অসমীয়া ভাষাক ‘হত্যা’ এপিএছচিৰ
অসমীয়া নজনাকৈয়ে হ’ব পাৰিব এচিএছ, এপিএছ বিষয়া
আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰে মাতৃভাষা জীয়াই ৰখাৰ বাবে থলুৱা জনজাতীয় ভাষাত প্ৰাথমিক শিক্ষা গ্ৰহণৰ সময়োপযোগী পদক্ষেপ গ্ৰহণ কৰাত সকলোৱে আদৰণি জনাইছে৷ কিন্তু মাতৃভাষা প্ৰচাৰ-প্ৰসাৰৰ শ্ল’গান আওৰোৱা একেখন চৰকাৰে অসমীয়া ভাষা লিখিব-পঢ়িব নজনা ব্যক্তিকে প্ৰশাসনীয় বৰমূৰীয়া নিযুক্তি দিয়াৰ ভয়ংকৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ অভিযোগ উঠিছে৷ যি সময়ত অসম লোকসেৱা আয়োগে সংস্কাৰ সাধনৰ লক্ষ্যৰে ইউ পি এছ চিৰ আৰ্হিত পৰীক্ষা অনুষ্ঠিত কৰিছে, ঠিক তেনে সময়তে অসম লোকসেৱা আয়োগেই ইউ পি এছ চিৰ মাতৃভাষা ৰক্ষাৰ নীতিক জলাঞ্জলি দিয়াৰ কাৰ্যতহে লিপ্ত হোৱা দেখা গৈছে৷ ইউ পি এছ চিৰ সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ অসমৰ পৰীক্ষাৰ্থীসকলৰ বাবে অসমীয়াকে ধৰি অষ্টম অনুসূচীৰ স্বীকৃতিপ্ৰাপ্ত যিকোনো এটা ভাষাৰ প্ৰশ্নকাকত যোগ্যতা অৰ্জনকাৰী বিষয় হিচাপে বাধ্যতামূলক কৰিছে৷ বিশেষকৈ অসমৰ পৰীক্ষাৰ্থীয়ে অসমীয়া, বড়ো বা বাংলা ভাষাৰ এখন প্ৰশ্ন কাকতত অৱতীৰ্ণ হ’বই লাগিব৷ ইউ পি এছ চিৰ এই নীতিৰ বিপৰীতে এতিয়া অসম লোকসেৱা আয়োগে অসমীয়া নজনা ল’ৰা-ছোৱালীকে এ চি এছ, এ পি এছৰ দৰে প্ৰশাসনিক পদত নিযুক্তিৰ ষড়যন্ত্ৰত লিপ্ত হৈছে৷ অসমীয়া পঢ়িব-লিখিব নজনা এনে প্ৰাৰ্থীয়ে এ চি এছ বিষয়া হিচাপে বাছনি হৈ হয়টো এদিন অসম চৰকাৰৰ ৰাজভাষা প্ৰয়োগ সঞ্চালকালয়ৰ সঞ্চালক পদতো অধিষ্ঠিত হোৱা আশংকা নুই কৰিব নোৱাৰি৷ কিন্তু ইউ পি এছ চি আৰ্হি অনুসৰণ কৰা বুলি প্ৰচাৰ কৰা অসম লোকসেৱা আয়োগে কাৰ্যতঃ অসমীয়া ভাষাক নিঃশেষ কৰাৰ দৰে হঠকাৰী কাৰ্যত লিপ্ত হ’বলৈও কুণ্ঠবোধ কৰা নাই৷ এ পি এছ চিৰ এনে জাতিধবংসী কাৰ্যৰ পাছতো অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ দৰে জাতীয় সংগঠনৰ সমান্তৰালভাৱে বৌদ্ধিক মহলো মৌন হৈ আছে৷ উল্লেখ্য, ইউ পি এছ চিৰ আৰ্হি অনুসৰণ কৰা এ পি এছ চিয়ে নতুন বিধি প্ৰয়োগ কৰি সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত প্ৰাৰ্থীৰ বাবে অসমীয়া ভাষাৰ বিষয়ত এখন যোগ্যতা অৰ্জনকাৰী প্ৰশ্নকাকত বাধ্যতামূলক কৰিছিল৷ অসমীয়া ভাষা বিষয়ৰ প্ৰশ্নকাকতৰ বিকল্প হিচাপে বড়ো প্ৰাৰ্থীৰ বাবে বড়ো ভাষা আৰু বঙালী প্ৰাৰ্থীৰ বাবে বাংলা বিষয়ৰ প্ৰশ্নকাকতৰ সুযোগ প্ৰদান কৰিছিল৷ এই কাৰ্যক সকলো মহলে আদৰণি জনাইছিল৷ অৱশ্যে, কাৰ্বি আংলং আৰু ডিমা হাচাওৰ পাহাৰীয়া জিলাৰ অসমীয়া, বড়ো আৰু বাংলা ভাষাত হাইস্কুল পৰ্যায়ত অধ্যয়ন নকৰা প্ৰাৰ্থীসকলৰ বাবে ভাষা বিষয়ৰ যোগ্যতা অৰ্জনকাৰী প্ৰশ্নকাকতখনৰ পৰা ৰেহাই দিছিল৷ ইপিনে, নিৰ্বাচনৰ পূৰ্বে বৰাকৰ মণিপুৰী ছাত্ৰ সংগঠনে অসমীয়া আৰু বড়ো তথা বাংলা ভাষাত অধ্যয়ন নকৰাৰ দোহাই দি ৰাজ্য চৰকাৰক বৰাকৰ প্ৰাৰ্থীসকলকো ভাষাবিষয়ক প্ৰশ্নকাকতৰ পৰা ৰেহাই দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল৷ এই ৰাজনৈতিক হেঁচাৰ পৰিপ্ৰেক্ষিততেই এ পি এছ চিয়ে এটা নতুন নিৰ্দেশনাযোগে মেট্ৰিক পৰীক্ষাত অসমীয়া, বড়ো বা বাংলা মাধ্যমত অৱতীৰ্ণ নোহোৱা বৰাক উপত্যকাৰ তিনিখন জিলাৰ প্ৰাৰ্থীসকলৰ বাবেও ভাষা বিষয়ক ৩০০ নম্বৰৰ যোগ্যতা অৰ্জনকাৰী প্ৰশ্নকাকতখনৰ পৰা ৰেহাই দিয়ে৷ অথচ ব্ৰহ্মপুত্ৰ উপত্যকাৰ অসমীয়া, বড়ো, বাংলা ভাষাত অধ্যয়ন নকৰা প্ৰাৰ্থীক কোনো ৰেহাই নিদিলে আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ সকলোৰে বাবে ভাষা বিষয়ক যোগ্যতা অৰ্জনকাৰী প্ৰশ্নকাকতখন বাধাত্যমূলক কৰে৷ এক কথাত একাংশ প্ৰাৰ্থীয়ে ভাষা বিষয়ৰ এখন প্ৰশ্নকাকত অৱতীৰ্ণ নোহোৱাকৈয়ে বাছনি লাভ কৰিব আৰু আন একাংশই ৩০০ নম্বৰৰ এখন প্ৰশ্নকাকতৰ পৰীক্ষাত অতিৰিক্তভাৱে অৱতীৰ্ণ হৈ মেধাৰ পৰিচয় দিবলগীয়া হ’ব৷ কিন্তু আ(ৰ্যজনক বিষয়টো হৈছে ইউ পি এছ চিৰ পৰীক্ষাত বৰাক, ব্ৰহ্মপুত্ৰ আৰু পাহাৰীয়া জিলা বুলি কোনো বৈষম্য নৰখাকৈ অসমৰ সকলো প্ৰাৰ্থীৰ বাবে ভাষাবিষয়ক প্ৰশ্নকাকত বাধ্যতামূলক কৰিছে৷ ইয়াৰ বিপৰীতে অসম লোকসেৱা আয়োগে মাতৃভাষা বিষয়টো গৌণ কৰি বহিঃৰাজ্যৰ প্ৰাৰ্থীক এ চি এছ-এ পি এছ বিষয়া পদত সংস্থাপনৰ বাটহে মুকলি কৰিলে৷ ইপিনে, এ পি এছ চিৰ এই বৈষম্যমূলক নীতিৰ বিৰোধিতা কৰি গুৱাহাটী উচ্ছ ন্যায়ালয়ত তিনিজনকৈ প্ৰাৰ্থীয়ে লেখ আবেদন দাখিল কৰিছে৷ আবেদনকাৰীয়ে নিজকে চি বি এছ ইত অধ্যয়ন কৰা আৰু হাইস্কুল পৰ্যায়ত অসমীয়া, বড়ো তথা বাংলা মাধ্যমত নপঢ়াৰ যুক্তি দি ভাষা বিষয়ক যোগ্যতা অৰ্জনকাৰী প্ৰশ্নকাকতৰ পৰা ৰেহাই বিচৰা বুলি জানিব পৰা গৈছে৷ গোচৰটোৰ শুনানিত এ পি এছ চি তথা চৰকাৰী পক্ষই পূৰ্বেই ঘোষণা কৰা নিৰ্দিষ্ট জিলাকেইখনৰ প্ৰাৰ্থীক ভাষাবিষয়ক যোগ্যতা অৰ্জনকাৰী প্ৰশ্নকাকতৰ পৰা ৰেহাই দিয়াৰ স্থিতি বাহাল ৰাখিছে৷ ইপিনে, মাতৃভাষা বিষয়টোৰ গুৰুত্বতাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী উচ্ছ ন্যায়ালয়ে শেহতীয়াকৈ আয়োগক সংবাদ মাধ্যমত জাননী প্ৰকাশ কৰি ইচ্ছুক পৰীক্ষাৰ্থীক শুনানিত পক্ষ হোৱাৰ বাবেও আবেদনৰ নিৰ্দেশনা জাৰি কৰিছে৷ গুৰুত্বপূৰ্ণ কথাটো হৈছে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন ৪ অক্টোবৰ ধাৰ্য কৰা হৈছে যদিও অসম চৰকাৰ আৰু এ পি এছ চিৰ উদাসীনতাৰ বাবে আইনী সুৰুঙাৰে অসমীয়া নজনা প্ৰাৰ্থীয়েই এ চি এছ-এ পি এছ তথা সংলগ্ন সেৱাৰ বিষয়া বাছনি হ’ব নেকি? যদি সেয়াই হয়, অসমীয়া পঢ়িব-লিখিব নজনা প্ৰশাসনিক বিষয়াৰ হাতত অসমীয়া ভাষাৰ মৃত্যু ঘণ্টা যে নিশ্চিত সেয়াই স্পষ্ট৷ তদুপৰি চৰকাৰী কাম-কাজতো অসমীয়া ভাষাৰ বিলুপ্তি ১০০ শতাংশই আশংকা আছে৷ স্বাভাৱিকতেই এতিয়া প্ৰশ্ন হয়– কেন্দ্ৰীয় প্ৰশাসনিক সেৱা বিষয়া হ’বলৈ অসমীয়া ভাষা লিখিব-পঢ়িব জনাটো যদিহে বাধ্যতামূলক হয়, তেনেহ’লে অসম প্ৰশাসনীয় সেৱাৰ বিষয়া হ’বলৈ অসমীয়াৰ জ্ঞান নাথাকিলেও হ’ব নেকি? আনহাতে, চৰকাৰৰ এনে হঠকাৰী নীতিৰ সুযোগ লৈ অসমীয়া, বড়ো বা বাংলা ভাষাত দশম শ্ৰেণী পৰ্যায়ত শিক্ষা লাভ নকৰাৰ দোহাই দি বহিঃৰাজ্যৰ প্ৰাৰ্থীয়েও এ পি এছ চিৰ জৰিয়তে যে বাছনি লাভ কৰিব তাক কোনেও নস্যাৎ কৰিব নোৱাৰে৷ কিয়নো অসমীয়া ভাষা বিষয়ত প্ৰশ্নকাকত বাধ্যতামূলক নোহোৱাৰ বাবেই অসম চৰকাৰৰ আন আন পদত ইতিমধ্যে বহিঃৰাজ্যৰ অনা অসমীয়া প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰিছে৷






