Logo
image

থানাৰ পৰা দালালক মোকলাই ফুলৰ মালা পিন্ধালে বিধায়কে

আমাৰ অসম, ২২ ছেপ্টেম্বৰঃ থানাৰ পৰা মাটিৰ দালালক মোকলাই আনি ফুলৰ মালাৰে আদৰণি জনালে আলগাপুৰ সমষ্টিৰ এআইইউডিএফ বিধায়ক নিজামুদ্দিন চৌধুৰীয়ে৷ এই ঘটনাই ৰাজ্যজুৰি তীব্ৰ ক্ষোভ আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাটিৰ দালালৰ সৈতে ইউডিএফ বিধায়কৰ দহৰম-মহৰমে বহু গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ৰেক ঘটাইছে৷ কেৱল সেয়ে নহয়, আৰক্ষীৰ জিম্মাৰ পৰা মোকলাই অনা মাটিৰ দালালক লৈ বৃহৎ বিজয়োৎসৱতো ভাগ লয় ইউডিএফৰ বিধায়কজনে৷ উল্লেখ্য, মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতে সমগ্ৰ ৰাজ্যতে সোমবাৰ নিশাৰে পৰা আৰম্ভ হয় মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷ ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা প্ৰায় পাঁচশ দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ৰাজ্যৰ আনপ্ৰান্তৰ সমান্তৰালভাৱে বৰাক উপত্যকাৰ তিনি জিলাৰ পৰা আৰক্ষীয়ে আটক কৰে ৩৫জন লোকক৷ কিন্তু আ(ৰ্যজনকভাৱে হাইলাকান্দি জিলাত আটক হোৱা ১২জনৰ ভিতৰত ৫জনক মঙলবাৰে পুৱা মুক্ত কৰি দিয়ে আৰক্ষীয়ে৷ কিন্তু ইয়াৰ পাছতে দেখিবলৈ পোৱা যায় এক বিৰল দৃশ্য৷ দুজন মাটিৰ দালালক আৰক্ষীৰ জিম্মাৰ পৰা মুক্ত কৰি ৰাইজে পাতিলে বিজয় উৎসৱ৷ এই বিজয় উৎসৱত চামিল হ’ল আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীও৷ গোটেই ৰাজ্যৰ লগতে বৰাকৰ তিনিখন জিলা ক্ৰমে কাছাৰ,কৰিমগঞ্জ আৰু হাইলাকান্দিতো সোমবাৰে নিশা চলে আৰক্ষীৰ দালালবিৰোধী অভিযান৷ হাইলাকান্দি আৰক্ষীয়ে নিশা জিলাৰ আলগাপুৰ, লালা, কাটলিছেড়াসহ জিলা সদৰৰ বিভিন্ন স্থানত অভিযান চলাই মাটিৰ দালালিত জড়িত থকা অভিযোগত ১২জনকৈ লোকক আটক কৰে৷ ইয়াৰ ভিতৰত আলগাপুৰ থানা এলেকাৰ পৰা আটক কৰা হয় সৰ্বাধিক ৪জন লোকক৷ আটকাধীন দালালসকলৰ ভিতৰত আছিল ছৰফ উদ্দিন বৰভূঞা নামৰ স্থানীয় এজন পঞ্চায়ত প্ৰতিনিধিও৷ নিশা এইসকলক থানাত আটক কৰি ৰখাক কেন্দ্ৰ কৰি পুৱাৰে পৰা আলগাপুৰ এলেকাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ৷ মাটিৰ দালালৰ পৰিৱৰ্তে নিৰ্দোষ লোকক আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ স্থানীয় ৰাইজে ঘেৰাও কৰে আলগাপুৰ আৰক্ষী চকী৷ এওঁলোকৰ প্ৰতিবাদত সমৰ্থন জনাই আগবাঢ়ি আহে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীও৷ তেওঁ থানাত আহি কৰ্তব্যৰত আৰক্ষী বিষয়াসকলক আটকাধীন লোকসকলক মুক্ত কৰি দিয়াৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰে৷ অৱশেষত আলগাপুৰ আৰক্ষীয়ে বিধায়কৰ হেঁচাত পঞ্চায়ত সদস্য ছৰফ উদ্দিন বৰভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰ নামৰ দুজন লোকক মুক্ত কৰি দিয়ে৷ ইপিনে, এওঁলোকক আৰক্ষীয়ে এৰি দিয়াৰ পাছতে দেখা গ’ল আন এক আজব দৃশ্য৷ মুক্তিৰ পাছতে ডিঙিত মালা পিন্ধাই, পতাকা ফুটাই তেওঁলোকক লৈ যোৱা হ’ল বিধায়ক নিজাম উদ্দিনৰ বাসগৃহলৈ৷ তাতে স্বয়ং বিধায়কে আদৰণি জনালে এই দুয়োজন লোকক৷ বিধায়কৰ হেঁচাত আৰক্ষীয়ে এনে দুই দলালক এৰি দিয়াৰ ঘটনাই হাইলাকান্দিত সৃষ্টি কৰিছে চাঞ্চল্যৰ৷ আনহাতে, হাইলাকান্দিৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি হাইলাকান্দিত আটক হোৱা ১২ জন লোকৰ ভিতৰত ৫জনক এৰি দিয়া হৈছে বুলি মন্তব্য কৰে৷ বাকী ৭জন লোকক আজি আদালতত হাজিৰ কৰা হয় বুলিও জনায় আৰক্ষী অধীক্ষকজনে৷ এই ৫ জন লোক মাটিৰ দালালিৰ পৰিৱৰ্তে মাটি আৰু বালি বিক্ৰয়ৰ লগতে জড়িত বুলি জনায় বিষয়াজনে৷ ইপিনে, উপত্যকাৰ আন দুই জিলা কাছাৰ আৰু কৰিমগঞ্জতো মাটিৰ দালালৰ বিৰুদ্ধে চলে আৰক্ষীৰ অভিযান৷ কৰিমগঞ্জ আৰক্ষীয়ে নিশা অভিযান চলাই আঠজনকৈ লোকক আটক কৰে৷ জানিব পৰা মতে, সেই আঠজনৰ ভিতৰত পাঁচজন সদৰ চক্ৰ বিষয়াৰ অন্তৰ্গত তৰণি৷ আন তিনিজনক নিলাম বজাৰৰ পৰা আটক কৰিছে৷ সদৰ চক্ৰ বিষয়াৰ অন্তৰ্গত আটক হোৱা কেইজন হ’ল, আবুল হুছেইন, আলতাফ হুছেইন, জাকিৰ হুছেইন, তাৰিক আহমেদ আৰু সুশান্ত ৰয়৷ কাছাৰ জিলা আৰক্ষীয়েও নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ১৫ জন দালালক৷

