Logo
image

বিলুপ্ত হ’ব ৰাজ্যৰ ৩ হাজাৰ বিদ্যালয়

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ ‘একত্ৰীকৰণৰ ফলত ৰাজ্যত বন্ধ হ’ব দুইৰ পৰা তিনি হাজাৰ চৰকাৰী বিদ্যালয়৷ বিদ্যালয়ত শিক্ষাৰ্থীৰ নামভৰ্তি আশানুৰূপ নোহোৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে৷ ২০২২ চনৰ পৰা সম্পূৰ্ণৰূপে কাৰ্যকৰী হ’ব নতুন শিক্ষানীতি৷’ – এই মন্তব্য ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ৷ বুধবাৰে গুৱাহাটীৰ দিছপুৰৰ লোকনিৰ্মাণ বিভাগৰ প্ৰশিক্ষণ কেন্দ্ৰত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটা পোৱা শিক্ষকৰ সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি শিক্ষামন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতি বলৱৎ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত এখন আয়োগ গঠন কৰা হ’ব৷ আয়োগৰ পৰামৰ্শ মতে চৰকাৰ আগবাঢ়িব৷ বিদ্যালয় একত্ৰীকৰণৰ ফলত প্ৰায় ১৪ হাজাৰ শিক্ষকৰ পদো লোপ পাব৷ একেটা অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় শিক্ষা ৰাজ্যমন্ত্ৰী ৰাজকুমাৰ ৰঞ্জন সিঙে কয় যে ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বঁটাৰ বাবে আৱেদন কৰা শিক্ষকৰ সংখ্য নগণ্য৷ ইয়াৰ কাৰণ বিচাৰ কৰাটো প্ৰয়োজনীয়৷ দেশৰ নতুন শিক্ষানীতি ছাত্ৰসকলৰ সমস্যা সমাধানকাৰী হ’ব, সমস্যা সৃষ্টিকাৰী নহ’ব৷ ষষ্ঠ শ্ৰেণীৰ পৰা ছাত্ৰ-ছাত্ৰীক বাধ্যতামূলক ভকেশ্বনেল শিক্ষা দিয়া হ’ব৷ চ্যুকাফাকে ধৰি অসমক প্ৰতিষ্ঠা কৰাত আগ ভাগ সকলো ব্যক্তিৰ বিষয়ে পাঠ্যপুথিত থাকিব লাগিব৷ যিবোৰ বিদ্যালয়ে কৃতী শিক্ষকৰ সৃষ্টি কৰিব সেই বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়নত গুৰুত্ব দিয়া হ’ব৷ উল্লেখ্য, ৰাজ্য চৰকাৰে আজি পুনৰ ৪৫খন হাইস্কুলক উচ্ছতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিছে৷ পূৰ্বে ১১৩খন হাইস্কুলক উচ্ছতৰ মাধ্যমিকলৈ উন্নীত কৰিছিল৷ নতুন শিক্ষানীতি অনুসৰি নাথাকিব হাইস্কুল৷ থাকিব নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণীক সামৰি ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল৷