আৰক্ষীয়ে চুবই পৰা নাই বহু ৰৌ-বৰালিক
বহু হাইপ্ৰ’ফাইল দালালৰ আত্মগোপন, নাটকীয় মুক্তি
আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ ৰাজ্যৰ সৰ্বত্ৰে আৰক্ষীয়ে চলাইছে মাটিৰ দালাল বিৰোধী অভিযান৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই অসম আৰক্ষীৰ হাতত থকা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত লুণ্ঠনৰাজ চলোৱা ৭০০ দালালৰ তালিকাৰ পৰা ইতিমধ্যে প্ৰায় ৬০০ দালালক আটক কৰিছে বিভিন্ন থানাই৷ ইপিনে আৰক্ষীৰ ভয়ত একাংশ মাটিৰ দালাল তথা ভূ-মাফিয়াই পলায়ন কৰি বহিঃৰাজ্যতো আত্মগোপন কৰিবলৈ বাধ্য হৈছে৷ অৱশ্যে, আৰক্ষীয়ে সৰু সৰু পুঠি-খলিহনা স্বৰূপ দালালক কৰায়ত্ত কৰিলেও ৰৌ-বৰালি ডাঙৰ ডাঙৰ ৰেহাই দিয়া বুলিও বিভিন্ন জনে সমালোচনা কৰিছে৷ আনকি কংগ্ৰেছকে ধৰি বিৰোধী ৰাজনৈতিক দলসমূহে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তেওঁ গামোছা পিন্ধাই বিজেপিলৈ আদৰণি জনোৱা প্ৰাক্তন বিধায়ক তথা ভূ-মাফিয়া হিচাপে পৰিচিত ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰি নিৰপেক্ষতাৰ প্ৰমাণ দিবলৈও প্ৰত্যাহ্বান জনাইছে৷ ইপিনে সোমবাৰে নিশাৰে পৰা চলা দালাল বিৰোধী অভিযানৰ সময়ত আত্মগোপন কৰা কেইবাটাও দালালে থানাত হাজিৰ হৈ আত্মসমৰ্পন কৰাও দেখা গৈছে৷ মৰিগাঁৱত অনন্ত মেধি নামৰ এটা দালালে পুৱাই আত্মসমৰ্পণ কৰে৷ অৱশ্যে কোনো কোনো প্ৰভাৱশালী দালালক আৰক্ষীয়ে আটক কৰিলেও পিছ মুহূৰ্ততে ৰহস্যজনক বুজাবুজিৰে মোকলাই দিয়া বুলিও আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উঠিছে৷ মঙলবাৰে হাইলাকান্দিত বিধায়ক নিজাম উদ্দিন চৌধুৰীয়ে ফুলৰ মালা পিন্ধাই থানাৰ পৰা ছৰফউদ্দিন বৰভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰ নামৰ দুটা দালালক মোকলাই নিয়াৰ পাছত ধুবুৰী আৰক্ষীয়ে আটক কৰা সন্তোষ কুমাৰ হৰলালকা আৰু গোপাল ম’ৰ নামৰ দুটা প্ৰভাৱশালী দালালকো আৰক্ষীয়ে ৰহস্যজনকভাৱে মুকলি কৰি দিয়াত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অৱশ্যে ধুবুৰী আৰক্ষীয়ে মাটিৰ দালালিত জড়িত ৪ জন লাট মণ্ডলকো আটক কৰিছে৷ ইপিনে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দালালৰ বিৰুদ্ধে দুৰ্নীতি প্ৰতিৰোধ আইনৰ ধাৰাও আৰূপ কৰিছে৷ বজালী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ১৭টা দালালক বুধবাৰে গুৱাহাটীস্থ বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱায়৷ তাৎপৰ্যপূৰ্ণভাৱে উক্ত ধৃত দালালৰ তালিকাত আছে এজন শিক্ষকো৷ আনহাতে গ্ৰেপ্তাৰ হোৱা কেইবাটাও দালালে এতিয়া আৰক্ষীৰ জিম্মাত বেমাৰৰ ভাও ধৰাও পৰিলক্ষিত হৈছে৷ শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা নাহাটা টেক্সটাইলৰ স্বত্বাধিকাৰীৰ পুত্ৰ দালাল সঞ্জয় নাহাটা থানাৰ ভিতৰতে অসুস্থ হৈ পৰাৰ ভাও ধৰাত সম্প্ৰতি শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মনোৰোগ বিভাগত চিকিৎসাধীন হৈছে৷ ধৃত একাংশ দালালে আৰক্ষীৰ জেৰাত বহু মণ্ডল, চক্ৰ বিষয়াকে ধৰি ৰাজহ বিভাগৰ শীৰ্ষ বিষয়াৰ নাম লোৱা বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে৷ আনহাতে ৰাইজে মাটিৰ দালালিত জড়িত ৰৌ-বৰালিৰ নাম দিলে আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধেও তদন্ত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে গুৱাহাটী আৰক্ষীৰ ক্ৰাইম ব্ৰান্সে মুঠ ৩৬টা দালালক গ্ৰেপ্তাৰ কৰিছে৷ বুধবাৰে আটাইকেইটা দালালক কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই অধিক তদন্তৰ বাবে দুদিনৰ জিম্মাতো লৈছে৷ ক্ৰাইম ব্ৰান্সে প্ৰভাৱশালী মাটিৰ দালাল তথা ব্যৱসায়ী ৰামেশ্বৰ তালুকদাৰকো গ্ৰেপ্তাৰ কৰিছে৷ তালুকদাৰৰ গ্ৰেপ্তাৰৰ পাছতেই গুৱাহাটীৰ ভূ-মাফিয়াৰ মাজত হাহাকাৰ লাগিছে৷ ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰা মুঠ ৩৬টা দালাল হৈছে ক্ৰমে কটাহবাৰীৰ মুছলেম আলী, গড়চুকৰ আফিফা বেগম ওৰফে জোনাকী ৰাভা, গড়চুকৰ ছফিনুৰ ৰহমান, পশ্চিম বৰাগাঁৱৰ গোলোক আলী, বাথৌপুৰিৰ কনক স্বৰ্গীয়াৰী, কটাহবাৰীৰ নুৰজামাল হক, গড়চুকৰ নিৰুপমা স্বৰ্গীয়াৰী, পশ্চিম বৰাগাঁৱৰ মৌলাম খান, খ্ৰীষ্টানবস্তিৰ আতিকুৰ ৰহমান ওৰফে দাদুল, পল্টন বজাৰৰ সজল সিং, গুৰদীপ সিং, ধীৰেনপাৰাৰ আলটাফ আলী, হাতখোৱাপাৰাৰ লটিফুৰ ইছলাম, ধাৰাপুৰৰ পুলক দাস, গান্ধীবস্তিৰ প্ৰদীপ চৌধুৰী, পানীখাইতি বেলগুৰিৰ সুকপাল মজুমদাৰ, পানীখাইতি কমলাবাগানৰ শংকৰ দে’, দয়াল দে’, সাতগাঁৱৰ ৰফিক আলী, লালুংগাঁৱৰ ৰাজীৱ দাস, গাড়ীগাঁৱৰ আলটাফ হুছেইন, আছিফ হুছেইন, ভৰলুমুখৰ সৌৰভ জৈন, বৰসজাইৰ তাপস চৌধুৰী, সাতগাঁৱৰ আব্দুল ৰহমান, বৰসজাইৰ নীলমণি তালুকদাৰ, বশিষ্ঠৰ হৰেণ শইকীয়া, সাইনিৱাস কলনিৰ মুকাদ্দাৰ খান, প্ৰাগজ্যোতিষপুৰৰ ভাইটি চৌধুৰী, জ্যোতিকুছিৰ জানিফ আলী, ধীৰেনপাৰাৰ মুকুল দাস, বিমান দেৱ, ফটাশিলৰ দধিৰাম বড়ো আৰু পল্টন বজাৰৰ বিশ্বজিৎ দাস৷
মুখ্যমন্ত্ৰীৰ বাল্যবন্ধুৱেই ভূ-মাফিয়াঃ ভূপেন বৰা