চামগুৰি ৰাজহ চক্ৰৰ তিনি দালালক মাৰাথন জেৰা

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহ চক্ৰ কাৰ্যালয়ত দালালৰাজ মষিমূৰ কৰিবৰ বাবে কঠোৰ নিৰ্দেশনা জাৰি কৰাৰ পাছতে ৰাজ্যৰ আন ঠাইৰ লগতে চামগুৰিৰো ৩দালালক আটক কৰিছে৷ নগাঁও জিলাৰ মুঠ ১৬জনক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে৷ ইয়াৰে চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত ৰূপহীহাট টাউনৰ বাবু ওৰফে ধনঞ্জয় ঘোষ, গেৰুৱামুখৰ আব্দুল মালেক আৰু শিৱস্তান দক্ষিণ পোতা কলঙৰ ইছৰাফিল আলীক নিশা আৰক্ষীয়ে আটক কৰিছে৷ নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক[সদৰ] ধ্ৰুৱ বৰা, অতিৰিক্ত আৰক্ষী অধীক্ষক [সীমান্ত] মানস শইকীয়া, উপ-আৰক্ষী অধীক্ষক[বিশেষ শাখা] দীপ্তি মালি আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ নেতৃত্বত নগাঁৱৰ মাটিৰ দালালকেইজনক আটক কৰা হয় বুলি জানিব পৰা গৈছে৷ চামগুৰি ৰাজহ চক্ৰৰ জৰিয়তে মাটিৰ দালালি কৰা ধৃত দালালকেইটাক অধিক তথ্যৰ বাবে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে৷

নলবাৰীত গ্ৰেপ্তাৰ ৩১জন ভূ-মাফিয়া, বহু দালাল পলাতক

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ভূ-মাফিয়া তথা মাটিৰ দালালৰ অবৈধ ৰাজত্বৰ অৱসান ঘটাব লাগিব বুলি ঘোষণা কৰাৰ পাছত খেনোক দেখি দুৱাৰ বন্ধ খেনোক দেখি দুৱাৰ খোলা নীতিৰে দীৰ্ঘদিন ধৰি চলি অহা অসম আৰক্ষীয়ে হঠাৎ সক্ৰিয়তা প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷ জনহিত-জনসেৱাৰ্থে৷ অসম আৰক্ষীৰ মূলমন্ত্ৰ৷ আজি ভূ-মাফিয়াৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে প্ৰদৰ্শন কৰা বীৰত্বই মৰ্মে মৰ্মে অনুধাৱন কৰিবলৈ বাধ্য কৰাইছে যে অসম আৰক্ষীৰ মূলমন্ত্ৰ জনহিত-জনসেৱাৰ্থে৷ সোমবাৰে নিশাৰ পৰা নলবাৰীত ভূ-মাফিয়া তথা মাটিৰ দালালৰ বিৰুদ্ধে নলবাৰী আৰক্ষীয়ে তীব্ৰ অভিযানত চলায়৷ নলবাৰী আৰক্ষীয়ে সোমবাৰে সমগ্ৰ নিশাটো অভিযান চলাই বচা বচা ভূ-মাফিয়া তথা মাটিৰ দালাল, ব্যৱসায়ী তথা লাট মণ্ডলসহ ৩১জনক গ্ৰেপ্তাৰ কৰে৷ ইফালে নলবাৰী সদৰ আৰক্ষী থানাৰ ৰুজু হোৱা ৫২৩/২১ গোচৰ নং অনুসৰি ভাৰতীয় দণ্ড বিধি আইনৰ অধীনত ধাৰা ক্ৰমে ১২০[বি]৪২০/৪০৯/৪৬৭/৪৬৮/৪১৭ আৰক্ষীৰ ভূ-মাফিয়া তথা দালালবিৰোধী অভিযানত ১৮জন ভূ-মাফিয়া, মাটিৰ দালাল ব্যৱসায়ী তথা লাট মণ্ডলক গ্ৰেপ্তাৰ কৰে আৰু ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷ নলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৮জন ভূ-মাফিয়া মাটিৰ দালাল ব্যৱসায়ী তথা লাট মণ্ডল কেইজন হ’ল ক্ৰমে অনিল কুমাৰ জৈন [নলবাৰী টাউন]চন্দ্ৰ প্ৰাণ জৈন [নলবাৰী টাউন] ৰুবুল আলি [মালিকুছি] সঞ্জয় কুমাৰ জৈন [নলবাৰী টাউন] সুকেশ কুমাৰ জৈন [নলবাৰী টাউন] চক্ৰেশ্বৰ কলিতা [লাট মণ্ডল][কাজিপাৰা] কৃষ্ণ কলিতা[খাটাবাৰী]আব্দুল মজিদ [মালিকুছি]অজয় কুমাৰ জৈন [ফৰেষ্টঅফিচ নলবাৰী] মহিবুৰ ৰহমান [মালিকুছি], আজিজুল হক[মালিকুছি]৷ চামচুল আলী [মালিকুছি] আইনুল হক [মালিকুছি]দাদুল আহমেদ [মালিকুছি]মুকেশ জৈন [নলবাৰী টাউন]দেৱ কুমাৰ বৰুৱা [লাট মণ্ডল মৰোৱা]ৰাজেশ জৈন [ভকতপাৰাৰোড] আৰু কৃষ্ণ আগৰৱালা [ভকতপাৰা ৰোড]৷ মুকালমুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৬জন ভূ-মাফিয়া তথা মাটিৰ দালালকেইজন হ’ল জয়নাল আবেদিন [ঘৰুৱাবাহা] মাধৱ নাথ [ঘৰুৱাবাহা]ফাৰুক আলি আহমেদ [আমৰাট্টাৰি]আলি হুছেইন [পশ্চিম হাউলিঘাট]হেমনুৰ আলি[নাৰায়ণপুৰ] আৰু মোবাৰক হুছেইন [নাৰায়ণপুৰ]৷ টিহু আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ভূ-মাফিয়া তথা মাটিৰ দালাল পাঁচজন হ’ল ৰাজীৱ কলিতা[নাথকুছি] মধুসূধন কলিতা] ৰণাকুছি যমুনাট্টাৰী]মাণিক কলিতা [বামুণবৰী] কন্দৰ্প কলিতা [নান্নাট্টাৰী] আৰু বিপুল দাস[ভেল্লা]৷ আনহাতে, বেলশৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা মাটিৰ দালালজন হ’ল পংকজ নাথ [ককয়া ] 

