Logo
image

জিভা পিছলিল কেন্দ্ৰীয় মন্ত্ৰীৰ

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মান্য কৰি যোৱা ৭ বছৰে অসমলৈ আহিছে কেইবা ডজন কেন্দ্ৰীয় মন্ত্ৰী৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৪ চনত দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শাসনভাৰ গ্ৰহণ কৰাৰ পাছতে তেওঁ প্ৰতিজন কেন্দ্ৰীয় মন্ত্ৰীকে প্ৰতি ১৫ দিনত অসম তথা উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণ কৰিবলৈ নিৰ্দেশ দিছিল৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সেই নিৰ্দেশ মান্য কৰি আজিও মাহেকে পষেকে বহু কেন্দ্ৰীয় মন্ত্ৰী অসমলৈ আহে৷ কিন্তু অসম সন্দৰ্ভত সামান্যতমো ভু-নৰখা এই কেন্দ্ৰীয় মন্ত্ৰীসকল অসমলৈ আহি কৰে কি৷ কোনোবাজন কেন্দ্ৰীয়মন্ত্ৰীয়ে চৰকাৰী ধনেৰে তাজ ভিৱান্তা হোটেলত ভোজমেল পাতি কয় গ’ কৰ’না গ’–ন’ কৰ’না ন’৷ আন কোনোবাজন কেন্দ্ৰীয়মন্ত্ৰীয়ে আকৌ অসমলৈ আহি কয়–কাজিৰঙাৰ গড় জ্বলোৱাৰ কথা৷ হয়, কেন্দ্ৰীয় পৰিৱেশ বন,  জলবায়ু পৰিৱৰ্তন বিভাগৰ ৰাজ্যমন্ত্ৰী অশ্বিনী চৌৱে দেওবাৰে গুৱাহাটীত সাংবাদিকৰ আগত প্ৰকাশ কৰিলে এনে ধৰণৰ কেতবোৰ উদ্ভট মন্তব্য৷ শেহতীয়াকৈ ৰাজ্যিক কেবিনেটে ৰাজ্যিক কোষাগাৰত থকা ২,৬২৩ টা গঁড়ৰ খৰ্গ ৰাজহুৱাকৈ দাহন কৰাৰ সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তৰ প্ৰশংসা কৰিবলৈ গৈ কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰী চৌৱে ক’লে– ‘গঁড় জ্বলাবলৈ ৰাজ্য চৰকাৰে যি  সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া প্ৰশংসনীয়৷ ইয়াত যিমান মৃত গঁড় আছে সেয়া ২২ ছেপ্টেম্বৰত ৰাইন দিৱসৰ দিনা জ্বলাই দিয়া হ’ব৷ মুখ্যমন্ত্ৰী মহোদয়ে এই গঁড়সমূহ জ্বলাই দিব৷ ময়ো এই কাৰ্যসূচীত মণিপুৰৰ পৰা অনলাইনত চামিল হ’ব৷ দেশ আৰু দুনিয়াত এয়া প্ৰথম কাম হ’ব৷ চীনৰ দ্বাৰা চলি থকা চোৰাং বেহা ৰোধৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷’ লক্ষণীয় যে মন্ত্ৰীজনে এনেদৰে গঁড় জ্বলোৱাৰ কথা কৈ থাকোতে কাষত থকা চৰকাৰী বিষয়াই ‘গঁড় নহয় খৰ্গহে জ্বলোৱা হ’ব’ বুলি মন্ত্ৰীগৰাকীক কাণে কাণে ক’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ এয়া মন্ত্ৰীজনৰ অজ্ঞতা নে অৱজ্ঞা–প্ৰশ্ন উত্থাপিত হৈছে৷ উল্লেখ্য যে উপভোক্তা পৰিক্ৰমা আৰু ৰাজহুৱা বিতৰণৰো দায়িত্বত থকা কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী চৌৱেই আজি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু ৰাজ্যিক সংবাদ কোষৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলৰ উপস্থিতিত মহানগৰীৰ হেঙাৰাবাৰীস্থিত ৰাজ্যিক কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত অংশগ্ৰহণ কৰি কয় যে ৰাজ্যখনৰ পৰা ভাৰতীয় খাদ্য নিগমে আগন্তুক সময়ত ১০ লাখ মেট্ৰিক টন ধান কৃষকৰ পৰা প্ৰত্যক্ষভাৱে ক্ৰয় কৰাৰ কাৰণে পৰিকল্পনা কৰিছে৷ ২০১০ চনৰ পৰা ২০১৪ চনলৈ ভাৰতীয় খাদ্য নিগমে বছৰি মাত্ৰ ৪৭ হাজাৰ মেট্ৰিক টন ধানহে অসমৰ পৰা ক্ৰয় কৰিছিল৷ কেন্দ্ৰত মোদী চৰকাৰ অহাৰ পিছত অসমত ধান ক্ৰয়ৰ পৰিমাণ ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ মন্ত্ৰীজনে কয় যে চলিত বৰ্ষত ২ লাখ মেট্ৰিক টন ধান অসম খেতিয়কৰ পৰা ক্ৰয় কৰা হ’ব৷ এই পৰিমাণ আগন্তুক সময়ত ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ সহযোগত ১০ লাখ মেট্ৰিক টনলৈ বৃদ্ধি কৰা হ’ব বুলি মন্ত্ৰীজনে ঘোষণা কৰে৷