Logo
image

পত্নী নিৰ্যাতনকাৰী চিকিৎসকক বিচাৰি পোৱা নাই আৰক্ষীয়ে

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ পত্নী নিৰ্যাতনকাৰী অসুৰ ৰূপী চিকিৎসক ডাঃ গজেন্‌ চন্দ্ৰ নাথক পাঁচটা দিন অতিক্ৰম কৰাৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে৷ আজি লৈ আৰক্ষীয়ে অভিযুক্ত চিকিৎসকজনক বিচাৰি তেওঁৰ কাৰ্যলয় আৰু ঘৰত অভিযান চলোৱা নাই বুলি ভুক্ত ভুগি মহিলা গৰাকীৰ পৰিয়ালৰ লোকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ আনকি ওলোটাকৈ ড্ৰাগছ আসক্ত অভিযুক্ত চিকিৎসক স্বামীয়ে ফোন আৰু মেছেজ কৰি পত্নী বন্দীতা বৰ্মনক ভাবুকি প্ৰদান কৰি চিকিৎসক গজেন চন্দ্ৰ নাথে ৰহা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তেওঁৰ পকেটত থকা বুলি দম্ভালি মাৰে৷ তদুপৰি আৰক্ষীয়ে তেওঁক একো কৰিব নোৱাৰে বুলি ভাবুকি প্ৰদান কৰে পত্নীক৷ মোবাইল ফোনত ভাবুকি প্ৰদান কৰা আৰু মেছেজ দিয়া তথ্যখিনি সংবাদ মাধ্যমৰ আগত যোগান ধৰে ভুক্তভোগী পত্নীয়ে৷ অভিযুক্ত চিকিৎসক জনক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ভুক্তভোগী প্ৰিয়ালটোৱে৷ উল্লেখ্য যে, নগাঁও জিলাৰ ৰহাৰ ৰণথলীৰ বাসিন্দা তথা ৰণথলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জেষ্ঠ চিকিৎসক গজেন চন্দ্ৰ নাথে ২০১৮ চনৰ ১২ মেত গুৱাহাটীৰ ফৰেষ্ট গেটৰ ভূপেন্দ্ৰ নগৰৰ বাসিন্দা বন্দীতা বৰ্মন নামৰ যুৱতী গৰাকীক প্ৰৱঞ্চনাৰে বিবাহ পাশত আবদ্ধ হয়৷ বিয়াৰ পিছত দুয়ো সুখৰ সংসাৰ চলাই আছিল যদিও ২১ বছৰীয়া বন্দিতাই চিকিৎসক স্বামীয়ে পূৰ্বতে দুগৰাকী যুৱতীক বিয়া কৰোৱাৰ তথ্য লাভ কৰে৷ লেপটপত পূৰ্বৰ দুই পত্নী আৰু সন্তানৰ ফটো দেখা পাই বন্দিতাৰ সৰগ ভাঙি যোৱাৰ দৰে অনুভৱ হয়৷ মোক প্ৰবঞ্চনা কৰি কিয় বিয়া পাতিলে বুলি স্বামীক প্ৰশ্ন কৰি বন্দিতাই থকা সৰকা কৰে৷ এই সমস্ত ঘটনা মাতৃ গৃহত বন্দিতাই অৱগত কৰাব বুলি স্বামীক স্পষ্ট কৰি দিয়ে৷ ইয়াতে ক্ষুণ্ণ হৈ চিকিৎসক স্বামীয়ে দা লৈ পত্নী বন্দিতাৰ কঁকালত ঘপিয়াই দিয়ে৷ দাৰ ঘাপত গুৰুতৰ ভাবে আহত হোৱা পত্নীক ঘৰতে চিকিৎসা আগবঢ়াই আছিল৷ আনকি চিকিৎসক স্বামীয়ে পত্নীক হত্যাৰো ষড়যন্ত্ৰ ৰচনা কৰি আছিল৷ আনকি পত্নীক টোপনি অহা বেজী মাৰি সংজ্ঞাহীন কৰি ঘৰতে আবদ্ধ কৰি ৰাখিছিল৷ এনেদৰে নিতৌ বিগত তিনিমাহ ধৰি চিকিৎসক স্বামীয়ে টোপনিৰ বেজী মাৰি অসচেতন কৰি ঘৰতে আবদ্ধ কৰি ৰাখিছিল৷ তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া বন্দিতাই যোৱা ৭ ছেপ্টেম্বৰৰ নিশা সংজ্ঞা ঘূৰাই অহাত মাতৃলৈ মোবাইল যোগে মেচেজ কৰি তেওঁক উদ্ধাৰ কৰিবলৈ কয়, অন্যথা তেওঁক হত্যা কৰিব বুলি মাতৃক জানিবলৈ দিয়ে৷ পিছদিনা অৰ্থাৎ ৮ ছেপ্টেম্বৰত মাতৃ নগাঁৱৰ ৰহাৰ ঘৰলৈ গৈ কন্যা বন্দিতাক উদ্ধাৰ কৰি গুৱাহাটীৰ ঘৰলৈ লৈ আনে৷ মাতৃয়ে কন্যাক চিকিৎসা কৰোৱাত কিছু সুস্থ হৈ উঠাত মাতৃক সকলো কথা বিবৰী কয়৷ কন্যাৰ অত্যাচাৰৰ কথা শুনি মাতৃ শোকত ভাগি পৰে৷ ঘটনা সন্দৰ্ভত মাতৃয়ে ডাঃ গজেন চন্দ্ৰ নাথৰ বিৰুদ্ধে নুনমাটি থানাত এজাহাৰৰ দাখিল কৰে৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ ৪৯৪/৩২৬/৩০৭/৩০২/৫০৬/৪৪৭/৩৫৪/৫০৯/৩৮২/৩৪ নং ধাৰাৰ অধীনত ৬০০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ 

