নিশ্ছিদ্ৰ অভিযান, একেদিনাই আটক ৫২০ মাটিৰ দালাল
জালত পৰিল বিজেপি নেতা, মণ্ডল, শিক্ষক, সাংবাদিকো
আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ চোৰ-ডকাইত নহয়, মঙলবাৰৰ দিনটোত ৰাজ্যৰ আৰক্ষী থানাসমূহৰ লকআপে লকআপে কেৱল দাদাল আৰু দালাল৷ কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহ চক্ৰ বিষয়াসকলক মাটি দালালসকলক গামোচা পিন্ধাই কাৰ্যালয়ৰ পৰা বিদায় দিবলৈ আহ্বান জনোৱাৰ পাছত সোমবাৰে নিশাৰে পৰা মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্যজুৰি নিশ্ছিদ্ৰ অভিযান চলাই আৰক্ষীয়ে৷ এজন-দুজন নহয়, মাত্ৰ এটা নিশাৰ ভিতৰতে আৰক্ষীয়ে আটক কৰে ৫২০জন দালালক৷ ইতিমধ্যে ইয়াৰে একাংশ দালালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলিও সদৰী কৰিছে৷ লক্ষণীয়ভাৱে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালালৰ তালিকাত কোটিপতি ভূ-মাফিয়া, ব্যৱসায়ীৰ পৰা আৰম্ভ কৰি বিজেপি নেতা, লাট মণ্ডল, তৰণী, সাংবাদিক, শিক্ষকো আছে৷ আৰক্ষীয়ে বৰ্তমানলৈ আটক কৰা ৫২০জন দালালেই নহয়, বিভিন্ন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালিৰে দুখীয়ালোকৰ তেজ শুহি খোৱা মুঠ ৭০০ দালালক চিনাক্ত কৰা বুলি খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱা কৰিছে৷ ইপিনে, মাটি দালালৰ বিৰুদ্ধে অভিযান চলাৰ তথ্য সংবাদ মাধ্যমত ৰাজহুৱা হৈ পৰাৰ পাছতেই শ শ দালালে ৰাজ্যৰ বাহিৰে-ভিতৰে আত্মগোপনৰ তথ্য পোহৰলৈ আহিছে৷ গুৱাহাটীৰে শতাধিক দালালে মোবাইল বন্ধ কৰি মেঘালয় আৰু পশ্চিম বংগত আত্মগোপন কৰা বুলিও আৰক্ষীয়ে তথ্য লাভ কৰিছে৷ আশ্চৰ্যজনক বিষয়টো হৈছে, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তে ঘাটি পাতি মাটিৰ দালালসকলে চক্ৰ বিষয়া আৰু লাট মণ্ডলৰ ছত্ৰছায়াতে লুণ্ঠন চলাই আহিছে৷ অৱশ্যে আৰক্ষীৰ তদন্তই চক্ৰ বিষয়া আৰু অধিকাংশ মণ্ডলক এতিয়ালৈ স্পৰ্শ কৰা নাই৷ আৰক্ষীৰ পৰা লাভ কৰা তথ্য মতে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে বিভিন্ন থানাৰ সহযোগত প্ৰায় ৩৫জন দালালক আটক কৰে৷ এইসকল দালালৰ অন্যতম হৈছে প্ৰভাৱশালী ভূ-মাফিয়া হিচাপে পৰিচিত ব্যৱসায়ী ৰামেশ্বৰ তালুকদাৰ৷ মহানগৰীৰ গীতানগৰ এম আৰ পথৰ বাসগৃহৰ পৰা চানমাৰি আৰক্ষীয়ে মঙলবাৰে পুৱতি নিশা গ্ৰেপ্তাৰ কৰে বৃন্দাবন গাৰ্ডেনৰ স্বত্বাধিকাৰী তথা পেট্ৰ’ল পাম্পৰ মালিক ৰামেশ্বৰ তালুকদাৰক৷ তালুকদাৰৰ লগতে গান্ধীবস্তিৰ পৰা গ্ৰেপ্তাৰ কৰা প্ৰদীপ চৌধুৰী নামৰ দালালটোকো ইতিমধ্যে চানমাৰি আৰক্ষীয়ে ক্ৰাইম ব্ৰান্সক চমজাই দিছে৷ ইপিনে, ক্ৰাইম ব্ৰান্সত ৰুজু হোৱা ১১/২০২১ নম্বৰ গোচৰৰ ভিত্তিতে বশিষ্ঠ আৰক্ষীয়ে দালাল শ্ৰীমন্ত চৌধুৰীৰ ভেটাপাৰৰ চন্দ্ৰ চৌধুৰী পথৰ ১১ নম্বৰ বাসগৃহত তালাচী চলায়৷ শ্ৰীমন্ত চৌধুৰী নামৰ দালালটোৱে ঘৰৰ ভিতৰতে কাৰ্যালয় খুলি দালালৰাজ চলাইছিল৷ আৰক্ষীয়ে দালাল চৌধুৰীৰ কাৰ্যালয়ৰ পৰা বহুসংখ্যক মাটিৰ ফাইল, দলিল জব্দ কৰে৷ তদুপৰি বশিষ্ঠ আৰক্ষীয়ে আব্দুল ৰহমত, হৰেণ শইকীয়া, তাপস চৌধুৰী, বংকিম শৰ্মা আৰু নীলমণি তালুকদাৰ নামৰ ৬টা দালালক আটক কৰে৷ আনহাতে, আমিনগাঁও আৰক্ষীয়েও লতিফ আলী, আলতাফ আলী আৰু পুলক কলিতা নামৰ তিনিটা দালালক কৰায়ত্ত কৰে৷ ইপিনে, শিলচৰ আৰক্ষীয়ে নাহাটা টেক্সটাইলৰ স্বত্বাধিকাৰীৰ পুত্ৰ সঞ্জু নাহাটা, বিজেপি নেতা তথা শিলচৰ পৌৰ সভাৰ প্ৰাক্তন ৱাৰ্ড কমিচনাৰ অসীম দাস, নিশিকান্ত সৰকাৰ, অশোক সৰকাৰ আৰু নুৰুল হক নামৰ দালালকেইটাকো আটক কৰে৷ ইপিনে, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ ভয়তে থানাতে বেমাৰৰ নাটক ৰচনা কৰে নাহাটা টেক্সটাইলৰ মালিকৰ পুত্ৰই৷ উচ্ছ ৰক্তচাপৰ দোহাই দি অসুস্থ হৈ পৰা বুলি ভাও ধৰা সঞ্জু নাহাটাক শিলচৰ মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰিছে আৰক্ষীয়ে৷ নলবাৰী আৰক্ষীয়েও সাংবাদিকসহ মুঠ ৩১টা দালালক আটক কৰা বুলি জানিব পৰা গৈছে৷ নলবাৰীৰ সঞ্জয় জৈন নামৰ দালালৰূপী সাংবাদিকজনৰ লগতে চক্ৰেশ্বৰ কলিতা আৰু দাদুল আহমেদ নামৰ দুজন লাট মণ্ডলকো আটক কৰে৷ তদুপৰি বিজনী আৰক্ষীয়ে ৰমানাথ বৰ্মন নামৰ এজন লাট মণ্ডলক গ্ৰেপ্তাৰ কৰিছে৷ টিহু আৰক্ষীয়ে কন্দৰ্প ডেকা নামৰ এজন কুখ্যাত দালালৰূপী শিক্ষকক আটক কৰিছে৷ হোজাই আৰক্ষীয়েও ৰাজা লস্কৰ নামৰ এজন শিক্ষক আৰু কমৰুল ইছলাম বৰভূঞা নামৰ পৰ্টেল সাংবাদিকসহ মুঠ ২৬জন দালালক গ্ৰেপ্তাৰ কৰে৷ একেদৰে কামৰূপ জিলাত সৰ্বাধিক ৫২জন মাটিৰ দালালক আটক কৰিছে আৰক্ষীয়ে৷ কামৰূপ আৰক্ষীয়ে দীপক ডেকা নামৰ শুৱালকুছিৰ এজন গাঁওবুঢ়াক দালালিৰ গোচৰত আটক কৰে৷ ইপিনে, কামৰূপ আৰক্ষীয়ে হাজোৰ পৰা মাটিৰ দালালত জড়িত শংকৰ দাস, জিয়াউল হক আৰু মনচুৰ আলী নামৰ তিনিজন বিজেপি নেতাকো আটক কৰে৷ নগাঁও আৰক্ষীয়ে মাটিৰ দালালৰূপী ৰাণা বৰা নামৰ এজন চৰকাৰী কৰ্মচাৰীৰ লগতে নজৰুল ইছলাম আৰু ৰঞ্জিত ভূঞা নামৰ দুজন গাঁওবুঢ়াক আটক কৰে৷ আনহাতে, বোকাখাত আৰক্ষীয়েও বোকাখাত ৰাজহ চক্ৰৰ তৰণী বিদ্যাধৰ শইকীয়া, দ্ৰোণকান্ত দাস আৰু যদুমণি খাউণ্ডক গ্ৰেপ্তাৰ কৰে৷ ইপিনে, ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ মাটিৰ দালালৰ বিৰুদ্ধে চলা অভিযানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘যোৱা নিশা অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন চাৰ্কলৰ অফিচৰ প্ৰায় ৪৫০টা দালাল গ্ৰেপ্তাৰ কৰিছে৷ চৰকাৰৰ হাতত ৭০০ ব্যক্তিৰ নাম আছে আৰু চৰকাৰে চেষ্টা কৰিব যাতে আজি গধুলিৰ ভিতৰত বাকী সকলকো গ্ৰেপ্তাৰ কৰিব পৰা যায়৷ চৰকাৰে প্ৰথমে মানুহখিনিক আগলৈ লৈ আহিব বিচাৰিছে৷ মই সেই কাৰণে বিশেষকৈ চৰকাৰী বিষয়াসকলক অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে এই ধৰণৰ মানুহৰ লগত কথা বতৰা নাপাতিব আৰু এনেধৰণৰ মানুহৰ লগত যোগাযোগ নাৰাখিব৷ মধ্যভোগী নোহোৱাকৈ দুখীয়াৰ কামখিনি কৰি দিব৷ এইটো এটা ৱাৰ্নিং৷ আনকি অসমত ডেথ [মৃত] চাৰ্টিফিকেটখন উলিয়াবলৈ মানুহে পইচা দিব লাগে৷ মই এনেকুৱা বহুত মানুহ লগ পাইছোঁ যিসকলে ক’ভিডত মৃত্যু হৈছে মৃত্যুৰ চাৰ্টিফিকেটখন উলিয়াবলৈও পইচা দিবলগীয়া হৈছিল৷ এনে কাণ্ডবোৰ অসমত শেষ হ’ব লাগিব নহ’লে অসম ভাৰতৰ আগশাৰীৰ ৰাজ্য হ’ব নোৱাৰিব৷ মাটিৰ অফিচত দালাল থাকিব নালাগে৷ উপায়ুক্তৰ অফিচতো দালাল থাকিব নালাগে আৰু এই কথাটো মই উপায়ুক্তসকলৰ কনফাৰেন্সৰ পৰা আৰম্ভ কৰি সকলো জেগাতে কৈ আছোঁ৷’ আৰক্ষীয়ে সদৰী কৰা তথ্য মতে মঙলবাৰে সন্ধিয়া পৰ্যন্ত ওদালগুৰিত ৫জন, লখিমপুৰত ১৩জন, ধুবুৰীত ২০জন, বঙাইগাঁৱত ১৪জন, গোলাঘাটত ১৪জন, কৰিমগঞ্জত ১৬জন, হোজাইত ২৬জন, ডিব্ৰুগড়ত ১৭জন, কাৰ্বি আংলঙত ৩জন, যোৰহাটত ১৫জন, শদিয়াত ৩জন, নলবাৰীত ৩১জন, তিনিচুকীয়াত ৫জন, বিশ্বনাথত ৩৩জন, শোণিতপুৰত ১২জন, কোক্ৰাঝাৰত ২২জন, বৰপেটাত ৪১জন, গোৱালপাৰাত ১৩জন, গুৱাহাটীত ৩৫জন, কামৰূপত ৫২জন, মৰিগাঁৱত ২৭জন, নগাঁৱত ২২জন, হাইলাকান্দিত ১২জন, কাচাৰত ১২জন, ধেমাজিত ৩জন, শিৱসাগৰত ৫জন, দক্ষিণ শালমৰাত ৫জন, চিৰাঙত ৮জন, বাগ্সাত ১৪জন, বজালীত ১৭জন আৰু দৰঙত ১১জন দালালক আটক কৰি জেৰা অব্যাহত ৰাখিছে৷
যোৰহাটত কংগ্ৰেছ-বিজেপি নেতাসহ ১৫ মাটিৰ দালালক গ্ৰেপ্তাৰ
ৰাজ্যখনৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটি দালালৰ অশুভ প্ৰভাৱ তথা দুখীয়া কৃষকৰ মাটি কম দামত হস্তগত কৰি অধিক দামত বিক্ৰী কৰা কাৰ্যত জড়িত চক্ৰৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰম্ভ কৰা অভিযানৰ অংশস্বৰূপে যোৰহাটত ১৫জনক গ্ৰেপ্তাৰ কৰা বুলি যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক অংকুৰ জৈনে প্ৰকাশ কৰিছে৷ গ্ৰেপ্তাৰ কৰাসকলৰ ভিতৰত বিজেপি আৰু কংগ্ৰেছ দলৰ নেতা-কৰ্মীও আছে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছত যোৱা নিশাৰে পৰা যোৰহাট আৰু পুলিবৰ আৰক্ষীয়ে অভিযান চলাই মনজিত চাংমাই, পংকজ বৰুৱা, ধৰণী চেতিয়া, দিগন্ত গগৈ, পাপু বৰবৰা, চিৰঞ্জীত ৰাজখোৱা, দীপ নেওগ, জানমণি বৰবৰা, বিজয় বৰা, ভূপেন হাজৰিকা [১], ভূপেন হাজৰিকা [২], পুলক শৰ্মা, অজিত সৰকাৰ, শ্যাম শৰ্মা আৰু সঞ্জীৱ উপাধ্যায়ক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ এই সন্দৰ্ভত যোৰহাট থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২০, ৪৬৮, ৪৭১, ৪০৬ আৰু ৩৪ ধাৰাৰ অধীনত ২০৩০/২১ নম্বৰত এটা গোচৰ পঞ্জীভুক্ত কৰা হৈছে৷ উল্লেখ্য, ইয়াৰে মনজিত চাংমাই হ’ল ঢেকৰগঢ়া ব্লক কংগ্ৰেছৰ সভাপতি আৰু ধৰণী চেতিয়া হ’ল টীয়ক বিধানসভা সমষ্টিৰ অন্তৰ্গত মেলেং অঞ্চলৰ এজন বিজেপি নেতা৷ চেতিয়াক যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ৷ আনকেইজনক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়৷ উল্লেখ্য, ধৰণী চেতিয়াক গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষী সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিছে যদিও তেওঁক গ্ৰেপ্তাৰ কৰা নাই বুলি আৰৰক্ষীয়ে আদালতত অৱগত কৰা বুলি চেতিয়াৰ অধিবক্তা অনুপ কুমাৰ দত্তই জানিবলৈ দিছে৷ দত্তই জনোৱা মতে, আৰক্ষীয়ে প্ৰথমে আদালতক অৱগত কৰে যে ধৰণী চেতিয়াক আটক কৰা হৈছে আৰু স্বাস্থ্যজনিত কাৰণত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে৷ স্বাস্থ্যৰ উন্নতি হ’লেই তেওঁক আদালতত হাজিৰ কৰোৱা হ’ব৷ কিন্তু আদালতে আৰক্ষীক জনায় যে এজন অভিযুক্তক হয় গ্ৰেপ্তাৰ কৰিব লাগিব নহয় গ্ৰেপ্তাৰ কৰিব নালাগিব৷ ইয়াৰ মধ্যৱৰ্তী কোনো ব্যৱস্থা নাই৷ ইফালে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰিলে ২৪ঘণ্টাৰ ভিতৰত আদালতত হাজিৰ কৰাবই লাগিব৷ সেয়ে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰা নাই বুলি আদালতত অৱগত কৰে৷
