Logo
image

তালিকাত যোগ-বিয়োগ কটা-ছিঙা আৰএছএছৰ

নিগম-নিকায়ৰ অধ্যক্ষক লৈ সাৱধানী মুখ্যমন্ত্ৰী

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ দুই-এদিনতে ৰাজ্যৰ নিকায়-নিগমৰ নতুন অধ্যক্ষৰ নামৰ তালিকা ঘোষণা হোৱাৰ সম্ভাৱনা আছে৷ চলিত সপ্তাহতে প্ৰথমখন তালিকা ঘোষণা কৰাৰ কথা আছিল যদিও মূৰকত সেয়া সম্ভৱ হৈ নুঠিল৷ লক্ষণীয়ভাৱে এইবাৰ নিকায়-নিগমৰ অধ্যক্ষ নিযুক্তিৰ সমগ্ৰ প্ৰক্ৰিয়াটো আৰ এছ এছে যথেষ্ট গুৰুত্বসহকাৰে পৰ্যবেক্ষণ কৰি আছে৷ এই তালিকা প্ৰস্তুতৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও আৰ এছ এছৰ মতামতক প্ৰাধান্য দিছে৷ যাৰ ফলত বিজেপিৰ বহুকেইজন জ্যেষ্ঠ নেতাৰ নাম শেষমুহূৰ্তত নিকায়-নিগমৰ অধ্যক্ষৰ তালিকাৰ পৰা কৰ্তন হয়৷ প্ৰথমে প্ৰস্তুত কৰা তালিকাত টিকট লাভৰ পৰা বঞ্চিত হোৱা হোজাইৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেবৰ নাম আছিল যদিও শেষমুহূৰ্তত আৰ এছ এছৰ তীব্ৰ আপত্তিৰ ফলতে তেওঁৰ নাম তালিকাৰ পৰা বাদ পৰে৷ এই বিষয়টো অৱগত হোৱাৰ পাছতে প্ৰাক্তন বিধায়কজনে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি নিজৰ ক্ষোভ আৰু অসন্তুষ্টি তেওঁক অৱগত কৰিছিল৷ উল্লেখ্য, নিকায়-নিগমৰ অধ্যক্ষৰ নামৰ তালিকা ঘোষণাৰ পূৰ্বে এই তালিকা এছ এছৰ শীৰ্ষ নেতৃত্ব, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয়মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক দেখুৱাই লোৱা হৈছে৷ ঢাপে ঢাপে দিল্লীলৈ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হৈছে এই তালিকা৷ বিজেপি তথা মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ যিসকল বিধায়কে অদূৰ ভৱিষ্যতে মন্ত্ৰী পদ লাভৰ আশা নাই অথচ এইসকল বিধায়ক মন্ত্ৰীপদৰ প্ৰৱল দাবীদাৰ তেনে বিধায়কক প্ৰথম পৰ্যায়ত লাভজনক নিকায়-নিগমৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ’ব৷ বৰ্তমান শৰ্মা মন্ত্ৰীসভাত চাৰিটা মন্ত্ৰীপদ খালী আছে৷ ইয়াৰে এটাকৈ মন্ত্ৰীপদ মিত্ৰদল অগপ আৰু ইউ পি পি এলৰ বাবে সংৰক্ষিত৷ আন দুটা মন্ত্ৰীপদ বিজেপিৰ বাবে আছে যদিও বৰ্তমানো শাসকীয় দলটোত মন্ত্ৰীপদৰ দাবীদাৰ বহু জ্যেষ্ঠ বিধায়ক অপেক্ষাৰত অৱস্থাত আছে৷ যাৰ ফলত এইসকল বিধায়কক নিকায়-নিগমৰ অধ্যক্ষপদ দি সন্তুষ্ট ৰাখিব বিচৰা হৈছে৷ এই তালিকাত দলটোৰ একাংশ জ্যেষ্ঠ নেতাৰ নামো সন্নিৱিষ্ট হৈছে৷ এইসকল নেতায়ো লাভজনক নিকায়-নিগমৰ অধ্যক্ষ পদ লাভ কৰিব৷ আৰ এছ এছে যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰা এই তালিকাত দলৰ যিসকল নেতাই চূড়ান্তভাৱে স্থান লাভ কৰিছে তেওঁলোকৰ নামত আৰ এছ এছে চীল-মোহৰ মাৰিছে৷ অৱশ্যে দলৰ বহুকেইজন নেতা-বিধায়কে অসম পৰ্যটন উন্নয়ন নিগমৰ দৰে যথেষ্ট লাভজনক নিকায়-নিগমৰ অধ্যক্ষ পদ লাভৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে৷ এনেদৰে দলৰ বহু নেতা-বিধায়ক লাভজনক নিকায়-নিগমৰ দাবীদাৰ হিচাপে থিয় দিয়াৰ ফলত চূড়ান্ত তালিকা ঘোষণাৰ ক্ষেত্ৰত পলম হৈ আছে৷ মিত্ৰদল অগপই নিজৰ দলৰ যিকেইজন বিধায়ক আৰু দলীয় নেতা নিকায়-নিগমৰ অধ্যক্ষ পদৰ দাবীদাৰ সেইসকলৰ নামৰ তালিকা আনুষ্ঠানিকভাৱে ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাখিল কৰিছে৷ এইক্ষেত্ৰত অগপ নেতৃত্বই দলটোৰ যুৱ নেতাক অধিক প্ৰাধান্য দিছে৷ নিকায়-নিগমৰ অধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত যাৰ বাবে মুখ্যমন্ত্ৰী ড॰ শৰ্মা যথেষ্ট সাৱধানে আগবাঢ়িছে৷