
ভয়ংকৰ সংকটৰ গৰাহত ৭৪ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী
আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ ভয়ংকৰ সংকটৰ গৰাহত পৰিছে ৰাজ্যৰ প্ৰায় ৭৪ হাজাৰ মেধাৱী ছাত্ৰ-ছাত্ৰী৷ এইসকলৰ বুজনসংখ্যকেই স্নাতকোত্তৰ আৰু পিএইচডি ডিগ্ৰীধাৰী৷ এইসকল ছাত্ৰ-ছাত্ৰী আনৰ দোষৰ চিকাৰ হৈছে৷ অসম চৰকাৰ, বিশেষকৈ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ উপৰি ৰাজ্যপাল জগদীশ মুখি আৰু বিশ্ববিদ্যালয় কতৃৰ্পক্ষই যদি বিশ্ববিদ্যালয় মঞ্জুৰী আয়োগ আৰু ভাৰত চৰকাৰৰ সৈতে যোগাযোগ কৰি এওঁলোকক এই বিপদৰ পৰা ৰক্ষা নকৰে, তেতিয়াহ’লে পৰিস্থিতি ভয়ংকৰ হৈ পৰাৰ সম্ভাৱনা আছে৷ সংকটৰ গৰাহত পৰা এইসকল আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰৱৰ্তী আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠান [আইডল]ৰ ছাত্ৰ-ছাত্ৰী৷ আইডলে ঘোষণা কৰা মতেই তেওঁলোকে বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তি কৰিছিল আৰু সফলতাৰে পৰীক্ষাত উত্তীৰ্ণ হৈ ডিগ্ৰী লাভ কৰিছিল৷ কিন্তু পৰৱৰ্তী সময়ত গম পোৱা গ’ল যে আইডলত যিসকল ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰিছিল, সেইসকলৰ ভিতৰত ২১টা বিভাগৰ ছাত্ৰ-ছাত্ৰীৰ ডিগ্ৰীৰ বিশেষ ব্যৱহাৰিক মূল্য নাই৷ কিয়নো, এইকেইটা বিভাগৰ পাঠ্যক্ৰমত ইউজিচিয়ে অনুমোদন জনোৱাই নাছিল৷ তৎসত্ত্বেও আইডল কতৃৰ্পক্ষই তেওঁলোকক নামভৰ্তি কৰোৱাৰ লগতে পাঠদান কৰাৰ উপৰি ডিগ্ৰীও প্ৰদান কৰে৷ কিন্তু যেতিয়া আইডল কেলেংকাৰি পোহৰলৈ আহিল, তেতিয়া গম পোৱা গ’ল যে প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীয়ে অনুমোদনহীন পাঠ্যক্ৰমত পাঠগ্ৰহণ কৰি ডিগ্ৰী লাভ কৰিছে৷ তেতিয়া সেইসকল ছাত্ৰ-ছাত্ৰীৰ মূৰত সৰগ পৰাৰ দৰে হ’ল৷ আইডল কেলেংকাৰিৰ বাবে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু অৱসৰপ্ৰাপ্ত আইপিএছ বিষয়াৰ নেতৃত্বত দুখনকৈ তদন্ত আয়োগ গঠন কৰা হ’ল৷ কিন্তু এই ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যৎ কি হ’ব সেই বিষয়ে একো চিন্তা কৰা নহ’ল৷ উল্লেখ্য, সমগ্ৰ ৰাজ্যখনকেই কঁপাই যোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলৰ কেইজনমান বিষয়াৰ লোভ আৰু অদূৰদৰ্শিতাৰ বাবে ৭৩,৯১২গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন আৰু ভবিষ্যতলৈ চৰম অমানিশা নামি আহে৷ এই ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডলে প্ৰদান কৰা ডিগ্ৰীযডিপ্ল’মা বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা অনুমোদিত নোহোৱাৰ বাবে এইসমূহ ডিগ্ৰী চাকৰি আদি পোৱাৰ ক্ষেত্ৰত বা উচ্ছশিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ অসাৰ হৈ পৰে৷ গুৱাহাটী বিশ্ববিদ্যালয় কাৰ্যবাহী পৰিষদৰ যোৱা ২০ ছেপ্টেম্বৰত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ সভাত পল্লৱ ভট্টাচাৰ্য কমিটীৰ প্ৰতিবেদন গৃহীত হ’ল আৰু অভিযুক্তসকলৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱাৰো সিদ্ধান্ত লোৱা হ’ল৷ কিন্তু এই ৭৩,৯১২গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন