Logo
image

মোদীক গামোচা পিন্ধায়ো ৰেহাই নাপালে ৰিজু দালালে

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক গামোচা পিন্ধায়ো শেষ ৰক্ষা নহ’ল মাটিৰ দালালৰ৷ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক মঞ্চত গামোচা পিন্ধাইছিল এজন মাটিৰ দালালে৷ মোদীক গামোচা পিন্ধোৱাৰ সুবাদতে আৰক্ষী-প্ৰশাসনৰ পৰা সমীহ আদায় কৰিছিল এইজন লোকে৷ কিন্তু অৱশেষত মঙলবাৰে বিয়লি এইজন মাটিৰ দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য, ৰঙিয়াৰ পুঠিমাৰীৰ ৰিজু আহমেদ নামৰ এইজন দালালে ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত নিৰ্বাচনী প্ৰচাৰ সভাৰ মঞ্চত প্ৰধানমন্ত্ৰী মোদীক গামোচা পিন্ধাইছিল৷ অভিযোগ অনুসৰি, বাইহাটা চাৰিআলিৰ পৰা নলবাৰীপৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে থকা বিশাল কৃষিভূমি এইজন লোকৰ কব্জাত আছে৷ সহজ-সৰল-নিৰক্ষৰ থলুৱা কৃষকক বিভিন্ন প্ৰলোভন, ভাবুকি আৰু চল-চাতুৰিৰে তেওঁলোকৰ মূল্যবান কৃষিভূমিৰ পাৱাৰ অৱ এটৰ্নী লয় এইজন ৰিজু আহমেদে৷ ইয়াৰ বিনিময়ত কৃষকসকলক প্ৰতিবিঘা মাটিত ২-৩ লাখকৈ টকা আগধন আদায় দিয়ে ৰিজু আহমেদে৷ কৃষকসকলৰ পৰা পানীৰ দৰত মাটিৰ পাৱাৰ অৱ এটৰ্নী লৈ পাছত অতি উচ্ছ দৰত এই কৃষিভূমি ৰাজ্যৰ বাহিৰৰ লোকক বিক্ৰী কৰে ৰিজু আহমেদে৷ মাটিৰ প্ৰকৃত মালিকক তেওঁলোকৰ প্ৰাপ্যৰ পৰাও বঞ্চিত কৰি আহিছে তেওঁ– উচ্ছ মূল্যত মাটি বিক্ৰী কৰাৰ পাছতো৷ কিন্তু আৰক্ষী আৰু প্ৰশাসনৰে অতি সুসম্পৰ্ক থকা এইজন ৰিজু আহমেদৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গুৰুতৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতো আৰক্ষী-প্ৰশাসন সম্পূৰ্ণ নিৰ্লিপ্ত হৈ আছিল৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত ৰঙিয়াত অনুষ্ঠিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এখন জনসভা৷ মোদীৰ হেলিকপ্টাৰ অৱতৰণ কৰোৱাবৰ বাবে অস্থায়ী হেলিপেডৰ ব্যৱস্থা কৰিবলৈ গৈ বিমোৰত পৰে দল আৰু প্ৰশাসন৷ হেলিপেডৰ বাবে প্ৰয়োজনীয় মাটি বিচাৰি পোৱা নাছিল প্ৰশাসনে৷ তেনে সময়তে ৰিজু আহমেদ তেওঁৰ দখলত থকা প্ৰায় ১০০ বিঘা ভূমি হেলিপেড নিৰ্মাণৰ বাবে ব্যৱহাৰ কৰিবলৈ দিয়ে৷ ইয়াৰ বিনিময়ত তেওঁ বিজেপি দল বা প্ৰশাসনৰ পৰা কোনো ধৰণৰ ধন লোৱা নাছিল৷ মাত্ৰ এটা চৰ্তৰ বিনিময়ত তেওঁ নিজৰ দখলত থকা মাটিত মোদীৰ বাবে হেলিপেড নিৰ্মাণৰ অনুমতি দিছিল৷ ৰিজু আহমেদৰ একমাত্ৰ চৰ্তটো আছিল প্ৰধানমন্ত্ৰী মোদীক মঞ্চত গামোচা পিন্ধাই আদৰণি জনাবৰ বাবে তেওঁক সুযোগ দিব লাগিব৷ চৰ্ত অনুসৰি প্ৰধানমন্ত্ৰী মোদীক তেওঁ মঞ্চত গামোচা পিন্ধায়৷ ইয়াৰ পাছতে অধিক প্ৰভাৱশালী হৈ পৰে ৰিজু আহমেদ৷ তেওঁ হয়তো ভাবিছিল যে মোদীক গামোচা পিন্ধোৱাৰ সুবাদতে তেওঁ এইবাৰ গ্ৰেপ্তাৰৰ পৰা হাত সাৰি যাব৷ কিন্তু মূৰকত তেওঁৰো শেষ ৰক্ষা নহ’ল৷ আৰক্ষীয়ে মঙলবাৰে ৰিজু আহমেদক গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশত সোমবাৰে নিশাৰ পৰা আৰক্ষীয়ে ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰে৷ এই অভিযানৰ সময়ত প্ৰথমাৱস্থাত ৰিজু আহমেদ আৰক্ষীৰ জালত পৰা নাছিল যদিও অৱশেষত তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ প্ৰধানমন্ত্ৰী মোদীক গামোচা পিন্ধায়ো ৰেহাই নাপালে ৰিজু দালালে৷