিড প্ৰট’কল ৰক্ষা কৰি দুৰ্গা পূজা মণ্ডপৰ উদ্বোধনী অনুষ্ঠান আৰু প্ৰতিমা বিসৰ্জন পৰ্ব অনুষ্টুপীয়াভাৱে সম্পন্ন কৰিব৷ পৰাপক্ষত ভাৰ্চুৱেলী মণ্ডপ উদ্বোধন কৰাটোৱেই শ্ৰেয় বুলি অসম চৰকাৰে এছঅ’পিত উল্লেখ কৰিছে৷ ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে অনুমতি দিয়া অনুসৰি সীমিতসংখ্যক লোকে দাঙিব পৰাকৈ দেৱী প্ৰতিমাৰ আকাৰো যথাসম্ভৱ সৰু কৰিব লাগিব আয়োজকে৷ দেৱী প্ৰতিমাৰ আকাৰ এইবাবেই ডাঙৰ হ’ব নোৱাৰিব যে বৃহদাকাৰৰ প্ৰতিমা দাঙিবৰ বাবে একেলগে বহু লোকে ঠেলা-হেঁচা কৰিব লাগে আৰু এয়া ক’ভিডৰ ক্ষেত্ৰত মাৰাত্মক হৈ পৰিব পাৰে৷ প্ৰতিমা বিসৰ্জনৰ বাবে ঘাটসমূহ আগতীয়াকৈ ছেনিটাইজ কৰিব লাগিব৷ পূজা মণ্ডপৰ পৰা প্ৰতিমা উলিয়াই নিয়াৰ পাছত ক’তো নোৰোৱাকৈ পোনে পোনে নিৰ্দিষ্ট ঘাটলৈ গৈ প্ৰতিমা বিসৰ্জন দিব লাগিব৷ বিসৰ্জনৰ ক্ষেত্ৰত জিলা প্ৰশাসনে আগতীয়াকৈ পৰিকল্পনা কৰিব আৰু সকলো পূজা কমিটীক বিসৰ্জনৰ সময় নিৰ্ধাৰণ কৰি দিব৷ পূজা মণ্ডপৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি প্ৰয়োজন হ’লে বিসৰ্জন পৰ্ব দুই-তিনি দিন বা তাতকৈ অধিক দিনত সম্পন্ন কৰা হ’ব৷ প্ৰতিমা বিসৰ্জনত ক’ভিড বিধিয়ে অনুমতি দিয়া মতেহে সীমিতসংখ্যক লোকে ভাগ ল’ব পাৰিব৷ বিসৰ্জনথলীত নিয়োজিত স্বেচ্ছাসেৱক আৰু শ্ৰমিকসকলে আগতীয়াকৈ ক’ভিড প্ৰতিষেধক ল’ব লাগিব৷ সকলো জিলাৰ অভিভাৱক মন্ত্ৰী আৰু অভিভাৱক সচিবসকলে ১৬ ছেপ্টেম্বৰৰ পৰা ভাগে ভাগে নিৰ্দিষ্ট জিলাত উপস্থিত হৈ তদাৰক কৰিব মেগা ক’ভিড ভেক্‌চিনেশ্বন ড্ৰাইভ৷ ১৭ ছেপ্টেম্বৰত ৰাজ্যজুৰি স্বাস্থ্য বিভাগে আৰম্ভ কৰিব মেগা ক’ভিড ভেক্‌চিনেশ্বন কাৰ্যসূচী৷ সেইদিনা কমেও ৭ লাখ লোকক দিয়া হ’ব ক’ভিড প্ৰতিষেধক৷ ১০ অক্টোবৰৰ ভিতৰত অৰ্থাৎ দুৰ্গা পূজাৰ ঠিক আগে আগে ৰাজ্যৰ ১৮ বছৰৰ ঊধবৰ্ৰ সকলো লোককে প্ৰথমপালি ক’ভিড ভেক্‌চিন প্ৰদানৰ পৰিকল্পনা লৈছে স্বাস্থ্য বিভাগে৷ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা অনুমতি বিচৰাৰ সময়ত পূজা কমিটীৰ সকলো বিষয়ববীয়া আৰু সদস্যৰ নাম-ঠিকনা আৰু ক’ভিড ভেক্‌চিন লোৱাৰ প্ৰমাণ-পত্ৰ দিব লাগিব আয়োজকে৷ দুপালি ভেক্‌চিন লওঁতাক অগ্ৰাধিকাৰ দিয়া হ’ব, কিন্তু এপালি ল’লেও আৱেদন কৰিব পাৰিব৷ ক’ভিশ্বিল্ড ভেক্‌চিনৰ ক্ষেত্ৰত প্ৰথমপালি ভেক্‌চিন লোৱাৰ ১২ৰ পৰা ১৬ সপ্তাহলৈহে প্ৰথমপালিৰ ম্যাদ থকা বুলি গণ্য কৰা হ’ব৷ ক’ভাক্সিনৰ ক্ষেত্ৰত প্ৰথমপালি ভেক্‌চিনৰ ম্যাদ থাকিব ৪১ পৰা ৬ সপ্তাহলৈকে৷ প্ৰথমপালি ভেক্‌চিনৰ নিৰ্ধাৰিত ম্যাদৰ ভিতৰতে যদি দ্বিতীয়পালি ভেক্‌চিন গ্ৰহণ নকৰে, তেন্তে তেওঁক ভেক্‌চিন লোৱা লোক বুলি গণ্য কৰা নহ’ব৷ সকলোৰে বাবে মাস্ক-ছেনিটাইজাৰ ইত্যাদি মূল প্ৰৱেশদ্বাৰতে সাজু ৰাখিব লাগিব আয়োজকে৷ মাস্ক পিন্ধি নহা লোকক পূজা কমিটীয়ে মাস্কৰ যোগান ধৰিব৷ ১৮ বছৰৰ তলৰ লোকে ভেক্‌চিন লোৱাৰ বাহিৰে আন সকলো ক’ভিড বিধি মানি চলিব লাগিব৷ পঞ্চমীৰ দিনা আৰু দশমী বা তাৰ পাছদিনা পূজাৰী-সহযোগী, ৰান্ধনী-যোগালি আৰু পূজা কমিটীৰ সকলো বিষয়ববীয়া-সদস্যই ক’ভিড পৰীক্ষা কৰাব লাগিব৷ প্ৰয়োজনত চৰকাৰে ক’ভিড পৰীক্ষা সহজলভ্য কৰিব৷ অঞ্জলি প্ৰদান, প্ৰসাদ বিতৰণ আৰু আৰতি আদিৰ সময়ত ক’ভিড প্ৰট’কল মানি চৌপাশে বেৰিয়াৰ সাজিব লাগিব৷ পূজা মণ্ডপত পূজাৰীৰ পৰা ভক্তলৈ সকলোৰে স্থান চিহ্নিত কৰিব লাগিব৷ প্ৰৱেশপথেৰে সোমাই নিৰ্দিষ্ট সময়ৰ ভিতৰত দেৱী দৰ্শন কৰিয়েই ভক্তই বিদায় ল’ব লাগিব৷ এইবাৰৰ দুৰ্গা পূজা মেলামুখী হ’ব নোৱাৰিব, সম্পূৰ্ণৰূপে আধ্যাত্মিক-মাংগলিক হ’ব লাগিব৷ পূজাৰ নামত হুৰমুৰকৈ দোকান-পোহাৰ দিব নোৱাৰিব৷ এই বিষয়ে উপায়ুক্ত, জিলা প্ৰশাসন, স্বাস্থ্য বিভাগে কঠোৰ দৃষ্টি ৰাখিব৷ অসম চৰকাৰে দুৰ্গা পূজাকে ধৰি এই সময়ছোৱাত অনুষ্ঠিত হ’বলগীয়া উৎসৱসমূহ সুকলমে উদ্‌যাপন কৰাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ সহযোগিতাও কামনা কৰিছে৷ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ উপৰি সামাজিক মাধ্যমলৈ চৰকাৰৰ আহ্বান– পূজাৰ সময়ছোৱাত ক’ভিড বিধি মানি চলা আৰু ক’ভিড প্ৰতিষেধক গ্ৰহণৰ প্ৰয়োজনীয়তাৰ বিষয়ে জনসজাগতা বৃদ্ধিৰ বাবে এই সন্দৰ্ভত সঘনে প্ৰচাৰ চলালে ৰাইজ উপকৃত হ’ব, পূজা মণ্ডপৰ ভিতৰত আৰু পূজাথলীত মাত্ৰাধিক জনসমাগমৰ পৰা বিৰত থাকিবলৈ ৰাইজক সজাগ কৰাৰ প্ৰয়োজন, পূজা আৰু প্ৰতিমা বিসৰ্জনৰ সময়ত উৰাবাতৰি, ভুল তথ্য আৰু অপপ্ৰচাৰ আদিত বিশ্বাস নকৰি নিজাববীয়াকৈ সকলো তথ্য সুনিশ্চিত কৰিবৰ বাবে ৰাইজক উৎসাহিত কৰিবৰ বাবে প্ৰচাৰ চলাব লাগে৷ চৰকাৰৰ এই আহ্বান অৱশ্যেই আদৰণীয়৷ কিন্তু পৰিস্থিতিৰ জটিলতাৰ বাবেই দুৰ্গা পূজাকে ধৰি বিভিন্ন উৎসৱৰ ক্ষেত্ৰত চৰকাৰে জাৰি কৰা এছঅ’পিয়ে কিমানদূৰ সফলতা লাভ কৰে সেয়া সময়েহে ক’ব৷ কোৱা বাহুল্য যে এইবাৰৰ দুৰ্গা পূজা আক্ষৰিক অৰ্থতেই বিৰল, বিচিত্ৰ, অনন্য আৰু অদ্ভুত হ’ব৷ ক’ভিড বিধি কঠোৰভাৱে পালন কৰাটো যে জৰুৰী তাত কোনো সন্দেহ নাই৷ কিন্তু ক’ভিড বিধি আখৰে আখৰে পালন কৰি কেনেকৈ সুকলমে দুৰ্গা পূজা অনুষ্ঠিত কৰিব পৰা যাব সেয়া সময়তহে গম পোৱা যাব৷ মূৰকত গৈ বিহুৰ সময়ত চৰকাৰে জাৰি কৰা এছঅ’পিৰ দৰেই অৱস্থা দুৰ্গা পূজাৰ এছঅ’পিৰ ক্ষেত্ৰতো নহয়গৈতো! ব’হাগ বিহুৰ সময়ত চৰকাৰে জাৰি কৰা এছঅ’পিয়ে এনেধৰণৰ দিক্‌নিৰ্দেশনাও দিছিল যে বিহুত ঢুলীয়া, নামতী, নাচনীয়ে মাস্ক পিন্ধি বিহু মাৰিব৷ যিটো আক্ষৰিক অৰ্থতেই সম্ভৱ নাছিল৷ সেইবাবেই ব’হাগ বিহুৰ সময়ত চৰকাৰে জাৰি কৰা এছঅ’পি আখৰে আখৰে পালন কৰা নহ’ল বা পালন কৰাটো সম্ভৱ নহ’ল৷ তাতে ব’হাগ বিহুৰ আগে আগে নিৰ্বাচনমুখী তথা ৰাজনৈতিক কাম-কাজৰ ক্ষেত্ৰত শাসক-বিৰোধী ৰাজনৈতিক দলসমূহৰ উপৰি চৰকাৰৰ বৰমূৰীয়াসকলে কৰা স্ববিৰোধী কাম-কাজে ৰাইজক তিক্ত-বিৰক্ত কৰি তুলিছিল৷ এইবাৰৰ দুৰ্গা পূজা, কালী পূজা, দীপাৱলীত বা কি হয়!