‘ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত মাটিৰ যিজন মহা দালাল ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰি হাতীগাঁৱত লকআপত ৰখা হৈছিল, যাৰ বিৰুদ্ধে এতিয়াও চাৰি-পাঁচটা গোচৰ চলি আছে সেইজনক বৰ্তমানৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যালয়ত সুমুৱাই তিনিহাত ফুলৰ গামোচা আৰু ছয় কিলোগ্ৰাম ওজনৰ শৰাই দিছে৷ গুৱাহাটী-তেজপুৰৰ লাখ টকাৰ ধাণ্ডা কৰা দাললক ধৰিছে৷ কিন্তু কোটিটকীয়া দালাল চকুত পৰা নাই৷ তেজপুৰৰ যিসকল দালালক ধৰিছে তাৰ ভিতৰত জিতু আগৰৱালাকে ধৰি একাংশৰ নাম নাই৷ ‘এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ৷ আজি দিনৰ প্ৰায় দুই বজাত তেজপুৰৰ এখন হোটেলত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে বৰাই৷ বৰাই আৰু কয় যে, এতিয়া এনে মহা দালালে মুকলি লাইচেন্সহে পালে৷ তেওঁ লগতে কয় যে, গুৱাহাটীৰ বহুলোকৰ বাবে ভয় আৰু চকুলো হৈ পৰা তথা কোটি কোটি টকাৰ অধিকাৰী হোৱা দালালক ধৰা হোৱা নাই৷ বৰাই কয় যে সোণাপুৰৰ জনজাতীয় আৱেষ্টনীৰ ভূমি তথা খানাপাৰাৰ পৰা আই এছ বি টি হৈ জালুকবাৰীলৈকে পথৰ কাষৰ খিলঞ্জীয়া মানুহৰ মাটিবোৰ কোনে কেনেদৰে পানীৰ দৰত কিনিলে তাৰ তদন্ত কৰক৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ অভিযোগ মুখ্যমন্ত্ৰীয়ে এইবোৰ কৰিছে কেৱল নিজৰ টি আৰ পি বৃদ্ধি কৰিবলৈ৷ সেয়ে লাখটকীয়া দালালক ধৰি বিয়লিলৈ তাৰে মাজৰ একাংশক আকৌ মুকলায়ো দিলে আৰু এই আই ইউ ডি এফৰ বিধায়কে আকৌ তেনে দালালক আদৰি আনিছে৷ বৰাই লগতে ‘ডাঙৰে কৰিলে লীলা আৰু সৰুৱে কৰিলে লীলা’ বুলি মন্তব্য কৰি কয় যে, ডাঙৰ ডাঙৰ দালালৰ ভূ-মাফিয়াৰ মাজত মুখ্যমন্ত্ৰীৰ বাল্যবন্ধুও আছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে মাটিৰ দালালক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰু কয় যে মুখ্যমন্ত্ৰীয়ে প্ৰকৃততে খেনোক দেখি ৰন্ধা বঢ়া, খেনোক দেখি দুৱাৰ মৰা নীতি গ্ৰহণ কৰিছে৷ আনহাতে, মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছী নেতাই কেতিয়া বিজেপিত যোগদান কৰে তাৰ কোনো নি(য়তা নাই বুলি কংগ্ৰেছী নেতাৰ ‘ফে’চ ভেল্যু’ সন্দৰ্ভত কৰা মন্তব্যৰ বিপৰীতে সেয়া ড॰ শৰ্মাই নিজেই কৰা বুলি কটাক্ষ কৰে৷ বৰাই কয় যে কংগ্ৰেছত থকা সময়ত নৰেন্দ্ৰ মোদী, গুজৰাট আৰু অগপক লৈ বিভিন্ন মন্তব্য কৰা শৰ্মাই এতিয়া মোদী অগপৰে শৰণাপন্ন হৈছে৷ শৰ্মাই এই সকলো কাম তেওঁৰ ‘ফেচ ভেল্যু’ বৃদ্ধি কৰাৰ বাবে কৰা বুলিও বৰাই মন্তব্য কৰে৷ ইপিনে আজি তেজপুৰৰ পৰোৱা অঞ্চলৰ পৰা গীতা দেৱী নামৰ এগৰাকী মহিলাক মাটিৰ দালালিৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ ইপিনে কালি গ্ৰেপ্তাৰ হোৱা একাংশ দালালে তেজপুৰৰ একাংশ বৃহৎ মাটি দালালৰ হৈ কাম কৰাৰ বিষয়ে আৰক্ষীক স্বীকাৰোক্তি দিয়াৰ লগতে তেওঁলোকক মাটি ক্ৰয়-বিক্ৰয়ৰ প্ৰয়োজনীয় নথিৰ বাবে টেবুল অনুসৰি চক্ৰবিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে সহায় কৰা বুলিও প্ৰকাশ কৰিছে৷