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে চলোৱা অভিযানত যোৰহাটতো একাংশ দালালক গ্ৰেপ্তাৰ কৰা হৈছে যদিও এতিয়াও ৰৌ বৰালি জালত পৰিবলৈ বাকী৷–এই অভিযোগ উত্থাপন কৰিছে যোৰহাট আঞ্চলিক ছাত্ৰ সন্থাই৷ সন্থাৰ সভাপতি ঐনিতম দত্ত আৰু সম্পাদক ৰিয়াজ হুছেইনে আজি যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকক এখন স্মাৰকপত্ৰ প্ৰদান কৰি কুখ্যাত ভূ-মাফিয়াসকলক গ্ৰেপ্তাৰৰ দাবী জনায়৷ স্মাৰক পত্ৰত কয় যে ইতিমধ্যে আৰক্ষীয়ে প্ৰাৰম্ভিক পৰ্যায়ত বিভিন্নজনক গ্ৰেপ্তাৰ কৰিছে যদিও জনৈক পৃথানী, জৈন, আগৰৱালা, চৰাফ, জালান, দত্ত, গগৈ, ম’ৰ, ঢেলীয়া, দে’ আদি কুখ্যাত ভূ-মাফিয়া কেইটাই এতিয়াও মুকলি আকাশৰ তলত বিচৰণ কৰি ফুৰিছে৷ কাৰ সহায়ত বলীয়ান হৈ এই ভূ-মাফিয়া কেইজনে মুকলিকৈ বিচৰণ কৰিবলৈ সাহস কৰিছে বুলিও আছুৱে প্ৰশ্ন কৰে৷ সেয়ে পুঠি-খলিহনাৰ লগতে ৰৌ বৰালিকো গ্ৰেপ্তাৰ কৰি আৰক্ষীক সততাৰ পৰিচয় দিবলৈ আছুৱে আহ্বান জনায়৷
ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৭জন মাটিৰ দালালক
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশৰ পাছতে মাটি দালালৰ বিৰুদ্ধে তৎপৰ হৈ পৰা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ১৭জন দালালক৷ একেদিনাই ৰাজ্যৰ বিভিন্ন জিলাৰ লগতে ডিব্ৰুগড়টো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলাই জিলাখনৰ বিভিন্ন প্ৰান্তৰৰ পৰা ১৭জন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ইয়াৰে ১৫ জনৰ বিৰুদ্ধে ডিব্ৰুগড় সদৰ থানা আৰু ২জনৰ বিৰুদ্ধে নাহৰকটীয়া থানাত ৰুজু কৰিছে গোচৰ৷ ডিব্ৰুগড়ৰ সদৰ থানাৰ ১৮২৭/২১ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ ১২০[বি], ৪৬৮/৪৭১/৪০৯/৪০৬/৪২০ ধাৰাত গোচৰ পঞ্জীয়ন কৰি এই অভিযান অব্যাহত ৰাখিছে৷ আটাইকেইটা গোচৰেই আছিল জামিনবিহীন গোচৰ৷ ইফালে মাটিৰ দালালকেইজনক আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছতে ডিব্ৰুগড় সদৰ থানাত মাৰথন জেৰা চলাইছে ডিব্ৰুগড় আৰক্ষীয়ে৷ আনহাতে, ডিব্ৰুগড় আৰক্ষীয়ে জিলাখনত মাটি দালালৰ এখন ২৫জনীয়া তালিকা প্ৰস্তুত কৰিছে৷ বাকীসকলকো শীঘ্ৰেই গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে৷ আনহাতে, এই তদন্তত চক্ৰ বিষয়া, লাট মণ্ডল, ৰাজহ বিভাগৰ কৰ্মচাৰী জালত পৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই৷ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰই গ্ৰেপ্তাৰ হোৱা দাদালৰ প্ৰাৰম্ভিক তদন্তত আন বহু ব্যক্তিৰ নাম সাঙুৰ খাইছে বুলি জানিবলৈ দিয়ে৷ উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৭জনীয়া মাটিৰ দালালসকলৰ ভিতৰত, ডিব্ৰুগড়ৰ হজৰত আলী, হিম্মত আলী ওৰফে বুল, বিকাশ শইকীয়া, বিপুল বৰুৱা ওৰফে ভাটিৰাম, বিতুপন গগৈ, ফাৰুখ হুছেইন, শান্তনু দেৱনাথ, বিজয় শইকীয়া, মনোজ বৰুৱা ওৰফে বুন, লাহোৱালৰ পোণা বৰপাত্ৰ, চফিকুল হক, মৰাণৰ আব্দুল হক দেৱান, জয়পুৰৰ মৃদুল সিংঘা, নাহৰকটীয়াৰ সুনীল গগৈ, খোৱাঙৰ গোপাল গগৈ আৰু লক্ষ্মী ফুকন আৰু বৰবৰুৱাৰ সঞ্জীৱ দাস৷ উল্লেখ্য যে, ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হোৱা মাটিৰ দালালৰ মুখত ওলাইছে ডিব্ৰুগড়ৰ নামি-দামী বহু ব্যক্তিৰ নাম৷ চিকিৎসক, চাহ খেতিয়ক, সামাজিক পৰিচয় থকা ব্যৱসায়ী ইত্যাদিৰ নাম লৈছে ডিব্ৰুগড়ত গ্ৰেপ্তাৰ হোৱা মাটিৰ দালালে৷ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ মুহূৰ্তত ডিব্ৰুগড়ৰ সদৰ থানাতে চিঞৰি চিঞৰি, গ্ৰেপ্তাৰ হোৱা দালালে নাম ল’লে ডিব্ৰুগড়ৰ নামি নামি চিকিৎসক, ভাৰত পৰিচিত চাহ খেতিয়ক, ব্যৱসায়ী ইত্যাদিৰ নাম৷ মন কৰিবলগীয়া যে, প্ৰত্যেকটো চক্ৰৰ অন্তৰ্গত মাটি ক্ৰয়-বিক্ৰয়ৰ নামত চক্ৰ বিষয়াৰ কাৰ্যালয় মেনেজৰ পৰা আনুষংগিক বিভিন্ন কামৰ নাম লৈ মোটা অংকৰ ধন লৈ বছৰৰ পাছত বছৰ ধৰি দালালিৰ বৃহৎ বজাৰ মেলি অগাধ সম্পত্তিৰ গৰাকী হোৱা মাটিৰ মধ্যভোগীৰ এতিয়া ৰক্ষা নাই ডিব্ৰুগড়ত৷
তিনিচুকীয়া, শদিয়াত মাটিৰ দালালিৰ অভিযোগত গ্ৰেপ্তাৰ ১৩
সমগ্ৰ ৰাজ্যজুৰি আৰক্ষীয়ে যোৱা নিশা চলোৱা অভিযানত তিনিচুকীয়া জিলাত ১৩জন লোকক মাটিৰ দালালিৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়৷ ইয়াৰে ১০ জনক তিনিচুকীয়া আৰু ৩ জনক শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে৷ আজি নিশাৰ ভাগত পুনৰ অভিযান চলোৱা হ’ব বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ৷ ইফালে আৰক্ষীয়ে মাটিৰ দালালৰ বিৰুদ্ধে চলোৱা এই অভিযানত ৰৌ, বৰালী এৰি পুঠি, খলিহনাৰ ওপৰত হাত দিয়াৰ অভিযোগ উঠিছে৷ অভিযোগ অনুসৰি মাটিৰ দালালিৰ সৈতে জড়িত থকা ধনবান আৰু প্ৰভাৱশালী লোকৰ পৰিৱৰ্তে সাধাৰণ পেটে-ভাতে খাই থকা লোক আৰক্ষীৰ লক্ষ্য হৈছে৷
