Logo
image

দেশৰ ভিতৰতে মহিলা নিৰ্যাতনৰ শীৰ্ষত অসম

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ অপৰাধ আৰু অপৰাধীৰ যেন ভু-স্বৰ্গত পৰিণত হৈছে অসম৷ বিশেষকৈ উত্তৰ-পূবৰ দুৱাৰমুখ অসম এতিয়া মহিলাৰ বাবে অলপো সুৰক্ষিত নহয়৷ নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ক্ষেত্ৰত দেশৰ ভিতৰতে শীৰ্ষ স্থানত আছে অসম৷ অসমৰ এই অবাঞ্চিত অভিলেখৰ তথ্য উন্মোচন হৈছে মঙলবাৰে প্ৰকাশ পোৱা ২০২০ বৰ্ষৰ নেচনেল ক্ৰাইম ক’ণ্ট্ৰ’ল ব্যু’ৰ বাৰ্ষিক প্ৰতিবেদনত৷ প্ৰতিবেদনখনত প্ৰকাশ পোৱা মতে ২০২০ বৰ্ষত ৪,৩৫২টা মহিলাৰ বিৰুদ্ধে অপৰাধজনিত ঘটনা সংঘটিত হৈছে৷ উদ্বেগজনক বিষয়টো হৈছে অসমৰ প্ৰতি এক লাখ মহিলাৰ বিপৰীতে অপৰাধৰ হাৰ হৈছে ১৫৪.৩ শতাংশ৷ এক কথাত দেশৰ ভিতৰতে এই হাৰ সৰ্বোচ্ছ৷ মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰত অসমৰ পাছতে থকা ৰাজ্য হৈছে ওড়িশা আৰু দিল্লী৷ ওড়িশাত অপৰাধৰ হাৰ হৈছে ১১২.৯ শতাংশ আৰু দিল্লীত ১০৬ শতাংশ৷ অৱশ্যে, সংখ্যাগত হিচাপে ২০২০ বৰ্ষৰ বিপৰীতে ২০১৯ চনত অধিকসংখ্যক অৰ্থাৎ ৩০,০২৫টা মহিলাৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ পঞ্জীয়ন হৈছিল৷ আনহাতে অসমত এবছৰত বলাৎকাৰৰ বলি হ’ল ১৬৫৮ গৰাকী যুৱতী-মহিলা৷ তদুপৰি মহিলা অপহৰণৰ ঘটনা সংঘটিত হৈছে ৫,৯১৫ টা৷ দুৰ্ভাগ্যজনকভাৱে নিজৰ পৰিয়ালৰ সদস্যৰ দ্বাৰা বলাৎকাৰ হৈছে ১৭৩ গৰাকী মহিলা৷ ইপিনে ধৰ্ষণ কৰি হত্যাৰ ঘটনা সংঘটিত হৈছে ২৬টা৷ উদ্বেগজনকভাৱে ধৰ্ষণ বা দলবদ্ধ ধৰ্ষণৰ জৰিয়তে হত্যা কৰা ঘটনাৰ ক্ষেত্ৰতো দেশৰ তৃতীয় শীৰ্ষ স্থানত আছে অসম৷ ২০২০ বৰ্ষত যৌতুকজনিত হত্যাৰ সন্মুখীন হৈছে ১৫০গৰাকী মহিলা৷ এচিড আক্ৰমণৰ চেষ্টাৰ দৰে ২টা ঘটনাও সংঘটিত হ’ল এইখন অসমত৷ অৰ্থাৎ প্ৰতিবেদনত এটা কথা স্পষ্ট হৈ পৰিছে যে যুৱতী-মহিলাৰ বাবে অসম অলপো সুৰক্ষিত ৰাজ্য নহয়৷ কেৱল মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পাইছে এনে নহয়৷ অভিভাৱকক আচৰিত কৰি তুলিব পৰাকৈ অসমত নাবালকৰ দ্বাৰা সংঘটিত অপৰাধৰ সংখ্যা অবিশ্বাস্যভাৱে বৃদ্ধি পাইছে৷ প্ৰতিবেদনৰ তথ্য অনুসৰি ২০১৯ চনত অসমত নাবালকৰ দ্বাৰা সংঘটিত অপৰাধৰ সংখ্যা ১২৯টা আছিল যদিও ২০২০ বৰ্ষত এই সংখ্যা ২৪৭ টালৈ বৃদ্ধি পালে৷ আনহাতে চাইবাৰ অপৰাধজনিত ঘটনাও বৃদ্ধি পাইছে৷ চাইবাৰ অপৰাধৰ ক্ষেত্ৰত দেশত ভিতৰতে তৃতীয় স্থানত আছে অসম৷ ২০১৯ চনত অসমত ২,২৩১টা চাইবাৰ অপৰাধজনিত ঘটনা সংঘটিত হৈছিল৷ অৱশ্যে ২০২০ বৰ্ষত এই অপৰাধৰ সংখ্যা ৩,৫৩০ টালৈ বৃদ্ধি পালে৷ আনহাতে অসমত চৰকাৰী বিষয়াৰ দ্বাৰা বা চৰকাৰী আঁচনিৰ নামত অৰ্থনৈতিক অপৰাধৰ সংখ্যাও বৃদ্ধি পাইছে৷ এন চি আৰ বিৰ তথ্য মতে ২০২০ বৰ্ষত ৯,৮৮৪টা অৰ্থনৈতিক অপৰাধজনিত ঘটনা সংঘটিত হৈছে এইখন অসমত৷