নলবাৰীৰ পৰা পলাতক ভূ-মাফিয়াঃ  নলবাৰী আৰক্ষীয়ে ভূ-মাফিয়া তথা মাটিৰ দালালৰ বিৰুদ্ধে চলোৱা তীব্ৰ অভিযানত একাংশ ভূ-মাফিয়াই পলায়ন কৰাৰ তথ্য পোহৰলৈ আহিছে৷ অৱশ্যে নলবাৰী আৰক্ষীয়ে পলাতক ভূ-মাফিয়া তথা দালালক গ্ৰেপ্তাৰৰ বাবে অভিযানত জাৰি ৰাখিছে৷ নলবাৰী আৰক্ষীয়ে ভূ-মাফিয়া তথা মাটিৰ দালালৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা ঘটনাক ৰাইজে প্ৰশংসাৰে উপচাই পেলাইছে৷ 

দৰং জিলাত ১১জন মাটিৰ দালাল গেপ্তাৰ মঙলদৈত ৫জনক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা দালাদৰ দপদপনি নিঃশেষ কৰাৰ বাবে হুংকাৰ দিয়াৰ পাছত আজি দৰং জিলাত ১১জন দালালক আৰক্ষীয়ে কৰায়ত্ত কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে৷ মঙলবাৰে পুৱাতে মঙলদৈত ৫জনকৈ মাটিৰ দালাল গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ আটকাধীন ৫জন হৈছে ক্ৰমে তজিবুৰ আহমেদ, আক্কেল আলি, নজৰুল হক হাজৰিকা, চৰিফুল হক আৰু মজিবৰ ৰহমান৷ মঙলদৈ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মস্কো শইকীয়া আৰু উপ-পৰিদৰ্শক ডাণ্টেজিৎ দেউৰীৰ নেতৃত্বত যোৱা দলে চহৰৰ ভিন্ন প্ৰান্তৰ পৰা আটক কৰে এই ৫জন দালালক৷ আৰু অধিক দালালৰ সন্ধানত বৰ্তমানলৈ অভিযান চলি আছে৷ আনহাতে, দৰং জিলাত আজি মুঠ ১১জন মাটিৰ দালালক আটক কৰে আৰক্ষীয়ে৷ সেই অনুসৰি, দৰঙৰ মঙলদৈত পাঁচজন, ছিপাঝাৰত ৩জন আৰু দলগাঁৱত ৩জন দালালক আটক কৰিছে আৰক্ষীয়ে৷ এনে দালালিকাৰ্যৰ সৈতে একাংশ মণ্ডল, কানানগো আৰু উপায়ুক্ত আৰু চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী জড়িত বুলি দাবী কৰি একাংশ সচেতন লোকে সেইসকলকো গেপ্তাৰ কৰিবলৈ দাবী জনাইছে৷ 

কলিয়াবৰত গ্ৰেপ্তাৰ তিনি মাটিৰ দালাল

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই দীৰ্ঘদিনে খোপনি পুতি থকা মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ সকীয়নি দিয়াৰ পাছতে কলিয়াবৰতো আজি আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’ল তিনি মাটিৰ দালাল৷ ধৃত তিনি দালাল হৈছে ক্ৰমে মোজাহাৰ লটিফ, ইচব আলি আৰু নুৰ মহম্মদ৷ ধৃত তিনি দালালৰ ঘৰ কলিয়াবৰৰ বৰঘূলীত৷ আৰক্ষীৰ অভিযানত ইতিমধ্যে তিনি দালালৰ ঘৰৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, দীৰ্ঘদিন ধৰি কলিয়াবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালি কৰি আহিছিল আটকাধীন তিনি ব্যক্তিয়ে৷ বৰ্তমান কলিয়াবৰ আৰক্ষীয়ে ধৃত ৩ দালালৰ বিৰুদ্ধে জেৰা আৰম্ভ কৰিছে৷ 

