Logo
image

পিপাৰছেনিয়াসহ বহু ৰৌ-বৰালি জালত পৰিব পাৰে

এপিএছচিৰে প্ৰতিযোগিতা এপিডিচিএল পৰীক্ষা কেলেংকাৰিৰ

আমাৰ অসম, ১৭ ছেপ্টেম্বৰঃ যেন এপিএছচি-ৰ দৰে এপিডিচিএলেও নিযুক্তি কেলেংকাৰিৰ প্ৰতিযোগিতাত লিপ্ত হৈছে৷ এপিডিচিএলৰ তিনি সহস্ৰাধিক পদৰ পৰীক্ষাৰ অনিয়ম-কেলেংকাৰিৰ তদন্তৰ ফাইল খুলিছে চি এম ভিজিলেন্সে৷ চি এম ভিজিলেন্সৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত পৰীক্ষা প্ৰক্ৰিয়াৰ সৈতে জড়িত গুৱাহাটী বিশ্ববিদ্যালয় আৰু বিজুলী ভৱনত অভিযান চলোৱাৰ পাছতেই যেন কেচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম ঘটিছে৷ এপিডিচিএলে ২০১৯ চনৰ ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহতে ড্ৰাইভাৰ, সহায়ক আৰু কাৰ্যালয় তথা ক্ষেত্ৰত সহায়কৰ ২৭৯২  টা পদৰ বাবে অ’ এম আৰ ভিত্তিত অনুষ্ঠিত কৰা লিখিত পৰীক্ষাৰ মূল্যায়নত ভয়ংকৰ জালিয়াতিৰ তথ্য উন্মোচন হৈছে৷ লক্ষাধিক নিবনুৱাই অৱতীৰ্ণ হোৱা এই পৰীক্ষাতে এপিডিচিএলৰ  ষ্ট্ৰং ৰুমৰ পৰা আৰম্ভ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ষ্ট্ৰং ৰুমলৈ প্ৰভাৱশালী এটা চক্ৰই ধন দিয়া প্ৰাৰ্থীক বাছনি কৰাৰ বাবে অ’ এম আৰ জালিয়াতিত লিপ্ত হোৱাৰ তথ্য প্ৰমাণসহ অজ্ঞাত ব্যক্তিয়ে ৰাজ্যপালক অভিযোগ দাখিলৰ পাছতেই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত সক্ৰিয় হৈ পৰিছে ভিজিলেন্সৰ দল৷ বুধবাৰে চি এম ভিজিলেন্সৰ এটা বৃহৎ দলে গুৱাহাটী বিশ্ববিদ্যালয়ত উপস্থিত হৈ এপিডিচিএলৰ নিৰ্দিষ্ট পৰীক্ষাৰ অ’ এম আৰ মূল্যায়নত জড়িত বিষয়-কৰ্মচাৰীৰ লগতে উপাচাৰ্যকো সোধা-পোছা কৰে৷ আনকি আৰক্ষীৰ ফালৰ পৰা সাময়িকভাৱে উত্তৰ বহী মূল্যায়ন বন্ধ কৰি দিছে৷ তদুপৰি পুনৰ বৃহস্পতিবাৰে তদন্তকাৰী আৰক্ষীৰ এটা দলে বিশ্ববিদ্যালয়ৰ কলা ভৱনত উপস্থিত হৈ বিভিন্ন তথ্যপাতিৰ অনুসন্ধান কৰাৰ বিপৰীতে এছ পি ৰ’জি কলিতাৰ নেতৃত্বত আন এটা আৰক্ষীৰ দলে এপিডিচিএলৰ মুখ্য কাৰ্যালয় বিজুলী ভৱনত অভিযান চলায়৷ তদন্তকাৰী আৰক্ষীৰ দলটোৱে পৰীক্ষা পৰিচালনা ব’ৰ্ডৰ অধ্যক্ষ ভাস্কৰ জ্যোতি বৰা, সদস্য  ক্ৰমে মুখ্য মহা-প্ৰৱন্ধক কৰবী ডেকা বৰা, প্ৰদীপ বৰা, আতাউৰ ৰহমান আৰু গুণজিৎ ভূঞাক দীৰ্ঘসময় ধৰি জেৰা কৰে৷ তদুপৰি আৰক্ষীৰ দলে অ’ এম আৰ শ্বীটসমূহ মজুত ৰখা পূৰ্বৰ ষ্ট্ৰং ৰুমৰ লগতে চিচিটিভিও পৰীক্ষা কৰে৷ অৱশ্যে, তদন্তৰ খাতিৰত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো মুখ খোলা নাই যদিও এই কেলেংকাৰিত এপিডিচিএলৰ তদানীন্তন অধ্যক্ষ ভি কে পিপাৰছেনীয়াৰ নাম সাঙোৰ খাই পৰিছে৷ অচিৰেই তদন্তকাৰী আৰক্ষীয়ে ৰাজ্য চৰকাৰৰ প্ৰাক্তন মুখ্য সচিবজনকো জেৰাৰ বাবে তলব কৰাৰ ইংগিত দিছে৷ মুখ্য সচিব পিপাৰছেনীয়াৰ লগতে বহু ৰৌ-বৰালি জালত পৰাটো একপ্ৰকাৰ নিশ্চিত বুলিও তদন্তকাৰী আৰক্ষী সূত্ৰই জানিবলৈ দিছে৷ উল্লেখ্য, ২০১৯ চনৰ ১৭  ফেব্ৰুৱাৰী আৰু ২৮ এপ্ৰিলত অনুষ্ঠিত হোৱা উক্ত পৰীক্ষাৰ দিনাই মোবাইলত প্ৰশ্নকাকত ভাইৰেল হৈ পৰিছিল৷ এই লৈ তীব্ৰ বিতৰ্ক হোৱাত এপিডিচিএল কতৃৰ্পক্ষই দিয়া এহাজাৰৰ ভিত্তিত আৰক্ষীয়ে প্ৰশ্নকাকত ফাদিল কৰাৰ  অভিযোগত ৫-৬জন পৰীক্ষাৰ্থীকো গ্ৰেপ্তাৰ কৰিছিল৷ পৰৱৰ্তী সময়ত বিজুলী ভৱনৰ ষ্ট্ৰং ৰুমত পৰীক্ষাৰ উত্তৰ বহী [অ’ এম আৰ শ্বীট] জমা ৰাখিছিল যদিও আৰক্ষীৰ নিযুক্তি কেলেংকাৰি ঘটনাৰ পাছতেই এপিডিচিএলে উত্তৰ বহীসমূহ মূল্যায়নৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষক হস্তান্তৰ কৰিছিল৷ কিন্তু বিজুলী ভৱনত সক্ৰিয় এটা দালাল চক্ৰই উক্ত পৰীক্ষাত বাছনিৰ বাবে ধন লোৱা একাংশ প্ৰাৰ্থীৰ অ’এমআৰ জালিয়াতি কৰাৰ তথ্য  শেহতীয়াকৈ পোহৰলৈ আহিছে৷ আনকি এপিডিচিএলৰ শীৰ্ষ কতৃৰ্পক্ষৰ লগতে পৰীক্ষা ব’ৰ্ডৰ লগতো সম্পৰ্ক ৰক্ষা কৰা দালাল চক্ৰটোৱে  গুৱাহাটী বিশ্ববিদ্যালয়ত মূল্যায়নৰ সময়তো বিশেষ প্ৰভাৱ খুটোৱাৰ  অভিযোগ উঠিছে৷ আনকি বিশ্ববিদ্যালয়ৰ কোনো দুৰ্নীতিগ্ৰস্ত কৰ্মচাৰীৰ জৰিয়তে ধন লোৱা সংশ্লিষ্ট প্ৰাৰ্থীসকলক বাছনি কৰাৰ চেষ্টা চলোৱা বুলিও অভিযোগ লাভ কৰাৰ তথ্য সদৰী কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ এই অভিযোগৰ ভিত্তিতে বিজুলী ভৱন আৰু বিশ্ববিদ্যালয়ত অভিযান চলোৱা বুলি দাবী কৰিছে তদন্তকাৰী আৰক্ষী সূত্ৰটোৱে৷ ইপিনে এপিডিচিএলৰ পৰীক্ষা অনিয়মৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ চি এম ভিজিলেন্সৰ তদন্তৰ সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী শৰ্মাই কয়– এপিডিচিএলৰ পৰীক্ষাত অনিয়মৰ সন্দৰ্ভত কোনো ব্যক্তিয়ে ৰাজ্যপালক লিখিতভাৱে অভিযোগ দিছিল৷ সেই অভিযোগক মই চি এম ভিজিলেন্সক তদন্তৰ নিৰ্দেশ দিছিলো৷ এপিডিচিএলৰ পৰীক্ষাৰ ৰিজাল্ট দিব লাগে বুলি একাংশই টুইটাৰ-ফেচবুকত ইমান চিঞৰ-বাখৰ কৰি থাকে যেন তেওঁলোকৰ চাকৰি নিশ্চিত হৈ আছে৷ তাৰ পৰা মানুহৰ সন্দেহ হয় যে সেইসকল প্ৰাৰ্থীৰ ফলাফল পূৰ্ব নিৰ্ধাৰিত হৈ আছে৷ কিন্তু চি এম ভিজিলেন্স তদন্ত কৰিছে মানে ইয়াৰ অৰ্থ এইটো নহয় যে পৰীক্ষাত কিবা অনিয়ম হৈছে৷ ৰাজ্যপালে লাভ কৰা লিখিত অভিযোগৰ প্ৰাথমিক তদন্তহে হৈছে৷ হয়তো অনিয়ম নহ’বও পাৰে৷