Logo
image

চিনেমা হলৰ দুৱাৰ খুলিব কেতিয়া? ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিক্ষোভ

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ ক’ভিডৰ মাজতে বাছ চলিল, শিক্ষানুষ্ঠান খুলিল, ৰাজহুৱা প্ৰেক্ষাগৃহত ৰাজনৈতিক সভা-সমিতিৰ অনুমতি দিলে যদিও খোল নাখালে চিনেমা হলৰ দুৱাৰ৷ ক’ভিডৰ বাবে প্ৰায় ডেৰ বছৰ ধৰি ছবিগৃহসমূহ বন্ধ হৈ থকাত ৰাজ্যৰ অন্যতম বৃহৎ উদ্যোগটোলৈ সম্প্ৰতি কাল অমানিশা নামি আহিছে৷ ইতিমধ্যে ৰাজ্যৰ কেইবাটাও ছবিগৃহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাই নহয়, চিনেমা হলত নিয়োজিত শ্ৰমিক-কৰ্মচাৰীসকলৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰিছে৷ ডেৰ বছৰ ধৰি এটকাও উপাৰ্জন নোহোৱাকৈ থকা কৰ্মচাৰীসকলে চৰম আৰ্থিক সংকটত ভূগিছে৷ যাৰ বাবে ৫০ শতাংশ দৰ্শনাৰ্থীসহ সম্পূৰ্ণ ক’ভিড বিধিৰ মাজেৰে চিনেমা হল খোলাৰ অনুমতি দিয়াৰ দাবীত দেওবাৰে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে চিনেমা হল কৰ্মচাৰীয়ে৷ উল্লেখ্য, ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিড সংক্ৰান্তীয় নতুন এছ অ’ পিত চিনেমা হল সম্পৰ্কে কোনো বিষয়েই উল্লেখ নকৰাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে কৰ্মচাৰীসকলে৷ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীত অনুৰাধা চিনেমা হলৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে গুৱাহাটীৰ চিনেমা হলৰ কৰ্মচাৰীসকলে৷ তদুপৰি ৰাজ্যৰ অন্যান্য স্থানতো তেজপুৰত আনোৱাৰ, যোৰহাটত স্মৃতি গোপাল, শিৱসাগৰত ভাস্কৰজ্যোতি, তিনিচুকীয়াত ৰংঘৰ, বঙাইগাঁৱত জলি মেক্স চিনেমা হলৰ কৰ্মচাৰীয়ে চিনেমা হলসমূহ পুনৰ আৰম্ভ কৰিবলৈ অনুমতি দিয়াৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷ ক’ভিডৰ দোহাই দি চিনেমা হল বন্ধ কৰি ৰখাৰ চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে অৱশেষত অনিচ্ছাসত্ত্বেও ৰাজপথত নামিল বুলি সদৰী কৰিছে চিনেমা হলৰ কৰ্মচাৰীসকলে৷ দীৰ্ঘ সময় ধৰি চিনেমা হলসমূহ বন্ধ হৈ থকাৰ ফলত চিনেমা হলৰ কৰ্মচাৰীসকলৰ জীৱনলৈ নানা দুৰ্যোগ নামি আহিছে৷ এই বৃত্তিৰ লগত জড়িত হৈ থকা পৰিয়ালসমূহত তীব্ৰ আৰ্থিক সংকটে দেখা দিয়া বুলিও প্ৰতিবাদী কৰ্মচাৰীসকলে উল্লেখ কৰে৷ সকলো ৰাজহুৱা স্থান খুলি দিয়াৰ পাছত চিনেমা হলসমূহ কিয় বন্ধ কৰি ৰখা হৈছে বুলিও প্ৰশ্ন উত্থাপন কৰে কৰ্মচাৰীসকলে৷ দুৰ্গা পূজাৰ পূৰ্বে সকলো চিনেমা হল খুলি দিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰে কৰ্মচাৰীসকলে৷ অসমক বাদ দি দেশৰ প্ৰায় সমূহ ৰাজ্যতে চিনেমা হল খুলি দিয়াৰ পাছত অসম চৰকাৰে কিয় ছবিগৃহসমূহ বন্ধ ৰাখি উদ্যোগ এটা ধবংস কৰিব বিচাৰিছে বুলিও ক্ষুব্ধ কৰ্মচাৰীসকলে প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷ ইপিনে চিনেমা হলৰ কৰ্মচাৰীৰ এই প্ৰতিবাদৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৰাজ্যৰ অধিক সংখ্যক লোকক ভেকচিন দিব পাৰিলেই অক্টোবৰৰ পৰা চিনেমা হল খোলাৰ বিষয়টো পৰ্যালোচনা কৰাৰ ইংগিত দিয়ে৷

