Logo
image

এএমচিত নতুন শিশুকক্ষ উদ্বোধন যুৱৰাজ সিঙৰ

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ প্ৰসিদ্ধ ভাৰতীয় ক্ৰিকেটাৰ যুৱৰাজ সিঙে শিশুৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰদান কৰিলে অত্যাধুনিক ১০০খন আইচিইউ বিছনা৷ আজি অসমৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্ত আৰু প্ৰসিদ্ধ ক্ৰিকেটাৰ যুৱৰাজ সিঙে অনলাইন পদ্ধতিৰে অংশগ্ৰহণ কৰি উদ্বোধন কৰে এএমচিৰ শিশুকক্ষৰ উক্ত অত্যাধুনিক আইচিইউ বিছনা৷ উল্লেখ্য, চলিত বৰ্ষৰ ১৬ জুলাইত ই-মেইলযোগে অসম চিকিৎসা মহাবিদ্যালয়লৈ ক’ভিড আক্ৰান্ত শিশুৰ চিকিৎসাৰ বাবে ১০০খন অত্যাধুনিক আইচিইউৰ বিছনা, ভেণ্টিলেটৰসহ অত্যাধুনিক চিকিৎসা সামগ্ৰীৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰ যুৱৰাজ সিঙৰ দ্বাৰা সংগঠিত বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন যুৱৰাজ ফাউণ্ডেশ্যনে অসম চিকিৎসা মহাবিদ্যালয় কতৃৰ্পক্ষক এই কথা অৱগত কৰিছিল৷ সেই মৰ্মে যুৱৰাজ ফাউণ্ডেশ্যনে প্ৰদান কৰা প্ৰথম পৰ্যায়ৰ ৫০খন অত্যাধুনিক বিছনা কিছুদিন পূৰ্বে তেওঁলোকৰ কৰ্মকৰ্তাসকলে নিজে আনি অসম চিকিৎসা মহাবিদ্যালয়ত স্থাপন কৰাৰ পাছত আজি উদ্বোধন কৰা হয়৷ ক’ভিড আক্ৰান্ত শিশুসকলৰ বাবে এই ১০০খন অত্যাধুনিক বিছনাত অক্সিজেন সংলগ্ন আইচিইউ বিছনা থকাৰ লগতে প্তটা আইচিইউ ভেণ্টিলেটৰ, ২৫টা বাই-পাপ মেচিন, ৫০টা ৰোগী মনিটৰ কৰিব পৰা যন্ত্ৰকে [য’ত পাঁচবিধ পেৰামিটাৰ সংযোজন হৈ থাকিব] ধৰি চিকিৎসাজনিত মুঠ ১৫ বিধ অত্যাধুনিক বিভিন্ন সামগ্ৰীও প্ৰদান কৰিছে৷ ক’ভিডৰ পৰৱৰ্তী ঢৌৰ প্ৰাক্‌ক্ষণত এএমচিএইচত ক’ভিড আক্ৰান্ত শিশুৰ বাবে স্থাপন কৰা এই চিকিৎসা সেৱাই স্বাভাৱিকতে  আশাৰ বতৰা কঢ়িয়াই আনিছে৷ বৰ্তমানে সেই অত্যাধুনিক বিছনা ক’ভিডত আক্ৰান্ত শিশুসকলক চিকিৎসা সেৱাৰ ক্ষেত্ৰত আইচিইউৰ বাবে ব্যৱহৃত হ’ব যদিও ভবিষ্যতে ক’ভিড নোহোৱা হ’লে উক্ত বিছনাসমূহ কৰ্কট ৰোগত আক্ৰান্ত শিশুৰ বাবে ব্যৱহাৰ কৰিব অসম চিকিৎসা মহাবিদ্যালয়ে৷ উল্লেখ্য, যুৱৰাজ ফাউণ্ডেশ্যনে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৫০ খন, শ্বিলং মেডিকেলত ৫০খন আৰু ডিব্ৰুগড়ৰ মেডিকেলত ১০০ খন বিছনা প্ৰদান কৰাৰ লগতে সমগ্ৰ দেশত মুঠ ১,০০০ খন এনে অত্যাধুনিক আইচিইউ বিছনা প্ৰদান কৰিছে৷ আজি অনলাইনৰ জৰিয়তে অনুষ্ঠিত চমু কাৰ্যসূচীত অংশগ্ৰহণ কৰি প্ৰাক্তন  ক্ৰিকেটাৰ যুৱৰাজ সিঙে উক্ত আইচিইউৰ বিছনাৰ জৰিয়তে আক্ৰান্ত শিশুসকল কিছু পৰিমাণে হ’লেও উপকৃত হ’ব বুলি আশা কৰি সমগ্ৰ দেশত তেওঁ এনে ১,০০০খন বিছনাসহ সামগ্ৰী প্ৰদান কৰা বুলি জনায়৷ তেওঁ শিশুসকলৰ চিকিৎসাৰ সুবিধাৰ্থে সেৱা আগবঢ়োৱাৰ সুযোগ দিয়া বাবে অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰে৷ অনুষ্ঠানত মন্ত্ৰী কেশৱ মহন্তই ক্ৰিকেটাৰজনৰ বদান্যতাৰ শলাগ লয়৷ অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক তথা এএমচিএইছৰ পৰিচালনা সমিতিৰ অধ্যক্ষ প্ৰশান্ত ফুকন, অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙিয়া উপস্থিত থাকে৷