ধুবুৰী জিলাত ২৪ হাইপ্ৰ’ফাইল মাটিৰ দালাল ধৃত

কালি নিশাৰ পৰাই ধুবুৰীকে ধৰি জিলাখনৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে মাটিৰ দালালবিৰোধী অভিযানত এতিয়ালৈকে ২৪ জনকৈ ব্যক্তি জালত পৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে৷ অৱশ্যে তদন্তৰ খাতিৰত ধুবুৰী আৰক্ষীৰ শীৰ্ষমহলে বৰ্তমানলৈ আনুষ্ঠানিকভাৱে একো জনোৱা নাই যদিও ধুবুৰীৰ কেইবাজনো প্ৰতিষ্ঠিত ব্যৱসায়ীকে ধৰি ধুবুৰীৰ চক্ৰ বিষয়াৰ লাট মণ্ডল আবুল হুছেইনও আৰক্ষীৰ জালত পৰা বুলি জানিব পৰা গৈছে৷  ধুবুৰীৰ জিলা উপায়ুক্ত অম্বামুথন এম পিৰ এখন এজাহাৰৰ ভিত্তিত ধুবুৰী সদৰ থানাত ১৫১২/২০২১ নম্বৰৰ এটা গোচৰ ৰুজু কৰি ধৃত ২৪ জনক গ্ৰেপ্তাৰ কৰিছে ধুবুৰী আৰক্ষীয়ে৷ আনহাতে, পলাতক অৱস্থাত থকা আন কেইবাজন লোকৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত থকা বুলিও জানিব পৰা গৈছে আৰু এনে প্ৰেক্ষাপটত আগত সময়ত আৰু কেইবাজনো লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে৷ 

কলাইগাঁৱত মাটিৰ দালালক গ্ৰেপ্তাৰ

মুখ্যমন্ত্ৰী নিৰ্দেশৰ পাছতেই ৰাজ্যজুৰি আৰক্ষীয়ে আৰম্ভ কৰিছে ভূ-মাফিয়া আৰু দালালৰ বিৰুদ্ধে ব্যাপক অভিযান৷ ওদালগুৰি জিলাৰ কলাইগাঁৱতো আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কুশল বৰুৱা নামৰ এজন তৰ¸ণিক৷ কলাইগাঁও ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত তৰণি হিচাবে কৰ্মৰত বৰুৱা মাটিৰ দালালৰ সৈতে জড়িত থকাৰ উত্থাপিত অভিযোগৰ ভিত্তিত ওদালগুৰি জিলা উপায়ুক্তই কুশল বৰুৱাৰ বিৰুদ্ধে কলাইগাঁও থানাত এখন এজাহাৰ দাখিল কৰে৷ উপায়ুক্তৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে কুশল বৰুৱাৰ বিৰুদ্ধে ১৪০/২১ নম্বৰত এটা গোচৰ ৰুজু কৰি ভাৰতীয় দণ্ডবিধি আইনৰ ১২০[বি]/৪২০/৪০৯ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰি আবেলি ধৃত বৰুৱাক ওদালগুৰিৰ জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে৷ 

ৰঙিয়াতো ভূ-মাফিয়া আটক

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অন্যান্য জিলাৰ লগতে ভূ-মাফিয়াৰ বিৰুদ্ধে ৰঙিয়াতো আৰক্ষীয়ে অভিযান চলাই কেইবাজনো লোকক আটক কৰিছে৷ ৰঙিয়া ৰাজহ চক্ৰ আৰু কমলপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দালালৰাজ চলোৱা একাংশ লোক আৰক্ষীৰ জালত পৰিছে৷ ৰঙিয়া থানাত ৰমেশ শইকীয়া,  বিজু আহমেদ,  দেৰাজ শইকীয়া,  মইনুল হক, উদিয়ানাৰ ইয়াচিন আলী আৰু হবিব আলীক দিনটো ৰাখি জেৰা কৰে৷ লোককেইজনক আৰক্ষীয়ে নিশাই আটক কৰিছিল৷  অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷  ৰাইজে ইয়াৰ লগত জড়িত চক্ৰ বিষয়াৰ কাযাৰ্লয়ৰ চৰকাৰী কৰ্মচাৰীসকলকো তদন্তৰ আউটিলৈ আনিবলৈ দাবী জনাইছে৷