Logo
image

আজিৰ পৰা দশম শ্ৰেণীৰ পাঠদান

সংক্ৰমণ কমিলে পূজাত সান্ধ্য আইন শিথিলৰ ইংগিত স্বাস্থ্যমন্ত্ৰী মহন্তৰ

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ সোমবাৰৰ পৰা শিক্ষানুষ্ঠানৰ শ্ৰেণী কোঠাত আৰম্ভ হয় দশম শ্ৰেণীৰ পাঠদান৷ ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত মৰ্মে সোমবাৰৰ পৰা হাইস্কুলসমূহত দশম শ্ৰেণীৰ অফলাইন পাঠদান আৰম্ভ কৰাৰ বাবে শিক্ষা বিভাগে ইতিপূৰ্বে এছ অ’ পি জাৰি কৰিছে৷ সেই অনুসৰি সকলো বিদ্যালয়ে পাঠদান আৰম্ভ কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে৷ দেশৰ কেইবাখনো ৰাজ্যত ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে অসমত হাইস্কুল পৰ্যায়ত দশম শ্ৰেণীৰ পাঠদান আৰম্ভ কৰিবলৈ লোৱাত একাংশ অভিভাৱকক চিন্তিত হৈ পৰাও দেখা গৈছে৷ স্বাভাৱিকতেই এইসকল অভিভাৱকে সন্তানক বিদ্যালয়লৈ পঠাব নে নাই তাক লৈ দোধোৰ-মোধোৰত পৰিছে৷ অৱশ্যে হাইস্কুলৰ কতৃৰ্পক্ষই অভিভাৱকৰ সন্মতি পত্ৰ লৈ সোমবাৰৰ পৰা নিয়মীয়াকৈ শ্ৰেণী কোঠাত আৰম্ভ কৰিব পাঠদান৷ ইতিমধ্যে বিদ্যালয়সমূহৰ শ্ৰেণীকোঠা ছেনিটাইজকে ধৰি চাফ-চিকুন কৰি সাজু কৰিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে৷ শিক্ষাবিভাগৰ এছ অ’ পি অনুসৰি পাঠদানৰ ক্ষেত্ৰত প্ৰতিটো শাখাত ৩০জনহে ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰিব পাৰিব৷ অৱশ্যে, যিসকল শিক্ষাৰ্থীয়ে বিদ্যালয়লৈ আহিবলৈ ইচ্ছা প্ৰকাশ নকৰে, তেনে শিক্ষাৰ্থীৰ বাবে অনলাইন যোগে শিক্ষা প্ৰদান কৰিব লাগিব শিক্ষকসকলে৷ উল্লেখ্য, ইতিপূৰ্বে ৬ ছেপ্টেম্বৰৰ পৰা দ্বাদশ শ্ৰেণীৰ লগতে স্নাতক চূড়ান্ত বৰ্ষ আৰু স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীক শ্ৰেণী কোঠাত পাঠদান আৰম্ভ হৈছে৷ অৱশ্যে একাদশ শ্ৰেণীৰ লগতে স্নাতক আৰু স্নাতকোত্তৰৰ বাকী ষান্মাসিকসমূহৰ পাঠদান বৰ্তমানলৈও আৰম্ভ হোৱা নাই৷ ইপিনে ক’ভিডৰ বাবেই দশম শ্ৰেণীৰ পাঠ্যক্ৰম ৪০ শতাংশ হ্ৰাস কৰিছে৷ প্ৰায় ছমাহৰ মূৰত শিক্ষানুষ্ঠানলৈ অহাৰ সুযোগ লাভ কৰি  বহু শিক্ষাৰ্থীক উৎফুল্লিত হৈ পৰাও দেখা গৈছে৷ লক্ষণীয়ভাৱে ৰাজ্যত ক’ভিডৰ সংক্ৰমণ হ্ৰাস পালে দুৰ্গাপূজাৰ সময়ত সান্ধ্য আইন শিথিল কৰাৰ ইংগিত দিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই৷ ছেপ্টেম্বৰ মাহৰ ক’ভিডৰ সংক্ৰমণৰ ওপৰত নিৰ্ভৰ কৰি অক্টোবৰত সান্ধ্য আইন শিথিলৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি দেওবাৰে সংবাদ মাধ্যমৰ আগত সদৰি কৰে স্বাস্থ্যমন্ত্ৰীয়ে৷