Logo
image

ৰজিলালৈ ফ্ল’ৰেন্স নাইটিংগেল বঁটা

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ মানৱ সেৱাৰ স্বীকৃতি৷ ক’ভিডকালীন পৰিস্থিতিত আৰ্ত জনতালৈ আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে দেশৰ ৫১গৰাকী নাৰ্ছ তথা স্বাস্থ্যকৰ্মীলৈ আগবঢ়োৱা হৈছে সন্মানজনক ‘ৰাষ্ট্ৰীয় ফ্ল’ৰেন্স নাইটিংগেল পুৰস্কাৰ’৷ সুখৰ কথা এয়ে যে ২০২০ চনৰ নাইটিংগেল পুৰস্কাৰেৰে সন্মানিত দেশৰ ৫১গৰাকী নাৰ্ছ তথা স্বাস্থ্যকৰ্মীৰ ভিতৰত অসমৰ এগৰাকী নাৰ্ছো আছে৷ অসমৰ নাৰ্ছগৰাকীৰ নাম ৰজিলা ৰয়৷ গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ জ্যেষ্ঠ নাৰ্ছ ৰজিলা ৰয়লৈ আগবঢ়োৱা হৈছে নাইটিংগেল পুৰস্কাৰ৷ উল্লেখ্য, নাইটিংগেল পুৰস্কাৰ দেশৰ স্বাস্থ্যখণ্ডত এক সন্মানজনক পুৰস্কাৰৰূপে পৰিচিত৷ ক’ভিড পৰিস্থিতিৰ বাবে এইবাৰ আনবাৰৰ দৰে সভা পাতি পুৰস্কাৰ দিয়া নহ’ল৷ ইয়াৰ পৰিৱৰ্তে এইবাৰ ভাৰ্চুৱেলী পুৰস্কাৰ প্ৰদান কৰে ৰাষ্ট্ৰপতি ৰাম নাথ ক’বিন্দে৷ এই বঁটাত ৫০ হাজাৰ টকাৰ উপৰি আছে এখন প্ৰমাণ-পত্ৰ, এখন প্ৰশস্তি-পত্ৰ আৰু এটা স্মাৰক৷ এই বঁটা লাভ কৰা ৰজিলা ৰয়ক অভিনন্দন জনাইছে বিভিন্নজনে৷