আৰু ভবিষ্যৎ সুৰক্ষিত কৰাৰ বাবে কি ব্যৱস্থা লোৱা হ’ব তাৰ বিষয়ে কোনো আলোচনাই নহ’ল৷ তেওঁলোকক প্ৰদান কৰা ডিগ্ৰীযডিপ্ল’মাসমূহ কেনেদৰে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দ্বাৰা অনুমোদিত কৰোৱা হ’ব সেই বিষয়েও কোনো আলোচনা কৰা লোৱা নহ’ল৷ বৈঠকত পল্লৱ ভট্টাচাৰ্যক কমিটীৰ প্ৰতিবেদন উত্থাপন হোৱাৰ লগে লগেই শীৰ্ষ পদাধিকাৰীৰ পূৰ্বনিৰ্ধাৰিত আঁচনি মতে একাংশ শিক্ষক প্ৰতিনিধিয়ে প্ৰতিবেদনখন গৃহীত নকৰাৰ বাবে হেঁচা প্ৰয়োগ কৰে৷ তেওঁলোকে মূল অভিযুক্ত কন্দৰ্প দাসৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা নোলোৱাৰ পোষকতা কৰে৷ বিশ্ববিদ্যালয়ৰ আন এজন শীৰ্ষ পদাধিকাৰীয়ে এইসকল সদস্যক সমৰ্থন দিয়াৰ চেষ্টা চলোৱা দেখি আনসকল সদস্য জাঙুৰ খাই উঠে৷ পৰিস্থিতি বিষম দেখি শীৰ্ষ পদাধিকাৰীয়ে নিতাল মাৰে৷ একাংশ যুক্তিনিৰ্ভৰ সদস্যৰ যুক্তি আৰু বস্তুনিষ্ঠ আলোচনাৰ বাবে অৱশেষত পল্লৱ ভট্টাচাৰ্য কমিটীৰ প্ৰতিবেদনখন কোনো সংশোধন অবিহনে সম্পূৰ্ণৰূপে গৃহীত কৰা হয়৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসমৰ শিক্ষা জগতৰ এই সৰ্ববৃহৎ কেলেংকাৰিটোৰ তদন্তৰ বাবে গঠিত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আফতাব হুছেইন শইকীয়া আৰু ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া পল্লৱ ভট্টাচাৰ্য আয়োগে দোষীসাব্যস্ত কৰা আইডলৰ তদানীন্তন সঞ্চালক তথা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ নিলম্বিত উপাচাৰ্য কন্দৰ্প দাসক ৰক্ষণাবেক্ষণ দিবলৈ বিশ্ববিদ্যালয়ৰ শিক্ষককেইজনে কৰা চেষ্টাৰ বিষয়ে অৱগত হোৱাৰ পাছত সচেতন লোকসকলে ঘৃণাতে নাক কোচাইছে৷ লক্ষণীয়ভাৱে শিক্ষক প্ৰতিনিধিসকলৰ মাজৰ দুজন ‘গুটা’ৰ বিষয়ববীয়া৷ এজন জ্যেষ্ঠ অধ্যাপকো কাৰ্যবাহী পৰিষদৰ সদস্য৷ ৭৩,৯১২গৰাকী ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক জীৱন ধবংস কৰি দিয়া আইডল কেলেংকাৰিত জড়িতসকলক ৰক্ষণাবেক্ষণ দিয়া ব্যক্তি প্ৰকৃত শিক্ষক হ’ব পাৰেনে? এজন শিক্ষকে আকৌ কন্দৰ্প দাসক বচোৱাৰ চেষ্টা কৰি বিফল হৈ পাছত কাৰ্যবাহী পৰিষদৰ সিদ্ধান্তৰ বিৰুদ্ধে আপত্তিসূচক টোকা প্ৰদান কৰে৷ ইয়াৰ আঁৰতো আছে আন এটা কাহিনী৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইডল কেলেংকাৰিৰ ক্ষেত্ৰত একাংশ শিক্ষকে গ্ৰহণ কৰা ভূমিকাই শিক্ষক সমাজকে লজ্জানত কৰিছে৷ এই সন্দৰ্ভত পৰৱৰ্তী পৰ্যায়ত সবিশেষ ৰাজহুৱা কৰা হ’ব৷ আইডল কেলেংকাৰিৰ ক্ষেত্ৰত বিশ্ববিদ্যালয় কতৃৰ্পক্ষই, বিশেষকৈ দুজন শীৰ্ষ পদাধিকাৰীয়ে মিথ্যাচাৰৰ আশ্ৰয় লৈ আহিছে৷ দুখনকৈ তদন্ত আয়োগে দোষীসাব্যস্ত কৰাৰ পাছতো প্ৰধান অভিযুক্তক পুনৰ দহ দিনৰ সময় কিয় দিয়া হ’ল সেই লৈও প্ৰশ্ন উঠিছে৷ ইয়াৰ জৰিয়তে প্ৰধান অভিযুক্তক নিজকে বচোৱাৰ বাবে বিশ্ববিদ্যালয়ৰ দুই শীৰ্ষ পদাধিকাৰীয়ে সুযোগ উলিয়াই দিয়া বুলিও চৰ্চা চলিছে৷ ন্যায়াধীশ শইকীয়া আয়োগৰ ওচৰত কন্দৰ্প দাসে তেওঁৰ ভাষ্য লিখিত আকাৰে প্ৰদান কৰিছিল৷ পল্লৱ ভট্টাচাৰ্য কমিটীয়ে গ্ৰহণ কৰা শুনানিত প্ৰায় প্ৰতিদিনেই