Logo
image

আইডল কেলেংকাৰিক লৈ উত্তপ্ত কাৰ্যবাহী পৰিষদৰ বৈঠক

পল্লৱ ভট্টাচাৰ্য তদন্ত আয়োগৰ ৭০ পৃষ্ঠাজোৰা প্ৰতিবেদন গ্ৰহণ

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ [আইডল] কেলেংকাৰিক লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সোমবাৰে অনুষ্ঠিত বৈঠকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া পল্লৱ ভট্টাচাৰ্যৰ নেতৃত্বত গঠিত তদন্ত আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰা-নকৰাক কেন্দ্ৰ কৰিয়েই বৈঠকত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ সোমবাৰে অনুষ্ঠিত বৈঠকত বিভিন্ন বিভাগৰ অধ্যাপকৰ কেইবাটাও পদৰ নিযুক্তিত অনুমোদন জনোৱা হয় যদিও ইতিমধ্যে বিতৰ্কৰ সৃষ্টি হোৱা হিন্দী বিভাগৰ সহকাৰী অধ্যাপকৰ এটা পদৰ নিযুক্তি প্ৰক্ৰিয়াত লেকাম টানি সংশ্লিষ্ট পদটোৰ নিযুক্তিৰ প্ৰস্তাৱত অনুমোদন জনোৱাৰ পৰা বিৰত থাকে কাৰ্যবাহী পৰিষদ৷ উল্লেখ্য, অসমৰ শিক্ষাখণ্ডৰ সৰ্ববৃহৎ কেলেংকাৰিৰূপে চিহ্নিত হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰিক কেন্দ্ৰ কৰি ইতিমধ্যে উত্তাল হৈ পৰিছে ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰ৷ সংবাদ মাধ্যমে আইডল কেলেংকাৰিৰ বিভিন্ন দিশ সবিস্তাৰে প্ৰকাশ কৰাৰ পাছতো ৰাজনৈতিক আশীৰ্বাদপুষ্ট এটা শক্তিশালী চক্ৰৰ সহযোগৰ বাবে এতিয়ালৈকে আইডল কেলেংকাৰিত অভিযুক্তসকল এধানমানো বিপদৰ সন্মুখীন হোৱা নাই৷ এই কেলেংকাৰিৰ প্ৰধান অভিযুক্তৰূপে চিহ্নিত হোৱা, আইডলৰ প্ৰাক্তন সঞ্চালক ড॰ কন্দৰ্প কুমাৰ দাসক কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদৰ পৰা নিলম্বিত কৰা হ’ল যদিও এই কথা কোৱা নিষ্প্ৰয়োজন যে নিলম্বন প্ৰকৃততে শাস্তি নহয়৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগৰ অনুমোদন অবিহনে ২১টাকৈ বিষয়ত পাঠ্যক্ৰম মুকলি কৰা হৈছিল গুৱাহাটী বিশ্ববিদ্যালয় আইডলত৷ আক্ষৰিক অৰ্থতে এই পাঠ্যক্ৰম আছিল অবৈধ৷ তৎসত্ত্বেও আইডল কৰ্তৃপক্ষই ইউজিচিৰ অনুমোদনবিহীন এই সকলো পাঠ্যক্ৰমত ছাত্ৰ-ছাত্ৰীক নামভৰ্তি কৰোৱাৰ উপৰি ডিগ্ৰীও প্ৰদান কৰে৷ অবৈধ পাঠ্যক্ৰমত নামভৰ্তি কৰোৱাৰ জৰিয়তে আইডল কতৃৰ্পক্ষই উপাৰ্জন কৰে প্ৰায় ৪০ কোটি টকা৷ অভিযোগ মতে, আইডলৰ পাঠ্যপুথি ছপা কৰাক কেন্দ্ৰ কৰিও সংঘটিত হয় প্ৰায় জ্জ কোটি টকাৰ কেলেংকাৰি৷ অনুমোদনহীন পাঠ্যক্ৰমত প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীক স্নাতকোত্তৰ আৰু পিএইচডিকে ধৰি বিভিন্ন ডিগ্ৰী প্ৰদান কৰে আইডল কতৃৰ্পক্ষই৷ সংশ্লিষ্ট ২১ পাঠ্যক্ৰম যে ইউজিচিৰ অনুমোদনহীন, সেই