অপৰাধৰ ক্ষেত্ৰত ৰাজ্যৰ অবাঞ্ছিত অভিলেখ

সম্পূৰ্ণ অনাকাংক্ষিতভাৱে একেৰাহে চতুৰ্থবাৰৰ বাবে মহিলাৰ বিৰুদ্ধে অপৰাধৰ তালিকাত দেশৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিছে অসমে৷ নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ই [এন চি আৰ বি] সদ্যহতে প্ৰকাশ কৰা ‘ক্ৰাইম ইন ইণ্ডিয়া ২০২০’ শীৰ্ষক প্ৰতিৱেদনত অসমৰ বাবে অতি লজ্জাজনক এই কথা পুনৰ পোহৰলৈ আহিছে৷ বাস্তৱত মহিলাসকলৰ বাবে অসম মুঠেই সুৰক্ষিত নহয়৷ এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি অসমত মহিলাৰ বিৰুদ্ধে অপৰাধৰ হাৰ দেশৰ ভিতৰত সৰ্বাধিক [১৫৪.৩]৷ কোৱা হৈছে ২০২০ চনত অসমত মহিলাৰ সংখ্যা আছিল ১.৭০৭ কোটি৷ আৰু উক্ত চনত অসমত অপৰাধৰ বলি হৈছে ৪,৩৫২গৰাকী মহিলা৷ উল্লেখ্য যে, ২০১৭ চনৰ পৰা চতুৰ্থবাৰৰ বাবে একেৰাহে মহিলাৰ বিৰুদ্ধে অপৰাধৰ তালিকাত দেশৰ ভিতৰত অসমে অতি লজ্জাজনক তথা অনাকাংক্ষিতভাৱে শীৰ্ষ স্থান দখল কৰিছে৷ ইয়াৰ পূৰ্বে দেশৰ ৰাজধানী দিল্লী আছিল মহিলাৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰতো ৰাষ্ট্ৰীয় ৰাজধানী৷ পিছে এইবাৰ ৰাজ্যখনে তালিকাৰ তৃতীয় স্থানত [১০৬.৪] আছে৷ ১১২.৯ হাৰত দ্বিতীয় স্থানত আছে ওড়িষা৷ উল্লেখ্য যে, মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৰাষ্ট্ৰীয় হাৰ হৈছে ৫৬.৫৷ সেয়েহে কোনো সন্দেহ নাই ১৫৪.৩ হাৰ লাভ কৰি অসমে এতিয়া মহিলাৰ বিৰুদ্ধে অপৰাধৰ ৰাষ্ট্ৰীয় ৰাজধানীলৈ পৰিগণিত হৈছে৷ উদ্বেগজনক বিষয়টো হৈছে মহিলাৰ বিৰুদ্ধে অপৰাধৰ গোচৰ নিষ্পত্তি কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ব্যৰ্থতাও এন চি আৰ বিৰ প্ৰতিবেদনত বৃহৎভাৱে প্ৰতিফলিত হৈছে৷ ২০২০ চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ মাত্ৰ ৬৩.৮ শতাংশ গোচৰত অভিযোগনামা দাখিল কৰিবলৈ সক্ষম হৈছে৷ দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত একমাত্ৰ ৰাজস্থানক [৫৫] বাদ দিলে অভিযোগনামা দাখিলৰ ক্ষেত্ৰত অসম সমগ্ৰ দেশৰ ভিতৰত পিছ পৰি আছে৷ ৰাষ্ট্ৰীয় পৰ্যায়ত অভিযোগনামা দাখিলৰ হাৰ হৈছে ৭৮.৬ শতাংশ৷ লক্ষণীয়ভাৱে কেৱল মহিলাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰতেই নহয় সাৰ্বিকভাৱে সংগঠিত অপৰাধৰ গোচৰতো অভিযোগনামা দাখিলৰ ক্ষেত্ৰত অসম আৰক্ষীৰ ব্যৰ্থতা চকুত পৰিবলগীয়া হৈছে৷ এন চি আৰ বিৰ প্ৰতিবেদন অনুসৰি ২০২০ চনত অসমত মুঠ ১, ১১, ৫৫৮টা অপৰাধমূলক ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত মাত্ৰ ৪৭.১ শতাংশ গোচৰতহে অসম আৰক্ষীয়ে অপৰাধনামা দাখিল কৰিবলৈ সক্ষম হৈছে৷ দেশৰ বৃহৎ ৰাজ্যসমূহৰ ভিতৰত অসমৰ এই হাৰ সৰ্বনিম্ন৷ লক্ষণীয়ভাৱে ৰাষ্ট্ৰীয় পৰ্যায়ত সাৰ্বিক অপৰাধৰ গোচৰত অভিযোগনামা দাখিলৰ হাৰ হৈছে ৭৫.৮ শতাংশ৷ আনহাতে, অতি উদ্বেগজনকভাৱে নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰ’ৰ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি ২০২০ চনত দেশত দৈনিক ৮০টা হত্যা আৰু ৭৭টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে৷ উল্লেখ্য যে, বিগতবছৰ দেশত মুঠ ৪২, ৫৪, ৩৫৬টা অপৰাধমূলক ঘটনা সংঘটিত হৈছে৷