Logo
image

ৰাইজৰ দলক সমৰ্থন নকৰিলে গণমৰ্চাই

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ ৰাজ্যসভাৰ সাংসদ তথা আঞ্চলিক গণ মৰ্চাৰ মুৰব্বী অজিত কুমাৰ ভূঞাৰ সৈতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ থকা দীৰ্ঘদিনীয়া সম্পৰ্ক অৱশেষত কৰুণ পৰিসমাপ্তিৰ দিশত আগবাঢ়িছে৷ দীৰ্ঘদিন ধৰি অখিল গগৈৰ উপদেষ্টাৰ ভূমিকা পালন কৰি অহা সাংসদ ভূঞা শেহতীয়াভাৱে বিধায়ক গগৈৰ কাম-কাজক লৈ যথেষ্ট ক্ষোভিত আৰু অসন্তুষ্ট৷ বিশেষকৈ বিধানসভাৰ আগন্তুক উপ-নিৰ্বাচনত মুখত বিৰোধী ঐক্যৰ কথা কোৱা অখিল গগৈয়ে থাওৰাত নিজাববীয়াকৈ প্ৰাৰ্থীৰ নাম ঘোষণা কৰা কাৰ্যত ক্ষুব্ধ সাংসদ ভূঞা৷ এই সন্দৰ্ভত বিধায়ক অখিল গগৈক তীব্ৰ সমালোচনা কৰি সাংসদ ভূঞাই কয়– ৰাইজৰ দলে নিজে নিজে প্ৰাৰ্থী ঘোষণা কৰিছে৷ অথচ ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে বিৰোধী ঐক্যৰ কথা কৈ থাকে৷ বৰ্তমান সময়ত বিৰোধী ঐক্য আটাইতকৈ জৰুৰী কথা আছিল৷ কিন্তু বিৰোধী ঐক্য গঢ়ি নুঠিল৷ থাওৰাত বিৰোধী ঐক্য প্ৰদৰ্শনৰ সুন্দৰ সুযোগ আছিল৷ অথচ এইটো দেখা নগ’ল৷ কৃষ্ণ গগৈ অখিল গগৈৰ সৈতে ২৪ ঘণ্টাই লাগি আছিল তেওঁৰ আইনী দিশসমূহ চোৱা-চিতা কৰাৰ বাবে৷ নিজৰ জেপৰ ধন খৰচ কৰি তেওঁ অখিল গগৈক সহায় কৰি আছিল৷ দীৰ্ঘদিন ধৰি কৃষ্ণ গগৈয়ে অখিল গগৈক বিনামূলীয়া আইনী সহায় আগবঢ়াই আহিছে৷ অথচ তেনে এজন প্ৰাৰ্থীক থাওৰা সমষ্টিত অখিল গগৈয়ে কিয় সমৰ্থন জনাব নোৱাৰিলে বুজি নাপালোঁ৷ কৃষ্ণ গগৈক চি পি আই [এম]য়ে থাওৰাত প্ৰাৰ্থিত্ব দিয়াৰ কথা চলি আছে৷ আঞ্চলিক গণ মৰ্চাই থাওৰা সমষ্টিত কৃষ্ণ গগৈক সমৰ্থন জনাব৷ অখিল গগৈয়ে বিৰোধী ঐক্যৰ কথা কৈ নতুন দিল্লীত ৰাহুল গান্ধীক সাক্ষাৎ কৰে আৰু অসমলৈ আহি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনক গালি পাৰে৷ উল্লেখ্য, অখিল গগৈৰে হোৱা মতানৈক্যৰ মাজতে দেওবাৰে ডিমৌত অজিত কুমাৰ ভূঞাই কৃষ্ণ গগৈৰ হৈ চি পি আইৰ [এম এল] সম্পাদক বিবেক দাসৰ সৈতে দলৰ নিৰ্বাচনী সভাত অংশ লয়৷ প্ৰথম অৱস্থাত অখিল গগৈক দীৰ্ঘদিন ধৰি আইনী সাহাৰ্য আগবঢ়াই অহা কৃষ্ণ গগৈক ৰাইজৰ দলে থাওৰা সমষ্টিত প্ৰক্ষেপ কৰাৰ কথা আছিল যদিও সততে বিৰোধী ঐক্যৰ কথা কৈ থকা অখিল গগৈয়ে হঠাৎ নিজাববীয়াকৈ থাওৰা সমষ্টিত দলৰ প্ৰাৰ্থী হিচাপে ধৈৰ্য কোঁৱৰৰ নাম চূড়ান্ত কৰে৷ ইতিমধ্যে প্ৰদেশ কংগ্ৰেছেও ৰাইজৰ দলৰে মিত্ৰতা নকৰাৰ সিদ্ধান্ত স্পষ্ট কৰি দিছে৷ সততে কংগ্ৰেছক তীব্ৰ সমালোচনা কৰি থকা অখিল গগৈয়ে কংগ্ৰেছৰে মিত্ৰতা বিচাৰি নতুন দিল্লীত যথেষ্ট তৎপৰ হৈছিল৷ উপ-নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া ছটা সমষ্টিতে কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰি দেওবাৰে দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা আবেদন-পত্ৰ বিচাৰিছে৷ শেহতীয়াভাৱে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্ব আৰু অখিল গগৈৰ মাজৰ বাকযুদ্ধ তুংগত উঠিছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি কয়– কোনো এটা বেলেগ দলৰ নেতাৰ শ্ৰুতলিপিত আত্মসমৰ্পণ কৰিবলৈ আমি দল কৰা নাই৷ আমাৰ লগত যদি কোনোবাই মিত্ৰতা কৰিব বিচাৰে তেন্তে প্ৰাৰ্থিত্বকেন্দ্ৰিক চূড়ান্ত সিদ্ধান্ত অকলে ল’ব নোৱাৰিব৷ কংগ্ৰেছৰ সমান্তৰালভাৱে এ আই ইউ ডি এফৰেও অখিল গগৈৰ বৰ্তমানৰ সম্পৰ্ক তেল আৰু পানীৰ দৰে৷ যাৰ ফলত বহুধা বিভক্ত বিৰোধী শিবিৰক যে শাসনাধিষ্ঠিত বিজেপি দলে উপ-নিৰ্বাচনত সহজে পৰাভূত কৰিব পাৰিব সেইটো প্ৰায় স্পষ্ট হৈ পৰিছে৷

