Logo
image

টে’ট-ৰাজনীতি! ৬খন জিলাত পৰীক্ষাকেন্দ্ৰই নাই

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰি শিক্ষক পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে৷ হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ কলা, বিজ্ঞান, হিন্দী আৰু অসমীয়াৰ স্নাতক শিক্ষক পদৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ সমান্তৰালভাৱে উচ্ছ প্ৰাথমিক আৰু নিম্ন প্ৰাথমিক পৰ্যায়ত শিক্ষক যোগ্যতা পৰীক্ষা অৰ্থাৎ সাধাৰণ টে’ট পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও জাননী জাৰি কৰিছে৷ ২০১৯ চনৰ সাধাৰণ টে’টৰ পাছত পুনৰবাৰ চলিত বৰ্ষৰ ২৪ অক্টোবৰত টেট পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে শিক্ষা বিভাগ৷ সেই অনুসৰি প্ৰাথমিক টে’ট উচ্ছ ক্ষমতাসম্পন্ন কমিটীৰ সদস্য সচিবে টে’ট পৰীক্ষাৰ বিজ্ঞাপন প্ৰকাশ কৰি কোন কোন জিলাত পৰীক্ষা কেন্দ্ৰ থাকিব সেই তথ্যও ৰাজহুৱা কৰিছে৷ কিন্তু এইবাৰৰ টে’ট পৰীক্ষাৰ টে’ট পৰীক্ষা কেন্দ্ৰক লৈ কতৃৰ্পক্ষই বৈষম্যমূলক নীতি গ্ৰহণ কৰাৰ অভিযোগ উঠিছে৷ কিয়নো ৰাজ্যৰ ৬খনকৈ সংখ্যালঘু বসতিপ্ৰধান জিলাত কোনো পৰীক্ষা কেন্দ্ৰৰ অনুমতি নিদিয়া বিষয়টোৱে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিশেষকৈ গোৱালপাৰা, দক্ষিণ শালমাৰা মানকাচৰ, ধুবুৰী, বৰপেটা, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাত পৰীক্ষা কেন্দ্ৰৰ ব্যৱস্থা নকৰাত সংখ্যালঘু ছাত্ৰ-ছাত্ৰীসকল ক্ষোভিত হৈ পৰিছে৷ যি সময়ত অসম লোকসেৱা আয়োগে জিলাই জিলাই পৰীক্ষা পাতিছে, তেনে সময়ত সংখ্যালঘু প্ৰধান জিলাকেইখনত টে’ট পৰীক্ষাৰ কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা নকৰা কাৰ্যই চৰকাৰৰ মনোভাৱক লৈও বিভিন্নজনে সন্দেহৰ দৃষ্টিৰে চাইছে৷ বাকী জিলাসমূহৰ পৰীক্ষাৰ্থীয়ে গৃহ জিলাতে টে’ট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰিব যদিও নিৰ্দিষ্ট ৬খন জিলাৰ পৰীক্ষাৰ্থীয়ে গুৱাহাটী বা আন জিলাৰ পৰীক্ষাকেন্দ্ৰলৈ তাঁতবাটি কাঢ়িবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে৷ সংশ্লিষ্ট জিলাকেইখনত নিৰাপত্তাৰ দিশত কোনো অসুবিধা নথকাৰ পাছতো কিয় বৈষম্যমূলকভাৱে টে’ট পৰীক্ষা পাতিব বিচৰা নাই, সেই লৈ প্ৰশ্ন উত্থাপন হৈছে৷ এই সন্দৰ্ভত ৰাইজৰ দলৰ মুখপাত্ৰ আশ্ৰাফুল ইছলামে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়– সংশ্লিষ্ট ৬খন জিলা সংখ্যালঘু অধ্যুষিত হোৱাৰ বাবেই পৰিকল্পিতভাৱে বৈষম্যমূলক নীতি গ্ৰহণ কৰিছে চৰকাৰে৷ আনহাতে, শিক্ষা বিভাগৰ এনে কাৰ্যত জাঙুৰ খাই উঠিছে এ আই ইউ ডি এফ৷ দক্ষিণ শালমাৰা-মানকাচৰ, বৰপেটা, গোৱালপাৰা, ধুবুৰী, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত টে’টৰ পৰীক্ষা কেন্দ্ৰ নিদিয়াত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বুধবাৰে দলৰ গুৱাহাটীৰ সদৰ কাৰ্যালয়ত এখন সংবাদমেল আয়োজন কৰি এ আই ইউ ডি এফৰ সাধাৰণ সম্পাদক আমিনুল ইছলামে কয়– ‘সবকা সাথ সবকা বিকাশ’ শ্লোগান দিয়া বিজেপিয়ে এটা বিশেষ সম্প্ৰদায়ক উপেক্ষা কৰিছে৷ দক্ষিণ শালমাৰা-মানকাচৰত ৬০০ৰো অধিক টে’ট প্ৰাৰ্থী আছে৷ তেওঁলোকক ছয়গাঁৱলৈ আহিবলৈ কোৱা হৈছে৷ হাইলাকান্দিত ৭০০-৮০০ প্ৰাৰ্থী আছে৷ তেওঁলোকক শিলচৰলৈ যাবলৈ কোৱা হৈছে৷ এনেকৈ ৬০০-১০০০ প্ৰাৰ্থীক আন জিলালৈ নি টে’ট পাতিব খুজিছে৷ তাৰ জৰিয়তে এটা বিশেষ সম্প্ৰদায়ৰ লোকক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ কৰিছে৷ আমি চৰকাৰক অনুৰোধ জনাম বিষয়টো পুনৰ বিবেচনা কৰিবলৈ৷ অন্যথা আমি আইনৰ আশ্ৰয় ল’ম৷ প্ৰয়োজনত ৰাজপথত নামিম৷ দেশৰ মানৱ সম্পদ মন্ত্ৰণালয়ক এই বিষয়ে অৱগত কৰিম৷ ৩৩খন জিলাৰ ২৭খন জিলাত টে’ট পৰীক্ষা কেন্দ্ৰ দিয়া হৈছে৷ কিন্তু বৰপেটা, গোৱালপাৰাত কিয় দিব নোৱাৰে? এই কাৰ্যৰ জৰিয়তে মুছলিম অধ্যুষিত জিলাক লক্ষ্য কৰি লোৱা হৈছে৷ মুখ্যমন্ত্ৰী-শিক্ষামন্ত্ৰীৰ  যদি এনে ভূমিকা হয় ৰাজ্যবাসীয়ে ন্যায় পাব ক’ৰ পৰা? আপোনালোকে কয়– ধুবুৰী, গোৱালপাৰাত শিক্ষিতৰ হাৰ কম৷ এইবোৰ ঠাইত শিক্ষিতৰ হাৰ বাঢ়িব কেনেকৈ?