উপস্থিত থাকি সাক্ষীক জেৰা কৰাৰো অহেতুক সুযোগ পাইছিল কন্দৰ্প দাসে৷ দুয়োখন তদন্ত কমিটীয়ে কন্দৰ্প দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰমাণসিদ্ধ হোৱা হেতু তেওঁক দোষীসাব্যস্ত কৰাৰ পাছতো পুনৰ তেওঁক ভাষ্য প্ৰদানৰ বাবে অতিৰিক্ত দহ দিনৰ সময় দি বিশ্ববিদ্যালয়ৰ দুই শীৰ্ষ পদাধিকাৰীয়ে গোটেই বিষয়টো বিলম্বিত কৰাৰ অপচেষ্টা চলোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ প্ৰকৃততে ২০ ছেপ্টেম্বৰৰ বৈঠকতেই তদন্ত আয়োগে দোষীসাব্যস্ত কৰা প্ৰধান অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ল’ব পৰা হ’লহেঁতেন৷ কিন্তু দুই শীৰ্ষ পদাধিকাৰী আৰু একাংশ শিক্ষক প্ৰতিনিধিৰ কাৰচাজিৰ বাবে সেয়া সম্ভৱ নহ’ল৷ তাৰ পৰিৱৰ্তে দহ দিনৰ পাছত কাৰ্যবাহী পৰিষদৰ বৈঠক পুনৰ আহ৩ান কৰি সিদ্ধান্ত লোৱাৰ ব্যৱস্থা কৰা হ’ল৷ বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই কন্দৰ্প দাসক কোনো এনঅ’চি দিয়া হোৱা নাছিল বুলি ৰাজহুৱাভাৱে প্ৰকাশ কৰিছে যদিও বিশ্ববিদ্যালয়ত কৰ্মৰত অধ্যাপকে এনঅ’চি অবিহনে বিশ্ববিদ্যালয়ৰ বাহিৰৰ পদৰ বাবে কেনেকৈ আৱেদন কৰাৰ উপৰি সাক্ষাৎ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিলে সেয়া এক উত্তৰবিহীন প্ৰশ্ন হৈ পৰিছে৷ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰূপে নিৰ্বাচিত হোৱাৰ পাছত কন্দৰ্প দাসে লিয়েনৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষক আৱেদন কৰে৷ বিশ্ববিদ্যালয় কতৃৰ্পক্ষলৈ দিয়া আৱেদন কাৰ্যবাহী পৰিষদে গ্ৰহণ কৰে৷ লক্ষণীয়ভাৱে কাৰ্যবাহী পৰিষদৰ বৈঠকত কন্দৰ্প দাসৰ বিৰুদ্ধে থকা অভিযোগ নিষ্পত্তি নোহোৱালৈকে তেওঁক লিয়েনত যাবলৈ দিয়া উচিত নহ’ব বুলি কোনেও নক’লে৷ তাৰ কাৰণো ৰহস্যজনক৷ প্ৰশ্ন হয়– কেলেংকাৰিত জড়িত হৈ থকাৰ বাবেই একাংশই কন্দৰ্প দাসক ৰক্ষণাবেক্ষণ দিব খুজিছে নেকি, যাতে শাস্তি পোৱাৰ পাছত কন্দৰ্প দাসে মুখ নোখোলে৷ কন্দৰ্প দাসক ৰক্ষণাবেক্ষণ দিবলৈ দীৰ্ঘদিন ধৰি চেষ্টা চলাই থকা প্ৰভাৱশালী চক্ৰটোক কিছু পৰিমাণে হ’লেও হতাশ কৰিলে কাৰ্যবাহী পৰিষদৰ ২০ ছেপ্টেম্বৰৰ বৈঠকে৷ শেহতীয়াভাৱে বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখি, মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে দুৰ্নীতি আৰু অনিয়মৰ বিৰুদ্ধে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বাবেই বহু পলমকৈ হ’লেও কন্দৰ্প দাসৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ পথ প্ৰশস্ত হৈছে৷ একেটা কাৰণতে হিন্দী বিভাগৰ সহকাৰী অধ্যাপকৰ এটা পদৰ বহুবিতৰ্কিত বাছনি প্ৰক্ৰিয়াতো লেকাম লগালে কাৰ্যবাহী পৰিষদে৷ আইডল কেলেংকাৰিৰ চিকাৰ হোৱা প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ আশা– তেওঁলোকক ভয়ংকৰ বিপৰ্যয়ৰ গৰাহৰ পৰা ৰক্ষা কৰি তেওঁলোকৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যৎ নিশ্চিত কৰাৰ ক্ষেত্ৰত ৰাজ্যপাল মুখি, মুখ্যমন্ত্ৰী শৰ্মা আৰু শিক্ষামন্ত্ৰী পেগুৱে ক্ষিপ্ৰতাৰে ইতিবাচক কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব৷