পাটাছাৰকুছি থানাত ১৭ মাটিৰ দালালক আটক
ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে চলোৱা তীব্ৰ অভিযানত পাটাছাৰকুছিতো ১৭ জন লোকক যোৱা নিশা আৰক্ষীয়ে আটক কৰে৷ উল্লেখ্য যে, বজালী জিলাৰ বিভিন্ন স্থানত হঠাতে চলোৱা অভিযানত আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল, মণ্টু চৌধুৰী, নুৰুল ইচলাম, দ্বিজেন পাটগিৰী, বুদুল তালুকদাৰ, চম্পক শৰ্মা, মুনীন দাস, মহেশ্বৰ তালুকদাৰ, মদন খাটনিয়াৰ, নৰেন্দ্ৰ নাথ গোস্বামী, অমূল্য তালুকদাৰ, কামেশ্বৰ তালুকদাৰ, মুকুল চন্দ্ৰ শৰ্মা, ভৱেশ কলিতা, সুৰেশ চৌধুৰী, হবিবুৰ ৰহমান তালুকদাৰ, জেহেৰুল ইছলাম আৰু অপূৰ্ব চৌধুৰী৷ উল্লেখ্য যে, এই লোকসকলক কালি নিশাই আটক কৰি পাটাছাৰকুছি থানালৈ আনে৷ তদুপৰি, এই লোকসকলৰ ঘৰত আৰক্ষীয়ে তালাচী চলাই বিভিন্নধৰণৰ ন ন তথ্য লাভ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিছে৷ আনহাতে, পাটাছাৰকুছি আৰক্ষী থানাত এই লোকসকলক আজিৰ দিনটো জেৰা কৰে৷ আজি সন্ধিয়া আটকাধীন লোককেইজনক দুৰ্নীতি নিবাৰক আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ কাইলৈ এই লোকসকলক আদালতত হাজিৰ কৰোৱা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷
বোকাখাত ৩ তৰণীসহ চাৰিজনক গ্ৰেপ্তাৰ
মুখ্যমন্ত্ৰীৰ প্ৰত্যক্ষ নিৰ্দেশৰ পাছতেই ৰাজ্যজুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে ভূ-মাফিয়াৰ বিৰুদ্ধে আভিযান৷ ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ত মাটিৰ কাম-কাজত ধন ল’ব নোৱৰাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীয়ে দিয়াৰ পাছতেই বোকাখাতত আৰক্ষীয়ে ৪জন ভূ-মাফিয়াক গ্ৰেপ্তাৰ কৰিছে৷ নিশা আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱা ভূ-মাফিয়া লীলাধৰ পাটোৱাৰী ওৰফে নীলু পাটোৱাৰী, বোকাখাত ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ তৰণী ক্ৰমে বিদ্যাধৰ শইকীয়া, দ্ৰোণকান্ত দাস আৰু যদুমণি খাউণ্ড৷ চাৰিওকে আৰক্ষীৰ জেৰা অব্যাহত ৰাখিছে৷
কামপুৰত মাটিৰ দালালৰ সৈতে জড়িত দুজনক আটক
অসমৰ মুখ্যমন্ত্ৰীয়ে মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে জেহাদ ঘোষণাৰ পাছতে ক্ৰমাৎ সষ্টম হৈ পৰিছে আৰক্ষী৷ নগাওঁ জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কঠীয়াতলিত নিশা কামপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পুলক কুমাৰৰ নেতৃত্বত যোৱা এটা দলে কঠীয়াতলি আৰক্ষী চকীৰ সহযোগত এক অভিযান চলাই মাটিৰ দালালিৰ সৈতে জড়িত দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হয়৷ কঠীয়াতলিৰ ৰেংবেঙৰ পৰা চন্দ্ৰ বৰা আৰু নিজ-কঠীয়াতলিৰ পৰা নিতু বৰা নামৰ দুজনকৈ লোকক মাটিৰ দালালিৰ অভিযোগত কামপুৰ আৰক্ষীয়ে আটক কৰে৷ উল্লেখ্য যে, এই ব্যক্তি দুজনে কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিভিন্ন স্থানত মাটি কিনা-বেচাৰ সৈতে জড়িত আছিল বুলি অভিযোগ উত্থাপন হৈছে৷
নগৰবেৰাতো পাঁচ মাটিৰ দালালক গ্ৰেপ্তাৰ
ভূমি ক্ৰয়-বিক্ৰয়ৰ নামত ৰাজ্যত দীৰ্ঘদিন ধৰি চলি থকা দালালৰাজ উৎখাতৰ বাবে মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশনাৰ পাছতে যোৱানিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই চাৰিশ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে৷ সমগ্ৰ ৰাজ্যতে চলা আৰক্ষীৰ এই অভিযানৰ সমান্তৰালকৈ নগৰবেৰা আৰক্ষীয়েও অতি গোপনে অভিযান চলাই চাৰিজন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ নগৰবেৰা আৰক্ষীয়ে অভিযান চলাই আব্দুল কাদেৰ, ইন্তাজ আলী, আজাদ আলী আৰু আবুল কালাম আজাদক গ্ৰেপ্তাৰ কৰি নিশাই বকোলৈ প্ৰেৰণ কৰে৷ ইপিনে বকো আৰক্ষীয়ে মমিন আলী নামৰ আন এজন দালালকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ গ্ৰেপ্তাৰ হোৱা আটাইকেইজনে দীৰ্ঘদিন ধৰি বৃহত্তৰ নগৰবেৰা অঞ্চলত মাটি ক্ৰয়-বিক্ৰয়ৰ নামত দালালৰাজ চলাই যোৱাৰ অভিযোগ আছে৷ গ্ৰেপ্তাৰ হোৱা দালালকেইজন পুঠি-খলিহনাহে৷ ইয়াৰ বিপৰীতে নগৰবেৰাত মাটিৰ দালালিত জড়িত কেইবাজন কোটিপতিয়ে এতিয়াও নিৰাপদ দূৰত্বত অৱস্থান কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ বিগত সময়ছোৱাত নগৰবেৰাত কোনে কিমান মাটি ক্ৰয় কৰিছে আৰু কেনেকৈ কাৰ কাৰ ওচৰত বিক্ৰী কৰিছে এই সমুদায় তথ্য ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত থকা তথ্যৰ ভিত্তিত এনে কোটিপতি দালালসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা উপায়ুক্তৰ লগতে আৰক্ষী অধীক্ষকক দাবী জনাইছে একাংশ লোকে৷ আৰক্ষীৰ জালত পৰিবনে এইসকল মাটিৰ দালাল? এয়া আজিৰ তাৰিখত এক লাখটকীয়া প্ৰশ্ন?