দুদিনে চিকিৎসালয়ত উপস্থিত নাই অভিযুক্ত চিকিৎসক

নগাওঁ জিলাৰ ৰহাৰ ৰণথলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ জেষ্ঠ চিকিৎসক ডা. গজেন নাথে নিজ পত্নীক শাৰীৰিক নিৰ্যাতন কৰা সমস্ত ঘটনা পোহৰলৈ অহাৰ পিছতেই সমগ্ৰ নগাঁও তথা ৰহা অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে ডাঃ গজেন চন্দ্ৰ নাথৰ পত্নীৰ মাতৃয়ে চিকিৎসক গৰাকীৰ বিৰুদ্ধে গুৱাহাটীত এজাহাৰৰ দাখিল কৰিছে৷ এই ঘটনা পোহৰলৈ অহাৰ পাছতে চিকিৎসক গৰাকীয়ে নিজৰ কৰ্মস্থলীৰ পৰা পলায়ন কৰে৷ চিকিৎসক গৰাকীৰ সম্পৰ্কত ৰণথলী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্য কৰ্মীয়ে জানিব দিয়া মতে কালি ডা° নাথে আগবেলা চিকিৎসালয়খনত উপস্থিত আছিল কিন্ত চিকিৎসালয়ৰ পৰা যোৱাৰ পাছৰে পৰা তেওঁক দেখা নাই৷ ইফালে চিৎসালয়খনৰ ভিতৰতে থকা ডাঃ নাথৰ আৱাসিক গৃহটো তলা মৰা৷ চিকিৎসক গজেন চন্দ্ৰ নাথ সন্দৰ্ভত নগাঁও জিলা যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ চিকিৎসালয়খন উপস্থিত নথকা সন্দৰ্ভত বৰ্তমানলৈকে কোনো লিখিত প্ৰতিলিপি দিয়া নাই৷ লগতে যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে কয় যে তেওঁ সম্পৰ্কত প্ৰকাশ হোৱা খবৰ বোৰ আমি জানিব পাৰিছো৷ এই সন্দৰ্ভত এখন তদন্ত সমিতি গঠন কৰি অনুসন্ধান কৰা হব বুলিও যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে জানিবলৈ দিয়ে৷ উল্লেখযোগ্য যে সাংসাৰিক কাৰণত ডাঃ নাথ আৰু তেওঁৰ পত্নী বন্দিতা বৰ্মনৰ মাজত কাজিয়াৰ সূত্ৰ পাত হয়৷ ইয়াৰ পৰিনতিত নাথে তেওঁৰ পত্নীক শাৰীৰিক ভাবে আক্ৰমণ কৰাৰ লগতে চিকিৎসক গৰাকীয়ে নিজৰ পত্নীক প্ৰায় তিনিমাহ দিন চেতনা নাশক বেজি দি ঘৰতে আবদ্ধ কৰি ৰখা বুলিও গুৰুতৰ অভিযোগ আনিছে৷