Logo
image

ছিপাঝাৰৰ ধলপুৰত একেদিনাই বেদখলমুক্ত ৪,৫০০ বিঘা চৰকাৰী মাটি

এতিয়াও দখলদাৰীৰ কবলত ৭২,৯২০ বিঘা নৈপৰীয়া মাটি

আমাৰ অসম, ২১ ছেপ্টেম্বৰঃ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দক্ষিণ প্ৰান্তত অৱস্থিত ১নং ধলপুৰ আৰু ৩নং ধলপুৰত সোমবাৰে দৰং জিলা প্ৰশাসনৰ দ্বাৰা উচ্ছেদ অভিযান চলোৱা হয়৷ উল্লিখিত অঞ্চল দুটাত একাংশ লোকে অবৈধভাৱে বেদখল কৰি অহা প্ৰায় চাৰি হাজাৰ পাঁচ বিঘা চৰকাৰী ভূমি সোমবাৰে এই উচ্ছেদ অভিযানৰ দ্বাৰা বেদখলমুক্ত কৰা হয়৷ উল্লেখ্য, ছিপাঝাৰৰ দক্ষিণ প্ৰান্তত থকা বৃহত্তৰ চৰ অঞ্চলসমূহত আছে প্ৰায় ৭৭ হাজাৰ বিঘা চৰকাৰী ভূমি৷ কিন্তু ইয়াৰ অধিকাংশ ভূমিয়েই একাংশ লোকে বছৰ বছৰ ধৰি অবৈধভাৱে বেদখল কৰি আহিছিল৷ প্ৰকাশ যে, ছিপাঝাৰৰ চৰ অঞ্চলত বেদখলকাৰীৰ কৱলত থকা চৰকাৰী ভূমি বেদখলমুক্ত কৰিবলৈ বহু বছৰ পূৰ্বৰে পৰা বিভিন্ন দল-সংগঠনে স্থানীয় প্ৰশাসন তথা চৰকাৰৰ ওচৰত  দাবী উত্থাপন কৰি আহিছিল৷ দল-সংগঠনৰ দাবীৰ পৰিপ্ৰেক্ষিতত বিগত সময়ত একাধিকবাৰ ইয়াত জিলা প্ৰশাসনৰ দ্বাৰা উচ্ছেদ অভিযান চলোৱা হৈছিল যদিও পুনৰ বেদখলকাৰীৰ কৱলত পৰিছিল উল্লিখিত অঞ্চলৰ চৰকাৰী ভূমিসমূহ৷ লক্ষণীয় যে ইয়াৰ মাজতে ছিপাঝাৰৰ চৰ এলেকাৰ চৰকাৰী ভূমিক মুখ্যতঃ কৰি ‘গৰুখুটি কৃষি প্ৰকল্প’ নামৰ এটা কৃষি প্ৰকল্প গ্ৰহণ কৰা হ’ব বুলি অসম চৰকাৰৰ কেবিনেটত সিদ্ধান্ত লোৱা হৈছিল৷ সেই অনুসৰি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাক অধ্যক্ষ হিচাপে লৈ গঠিত ইয়াৰ সমিতিখনে প্ৰায় দুমাহ আগতে আৰম্ভ কৰিছে উক্ত কৃষি প্ৰকল্পৰ কাম৷ উল্লেখ্য, ন কোটি ষাঠি লাখ টকা ব্যয় সাপেক্ষ উক্ত বহুমুখী কৃষি প্ৰকল্পটোৰ জৰিয়তে শ শ নিবনুৱা যুৱক-যুৱতী সংস্থাপিত হ’ব বুলি আশা কৰা হৈছে৷ শাক-পাচলিকে ধৰি মাছ, মাংস, গাখীৰ আদিৰ উৎপাদনৰ লক্ষ্য বান্ধি লোৱা এই প্ৰকল্পটোত নিয়োজিত হৈ প্ৰায় পাঁচশ যুৱক-যুৱতীয়ে সম্প্ৰতি গ্ৰহণ কৰি আছে কৃষি প্ৰশিক্ষণ৷ একেদৰে এই ‘গৰুখুটি কৃষি প্ৰকল্প’ত জড়িত হৈ মহাবিদ্যালয়ত অধ্যয়নৰত ছিপাঝাৰৰ বিভিন্ন ঠাইৰ পাঁচগৰাকী যুৱতী আৰু ওঁঠৰজন যুৱকে বিশ্বনাথ চাৰিআলিত গৈ সমাপন কৰিছে ট্ৰেক্টৰ চালকৰ প্ৰশিক্ষণো৷ প্ৰণিধানযোগ্য যে ছিপাঝাৰৰ চৰৰ বেদখলকৃত চৰকাৰী ভূমি বেদখলমুক্ত কৰি এই বহুমুখী কৃষি প্ৰকল্পৰ সমগ্ৰ কাম ৰূপায়ণ কৰা হ’ব বুলি চৰকাৰ তথা সংশ্লিষ্ট কতৃৰ্পক্ষই ঘোষণা কৰা মতেই সোমবাৰে উল্লিখিত ঠাইত জিলা প্ৰশাসনৰ দ্বাৰা উচ্ছেদ কাৰ্য চলোৱা হয়৷ প্ৰায় আঠশটা পৰিয়ালক উক্ত চৰকাৰী ভূমিৰ পৰা সোমবাৰে আঁতৰাই পঠায় প্ৰশাসনে৷ সোমবাৰৰ এই উচ্ছেদ অভিযানকালত সহস্ৰাধিক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছিল আৰু উপস্থিত আছিল দৰঙৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ বিভাগীয় উচ্ছপদস্থ বিয়ষাসকল৷