টংলাত দালালৰূপী তৰণীক গ্ৰেপ্তাৰ
যিসময়ত প্ৰশাসনে দুৰ্নীতি তথা ৰাজহ চক্ৰত মাটিৰ দালালসকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে এনে সময়তে টংলাস্থিত হৰিশিঙা ৰাজহ চক্ৰত দীৰ্ঘদিনে জনসাধাৰণৰ মাটিৰ দালাল কৰাৰ অভিযোগত সোমবাৰে টংলা আৰক্ষীয়ে খৈৰাপাৰা গাঁও নিবাসী হৰিশিঙা ৰাজহ চক্ৰৰ তৰণী হিচাপে কৰ্মৰত তিলক চন্দ্ৰ ডেকাক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে৷
কাছাৰত ৫জন মাটিৰ দালালক গ্ৰেপ্তাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কাছাৰ আৰক্ষীয়ে কালি ভূ-বাসন কাৰ্যালয়ত সক্ৰিয় ভূমি দালালসকলক চিনাক্ত কৰাৰ লগতে প্তজন দালালক গ্ৰেপ্তাৰ কৰিছে৷ মুখ্যমন্ত্ৰীয়ে চক্ৰ বিষয়াসকলক ভূ-বাসন কাৰ্যালয়সমূহ ‘দালাল’ৰ পৰা মুক্ত কৰাটো নিশ্চিত কৰিবলৈ কৈছিল৷ কিন্তু তেওঁৰ নিৰ্দেশনাস্বত্ত্বেও শিলচৰত মাটিৰ দালালে মুক্তভাৱে কাম কৰি গৈছিল৷ অভিযুক্ত দালালকেইজনে স্থায়ী কৰ্মচাৰীৰ দৰে নিৰ্ধাৰিত চকীত বহি প্ৰত্যেক আবেদনকাৰীৰ পৰা বৃহৎ কমিছন লৈছিল৷ শিলচৰত যিকেইজন মাটিৰ দালাল গ্ৰেপ্তাৰ কৰা হৈছে তেওঁলোক হ’ল -বিজেপি নেতা তথা শিলচৰৰ প্ৰাক্তন পৌৰ নিকায়ৰ সদস্য অসীম দাস [অপু], শিলচৰৰ বিশিষ্ট ব্যৱসায়ী নাহাটা টেক্সটাইলৰ সঞ্চালক সঞ্জু নাহাটা, নিশিকান্ত সৰকাৰ, অশোক সৰকাৰ আৰু নুৰুল হক৷ ধৃত আটাইকেইজনক শিলচৰ সদৰ থানাত জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ তদুপৰি, দালালৰ এই চক্ৰটোৰ লগত জড়িত আৰু বহুকেইজন এতিয়াও পলাতক৷ তেওঁলোকক কৰায়ত্ত কৰাৰ বাবে কাছাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ উল্লেখ্য, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কাছাৰ ভ্ৰমণৰ সময়ত দালালৰ বিৰুদ্ধে বিভিন্ন বাতৰিকাকতত প্ৰকাশিত প্ৰতিবেদনৰ প্ৰশংসা কৰি অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিছিল৷ জানিব পৰা মতে,সোমবাৰে কাছাৰ আৰক্ষীয়ে পাঁচ অভিযুক্ত দালালক চিনাক্ত কৰে আৰু তেওঁলোকক নিজা বাসগৃহৰ পৰা আটক কৰি থানালৈ লৈ আহে৷ মাটিৰ দালালক গ্ৰেপ্তাৰৰ পাছত শিলচৰ সদৰ আৰক্ষী থানালৈ লৈ যোৱা হয়৷ তদুপৰি, দালালৰ বিৰুদ্ধে আৰক্ষীৰ যুঁজ অব্যাহত থাকিব বুলি উল্লেখ কৰে৷ উল্লেখ্য, কাছাৰৰ ৰাজহ কাৰ্যালয়ত বাহৰ পাতি থকা দালালৰ বাবে ৰাইজ চূড়ান্ত নিৰ্যাতনৰ সম্মুখীন হৈছিল৷
হাজোত বিজেপি নেতাসহ ৯জনকৈ মাটিৰ দালালক আটক
হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি দালালৰাজ কৰি দপদপাই থকা নজনকৈ দালালক নিশা আৰক্ষীয়ে আটক কৰা ঘটনাই কম্পিত কৰি তুলিছে হাজোৰ মাটিৰ দালালসকলক৷ মুখ্যমন্ত্ৰীয়ে ৰাজহ চক্ৰসমূহৰ পৰা মাটিৰ দালাল সকলক গামোচা পিন্ধাই বিদাই দিয়াৰ নিদ্দেৰ্শৰ পাছতো ৰাজ্যত চলি আছে দালালৰ দপদপনি৷ দালালৰ দপধপনি মষিমূৰ কৰাৰ বাবে নিশা আৰক্ষী প্ৰশাস¸নে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৪১৫জন মাটিৰ দালালক আটক কৰাৰ সামন্তৰালভাৱে নিশা কামৰূপ জিলাৰ হাজোতো আৰক্ষী চক্ৰ পৰিদৰ্শক দিলিপ বনীয়াৰ নেতৃত্বত হাজোৰ বিভিন্ন অঞ্চলৰ পৰা বিজেপি কৰ্মীসহ নজনকৈ মাটিৰ দালালক আটক কৰে৷ আটকাধীন দালালকেইজন ক্ৰমে হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পটনীৰ শংকৰ দাস, পানীপাৰাৰ দিলীপ দাস, শইকীয়াপাৰাৰ বিজেপি কৰ্মী মনচুৰ আলী, নাচিৰ শইকীয়া, তৰনী দাস অভয়পুৰ, নিৰঞ্জন পাটোৱাৰী বৰদধী, আইনুল হক শোপনীকুছি, জিয়াউৰ হক[ডাক বিভাগৰ কৰ্মচাৰী], আৰু পানীপাৰাৰ দেৱজিত দাস বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি আটাইকেইজনক আদালতত হাজিৰ কাৰোবাৰ বাবে আমিনগাঁৱলৈ লৈ যায়৷
বইটামাৰীত গ্ৰেপ্তাৰ দুই মাটিৰ দালাল
ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে বঙাইগাঁও জিলাৰ বইটামাৰীৰ পৰাও সোমবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই দুজন লোকক মাটিৰ দালালৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে৷ জানিব পৰা মতে, বইটামাৰী ৰাজহ চক্ৰৰ কাৰ্যালয়ত সক্ৰিয় হৈ থকা অঞ্চলটোৰ কায়েথপাৰাৰ বদিয়ৰ ৰহমান [ ৬০] আৰু আমগুৰীৰ শিৱেন দাস[ ৫৫] নামৰ লোক দুজনক আৰক্ষীয়ে যোৱানিশা নিজ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে৷ অভিযোগ অনুসৰি, এই দুয়োজন লোকে দীৰ্ঘদিনৰ পৰা ৰাজহ চক্ৰটোৰ কাৰ্যালয়ত সক্ৰিয় থাকি ধনৰ বিনিময়ত ভূমি সম্পৰ্কীয় কাৰ্য সম্পাদন কৰাৰ লগতে আন আন কাম-কাজো সম্পাদন কৰে৷ একাংশ মণ্ডল আৰু বিষয়াৰ প্ৰিয়পাত্ৰ এই দুই দালালে কাৰ্যালয়টোত চৰকাৰী মণ্ডলৰ দৰে কাম-কাজ সম্পাদন কৰা পৰিলক্ষিত হৈছিল৷ উল্লেখ্য যে, এই চক্ৰ বিষয়া কাৰ্যালয়টোত বিগত সময়চোৱাত কেইবাটাও ভূমি কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ আছে৷ অভিযোগ অনুসৰি, কিছুদিন পূৰ্বে কাৰ্যালয়টোৰ এজন চৰকাৰী লাট মণ্ডল আৰু স্বয়ং চক্ৰ বিষয়াই জালিয়াতিৰে নিজৰ আত্মীয়ৰ নামত ভূমি নামজাৰি কৰি লৈছিল৷ এই সন্দৰ্ভত ইতিমধ্যে চক্ৰ বিষয়া পাৰ্থ প্ৰতিম নেওগক নিলম্বন কৰিছিল বিভাগীয় উৰ্ধতন কতৃৰ্পক্ষই৷
বৰক্ষেত্ৰীত সাতজন মাটিৰ দালাল আটক
ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ শূন্য সহনশীলতাৰ ক্ষেত্ৰত আৰু এখোজ আগবাঢ়ি সাধাৰণ খাটি খোৱা জনসাধাৰণক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দালালৰ পৰা মুক্ত কৰাৰ হুংকাৰ দিয়াৰ পাছতেই সমগ্ৰ ৰাজ্যতেই একে সময়তে সোমবাৰে নিশা চলিল মাটিৰ দালালৰ বিৰুদ্ধে অভিযান৷ যোৱা নিশা নলবাৰী জিলা আৰক্ষী অধীক্ষক আৰু মুকালমুৱাৰ আৰক্ষীয়ে অতৰ্কিতে অভিযান চলাই বৰক্ষেত্ৰীৰ বিভিন্ন অঞ্চলৰ পৰা সাতজন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত দালালকেইজন হৈছে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঘোৰাথাল গাঁৱৰ মাধৱ নাথ, আম্ৰাট্টাৰী গাঁৱৰ ফাৰুক হুছেইন, ঘৰুৱাবাহা গাঁৱৰ জয়নাল আবেদিন, বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত ককয়া গাঁৱৰ পংকজ নাথ, নাৰায়ণপুৰ গাঁৱৰ হেমনুৰ আলী, মোবাৰক হুছেইন, পশ্চিম হাউলিঘাট গাঁৱৰ তাজনুৰ আলী৷ আৰক্ষীয়ে যোৱা নিশা এই সাতজন লোকক আটক কৰি মাৰাথন জেৰা অব্যাহত ৰাখিছিল৷ আজি আটাইকেইজন আটকাধীন লোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ আগমুহূৰ্তলৈকে মুকালমুৱা আৰক্ষী থানাত পৃথকে পৃথকে জেৰা চলাইছিল মুকালমুৱা আৰক্ষীয়ে৷ ইপিনে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিন দালালি কৰাৰ বাবে যোৱা নিশা সাতজন লোক গ্ৰেপ্তাৰ হোৱাৰ পাছতেই কাৰ্যালয়টোলৈ মাটিৰ দালালি কৰিবলৈ সঘন অহা যোৱা কৰা বহু লোকৰ নাম আৰক্ষীৰ তালিকাত থকা বুলি চৰ্চা আৰম্ভ হৈছে বৃহত্তৰ অঞ্চলটোত৷
মৰিগাঁৱত ২৭টাকৈ মাটিৰ দালাল গ্ৰেপ্তাৰ
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইদিনমান আগতে অসমৰ ৰাজহ চক্ৰ বিষয়াসকলৰ কাৰ্যালয়ত চলি থকা দালালৰাজ বন্ধ কৰিবলৈ সকীয়নি প্ৰদান কৰিছিল যদিও চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ লাট মণ্ডলৰ পৃষ্ঠপোষকতাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ অব্যাহত ৰাখিছিল৷ ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনৰ ৰাজহ চক্ৰ কাৰ্যালয়সমূহত চলি থকা দালালকাৰ্যৰে জড়িত দালালসকলৰ নাম গোপনে সংগ্ৰহ কৰি কালিৰ পৰা এই দালালসকলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰক্ষীক নিৰ্দেশনা দিয়াত আৰক্ষীয়ে এই দালালসকলৰ বিৰুদ্ধে সক্ৰিয় হৈ পৰে৷ অকল মৰিগাঁও জিলাৰ পাঁচটা ৰাজহ চক্ৰত দালালি চলাই থকা ২৭টাকৈ দালালক যোৱানিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ বৰ্তমানলৈকে তদন্তৰ বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালালকেইটাৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই যদিও আৰু অধিক দালাল গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ জানিব পৰা মতে, মৰিগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জড়িত প্তটা আৰু লাহৰীঘাট ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ জ্জটা, ভূৰাগাঁও, মিকিৰভেটা আৰু ৰাজহ চক্ৰৰ কাৰ্যালয়ত দালালিৰে সৰ্বসাধাৰণ ৰাইজক ভীষণ হাৰাশাস্তি কৰা ২৭টাকৈ দালালক গ্ৰেপ্তাৰ কৰে৷ ইফালে আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি, মৰিগাঁও জিলাত আৰু অধিক দালাল গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা আছে৷ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালি কৰা দালালসকলক গ্ৰেপ্তাৰ কৰাত স্থানীয় ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে যদিও এইসকল দালাল পুহি ৰখা চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ মণ্ডল আৰু কৰ্মচাৰীৰ ওপৰত কেনে ব্যৱস্থা গ্ৰহণ কৰে তাক লৈ সকলোৰে চকু নিৱদ্ধ হৈ আছে৷
নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাটিৰ দালালৰ দপদপনি
ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে কাৰ্যালয়ে দপদপাই থকা মাটিৰ দালালৰাজক উৎখাত কৰিবলৈ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিয়াৰ পাছতেই আৰক্ষী প্ৰশাসন অধিক তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে৷ বিগত ২৪ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই বৃহৎসংখ্যক মাটিৰ দালালক আটক কৰাৰ সময়তে কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি মাটিৰ দালালিত জড়িত হৈ থকা একাংশ দালালৰ তৎ নোহোৱা হৈ পৰিছে৷ বৃহত্তৰ নগৰবেৰা অঞ্চলত দীৰ্ঘদিন ধৰি এটা দালাল চক্ৰই মাটি ক্ৰয়-বিক্ৰয়ত জড়িত থাকি চলাই গৈছে কোটিটকীয়া ব্যৱসায়৷ এনেকি এনে পৰ্যায় পাইছেগৈ যে, সাধাৰণ এটুকুৰা মাটি ক্ৰয়-বিক্ৰয় কৰিবলৈও দালালক নধৰিলে মাটি ক্ৰয়-বিক্ৰয় কৰাৰ সাধ্য নোহোৱা হৈ পৰিছে সাধাৰণ লোকৰ৷ বিক্ৰেতায়ো দালাল অবিহনে মাটি বিক্ৰী কৰাৰ সাধ্য নাই৷ অৰ্থাৎ নগৰবেৰাত মাটি ক্ৰয়-বিক্ৰয়ৰ সকলোখিনি নিৰ্ধাৰণ কৰে দালালেহে৷ ইপিনে নগৰবেৰা অঞ্চলত থকা অতিকমেও ২০জনীয়া মাটিৰ দালালসকলৰ বিৰুদ্ধে উঠিছে আন এক গুৰুতৰ অভিযোগ৷ জানিব পৰা মতে, মাটিৰ দালালসকলে মাটিৰ মালিকৰ পৰা কম দামতে মাটি ক্ৰয় কৰি সেই মাটি কোটি টকা বিঘাত বিক্ৰী কৰি আহিছে যদিও নামজাৰিৰ নথি-পত্ৰত মাটিৰ মূল্য দেখুওৱা হয় যথেষ্ট কমকৈ৷ যাৰ বাবে বছৰি লাখ লাখ টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে৷ মাটিৰ দালালিত জড়িত একাংশই যেন নিশাৰ ভিতৰতে হৈ পৰিছে অগাধ সা-সম্পত্তিৰ গৰাকী৷ এক অভিযোগ অনুসৰি, নগৰবেৰা অঞ্চলত দপদপাই থকা এনে ভূ-দালালৰে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীৰ আছে সু-সম্পৰ্ক৷ দালালৰ জৰিয়তে মাটি ক্ৰয়-বিক্ৰয় নহ’লে নামজাৰিৰৰ ক্ষেত্ৰত নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ বিষয়া-কৰ্মচাৰীয়ে বিভিন্ন প্ৰকাৰে মাটিৰ গৰাকীৰ লগতে ক্ৰয় কৰা ব্যক্তিজনক বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰাৰ অভিযোগ সৰ্বত্ৰ৷ সাধাৰণ নামজাৰিৰ বাবেও বিভিন্ন অজুহাত দেখুৱাই বিষয়া-কৰ্মচাৰীসকলে ছমাহপৰ্যন্ত ঘূৰাই থকাৰো অভিযোগ উত্থাপিত হৈছে৷ ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে কাৰ্যালয়ে দপদপাই থকা দালালৰ লগতে দালালৰাজৰ লগত জড়িত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰিবলৈ মুখ্যমন্ত্ৰী আৰু ৰাজহমন্ত্ৰীক দাবী জনাইছে ৰাইজে৷
গোসাঁইগাঁৱত দহজন মাটিৰ দালালক গ্ৰেপ্তাৰ
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত দীৰ্ঘদিন ধৰি চলি থকা মাটিৰ দালালৰাজৰ অৱসান ঘটাবলৈ অসম চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে৷ ড্ৰাগছ, ভাং, মদ, নিচাযুক্ত টেবলেট আদিৰ বিৰুদ্ধে আৰক্ষী সষ্টম হোৱাৰ সমান্তৰালকৈ নিশা ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান চলায়৷ অভিযান চলাই বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় পাঁচশ মাটিৰ দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ ঠিক একেদৰে কোক্ৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অন্তৰ্গত ভাওৰাগুৰি আৰু গোসাঁইগাঁও ৰাজহ চক্ৰ কাৰ্যালয়ৰ অধীনত থকা মুঠ দহজন মাটিৰ দালালক গ্ৰেপ্তাৰ কৰে যদিও দুজন ভাওৰাগুৰি ৰাজহ চক্ৰৰ আছিল৷ গোসাঁইগাঁৱত আৰক্ষী অভিযান চলাই আটক কৰা মাটি দালালকেইজন ক্ৰমে- ছামছুল হক, গৌতম তালুকদাৰ, মকবুল হুছেইন, আব্দুল ৰহিম, নুৰ আলম আহমেদ, ওমৰ উদ্দীন মণ্ডল, আশ্ৰফুল ভূঞা, অজুৰ্ন গোবালা, চক্ৰ বসুমতাৰী, চাহাবৰ আলী আৰু মঙলা শ্বেখ৷ আজি গোসাঁইগাঁও থানাত মাটিৰ দালালকেইজনক আনি সোধা-পোছা কৰাৰ অন্তত কোক্ৰাঝাৰলৈ প্ৰেৰণ কৰিছে যদিও বৰ্তমানলৈ উক্ত দুখন ৰাজহ চক্ৰ কাৰ্যালয়ত আৰু অধিক দালাল চক্ৰ আছে৷ আৰক্ষীয়ে লাভ কৰা তথ্য মতে, গোসাঁইগাঁৱৰ ৰাজহ চক্ৰ দুখনত প্ৰায় ২৫-৩০জন মাটিৰ দালাল সক্ৰিয় হৈ আছে৷ কেৱল মাটিৰ দালাল নহয় ৰাজহ চক্ৰৰ একাংশ মণ্ডল ইয়াৰ লগত জড়িত হৈ আছে৷ দীৰ্ঘদিন ধৰি এই চক্ৰই মাটিৰ কিনা-বেচা, নামজাৰী আৰু অন্যান্য কাম-কাজৰ ক্ষেত্ৰত সাধাৰণ লোকৰ পৰা ৫০ - ৰলাখ টকাপৰ্যন্ত টকা লোৱাৰ অভিযোগ উঠিছে৷ আজি গ্ৰেপ্তাৰ কৰা দহজনৰ ভিতৰত প্ৰায় আঠজনেই আছিল ৰাজহ চক্ৰৰ মহৰী৷ মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত ৰখাত এতিয়া গোসাঁইগাঁৱত ৰাজহ চক্ৰৰ কাৰ্যালয়ত ভূমিকম্পৰ সৃষ্টি হৈছে৷ অতিশীঘ্ৰে আৰক্ষীৰ কৱলত পৰিব একাংশ মণ্ডল, অৱসৰগ্ৰহণ কৰা কৰ্মচাৰী৷
দক্ষিণ কামৰূপত ২৮জন দালালক আটক
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহ চক্ৰৰ বিষয়াসকলক কাৰ্যালয়ৰ পৰা দালাল চক্ৰ উৎখাত কৰাৰ বাবে আহ৩ান জনোৱাৰ পাছতে যোৱা নিশা মুখ্যমন্ত্ৰীৰ তদন্তকাৰী দলে সমগ্ৰ ৰাজ্যখনতে দালালৰ বিৰুদ্ধে অভিযান চলায়৷ তদন্তকাৰী দলে আৰক্ষীৰ সহযোগত ৰাজ্যৰ বিভিন্ন স্থানত অভিযান চলাই ৪১৫জন মাটিৰ দালালক আটক কৰে৷ সেই অনুসৰি, দক্ষিণ কামৰূপৰ বিভিন্ন স্থানত আৰক্ষীয়ে অভিযান চলাই প্ৰায় ২৮জন লোকক আটক কৰে৷ আটকাধীন লোককেইজনক আদালতত হাজিৰ কৰায়৷ যোৱা নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত অভিযান চলাই ছয়গাঁও, গৰৈমাৰী আদিৰ পৰা ২০জন ভূ-মাফিয়াক আটক কৰে৷ ছয়গাঁও আৰক্ষীয়ে আটক কৰা লোককেইজন হ’ল কুকুৰমাৰাৰ বিনোদ দাস, নোৱাপাৰাৰ প্ৰণৱ কুমাৰ দাস, হৃদয় দাস, ৰাতুল শৰ্মা, মঠপাৰাৰ জিতেন কলিতা, ভূঞাপাৰাৰ জিতেন কলিতা ওৰফে সোণ, সাপৰটাৰীৰ বিমল চন্দ্ৰ কলিতা, নতুন কটহীৰ দ্বীজেন তালুকদাৰ, মাকেলীৰ বাবুল কলিতা, মাজপাৰাৰ ঘনশ্যাম দাস, আলেগজাৰীৰ শুক্লেশ্বৰ দাস ওৰফে ধন, গৰৈমাৰী লাৰুৱাজানৰ চহৰাব আলী, গৰৈমাৰী ঘোৰামাৰা পথাৰৰ জাকিৰ হুছেইন, গৰৈমাৰী লাৰুৱাজানৰ আব্দুৰ ৰেজ্জাক, গৰৈমাৰী বিহাপাৰাৰ ছিদ্দিক আলী, আগগুমী ছফিকুল ইছলাম, নুৰ মহম্মদ আলী, মাজগুমীৰ কুলুমুদ্দিন, হাতীপাৰাৰ জালালুদ্দিন, হাতীশলা পামৰ ছামচুল আলম৷ আনহাতে, পলাশবাৰী আৰক্ষী থানাৰ অন্তৰ্গত বিপুল নাথ, আজিম আলী, ৰাজপ্ৰতাপ সিং, খগেন ঠাকুৰীয়াকে আদি কৰি ৬জন আৰু ছমৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত দুজনলোকক আটক কৰে৷ উল্লেখ্য যে, আটকাধীন লোকসকলৰ বেছিসংখ্যকে ডাঙৰ ডাঙৰ মাটি ব্যৱসায়ীৰ সহযোগীহে৷ প্ৰকৃত মাটিৰ দালালক আটক কৰিব নোৱাৰি সৰু সৰু লোকসকলক আটক কৰা কাৰ্যত এক ৰহস্যৰ গোন্ধ পোৱা গৈছে৷ এক বিশেষ সূত্ৰে জানিব পৰা মতে, পলাশবাৰী আৰক্ষীয়ে এজন ভূ-মাফিয়া তথা শাসনাধিষ্ঠিত দলৰ নেতা এজনক সোধ-পোছৰ বাবে আটক কৰি নিশাই মুকলি কৰি দিয়া বুলিও খবৰ ওলাইছে৷ উল্লেখ্য যে, দক্ষিণ কামৰূপত বেছিসংখ্যক ভূ-মাফিয়াই বৰ্তমান বিজেপি দলৰ বিভিন্ন পদবীত আছে৷ তদুপৰি,বিজেপি দলৰ কাৰ্যালয় নিৰ্মাণত দক্ষিণ কামৰূপৰ ‘জৈন’ উপাধিৰ ভূ-মাফিয়াৰ যথেষ্ট অৱদান থকা বুলিও সাধাৰণ লোকে মন্তব্য কৰে৷