কথা পোহৰলৈ অহাৰ লগে লগে সংশ্লিষ্ট ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাকাৰ লাগে৷ কিয়নো অনুমোদনহীন পাঠ্যক্ৰমত পাঠ গ্ৰহণ কৰি লাভ কৰা ডিগ্ৰীৰ ব্যৱহাৰিক দিশত গুৰুত্ব নাই৷ সেই ডিগ্ৰী কোনো চাকৰি-বাকৰিৰ ক্ষেত্ৰত বৈধ বুলি গণ্য কৰা নহয়৷ গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই দীৰ্ঘদিনে এই কেলেংকাৰি গাপ দিবলৈ চেষ্টা কৰিছিল যদিও মূলতঃ সংবাদ মাধ্যমৰ ধাৰাবাহিক অনুসন্ধান আৰু সদৌ অসম ছাত্ৰ সন্থাৰ এজন বিষয়ববীয়াৰ আশাশুধীয়া প্ৰচেষ্টাৰ ফলত এই কেলেংকাৰিৰ বহু তথ্য পোহৰলৈ আহে৷ অনিচ্ছাসত্ত্বেও এসময়ত গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই এই কেলেংকাৰিৰ কথা স্বীকাৰ কৰিবলৈ বাধ্য হয়৷ ৰাজভৱনৰ হস্তক্ষেপত এই কেলেংকাৰিৰ তদন্তৰ দায়িত্ব দিয়া হয় উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আফতাব হুছেইন শইকীয়াক৷ শইকীয়া আয়োগৰ প্ৰতিবেদনৰ জৰিয়তে বহু বিস্ফোৰক তথ্য পোহৰলৈ আহে৷ কেলেংকাৰি সংঘটিত হোৱাৰ সময়ছোৱাত আইডলৰ সঞ্চালকৰ দায়িত্বত থকা ড॰ কন্দৰ্প দাসক শইকীয়া আয়োগৰ প্ৰতিবেদনত অভিযুক্ত কৰা হয়৷ লগতে সেই সময়ছোৱাত উপাচাৰ্য আৰু পঞ্জীয়কৰ দায়িত্ব বহন কৰাসকলক এই ঘটনাৰ বাবে দায়বদ্ধ বুলি উল্লেখ কৰা হয় শইকীয়া আয়োগৰ প্ৰতিবেদনত৷ ইফালে, বিত্তীয় দিশৰ বহু খেলিমেলি পোহৰলৈ আহে ‘কেগ’ৰ প্ৰতিবেদনত৷ ন্যায়াধীশ শইকীয়া আয়োগৰ প্ৰতিবেদনৰ পাছতে আইডল কেলেংকাৰিত অভিযুক্তসকলে, বিশেষকৈ প্ৰধান অভিযুক্ত কন্দৰ্প দাসে শাস্তি পাব বুলি সকলোৱে আশা কৰিছিল যদিও গুৱাহাটী বিশ্ববিদ্যালয়ৰ শীৰ্ষ পদাধিকাৰী বিশেষৰ কাৰচাজিৰ বাবে সেয়া নহ’লগৈ৷ সংশ্লিষ্ট শক্তিশালী পক্ষটোৱে তদন্তৰ গতি আৰু শাস্তি প্ৰদান প্ৰক্ৰিয়া বিলম্বিত কৰাৰ চেষ্টা অব্যাহত ৰাখে অহৰহ৷ শইকীয়া আয়োগৰ প্ৰতিবেদনত স্পষ্ট কৰি দিয়া হয় যে অভিযুক্ত আৰু দায়বদ্ধসকলৰ যিসকলে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয় এৰি গৈছে, সেইসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে চৰকাৰ আৰু ৰাজ্যপালক অনুৰোধ জনাব লাগে আৰু যিসকল অভিযুক্ত এতিয়াও বিশ্ববিদ্যালয়ত আছে, তেওঁলোকৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ে নিজাববীয়াকৈ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে৷ ইমানখিনি কথা স্পষ্ট কৰি দিয়াৰ পাছতো কন্দৰ্প দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষই তেওঁক তিনি বছৰৰ বাবে ‘লিয়েন’ত যোৱাৰ সুযোগ দিয়ে– যাতে তেওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব