Logo
image

লকডাউন নিবিচাৰোঁ

তৃতীয় ঢৌৰে যুঁজিবলৈ চৰকাৰ সাজুঃ মুখ্যমন্ত্ৰী

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ ক’ভিডজনিত পৰিস্থিতিৰ ফলত বন্ধ হৈ থকা চিনেমা হল খোলাৰ বাবে চৰকাৰৰ ওপৰত হেচা সৃষ্টি নকৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ৰাজ্যৰ চিনেমা হল সমূহ পুনৰ মুকলিৰ দাবীৰে চিনেমা হলৰ কৰ্মচাৰীসকলে দেওবাৰে ৰাজ্যজুৰি বিক্ষোভ কাৰ্যসূচী পালন কৰিছিল৷ ইয়াৰ পিছতে সোমবাৰে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–মই চিনেমা হলৰ মালিকসকলক কৈছো যে হুলস্থূল কৰি কি লাভ আছে৷ চিনেমা হল বিলাক যেনিবা খুলিয়ে দিলো৷ তাৰ পিছত যদি ক’ভিড বাঢ়ে তেন্তে আকৌ বন্ধ কৰি দিব লাগিব৷ গতিকে এনেকে খুলিব লাগে যাতে পুনৰ বন্ধ নহয়৷ এইটো জেদ কৰা কথা নহয়৷ চিনেমা হল বিলাকৰ যে লোকচান হৈছে মানি লৈছো৷ কিন্তু কালি খুলি দিয়াৰ পিছত চিনেমা হলৰ দ্বাৰা যদি ক’ভিড বিয়পি পৰে তেন্তে আকৌ হল বিলাক বন্ধ কৰি দিব লাগিব৷ এবাৰে বিষ হওক৷ বাৰে বাৰে যাতে হৈ নাথাকে৷ সেয়ে আমি দশম শ্ৰেণী খুলি দিছো৷ কলেজ খুলি দিছো৷ হোষ্টেল খুলিছো৷ চিনেমা হলো খুলি দিম৷ কিন্তু ইয়াৰ বাবে হেচা দিব নালাগে৷ কাৰণ এইটো ৰাজনৈতিক ইচ্ছু নহয়৷ এই স্বাস্থ্যৰ লগত সংগতি থকা বিষয়৷  আৰু হেচাৰ সন্মুখত সেও মানিলে মই মুখ্যমন্ত্ৰী হৈ থাকিব নোৱাৰিম৷ সেয়ে হেচা নিদিব মোৰ ওপৰত৷ সকলোৱে কয় শিল্পীসকলৰ অৱস্থা বেয়া৷ কিন্তু শিল্পীসকলে যদি ভেকচিনৰ কাৰণে প্ৰচাৰ চলায় তেন্তে মানুহে আটাইতকৈ বেছি ভেকচিন ল’ব৷ তেওঁলোক মানুহৰ কাৰণে ৰোল মোডেল৷ কিন্তু কিমানজন শিল্পীয়ে গাঁৱলৈ গৈ কৈছে ভেকচিন ল’ব লাগে বুলি৷ সকলোৱেভাৱে যে ক’ভিডটো যেন চৰকাৰে আনিছে চৰকাৰে ঠিক কৰি দিব লাগিব৷ অহাবাৰ যাতে বিহু হ’ব পাৰে, পূজা হ’ব পাৰে তাৰ বাবে শিল্পীসকলে অধিক মানুহৰ মাজলৈ গৈ প্ৰচাৰ চলাওক৷ আমাৰ কথা মানুহে কম শুনে৷ বিজেপিৰ মানুহে মোৰ কথা শুনিব৷ এ আই ইউ ডি এফৰ মানুহে মোৰ কথা নুশুনিব৷ কংগ্ৰেছৰ মানুহে নুশুনিব৷ কিন্তু শিল্পীসকল সাৰ্বজনীন৷ শিল্পীৰ কথা সকলোৱে শুনে৷ ভেকচিনেশ্বৰ ক্ষেত্ৰত সকলোৱে চৰকাৰক সহায় কৰিলে সকলোৰে জীৱন স্বাভাৱিক হৈ যাব৷ ক’ভিডৰ থাৰ্ড ৱেভৰ বাবে আমি সম্পূৰ্ণ সাজু হৈছো৷ শিশুৰ চিকিৎসাৰ বাবেও সাজু কৰা হৈছে৷ মানুহে যিহেতু ভেকচিন লৈ আছে সেয়ে থাৰ্ড ৱেভ আহিলেও ইমান ভয়াবহ  নহ’বও পাৰে৷ সেয়ে সকলোৱে দুটা ডোজ ভেকচিন ল’ব লাগে৷ ওৱানডে জিকিলে নহ’ব৷ টেষ্ট মেছও জিকিব লাগিব৷ আমি কেতিয়াও সম্পূৰ্ণ লকডাউন নিবিচাৰো৷ এইবাৰ যেনিবা আধা আধা কৰি চলি গ’ল৷ কিন্তু সদায় এনেদৰে নহ’বও পাৰে৷ আনহাতে, উপ-নিৰ্বাচন সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়– ১৫টা সমষ্টিত উপ-নিৰ্বাচন হ’লে বেলেগ কথা আছিল৷ ৫/৬টা সমষ্টিত উপ-নিৰ্বাচন হ’ব৷ সেয়ে মই খবৰ ৰখা নাই৷