বৰপেটাৰোড আৰক্ষীয়ে আাটক কৰিলে ৬জন মাটিৰ দালাল
অসমৰ বিভিন্ন ঠাইত মাটিৰ দালালৰ বাবে সাধাৰণ শ্ৰেণীৰ লোক মাটি কিনা-বেচাৰ ক্ষেত্ৰত যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’বলগাত পৰিছিল ইয়াৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী৷ ৰাজ্যজুৰি যোৱা নিশা আৰক্ষীৰ অভিযানত ৪৫৩জন মাটি দালালক আটক কৰিবলৈ সক্ষম হয়, সেইদৰেই বৰপেটাৰোড আৰক্ষীয়ে যোৱা নিশা এক অভিযান চলাই ৬জন মাটিৰ দালালক আটক কৰিবলৈ সক্ষম হয়৷ আটক কৰা মাটিৰ দালালকেইজন হ’ল— বৰপেটাৰোডৰ মণিপুৰৰ ইনাচ আলি, ডুমনিৰ ৰহম আলি, খৈৰাবাৰীৰ টৱেব আলি, ৱাৰ্ড নং ১১ নুৰুল ইছলাম, কলহভঙাৰ ৰামানন্দ দাস আৰু কৃষ্ণ দাস৷ আটাইকেইজন দালালক আজি বৰপেটাৰোড আৰক্ষীয়ে বৰপেটা আদালতলৈ প্ৰেৰণ কৰে৷
শুৱালকুছিত গাঁওবুঢ়াসহ দুজনক আটক
ৰাজ্যৰ ৰাজহ চক্ৰ কাৰ্যালয়সমূহত মাটিৰ দালাল থাকিব নোৱাৰিব বুলি মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়াৰ পাছতে তৎপৰ হৈছে অসম আৰক্ষী৷ নিশা অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শুৱালকুছিতো অভিযান চলাই এজন গাঁওবুঢ়াসহ দুজন মাটিৰ দালালক আটক কৰে৷ আৰক্ষীয়ে সোধ-পোছৰ বাবে আটক কৰা মাটিৰ দালাল দুজন হৈছে শুৱালকুছিৰ আই বিৰ বিনোদ মেধী আৰু পশ্চিম শুৱালকুছিৰ লাট গাঁওবুঢ়া দীপক ডেকা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে৷ উল্লেখ্য যে, ৰাজহ চক্ৰৰ কাৰ্যালয়সমূহত দীৰ্ঘদিনৰ পৰা মাটি দালালে সৰ্বসাধাৰণ ৰাইজক ঠগ-প্ৰৱঞ্চনা কৰি অহাৰ অভিযোগ উত্থাপন হৈ আহিছে, যাৰ বাবে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৰাজহ চক্ৰৰ বিষয়া কাৰ্যালয়ৰ দালালসকলক গামোচা পিন্ধাই বিদায় দিবলৈ আহ্বান জনাইছিল৷ মুখ্যমন্ত্ৰীৰ এনে পদক্ষেপ সচেতন মহলে আদৰণি জনোৱাৰ লগতে মাটিৰ দালাল চক্ৰৰ সৈতে জড়িত মণ্ডল তথা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলকো গ্ৰেপ্তাৰ কৰিবলৈ আহ্বান জনাইছে বিভিন্ন দল-সংগঠনে৷
দেৰগাঁও আৰক্ষীৰ জালত মাটিৰ দালাল
সমগ্ৰ ৰাজ্যতে চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দালালৰাজৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰাৰ পাছতেই দেৰগাঁও আৰক্ষীয়ো তৎপৰ হৈ পৰা দেখা গৈছে ৷ গোলাঘাটৰ উপ-আৰক্ষী অধীক্ষক মাধুৰ্য বৰুৱাৰ নেতৃত্বত দেৰগাঁও আৰক্ষীৰ এটা দলে ২০ ছেপ্টেম্বৰৰ নিশা অভিযান চলায় দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা মাটিৰ দালাল বুলি অভিযোগ থকা মুঠ ৬জন লোকক আটক কৰে৷ আটক কৰা লোককেইজন ক্ৰমে শম্ভু ৰবি দাস, বিজিত ফুকন, নৰেন ৰবি দাস, অজিত দত্ত, আচুৰ্য [নানু] হাজৰিকা আৰু, প্ৰভাত বৰা৷ উল্লেখ্য যে, আৰক্ষীয়ে আটক কৰা আটাইকেইজন লোকেই মাটি বেচা-কিনাৰ ক্ষেত্ৰত দালালি কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল৷ দেৰগাঁও আৰক্ষীয়ে মাটিৰ দালালৰ বিৰুদ্ধে যোৱা নিশাৰে পৰা চলোৱা অভিযান অব্যাহত আছে আৰু এনে বহুসংখ্যক দালালক আজিৰ দিনটোত ধৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিছে৷ উল্লেখ্য যে, ৰাজহ চক্ৰৰ কাৰ্যালয়ত এই দালালসকলৰ বাবেই বহুলোকে হাৰাশাস্তি ভোগ কৰাৰ লগতে অত্যধিক অৰ্থব্যয় কৰিব লগাৰ অভিযোগ প্ৰায়েই শুনা যায়৷ শেহতীয়াকৈ আৰক্ষীৰ এই পদক্ষেপে জনসাধাৰণৰ বিলৈ-বিপত্তি হ্ৰাসত নিশ্চিতভাৱে প্ৰভাৱ পেলাব৷ এইক্ষেত্ৰত আটছা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি দালালৰাজ উৎখাতৰ ক্ষেত্ৰত চৰকাৰে লোৱা ভূমিকাৰ শলাগ লয়৷ উল্লেখ্য যে, দেৰগাঁও চক্ৰ বিষয়া কাৰ্যালয়ত একাংশ মণ্ডলৰ বিৰোদ্ধে উৎকোচ দাবী কৰাৰ অভিযোগ দীৰ্ঘদিনীয়া৷
চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ, লখিমপুৰত ১৩জনক গ্ৰেপ্তাৰ
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত যোৱা নিশাৰে পৰা দালালৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে ব্যাপক সফলতা অৰ্জন কৰিছে৷ ৰাজ্যৰ বিভিন্ন চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ দৰে লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত চলি থকা দালালৰাজৰ বিৰুদ্ধে যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই এইপৰ্যন্ত ১৩জন দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ উল্লেখ্য যে, চক্ৰ বিষয়াৰ কাৰ্যালয়সমূহত দীৰ্ঘদিন ধৰি মাটিৰ দালালৰাজ অব্যাহত আছিল৷ ইফালে যোৱা নিশাৰে পৰা লখিমপুৰ আৰক্ষীয়ে বিভিন্ন ঠাইৰ পৰা এনে দালালক আটক কৰাৰ পাছত লখিমপুৰ, কদম আদি ৰাজহ চক্ৰত কঁপনি উঠিছে৷ একাংশ মণ্ডলে এনে দালালৰ জৰিয়তে মাটি-বাৰী পঞ্জীয়ন, নামজাৰি আদিৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি আহিছিল৷






