Logo
image

ৰাজ্যসভালৈ সৰ্বানন্দ, ৱাক-অভাৰ কংগ্ৰেছৰ

আমাৰ অসম, ১৯ ছেপ্টেম্বৰঃ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই৷ আজি বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিঙে এক জাননী জাৰি কৰি নতুন দিল্লীৰ পৰা সৰ্বানন্দ সোণোৱালৰ নাম অসমৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে৷ ৰাজ্য চৰকাৰৰ প্ৰাৰ্থী হিচাপে দিল্লীৰ পৰা নাম ঘোষিত হোৱাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ আজি অসম বিধানসভাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা মনোনয়ন পত্ৰ সংগ্ৰহ কৰে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা, বৰ্তমানৰ ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য তথা প্ৰাক্তন মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, লাহোৱালৰ বিধায়ক বিনোদ হাজৰিকাই৷ মনোনয়নপত্ৰ সংগ্ৰহ কৰি প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই কয় যে ২১ ছেপ্টেম্বৰত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যসভাৰ আসনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব৷ তেওঁৰ মনোনয়ন পত্ৰ দাখিল পৰ্বত মিত্ৰ দল অগপ, ইউ পি পি এলৰ নেতৃত্বও উপস্থিত থাকিব৷ চাৰি অক্টোবৰত ৰাজ্যসভাৰ এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ’ব৷ লক্ষণীয় যে প্ৰধান বিৰোধী দল কংগ্ৰেছৰ যোৱা ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত বিধায়িনী দলৰ বৈঠকে ৰাজ্যসভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ যিহেতু এখন অসমত কোনোপধ্যেই কংগ্ৰেছ দলে জয়লাভ কৰিব নোৱাৰে সেয়েহে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি কংগ্ৰেছৰ জ্যেষ্ঠ বিধায়ক তথা ৰাজ্যিক কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই আজি ঘোষণা কৰিছে৷ ইফালে প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাই প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক হেভীৱেট প্ৰাৰ্থী বুলি অভিহিত কৰি কয় যে কংগ্ৰেছে ৰাজ্যসভাত টিকট দিয়াৰ অংক নাই৷ এনে প্ৰেক্ষাপটতত বিনা প্ৰতিদ্বন্দ্বিতাৰে মাজুলীৰ বিধায়ক সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ উল্লেখ্য যে শনিবাৰে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই সোণোৱালৰ লগতে  মধ্য প্ৰদেশৰ পৰা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী এল মুৰুগানৰো নাম ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে৷ দুয়োকে সাত জুলাইত কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিয়া হৈছিল৷ চাৰি অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ উপনিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হ’ল ২২ ছেপ্টেম্বৰ৷ উল্লেখ্য, ৰাজ্যসভাৰ ছয়খন আসন খালী হৈছিল৷ ইয়াৰে এখন অসমৰ হোৱাৰ লগতে দুখন তামিলনাডুৰ, এখন পশ্চিমবংগৰ, এখন মধ্যপ্ৰদেশৰ আৰু এখন মহাৰাষ্ট্ৰৰ৷ পশ্চিমবংগৰ ৰাজ্যসভাৰ আসনৰ পৰা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে সুস্মিতা দেৱৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে৷