Logo
image

গুৱাহাটী বিঃবিদ্যালয়ত ভিজিলেঞ্চৰ অভিযান

এপিডিচিএল পৰীক্ষাত বিসংগতি

আমাৰ অসম, ১৬ ছেপ্টেম্বৰঃ চৰকাৰী বিভাগসমূহৰ নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ তথা নিকা হোৱাৰ বাবে ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহক পৰীক্ষা পৰিচালনাৰ দায়িত্ব দিয়া হৈছে৷ কিন্তু বিশ্ববিদ্যালয়সমূহতে নিযুক্তিৰ নামত এতিয়া এখন ক’লা বজাৰ গঢ়ি উঠাৰ অভিযোগ উঠিছে৷ এ পি ডি চি এলৰ তিনি সহস্ৰাধিক পদৰ পৰীক্ষাৰ অ’ এম আৰ শ্বীট মূল্যায়নৰ নামত গুৱাহাটী বিশ্ববিদ্যালয়ত ধনৰ লেনদেনৰ অভিযোগ উঠিছে৷ অ’ এম আৰ জালিয়াতিৰে একাংশ প্ৰাৰ্থীক অধিক নম্বৰ দিয়াৰ সম্পৰ্কত এটা অভিযোগ লাভ কৰাৰ পাছতেই বুধবাৰে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গুৱাহাটী বিশ্ববিদ্যালয়ত অভিযান চলোৱা ঘটনাই তাৎপৰ্য বহন কৰিছে৷ মুখ্যমন্ত্ৰী কাৰ্যালয়ে দিয়া নিৰ্দেশৰ ভিত্তিত মুখ্যমন্ত্ৰী তদাৰকী কোষে [চি এম ভিজিলেন্স] ২০১৯ চনতে অনুষ্ঠিত এ পি ডি চি এলৰ প্ৰায় ৩ সহস্ৰাধিক পদৰ লিখিত পৰীক্ষাৰ অনিয়মৰ তদন্তৰ বাবে বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ত অভিযান চলায়৷ উল্লেখ্য, এ পি ডি চি এলে ২০১৯ চনত ১৭ ফেব্ৰুৱাৰীত ২৫টা ড্ৰাইভাৰ পদ আৰু ৮৭২টা সহায়ক পদৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ তদুপৰি উক্ত বৰ্ষৰে ২৮ এপ্ৰিলত এ পি ডি চি এলে আন ১,৮৯৫টা কাৰ্যালয় তথা ক্ষেত্ৰ সহায়ক পদৰ অ’ এম আৰ ভিত্তিত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ উক্ত পৰীক্ষাত হাজাৰ হাজাৰ নিবনুৱাই অৱতীৰ্ণ হৈছিল যদিও পৰীক্ষা অনুষ্ঠিত হোৱাৰ পাছতেই মোবাইলে মোবাইলে ভাইৰেল হৈ পৰিছিল প্ৰশ্নকাকত৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিলৰ অভিযোগত প্ৰায় ছজন পৰীক্ষাৰ্থীক গ্ৰেপ্তাৰ কৰিছিল৷ আনকি প্ৰশ্নকাকত ফাদিলৰ সন্দৰ্ভত গুৱাহাটী উচ্ছ ন্যায়ালয়তো গোচৰ ৰুজু হোৱাৰ লগতে অসম চৰকাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত এজনীয়া তদন্ত কমিটী গঠন কৰিছিল৷ শেহতীয়াকৈ এজনীয়া তদন্ত কমিটীয়ে প্ৰতিবেদন দাখিল কৰাৰ লগতে উচ্ছ ন্যায়ালয়তো ৰুজু হোৱা গোচৰটোৰ মীমাংসা হৈছিল৷ ইপিনে, অসম আৰক্ষীৰ এছ আই পদৰ পৰীক্ষাত পৰীক্ষা পৰিচালনাৰ দায়িত্ব লাভ কৰা ঠিকাদাৰী প্ৰতিষ্ঠানে দুষ্কাৰ্যত জড়িত হৈ পৰাৰ তথ্য পোহৰলৈ অহাত ৰাজ্য চৰকাৰৰ কেবিনেটে সকলো বিভাগৰে পৰীক্ষা বিশ্ববিদ্যালয়সমূহক পৰিচালনাৰ দায়িত্ব অৰ্পণ কৰ৷ ইয়াৰ পাছতেই এ পি ডি চি এলৰ উক্ত পৰীক্ষা দুটাৰ অ’ এম আৰ শ্বীট ঠিকাদাৰী প্ৰতিষ্ঠানৰ পৰিৱৰ্তে গুৱাহাটী বিশ্ববিদ্যালয়ক মূল্যায়ণৰ বাবে প্ৰেৰণ কৰিছিল৷ গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই শেহতীয়াকৈ এ পি ডি চি এলৰ উক্ত পৰীক্ষাৰ মূল্যায়ণ সম্পূৰ্ণ কৰিছিল যদিও বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাতে অ’ এম আৰ শ্বীট মূল্যায়নত জালিয়াতি সংঘটিত হোৱাৰ ভয়ংকৰ অভিযোগ উঠিছে৷ বিশ্ববিদ্যালয়ত এ পি ডি চি এলৰ পৰীক্ষাৰ উত্তৰ বহী মূল্যায়নত নিয়োজিত কোনো কোনো বিষয়াই ধনৰ বিনিময়ত একাংশ পৰীক্ষাৰ্থীৰ অ’ এম আৰ শ্বীট জালিয়াতি কৰি নম্বৰ বঢ়াই দিয়াৰ অনিয়মত লিপ্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ এ পি ডি চি এল পৰীক্ষাৰ ফলাফলক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ত চলা এই অনিয়মৰ সন্দৰ্ভত অজ্ঞাত ব্যক্তিয়ে ফোনযোগে বুধবাৰে পুৱাই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক অভিযোগ দাখিল কৰে৷ ফোনযোগে এই অভিযোগ লাভ কৰাৰ পাছতেই মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে তাৎক্ষণিকভাৱে চি এম ভিজিলেন্সক তদন্তৰ নিৰ্দেশ দিয়ে৷ ইয়াৰ পাছতেই চি এম ভিজিলেন্সৰ আৰক্ষী অধীক্ষক ৰ’জি কলিতাৰ নেতৃত্বত এটা বৃহৎ দলে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ পৰীক্ষাৰ উত্তৰ বহী মূল্যায়নৰ দায়িত্বত থকা বিষয়া-কৰ্মচাৰীসকলক সোধা-পোছা কৰাৰ লগতে অ’ এম আৰ শ্বীটসমূহো পৰীক্ষা কৰে৷ আনকি অভিযানকাৰী দলটোৱে বিশ্ববিদ্যালয়ৰ প্ৰশাসনীয় ভৱনতো উপস্থিত হৈ শীৰ্ষ কতৃৰ্পক্ষৰ পৰা বিভিন্ন তথ্য বিচাৰে৷ ইপিনে, তদন্তকাৰী আৰক্ষীয়ে ফোনযোগে অভিযোগ কৰা অজ্ঞাত ব্যক্তিজনৰো সন্ধান অব্যাহত ৰাখিছে৷ চি এম ভিজিলেন্সে অভিযান চলোৱাৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই অ’ এম আৰ শ্বীট মূল্যায়ন প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি দিছে৷ স্বাভাৱিকতেই নিযুক্তিৰ নামত বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাতে অনিয়ম সংঘটিত হ’লে পুনৰ যে যোগ্য প্ৰাৰ্থী বঞ্চিত হ’ব সেয়া নিশ্চিত হৈ পৰিছে৷