Logo
image

কংগ্ৰেছৰে দৰ-দাম মিলা নাই ৰাইজৰ দলৰ

আমাৰ অসম, ১৮ ছেপ্টেম্বৰঃ বিজেপিক উমৈহতীয়া শত্ৰু বুলি সততে দাবী কৰি অহা কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বৰ্তমানো মিলা নাই উপ-নিৰ্বাচনকেন্দ্ৰিক ৰাজনৈতিক অংক৷ যাৰ ফলত ৰাইজৰ দলে বৃহস্পতিবাৰে থাওৰা সমষ্টিৰ বাবে নিজাববীয়াকৈ দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে হাজোত ঘোষণা কৰে যে আগন্তুক উপ-নিৰ্বাচনত কংগ্ৰেছ দলে আটাইকেইটা সমষ্টিতে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব৷ ইয়াৰ পূৰ্বে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো একেই ঘোষণা কৰি কংগ্ৰেছে ছটা সমষ্টিতে নিজাববীয়াকৈ প্ৰাৰ্থী থিয় কৰোৱাৰ বাবে সাজু হোৱা বুলি ঘোষণা কৰিছিল৷ কংগ্ৰেছৰে মিত্ৰতা বিচাৰি অখিল গগৈয়ে নতুন দিল্লী আৰু গুৱাহাটীত কংগ্ৰেছ হাইকমাণ্ড আৰু প্ৰদেশ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে বৈঠকত মিলিত হৈছিল৷ কিন্তু মূৰকত প্ৰদেশ কংগ্ৰেছৰ বিৰোধিতাৰ বাবে এই মিত্ৰতা হৈ নুঠিল৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া মৰিয়নি সমষ্টিত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰাৰ বিষয়টো চৰ্চালৈ আহিছে৷ যাৰ ফলত কংগ্ৰেছ আৰু ৰাইজৰ দল বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচনত ছটা সমষ্টিতে পৃথকে প্ৰতিদ্বন্দ্বিতা কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে৷ এ আই ইউ ডি এফ আৰু ৰাইজৰ দলৰ পিছত এইবাৰ কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মাজত বাকযুদ্ধ তুংগত উঠিছে৷ অখিল গগৈক সমালোচনা কৰি কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে আজি কয়– অখিল গগৈয়ে কংগ্ৰেছক ডুবন্ত নাওৰ সৈতে তুলনা কৰিব বিচাৰে৷ কংগ্ৰেছ যদি ডুবন্ত নাৱে তেন্তে তেওঁ কিয় ডুবন্ত নাওখনত উঠিবলৈ অহৰহ চেষ্টা চলাই আছে৷ এজন সুস্থ মানুহে কেতিয়াও ডুবন্ত নাৱত উঠিবলৈ নাহে৷ দুদিন পূৰ্বে অখিল গগৈয়ে কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি ৰাইজৰ দলৰে মিত্ৰতা নকৰি কংগ্ৰেছে বিজেপি দলক উপ-নিৰ্বাচনত আটাইকেইখন আসনতে জয়ী হোৱাৰ বাট মোকলাই দিয়া বুলি অভিযোগ কৰিছিল৷ কাৰ্যতঃ কংগ্ৰেছৰে যে ৰাইজৰ দলৰ দৰ দাম মিলা নাই সেইটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷

ছিণ্ডিকেট চলাবলৈ বিজেপিলৈ গৈছে সুশান্তঃ অখিল

আগন্তুক উপ-নিবাৰ্চনত থাওৰা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থী হ’ব কৃষক নেতা ধৈৰ্য কোঁৱৰ৷ ৰাইজৰ দলৰ সভাপতি, শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আজি ডিমৌৰ হোটেল ব্লু-হৰাইজেনত আয়োজন কৰা এখন সংবাদ মেলত দলটোৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰে৷ বিধায়ক গগৈয়ে কয়– সংগ্ৰামী আৰু আপোচবিহীন ৰাইজৰ নেতা তথা থাওৰাৰ সন্তান ধৈৰ্য কোঁৱৰক দলটোৱে নিবাৰ্চনী যুঁজত অৱতীৰ্ণ কৰাইছে৷ থাওৰাৰ  পৰিৱৰ্তনৰ আৰু উন্নয়নৰ স্বাৰ্থত  ৰাইজে ধৈৰ্যকোঁৱৰক আদৰি ল’ব বুলি আমি আশাবাদী আৰু আগন্তুক উপ-নিবাৰ্চনত বিপুল ভোটত ধৈৰ্য কোঁৱৰক জয়ী কৰাবলৈ থাওৰাবাসীক আহ্বান জনালো৷ ৰাইজৰ দলৰ সভাপতি গগৈয়ে কয়– দীৰ্ঘদিন ধৰি ধৈৰ্য কোঁৱৰৰ সৈতে সংগ্ৰাম কৰি ৰাইজৰ হৈ একেলগে কাম কৰি আহিছো আৰু ধৈৰ্য কোঁৱৰে কোনোদিন সংগঠন আৰু জাতিক প্ৰতাৰণা কৰা নাই৷ সেয়ে এইজন সংগ্ৰামী নেতাক ৰাইজে আস্থাত ল’ব আৰু থাওৰা সমষ্টিৰ উন্নয়নৰ বাবে নতুন দিগন্তৰ সূচনা কৰিব৷ সংবাদমেলত গগৈয়ে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা সুশান্ত বৰগোহাঁইক তীব্ৰ সমালোচনা কৰে৷ সুশান্তই ছিণ্ডিকেট চলাবলৈ বিজেপিলৈ গৈছে৷ বিৰোধী দলত থাকিলে যদি উন্নয়ন নহয় ২০১১ চনত সংসদীয় সচিব হৈ থাকোতে থাওৰাৰ কিমান উন্নয়ন কৰিলে? যদি ২০২৬ চনত বিজেপিৰ পৰাজয় হয় তেন্তে সুশান্ত বৰগোহাঁইয়ে কোন দলত যোগদান কৰিব বুলিও তেওঁ প্ৰশ্ন কৰে৷ ডলাৰ বগৰী সুশান্ত এতিয়া বদন বৰফুকন আৰু সেয়ে এনে ডলাৰ বগৰীক ঘৃণাৰে উপচাই পেলোৱা উচিত৷ গগৈয়ে কয় যে ‘কা’ আন্দোলন কৰি ৰাইজৰ ভোটলৈ বিধায়ক নিৰ্বাচিত হোৱা সুশান্তই এতিয়া ‘কা’ সমৰ্থনকাৰী দলত চামিল হৈছে৷  ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কয় যে জিএছটি, বিমুদ্ৰাকৰণ আৰু লকডাউনৰ যোগেদি মোদীয়ে দেশৰ অৰ্থনীতি থানবান কৰিছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শমাৰ্ক তীব্ৰ সমালোচনা কৰি কয় যে মুখ্যমন্ত্ৰীয়ে আগতেও চান্দা তুলিছিল আৰু এতিয়াও চান্দা তোলে৷ মুখ্যমন্ত্ৰীয়ে ক’ভিডত আৰু বানপানীত চান্দা তুলিলে৷ ইফালে বৰ্তমানেও বিধায়ক পুঁজি মুকলি কৰি নিদিয়াত মুখ্যমন্ত্ৰীক সমালোচনা কৰি এতিয়া নিজৰ সমষ্টিত উন্নয়নৰ আঁচনি হাতত ল’ব পৰা নাই বুলি সংবাদমেলত আক্ষেপ কৰে গগৈয়ে৷ ইফালে প্ৰাথিত্ব লাভ কৰি কৃষক নেতা ধৈৰ্য কোঁৱৰে কয় যে আগন্তুক উপ-নিবাৰ্চনত আমাৰ বিজয় এশ শতাংশ নিশ্চিত৷ ইতিমধ্যে বিশ্বাসঘাতক, প্ৰতাৰক সুশান্তক এইবাৰ উচিত শিক্ষা দিব থাওৰাবাসীয়ে৷ আমি জয়ী হ’লে সমষ্টিটোৰ উন্নয়ন সঠিক ৰূপত আগুৱাই নিম৷ ইফালে মন্ত্ৰী পীয়ূষ হাজৰিকাক সমালোচনা কৰি কয় যে, তেওঁ থাওৰাৰ উন্নয়নৰ ফটাঢোল বজাবলৈ আহি থকাতকৈ নিজৰ সমষ্টিৰ উন্নয়নত মনোনিৱেশ কৰক৷  ন-বিজেপি সুশান্ত  বৰগোহাঁইয়ে ৰাইজক দলৰ সভাপতিৰ আজি সংবাদমেলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে অখিল গগৈয়ে চিমেণ্ট ফেক্টৰী খুলিবলৈ নিদিওঁ বুলি আন্দোলন কৰে আৰু পাছত বৃহৎ অংকৰ ধন লৈ কাৰখানা খুলিবলৈ পুঁজিপতিক আদৰি আনে৷ মই ক’ত কেতিয়া কয়লা আৰু স্কেপৰ ছিণ্ডিকেট কৰিছিলো সেয়া ৰাজহুৱাকৈ প্ৰমাণ দিয়ক৷ এনেয়েই ৰাইজক আভুৱা ভাৰি সমষ্টিত আবোল-তাবোল বকি নাথাকিবলৈ অখিল গগৈক সুশান্ত বৰগোহাঁইয়ে সকীয়াই দিয়ে৷

