Logo
image

বিশিষ্ট অধিবক্তা নিলয় দত্তৰ দেহাৱসান

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ মহান আইনী যোদ্ধা, জ্যেষ্ঠ অধিবক্তা নিলয় দত্ত আৰু নাই। দেওবাৰে পুৱতি নিশা ২.৩০ বজাত বেংগালুৰুত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ বিশিষ্ট আইনজীৱী নিলয় দত্তৰ জীৱনাসান। শনিবাৰে ৪৩ বছৰীয়া বিবাহ বাৰ্ষিকী উদযাপনৰ পিছতেই ঘটে এই দুখজনক ঘটনা। তেওঁ মৃত্যুৰ সময়ত অৰুণাচল প্ৰদেশৰ মহাধিবক্তা আছিল। পূৰ্বে তেওঁ অসম ক্ৰিকেট সন্থাৰ সভাপতি আছিল। তদুপৰি, তেওঁ এগৰাকী আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট আম্পায়াৰো আছিল। তদুপৰি তেওঁ আছিল একেধাৰে সুলেখক, কবি, ঔপনাসিকো। দত্তৰ মৃত্যু ৰাজ্যৰ আইনী ক্ষেত্ৰৰ বাবে এক বৃহৎ ক্ষতি।