কাৰোবাৰ অহংভাৱ, কাৰোবাৰ ‘হিডেন এজেণ্ডা’ৰ বাবেই ৰাজ্যৰ আঞ্চলিকতাবাদী শিবিৰ ঐক্যহীন হ’লঃ অজিত ভূঞা

আঞ্চলিকতাবাদী শিবিৰ তথা বিৰোধীৰ ঐক্যহীনতা অসমৰ ৰাজনীতিৰ বাবে এক বৃহৎ ক্ষতি– আজি এক  বিশেষ কাৰ্যসূচী লৈ তিনিচুকীয়াত উপস্থিত হোৱা আঞ্চলিক গণ মৰ্চাৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই সাংবাদিকৰ আগত এইদৰে কয়৷ এক ‘কমন মিনিমাম প্ৰগ্ৰেম’ৰ আধাৰত বিৰোধী শিবিৰৰ এক উমৈহতীয়া সংগ্ৰামী মঞ্চ সময়ৰ প্ৰয়োজন যদিও বহু চেষ্টাৰ পাছতো সেয়া সম্ভৱ হৈ উঠা নাই৷ অসমৰ ৰাজনীতিত আঞ্চলিকতাবাদৰ গুৰুত্ব অপৰিসীম যদিও আঞ্চলিকতাবাদী শিবিৰ কিয় বহুধাবিভক্ত আৰু ক্ষমতাৰ লালসাই ইয়াৰ কাৰণ নেকি বুলি সোধা সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত সাংসদজনে কয় যে একাংশৰ অহং, মইবৰভাৱ আৰু এচামৰ ‘হিডেন এজেণ্ডা’ৰ বাবেই ৰাজ্যৰ আঞ্চলিকতাবাদী শিবিৰ আজিও ঐক্যহীন৷ সাংসদ ভূঞাই আজি প্ৰায় এবছৰ কাল পুনৰ সংস্থাপনৰ দাবীত সকলো সা-সুবিধাৰ পৰা বঞ্চিত এক পৰিৱেশৰ মাজত অস্থায়ী শিবিৰত দিন অতিবাহিত কৰি অহা লাইকা, দধীয়াবাসীৰ মাজত উপস্থিত হৈ তেওঁলোকৰ দুৰ্দশাৰ বুজ লয়৷ তেওঁ কয় যে লাইকা, দধীয়াবাসীৰ দুৰ্দশা প্ৰত্যক্ষ কৰিলে ৰাজ্যত যে এখন নিৰ্বাচিত চৰকাৰ আছে তাত সন্দেহ হয়৷ কেৱল প্ৰচাৰৰ জোৰত টিকি থকা চৰকাৰখনে জীৱনধাৰণৰ বাবে প্ৰয়োজনীয় নূ্ন্যতম সুবিধাৰ পৰাও বঞ্চিত পৰিৱেশত চৰম দুৰ্যোগৰ মাজত দিন অতিবাহিত কৰি অহা লাইকা, দধীয়াবাসীৰ বাবে একো কৰা নাই বুলি তেওঁ কয়৷ পুঁজিপতি বনিয়াই ফৰেষ্টলেণ্ড হস্তগত কৰি ব্যৱসায়িক মুনাফা লুটি অহাৰ বিপৰীতে প্ৰতিশ্ৰুতিৰ ফুলজাৰিৰে ৰাইজক আভুৱা ভাৰি অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে লাইকা, দধীয়াবাসীৰ দৰে খিলঞ্জীয়াৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই বুলি তীব্ৰ ক্ষোভ উজাৰি সাংসদজনে লাইকা, দধীয়াবাসীৰ স্বাৰ্থত তেওঁ সম্ভৱপৰ সকলো কৰিব বুলি সদৰি কৰে৷ তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ সভাকক্ষত অনুষ্ঠিত সংবাদমেলত আঞ্চলিক গণ মৰ্চাৰ সাধাৰণ সম্পাদক প্ৰণৱজ্যোতি চেতিয়াৰ উপৰি অন্যান্য নেতৃবৃন্দও উপস্থিত থাকে৷ উক্ত স্থানতে সাংসদ ভূঞাই মৰ্চাৰ এক সাংগঠনিক সভাতো অংশগ্ৰহণ কৰে৷