Logo
image

পূজাৰ পাছতে পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰীৰ আলোচনা!

হিমন্তবিশ্ব শৰ্মাক আলফাৰে প্ৰাৰম্ভিক আলোচনা আৰম্ভ কৰাৰ দায়িত্ব দিলে অমিত শ্বাহে

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ আদবাটাত স্তব্ধ হৈ পৰা আলফা আৰু চৰকাৰৰ মাজৰ বহু চৰ্চিত শান্তি আলোচনা পুনৰ গতি লাভ কৰাৰ দিশত আগবাঢ়িছে৷ পূৰ্বতে আলফা আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত মধ্যস্থতাকাৰীৰ জৰিয়তে শান্তি আলোচনা প্ৰক্ৰিয়া আগবাঢ়িছিল যদিও এইবাৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা নিজে এই ক্ষেত্ৰত আগভাগ লৈছে৷ মধ্যস্থতাকাৰীৰ পৰিৱৰ্তে এইবাৰ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিজেই আলফাৰে যোগাযোগ কৰি শান্তি আলোচনাৰ প্ৰক্ৰিয়া আগবঢ়াই নিব৷ এই সন্দৰ্ভত তেওঁ ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা প্ৰয়োজনীয় অনুমতি আৰু কতৃৰ্ত্ব লাভ কৰিছে৷ সোমবাৰে নতুন দিল্লীত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–‘আলফাৰে আলোচনা আৰম্ভ কৰাৰ ক্ষেত্ৰত প্ৰাৰম্ভিক কথা পতাৰ দায়িত্ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মোকে দিছে৷ অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ ওপৰত এই দায়িত্ব অৰ্পন কৰিছে৷ আনহাতে মঙলবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত এই সন্দৰ্ভত মত প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয়–আলফাৰ সেনাধ্যক্ষ তথা বৰ্তমান অধ্যক্ষৰ দায়িত্বত থকা পৰেশ বৰুৱাৰ সৈতে আমি অনানুষ্ঠানিক কথা বতৰা পাতি আছিলো৷ কথা বতৰা বিলাক অনানুষ্ঠানিক আৰু তৃতীয় পক্ষৰ জৰিয়তে হৈ আছিল৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক কৈছিলো যে যদি পৰেশ বৰুৱাই ইচ্ছা কৰে তেন্তে মই কথা বতৰা পাতিব পাৰিম নেকি? টেলিফোনত হ’লেও৷ তেখেতে মোক পৰেশ বৰুৱাৰে কথা পতাৰ অনুমতি দিছে৷ যেতিয়াই এই কথা বতৰাই গতি লব বা এটা পৰ্যায়লৈকে আহিব তেতিয়া যি ধৰণে প্ৰয়োজন সেই ধৰণে কেন্দ্ৰীয় চৰকাৰে এই প্ৰক্ৰিয়া সৈতে জড়িত হ’ব৷ যদি পৰেশ বৰুৱাই বিচাৰে মই পোনপটীয়াভাৱে কথা পাতিব পাৰিম৷ সেই ধৰণে শান্তি আলোচনাৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱাৰ বাবে চেষ্টা কৰিম৷ বৰ্তমান পৰ্যন্ত পৰেশ বৰুৱাৰে কথা পতাৰ অনুমতি লৈছো ফোনৰ জৰিয়তে বা অন্য মাধ্যমৰে৷ যাতে শান্তি আলোচনাৰ ভেটি এটা প্ৰস্তুত কৰিব পাৰো৷ অৱশ্যে সমগ্ৰ বিষয়টো বৰ্তমান যথেষ্ট প্ৰাৰম্ভিক পৰ্যায়ত আছে৷ ইয়াৰ বাবে যথেষ্ট দীঘলীয়া সময়ৰ প্ৰয়োজন হ’ব৷ উল্লেখ্য যে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণৰ পিছত ড॰ হিমন্ত বিশ্ব শৰ্মাই আলফাৰে শান্তি আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰাৰ বাবে মুকলি মত পোষণ কৰিছিল৷ মুখ্যমন্ত্ৰীৰ এই আহ৩ানৰ প্ৰতি সহাৰি জনাই পৰেশ বৰুৱাই চৰকাৰৰে একপক্ষীয় যুদ্ধ বিৰতি ঘোষণা কৰাৰ লগতে মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ প্ৰশংসাত পঞ্চমুখৰ হৈ পৰিছিল৷ এক সূত্ৰৰ মতে আগন্তুক দুৰ্গা পূজাৰ পিছতে পৰেশ বৰুৱা আৰু মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ মাজত বহু আকাংক্ষিত শান্তি আলোচনা প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ ইয়াৰ পূৰ্বে কেন্দ্ৰত ইউ পি এ আৰু অসমত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ চৰকাৰৰ শাসনকালত কেন্দ্ৰীয় চৰকাৰ আৰু আলফাৰ দ্বাৰা গঠিত আলোচনাকাৰী গোট পি চি জিৰ মাজত কেবালানি শান্তি আলোচনা হৈছিল যদিও আদবাটতে স্তব্ধ হৈ পৰে এই আলোচনা প্ৰক্ৰিয়া৷ কোনো ধৰণৰ ফলাফল অবিহনে আধৰুৱাভাৱে শেষ হয় এই শান্তি আলোচনা প্ৰক্ৰিয়া৷ ২০০৫ চনৰ ছেপ্টেম্বৰ মাহত আলফাই এই আলোচনাকাৰী গোটটো গঠন কৰি দিছিল ১১ জন সদস্যক লৈ৷ ২০১১ চনৰ ফেব্ৰুৱাৰী মাহত আলোচনাকাৰী গোটটো আলফাই ভংগ কৰি দিছিল৷