তেজপুৰত ছবিগৃহৰ কৰ্মচাৰীৰ প্ৰতিবাদঃ ছবিগৃহ মুকলিৰ দাবী

ক’ভিড মহামাৰীয়ে সকলো ক্ষেত্ৰৰ লগতে সাংস্কৃতিক ক্ষেত্ৰখনক বাৰুকৈয়ে জুৰুলা কৰিছে৷ ডেৰবছৰে ৰাজ্যৰ ভ্ৰাম্যমাণ নাট্যজগতৰ লগতে চলচ্ছিত্ৰ জগতৰ কলা-কুশলীসকল উপাৰ্জনহীন হৈ তীব্ৰ আৰ্থিক সংকটৰ সন্মুখীন হোৱাৰ বিপৰীতে ৰাজ্যৰ ছবিগৃহসমূহ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰাত ইয়াৰ কৰ্মচাৰীসকলৰ পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হৈছে৷  দীঘলীয়া সময়ছোৱাত এইসকল কৰ্মচাৰীয়ে ছবিগৃহসমূহ মুকলি হোৱাৰ আশাত অপেক্ষা কৰি থকাৰ সময়ত চৰকাৰৰ দ্বাৰা ঘোষিত প্ৰতিখন ক’ভিড প্ৰতিৰোধী নিৰ্দেশনাত ছবিগৃহৰ কৰ্মচাৰীসকলৰ বিষয়টো উপেক্ষা কৰি যোৱা বুলি অভিযোগ উত্থাপিত হৈছে৷ প্ৰায় ডেৰ বছৰে ছবিগৃহসমূহ বন্ধ হৈ থকাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে তেজপুৰতো ছবিগৃহৰ কৰ্মচাৰীসকলে এনে কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ দেওবাৰে পুৱা ১০বজাত তেজপুৰৰ এক পুৰণা ছবিগৃহ ‘অনোৱাৰ’ ছবিগৃহত কৰ্মচাৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে৷ শেহতীয়াকৈ ৰাজ্যত ক’ভিড সংক্ৰমণ হ্ৰাস হোৱাৰ বাবে চৰাকাৰে পৰ্যায়ক্ৰমে ক’ভিড বিধি শিথিল কৰিছে আৰু এশ শতাংশ যাত্ৰীৰে আন্তঃজিলা যাতায়াত মুকলি কৰি দিয়াৰ লগতে বিদ্যালয়সমূহ খোলাৰ বাবেও অনুমতি প্ৰদান কৰাৰ প্ৰসংগ উল্লেখ কৰি ছবিগৃহৰ কৰ্মচাৰীসকলে ৰাজ্যৰ ছবিগৃহসমূহো মুকলি কৰাৰ অনুমতি প্ৰদানৰ দাবী জনাইছে৷ প্ৰতিবাদকাৰীসকলে লগতে কয় যে, ক’ভিডবিধি মানি যিহেতু সমাগত দুৰ্গা পূজা অনুষ্ঠিত কৰিবলৈকো অনুমতি দিয়া হৈছে, তেনেক্ষেত্ৰত ছবিগৃহসমূহ খোলাৰ বাবে চৰকাৰে অনুমতি দিয়া নাই কিয়? ডেৰ বছৰে চৰম আৰ্থিক অনাটনত ভোগা ছবিগৃহৰ কৰ্মচাৰীসকলে ক’ভিড বিধি বান্ধি দি ছবিগৃহসমূহ মুকলি কৰাৰ অনুমতি প্ৰদান কৰিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনাই দেওবাৰে এঘণ্টা জোৰা এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