কংগ্ৰেছৰ সৈতে কাম কৰিবলৈ হ’লে অখিলৰ গাত বিশেষ গুণ থাকিব লাগিবঃ জাকিৰ হুছেইন শিকদাৰ

কংগ্ৰেছ দলৰ সৈতে কাম কৰিবলৈ হ’লে অখিল গগৈৰ গাত কিছুমান বিশেষ গুণ থাকিব লাগিব৷ বিশেষ চৰিত্ৰৰ গুণসমূহ নাথাকিলে কাৰো লগতে তেওঁ মিত্ৰতাত থাকিব নোৱাৰে৷ বৰ্তমান অখিলৰ গাত বিশেষ চৰিত্ৰৰ গুণসমূহ দেখা পোৱা নাযায়৷ এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ৷ হাজোৰ পটনিস্থিত ৰাজীৱ ভৱনত আজি অনুষ্ঠিত কামৰূপ জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ পূৰ্বে এখন সাংবাদ মেল সম্বোধন কৰি কাৰ্যকৰী সভাপতি তথা বিধায়ক শিকদাৰে কয়– অখিল গগৈয়ে জনসাধাৰণক দেখুৱাই সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছক এখন ডুবন্ত নাওৰ সৈতে তুলনা কৰিবলৈ বিচাৰে যদিও এই ডুবন্ত নাওখনতে আকৌ উঠিবলৈ তেওঁ অহৰহ চেষ্টা চলাই আছে৷ এজন সুস্থ মানুহে কেতিয়াও ডুবন্ত নাওত উঠিবলৈ নাহে, কংগ্ৰেছ যে এখন ডুবন্ত নাও নহয়, সেয়া অখিল গগৈয়ে ভালদৰে জানে বাবেই মনে-প্ৰাণে সদায় কংগ্ৰেছৰ নাওত উঠিবলৈ চেষ্টা কৰি আহিছে৷ গতিকে অখিলৰ গাত বিশেষ চৰিত্ৰৰ গুণ দেখা পালে কংগ্ৰেছে তেওঁক আদৰি আনি একেলগে কাম কৰাৰ চেষ্টা চলাব৷ ইফালে আগন্তুক উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি কাৰ্যকৰী সভাপতি শিকদাৰে কয়– আগন্তুক উপ-নিৰ্বাচনত কংগ্ৰেছে আটাইকেইটা সমষ্টিতে নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ চিন্তা-চৰ্চা কৰিছে৷ সংবাদ মেলত তেওঁ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰিব বিচৰা টে’ট পৰীক্ষাক আদৰণি জনায় যদিও বৰপেটা, বজালী, ধুবুৰী, হাইলাকান্দি, গোৱালপাৰা, মানকাছাৰ, কৰিমগঞ্জ আৰু দক্ষিণ শালমাৰাত টে’ট পৰীক্ষা অনুষ্ঠিত নকৰা সিদ্ধান্তৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে বিজেপি দল আৰু চৰকাৰে নিবনুৱা যুৱক-যুৱতীক লৈ হেতালি খেলিছে বুলি অভিযোগ কৰে৷ ইফালে আজি অনুষ্ঠিত কামৰূপ জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত বিধায়ক ৰেকিবুদ্দিন আহমেদ, বিধায়ক নন্দিতা দাস, হাজো ব্লক কংগ্ৰেছৰ সভাপতি ৰুবুল আলীকে ধৰি বিষয়ববীয়াসকল উপস্থিত থাকে৷ সভাৰ অন্তত বিধায়ক ৰেকিবুদ্দিন আহমেদে সংবাদ মাধ্যমৰ সন্মুখত দাবী কৰি কয়, আগন্তুক উপ-নিৰ্বাচনত মৰিয়নি, থাওৰা আৰু ভৱানীপুৰত কংগ্ৰেছৰ প্ৰাৰ্থী বিজয়ী হোৱাটো নিশ্চিত৷