সুকলমে গ্ৰহণ কৰিব পাৰে৷ লক্ষণীয়ভাৱে কাৰ্যবাহী পৰিষদৰ বৈঠকত কন্দৰ্প দাসক লিয়েন দিয়াৰ বিৰোধিতা কৰি দুই-এজনে মাত মাতিছিল যদিও সেয়া কোনো কামত নাহিল৷ শীৰ্ষ পদাধিকাৰীৰ সৈতে দহৰম-মহৰম থকা কন্দৰ্প দাসে অনায়াসে পালে লিয়েনৰ সুবিধা৷ এই ঘটনাৰ সূত্ৰে সৃষ্টি হোৱা তীব্ৰ ৰাজহুৱা প্ৰতিক্ৰিয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বিষয়টোত পলমকৈ হ’লেও সামান্য পৰিমানে হস্তক্ষেপ কৰে৷ বিষয়টো বিধানসভাৰ মজিয়াতো উত্থাপিত হয়৷ অৱশেষত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ দায়িত্ব বহন কৰি থকা কন্দৰ্প দাসক উপাচাৰ্য পদৰ পৰা নিলম্বিত কৰা হ’ল৷ কিন্তু ইমানৰ পাছতো তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদৰ পৰা নিলম্বিত কৰা নহ’ল– যিটো ড॰ দাসৰ পেৰেণ্ট প’ষ্ট৷ ইফালে, কন্দৰ্প দাসৰ সন্দৰ্ভত উত্থাপিত অভিযোগ আৰু ন্যায়াধীশ শইকীয়া আয়োগৰ প্ৰতিবেদনত সন্নিৱিষ্ট বিষয়সমূহ চালি-জাৰি চাবৰ বাবে অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়া পল্লৱ ভট্টাচাৰ্যৰ নেতৃত্বত তদন্ত আয়োগ গঠন কৰা হয়৷ এই আয়োগৰ কাম-কাজ আৰু প্ৰতিবেদন প্ৰস্তুতকৰণৰ ক্ষেত্ৰতো শক্তিশালী চক্ৰই পলম ঘটোৱাৰ চেষ্টা চলোৱাৰ অভিযোগ উঠে৷ অৱশেষত ১১ ছেপ্টেম্বৰত পল্লৱ ভট্টাচাৰ্য আয়োগে ৭০ পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল কৰে৷ এনেধৰণৰ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰিবৰ বাবে জৰুৰীভাৱে কাৰ্যবাহী পৰিষদৰ বৈঠক আহ্বান কৰিব লাগিছিল যদিও ৰহস্যজনক কাৰণত ৯ দিন পাছত ২০ ছেপ্টেম্বৰ সোমবাৰে এই বৈঠক আহ্বান কৰা হয়৷ বৈঠকৰ প্ৰধান এজেণ্ডাই আছিল আইডল কেলেংকাৰি সন্দৰ্ভত পল্লৱ ভট্টাচাৰ্য আয়োগে দাখিল কৰা প্ৰতিবেদনৰ বিষয়ে আলোচনা কৰা৷ কাৰ্যবাহী পৰিষদৰ বৈঠকত ভাগ লোৱা একাধিক সদস্যই জনোৱা মতে, আৰম্ভণিৰে পৰাই এই বৈঠক উত্তপ্ত হৈ পৰে৷ কেইজনমান মুষ্টিমেয় সদস্যই পল্লৱ ভট্টাচাৰ্য আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰিব নালাগে বুলি যুক্তি দিবলৈ চেষ্টা কৰাৰ লগে লগেই হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ ইতিপূৰ্বে কাৰ্যবাহী পৰিষদত কন্দৰ্প দাসৰ সমৰ্থকৰ সংখ্যা যিমান আছিল সোমবাৰৰ বৈঠকত কিন্তু কন্দৰ্প দাসৰ সপক্ষে সিমানসংখ্যকে কথা কোৱা নাছিল বুলি কাৰ্যবাহী পৰিষদৰ একাধিক সদস্যৰ পৰা জানিব পৰা গৈছে৷ মাত্ৰ তিনিজন সদস্যই কন্দৰ্প দাসক সজোৰে সমৰ্থন কৰাৰ উপৰি এজনে মৃদু সমৰ্থন আগবঢ়ায়৷ কাৰ্যবাহী পৰিষদৰ আনসকল সন্মানীয় সদস্যই আইডল কেলেংকাৰিয়ে