Logo
image

উপ-নিৰ্বাচনতো ৱাকঅভাৰ দিব খুজিছে নেকি বিৰোধীয়ে

আমাৰ অসম, ২০ ছেপ্টেম্বৰঃ কেবল ৰাইজৰ দলৰ সৈতেই নহয়, বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচনত এ আই ইউ ডি এফৰেও মিত্ৰতা নকৰে কংগ্ৰেছ দলে৷ ইয়াৰ বিপৰীতে কংগ্ৰেছ দলে অকলে প্ৰতিদ্বন্দ্বিতা কৰিব উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ৬টা সমষ্টিতে৷ বিৰোধী শিবিৰক এইদৰে সম্পূৰ্ণৰূপে বিভাজিত ৰূপত দেখিবলৈ পোৱাৰ বিপৰীতে শাসনাধিষ্ঠ বিজেপি দলে প্ৰবল আত্ম বিশ্বাসৰ সৈতে অৱতীৰ্ণ হৈছে নিৰ্বাচনী যুজত৷ বিভাজিত বিৰোধী শিবিৰৰ কোনো এটা ৰাজনৈতিক দলে উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া কোনো এটা সমষ্টিতে জয়ী হ’ব বুলি দৃঢ়তাৰে দাবী কৰিব নোৱাৰাৰ বিপৰীতে ৬টা সমষ্টিতে জয়ী হ’ব বুলি বাৰম্বাৰ দাবী কৰি আছে প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই৷ কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি কমলাক্ষ দেব পুৰকায়স্থই উপ-নিৰ্বাচন সন্দৰ্ভত দলৰ স্থিতি স্পষ্ট কৰি দি কয়–কংগ্ৰেছ নিৰ্বাচনত জয়ী হোৱাৰ শক্তি থকা এটা ৰাজনৈতিক দল৷ সেয়ে আমি অকলে নিৰ্বাচন খেলাৰ সিদ্ধান্ত লৈছো৷ আমি এ আই ইউ ডি এফৰ লগত নাথাকো৷ এ আই ইউ ডি এফ বিজেপিৰ লগত থাকিব৷ বদৰুদ্দিন আজমলে নিজে কৈছে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অহাৰ পিছতে আগৰ ব্যৱসায়ৰ ক্ষেত্ৰত থকা পূৰ্বৰ সমস্যা সমাধান কৰি দিলে৷ বিজেপি আৰু এ আই ইউ ডি এফ যে একেলগে মিলি কাম কৰি আছে সেইটো স্পষ্ট হৈ গৈছে৷ কংগ্ৰেছ দলে এ আই ইউ ডি এফৰ লগত কেতিয়াও মিত্ৰতা নকৰে বুলি সিদ্ধান্ত লৈছে৷’ আনহাতে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলৰেও কংগ্ৰেছ দলে মিত্ৰতা নকৰে বুলি ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে স্পষ্ট কৰি দিছে৷ প্ৰদেশ কংগ্ৰেছ অখিল গগৈৰ মিত্ৰতাৰ প্ৰস্তাব মুকলিভাৱে প্ৰত্যাখান কৰিলেও অখিল গগৈ বৰ্তমানো কংগ্ৰেছে মিত্ৰতাৰ আশাত আছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সংবাদ মাধ্যমৰ আগত দলৰ শেহতীয়া ৰণকৌশল সন্দৰ্ভত মত প্ৰকাশ কৰি কয়–৬টা সমষ্টিতে দলীয় কৰ্মীসকলক বুথে বুথে গৈ কাম কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে৷ আমি কেবাটাও দলৰ পৰা মিত্ৰতাৰ প্ৰস্তাব পাইছো৷ বৰ্তমানো এই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা নাই৷ আনহাতে বিৰোধীৰ নিমিলা অংকক লৈ কটাক্ষ কৰি প্ৰদেশ বিজেপিৰ সভাপতি ভবেশ কলিতাই কয়–‘উপ-নিৰ্বাচনক লৈ দলৰ ৰাজ্যিক কাৰ্য নিৰ্বাহকৰ সভা ২২ আৰু ২৩ ছেপ্টেম্বৰত উত্তৰ গুৱাহাটীত অনুষ্ঠিত হ’ব৷ বিধানসভাৰ নিৰ্বাচনতো মহাজোট আছিল৷ সকলোৱে আমাৰ বিৰুদ্ধে একগোট হৈছিল৷ কিন্তু সকলো উৰি গ’ল৷ উপ-নিৰ্বাচনতো সকলো উৰি যাব৷’ উল্লেখ্য যে বিৰোধী ঐক্য যে থানবান হৈ গৈছে ইতিমধ্যে সেইটো স্পষ্ট হৈ পৰিছে৷ কংগ্ৰেছে ৰাইজৰ দল আৰু এ আই ইউ ডি এফৰ লগত নাথাকে বুলি স্পষ্ট কৰি দিয়াৰ বিপৰীতে ৰাইজৰ দল আৰু এ আই ইউ ডি এফৰ মাজৰ সম্পৰ্ক বৰ্তমান যথেষ্ট তিক্ততাপূৰ্ণ৷ অসম জাতীয় পৰিষদৰ স্থিতি বৰ্তমান সম্পূৰ্ণ ৰূপে অন্ধকাৰত আছে৷ ৰাইজৰ দলে ইতিমধ্যে থাওৰা সমষ্টিৰ বাবে নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে৷ বিৰোধী শিবিৰ বহুধাবিভক্ত হোৱাৰ সময়তে গোসাঁইগাঁও, ভবানীপুৰ, তামুলপুৰ, মৰিয়নি, মাজুলী আৰু থাওৰা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত কংগ্ৰেছ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ পৰা আৱেদন পত্ৰ বিচাৰিছে৷ ২৭ ছেপ্টেম্বৰৰ ভিতৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ওচৰত আৱেদন পত্ৰ জমা দিব লাগিব প্ৰাৰ্থীসকলে৷ এইবাৰ প্ৰদেশ কংগ্ৰেছে আৱেদনকাৰীৰ পৰা কোনোধৰণৰ মাচুল সংগ্ৰহ নকৰে৷ উপ-নিৰ্বাচনবিৰোধী দলৰ জয় শূন্যত গদা ঘূৰোৱাৰ দৰে হৈছে৷ ৰাজ্যসভাৰ আগন্তুক নিৰ্বাচনত বিজেপিৰ ৱাক অভাৰ দি সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে প্ৰাৰ্থী নিদিয়াৰ সিদ্ধান্ত লৈছে কংগ্ৰেছ দলে৷ একেই হ’ব নেকি ছটা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ ক্ষেত্ৰতো৷ ৰাজ্যসভাৰ নিৰ্বাচনৰ দৰে উপ-নিৰ্বাচনতো কংগ্ৰেছে ৱাক অভাৰ দিব নেকি বিজেপি দলক৷