উপ-নিৰ্বাচনত তিনিখন আসনত কংগ্ৰেছৰ বিজয় নিশ্চিতঃ ৰেকিবুদ্দিন

কামৰূপ জিলা কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখন আজি হাজো ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত হয়৷ কামৰূপ জিলা কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি দীপক কলিতাৰ সভাপতিত্বত অনুষ্ঠিত সভাত বকো সমষ্টিৰ বিধায়ক নন্দিতা দাস, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ,  এপিচিচিৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, কামৰূপ জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়ক মনজিৎ মহন্ত, কংকণ দাস, মৃদুল মালাকাৰ, নৃপেন ঠাকুৰীয়া, কিশোৰ ভট্টাচাৰ্য, আনোৱাৰ হুছেইন, হাজো ব্লক কংগ্ৰেছৰ সভাপতি ৰুবুল আলী, দিপালী দাস, সেৱা দলৰ সদস্য তফিকুৰ ৰহমান উপস্থিত থকা বৰ্ধিত সভাখনত জিলা কংগ্ৰেছৰ সাংগঠনিক দিশ শক্তিশালী কৰিবলৈ ব্লক কংগ্ৰেছ কমিটীসমূহক অধিক সক্ৰিয় ভূমিকা লবলৈ আহ৩ান জনায়৷ সভাত ছয়গাওঁ সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে কয়– আগন্তুক উপ-নিৰ্বাচনত কংগ্ৰেছে তিনিখনকৈ আসন লাভ কৰাটো নিশ্চিত৷ সভাত গৰৈমাৰী, ছমৰীয়া, হাজোকে ধৰি কামৰূপ জিলা কংগ্ৰেছৰ ব্লক পৰ্যায়ৰ দলীয় নেতা তথা বিষয়-ববীয়াই অংশগ্ৰহণ কৰে৷

চাৰিটা সমষ্টিত প্ৰাৰ্থী দিব ভোটাৰ্ছ পাৰ্টীয়ে

ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচনেল চমুকৈ ভিপিআইৰ ৰঙিয়াত অনুষ্ঠিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত আজি সমাগত উপ-নিৰ্বাচনত দলটোৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ দলটোৰ ৰাজ্যিক সভাপতি ললিত পেগুৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত আগন্তুক উপ-নিৰ্বাচনত চাৰিটা সমষ্টি ক্ৰমে মাজুলী, তামুলপুৰ, গোসাঁইগাঁও আৰু ভৱানীপুৰ সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ ৰাজ্যিক সভাপতি ললিত পেগুৱে মাজুলীৰ পৰা এই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লয়৷ সভাপতিজনে কয় যে, সভাত আগন্তুক নিৰ্বাচনৰ ৰণনীতি আৰু ইছু্য সন্দৰ্ভত আলোচনা কৰা হয়৷ ইতিমধ্যে চাৰিওটা সমষ্টিৰ পৰা দলীয়কৰ্মীয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন জনাইছে৷ তেওঁ নিজে মাজুলীৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগতে বাকীকেইটা সমষ্টিত পৰৱৰ্তী সময়ত দলীয় সিদ্ধান্ত মৰ্মে টিকট প্ৰদান কৰা হ’ব৷ মূলতঃ নাগৰিক ভাট্টাৰ দাবীক লৈ এই নিৰ্বাচনত ভিপিআই দলে অৱতীৰ্ণ হ’ব বুলি তেওঁ কয়৷ ইফালে কোনোধৰণৰ নিৰ্বাচনী জোঁটবন্ধনত ভিপিআই দল চামিল নহয় বুলি স্পষ্ট কৰে তেওঁ৷