হাজাৰ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ জীৱন ধবংস কৰাৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৰিমাত কালিমা সনাৰ অভিযোগ তুলি এই কেলেংকাৰিৰ বাবে জগৰীয়াসকলক কঠোৰ শাস্তি প্ৰদানৰ দাবী তোলে৷ বহু সময় ধৰি চলা উত্তপ্ত বাক-বিতণ্ডাৰ অন্তত অৱশেষত পল্লৱ ভট্টাচাৰ্য আয়োগৰ প্ৰতিবেদন গ্ৰহণ কৰে কাৰ্যবাহী পৰিষদে৷ কাৰ্যবাহী পৰিষদৰ সভাত পৌৰোহিত্য কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ প্ৰতাপজ্যোতি সন্দিকৈয়ে এই সন্দৰ্ভত সংবাদ মাধ্যমক এইদৰে কয়– ‘পল্লৱ ভট্টাচাৰ্য আয়োগৰ প্ৰতিবেদন কাৰ্যবাহী পৰিষদে গ্ৰহণ কৰিছে৷ এই সন্দৰ্ভত আইনী দিশকে ধৰি সকলো দিশ চালি-জাৰি চোৱা হ’ব আৰু তাৰ পাছত বিধি অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব৷ মঙলবাৰে এই প্ৰতিবেদন কন্দৰ্প দাসলৈ প্ৰেৰণ কৰা হ’ব আৰু মঙলবাৰৰ পৰা দহ দিনৰ ভিতৰত তেওঁৰ উত্তৰ বা মন্তব্য বিচৰা হ’ব৷ কন্দৰ্প দাসে দিয়া মন্তব্য বা উত্তৰ সন্দৰ্ভত আলোচনা কৰিবৰ বাবে পুনৰ কাৰ্যবাহী পৰিষদৰ বৈঠক অনুষ্ঠিত হ’ব আৰু সেই বৈঠকেই চূড়ান্ত সিদ্ধান্ত ল’ব৷ সোমবাৰৰ বৈঠকত বিশ্ববিদ্যালয়ৰ শিক্ষকৰ কেইবাটাও পদত অনুমোদন জনোৱা হয় যদিও হিন্দী বিভাগৰ সহকাৰী অধ্যাপকৰ এটা পদৰ নিযুক্তিৰ প্ৰস্তাৱত কাৰ্যবাহী পৰিষদে অনুমোদন জনোৱা নাই৷ অৰ্থাৎ যিগৰাকীক বাছনি কৰা হৈছিল, তেওঁৰ নিযুক্তিত কাৰ্যবাহী পৰিষদে অনুমোদন জনোৱা নাই৷ আমি কন্দৰ্প দাসক এনঅ’চি দিয়া নাই৷ এনঅ’চি দিয়াৰ কোনো প্ৰশ্নও নাই৷ কেৱল তেওঁ কে কে হেন্দিকত উপাচাৰ্যৰূপে নিযুক্তি পোৱাৰ পাছত তেওঁক তিনি বছৰৰ লিয়েন দিছিল কাৰ্যবাহী পৰিষদৰ বৈঠকে৷ আইডল সন্দৰ্ভত আমি কোনো কথা লুকুওৱা নাই আৰু লুকুওৱাৰ প্ৰশ্নও নুঠে৷ আইডল কেলেংকাৰিত জড়িত কোনো দোষীক কোনো কাৰণতে সাৰি যাবলৈ দিয়া নহ’ব৷’ উল্লেখ্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপকৰ এটা পদৰ বাছনি প্ৰক্ৰিয়াত ভয়ংকৰ কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উঠিছিল৷ উজ্জ্বল শৈক্ষিক কেৰিয়াৰৰ বহু প্ৰাৰ্থীক বঞ্চিত কৰি তুলনামূলকভাৱে শৈক্ষিক দিশত কম অৰ্হতাসম্পন্ন প্ৰাৰ্থীক বাছনি কৰাৰ অভিযোগ উঠিছিল৷ এই সন্দৰ্ভত ‘আমাৰ অসম’ত সবিস্তাৰে বাতৰি প্ৰকাশ পাইছিল৷ কাৰ্যবাহী পৰিষদৰ কেইবাগৰাকী সদস্যক বঞ্চিত প্ৰাৰ্থীৰ তৰফৰ পৰা অভিযোগ দিয়া হৈছিল৷ সন্মানীয় ৰাজ্যপালকো এই সন্দৰ্ভত অৱগত কৰা হৈছিল৷ অৱশেষত সোমবাৰে অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ বৈঠকে সংশ্লিষ্ট পদৰ বাছনি প্ৰক্ৰিয়াত অনুমোদন নজনালে৷