পৱিত্ৰ সদনত অসত্য কথা কৈছে মুখ্যমন্ত্ৰীয়েঃ উপমন্যু হাজৰিকা

পৱিত্ৰ সদনৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিথ্যাচাৰত লিপ্ত হোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ ছিপাঝাৰৰ ৭৭,৪২০ বিঘা ভূমি বেদখলকাৰীৰ পৰা উদ্ধাৰ কৰা বুলি বিধানসভাৰ বাজেটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুল তথ্য প্ৰকাশ কৰাৰ অভিযোগ কৰিছে প্ৰব্ৰজনবিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্ছতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ পাছতেই বাজেট অধিৱেশনত ছিপাঝাৰ বেদখল উচ্ছেদ কৰিছিল বুলি প্ৰকাশ কৰিছিল যদিও বাস্তৱত সোমবাৰেহে প্ৰশাসনে বেদখলকৃত ভূমিত উচ্ছেদ চলালে৷ চৰকাৰৰ এই মিথ্যাচাৰৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই কয়– প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে সততে কোৱা এটা বাক্য আছিল ‘মিছা ক’লে কি ডাল হ’ব’৷ সময়ৰ লগে লগে সকলোৰে মিছা ধৰা পৰে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো মিছা ধৰা পৰিছে৷ পৱিত্ৰ বিধানসভাৰ মজিয়াত মিছা মাতি নিজকে ধৰা পেলালে মুখ্যমন্ত্ৰী শৰ্মাই৷ যোৱা মাহত মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰিছিল ছিপাঝাৰৰ ৭৭,৪২০ বিঘা ভূমি বেদখলমুক্ত হ’ল৷ অথচ আজি সেই একে এলেকাতে উচ্ছেদ কাৰ্য চলাই নিজৰেই ঘোষণা মিছা বুলি প্ৰমাণ দিলে মুখ্যমন্ত্ৰীয়ে৷ জাতীয় অস্তিত্ব আৰু আবেগ লৈ খেলিব নালাগে আৰু খেলিবও নাপায়৷ বিগত ৮ ছেপ্টেম্বৰত চাৰিখন গাঁও পঞ্চায়তৰ ভুক্তভোগী ৰাইজে [সানোৱা, গৰুখুঁটি, গণেশকুঁৰী আৰু বাজনা পথাৰ গাঁও পঞ্চায়ত] প্ৰদান কৰা স্মাৰক-পত্ৰৰ তিনিটা দাবী চৰকাৰে পূৰণ কৰক৷ প্ৰথমতে ৭৭,৪২০ বিঘা ভূমি প্ৰকৃতাৰ্থত বেদখলমুক্ত কৰক৷ সেই এলেকাত আগতেও কেইবাবাৰো উচ্ছেদ অভিযান চলাইছে৷ কিন্তু কোনো ফলাফল অহা নাই৷ দ্বিতীয়তে বেদখলমুক্ত কৰা ভূমি স্থানীয় লোকক কৃষি আৰু পশুপালনৰ বাবে চমজাই দিয়ক৷ তৃতীয়তে কৃষি প্ৰকল্প কেৱল স্থানীয় লোকক লৈ আগবাঢ়ক৷ ইতিমধ্যে অসমৰ ৰাইজে দেখিছে যে আমাৰ নেতাসকলে কথাৰে ফুলজাৰি মাৰি আহিছে৷ গৰুখুটি প্ৰকল্পৰ অধ্যক্ষ বিধায়ক পদ্ম হাজৰিকাই বোকাই-পানীয়ে নামি ৰাইজৰ সেৱা কৰা নিজৰ ঢাক-ঢোল কোবাইছে৷ কিন্তু নিজৰ সমষ্টিত কন্যাকা কৃষি প্ৰকল্পতো ৰাজহুৱা বুলি ঠিকেই প্ৰচাৰ কৰিছে৷ প্ৰকৃতাৰ্থত সেইখন যে তেওঁৰ ব্যক্তিগত কৃষি প্ৰকল্প৷ এই তথ্য প্ৰমাণ কৰিছে নিৰ্বাচনী শপতনামাত৷ তেওঁ আৰু তেওঁৰ পত্নীয়েই কন্যাকা কৃষি প্ৰকল্পৰ ৭৫০ বিঘামান মাটিৰ মালিক বুলি শপতনামাত তথ্য প্ৰকাশ কৰিছে৷