ফণী তালুকদাৰ মাটিৰ উকিল নে মাটিৰ দালালঃ দেবব্ৰত শইকীয়া
মাটিৰ দালালৰ বিৰুদ্ধে সঁচা অৰ্থত যদি আৰক্ষীয়ে অভিযান চলায় ভাল কথা৷ মাটিৰ দালালক ধৰক আমি এই ক্ষেত্ৰত চৰকাৰক সহযোগ কৰিম, আদৰণি জনাম৷ কিন্তু মাটিৰ দালাল ধৰাৰ নামত বহু তৰণীক ধৰি আনিছে আৰক্ষীয়ে৷ তৰণী বিলাকে যিটো লিখিব লাগে, সেইখিনি লিখি সহায় কৰি দিয়ে৷ এইদৰে মতপোষণৰে তেওঁ অসম বিধান সভাৰ বিৰোধী দলপতি তথা বিধায়ক দেৱব্ৰত শইকীয়াই সংবাদ মাধ্যমৰ আগত লগতে কয় যে– বিধানসভাত বহুবাৰ প্ৰশ্ন উত্থাপন হৈছে যি মূল্যৰ দলিল বিচাৰিলেই পোৱা নাযায়, দলিলক লৈ ব্লেক মাৰ্কেটিং চলি আছে, সেয়ে কেতবোৰ লোকক দলিল অধিক মূল্যত বিক্ৰী কৰাৰ বাবে ধৰিছে৷ কিন্তু চৰকাৰে দলিল ৰাজ্যত উপলব্ধ কৰি দিয়া হ’লে কোনেও বেছি মূল্যত দলিল ক্ৰয় কৰিব লগা নহ’ল হয় আৰু এই দালালৰো সৃষ্টি নহয়৷ বিৰোধী দলপতিজনে লগতে কয় – আচলতে চৰকাৰে মাটিৰ আচল দালাল অলপ ধৰিছে সংখ্যা বঢ়াবলৈ বেছি কৰি দিছে৷ এতিয়াও আচল দালাল বহুত আছে ৷ বিধানসভাতেই অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে এ আই ইউ ডি এফৰ বিধায়ক ফণী তালুকদাৰক আপুনিটো মাটিৰ কাম ভালদৰে জানে বুলি কৈছিল৷ তাৰমানে কি তেওঁ মাটিৰ উকিল নে মাটিৰ দালাল......? তেওঁ আৰু কয়–শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত কাশ্মীৰৰ নিচিনা পৰিস্থিতি হ’ব, ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ সদস্য সকলে অসমক ৰক্ষা কৰিব লাগিব বুলি কোৱা কথাষাৰৰ বিৰুদ্ধে বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ শইকীয়াই কয়– ভাৰতীয় জনতা পাৰ্টিয়ে হিন্দুত্ববাদক প্ৰাধান্য দিবলৈ গৈ হিন্দুধৰ্মৰ অনিষ্ট কৰি আহিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গো-সুৰক্ষা আইন, মাদ্ৰাছা বন্ধ আইন, জনসংখ্যা বিস্ফোৰণৰ বিৰুদ্ধে কঠোৰ আইন আনি অসমক RSSৰ কথামতে হিন্দুত্ববাদৰ এক পৰীক্ষাগাৰলৈ ৰূপান্তৰ কৰিছে৷ অসমক হিন্দুত্ববাদৰ পৰীক্ষাগাৰ হিচাপে ব্যৱহাৰ নকৰিবলৈ অনুৰোধ জনাইছোঁ৷ শইকীয়াই লগতে কয় যে মনিশ জবলপুৰ নামৰ এজন ব্যক্তিয়ে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়লৈ RTI জৰিয়তে ভাৰতত হিন্দু ধৰ্মলৈ বিপদ আহিছে নেকি বুলি প্ৰশ্ন কৰিছিল আৰু গৃহ মন্ত্ৰণালয়ে উত্তৰ দিয়ে যে এই ধাৰণাটো সম্পূৰ্ণ মনে সজা আৰু কাল্পনিক৷ ভাৰতত হিন্দু ধৰ্মৰ প্ৰতি কোনো ভাবুকি অহা নাই৷ এনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে অসমৰ জনসাধাৰণক অসমৰ মূল সমস্যাৰ পৰা বিচলিত কৰি এক কাল্পনিক ধাৰণাৰ সৃষ্টি কৰিছে৷ ইফালে, মাটিৰ একাংশ সৃষ্টিমেয় দালালৰ বিৰুদ্ধেহে অভিযান চলোৱাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি, সাংসদ ৰিপুণ বৰাই৷ তেওঁ বুধবাৰে সংবাদ মাধ্যমৰ আগত কয়–দেশৰ ভিতৰত আম্বানি-আদানি মূল দালাল৷ তেওঁলোকক সুৰক্ষা দি সৰু-সৰু দালালক ধৰিছে আৰক্ষীয়ে৷ বিজেপিৰ এইটোৱে ৰাজনীতি কিদৰে ৰাজ্যবাসীক বা দেশবাসীক মূল সমস্যাৰ পৰা আঁতৰাই ৰাখিব পাৰি৷ মূল সমস্যাক লৈ যাতে ৰাইজে আন্দোলন নকৰে, ৰাজ্যৰ জলন্ত সমস্যাক লৈ যাতে প্ৰতিবাদ নহয় তাৰ বাবে সদায় এটা এটাকৈ নতুন ইচ্ছু্য কৰি ৰাইজৰ দৃষ্টি অন্য পিনে নিয়াৰ বাবে এই বিলাক তেওঁলোকৰ প্ৰচেষ্টা৷ এতিয়া দালালক লৈ ১৫-২০ দিন চলিব৷ ১৫-২০ দিন ৰাইজক এনে ধৰণে ব্যস্ত ৰাখিব৷ এনেকৈ কেইদিনমান গৰুৰ চোৰাং কাৰবাৰ ৰোধৰ নামত ব্যস্ত ৰাখিলে৷ তাৰ পিছত আৰু কিবা এটা ইচ্ছু্ আনিব৷
মাটি দালালবিৰোধী অভিযানত দুমুখীয়া স্থিতি লৈছে চৰকাৰেঃ লুৰীণজ্যোতি
অসমৰ আঞ্চলিক দলসমূহৰ দৰে উত্তৰ-পূবৰ আন ৰাজ্যৰ আঞ্চলিক দলসমূহৰ নেতাসকল বিজেপিৰ অন্ধ পদলেহনকাৰী নহয়৷ অসম গণ পৰিষদ দলৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি গোলাঘাটত এই মন্তব্য কৰে৷ গোলাঘাট এমেচাৰ থিয়েটাৰ ছ’চাইটীৰ প্ৰেক্ষাগৃহত অসম জাতীয় পৰিষদৰ এখন সাংগাঠনিক সভাত আজি তেওঁ অংশ লয়৷ অসম জাতীয় পৰিষদৰ সাংগঠনিক সম্পাদক পৱন শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ভাগ লৈ লুৰীণজ্যোতি গগৈয়ে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি কয় যে চৰকাৰে ব্ৰহ্ম আয়োগৰ প্ৰতিবেদন কেতিয়াও ৰূপায়ন কৰিব নোৱাৰে৷ মাটিৰ দালালিক ধৰাটো চৰকাৰৰ ব্যৰ্থতা ঢাকিবলৈ কৰা এখন নাটকহে৷ দালালক ধৰিলেই নহ’ব, দালালক ব্যৱহাৰ কৰাসকলকো আইনৰ আউটিলৈ আনক ৷ সৰুপথাৰত মাটিৰ দালালক ব্যৱহাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰী শৰ্মাই শূন্য সহনশীলতা প্ৰদৰ্শন কৰি নিজে তদন্তৰ আউটিলৈ যাওক৷ যিহেতু সৰুপথাৰত মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালিৰ সহায় লোৱা বুলি অভিযোগ প্ৰকাশ পাইছে৷ তেওঁ আৰু কয় যে এহাতে চৰকাৰে মাটিৰ দালালৰ বিৰুদ্ধে অভিযান চলাই চমক দিছে, আনহাতে, বিয়াগোম বিয়াগোম মাটিৰ দালালক বিজেপিয়ে ৰঙা দলিচা পাৰি দলীয় টিকট দিবলৈ উঠি-পৰি লাগিছে৷ চৰকাৰে ৰাজহ চক্ৰ কাৰ্যালয়ত দালাল চক্ৰ নিৰ্মূলৰ নামত পুঠি-খলিহনা ধৰিলে নহ’ব ৰৌ-বৰালি ধৰিব লাগিব৷ লুৰীণজ্যোতি গগৈয়ে ভাষণত কয় যে কাছাৰত হিন্দুসকলৰ অৱস্থা বেয়া বুলি কোৱা মুখ্যমন্ত্ৰীৰ অসমীয়াৰ অৱস্থা বেয়া বুলি ক’বলৈ সাহস নাই৷ তেওঁ কয় মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনত নৈৰাজ্যবাদ সৃষ্টি কৰিছে৷ আনকি এতিয়া মন্ত্ৰীয়েও নিজাকৈ একো কথা ক’ব নোৱাৰে ৷ আনহাতে, আগন্তুক উপ-নিৰ্বাচনত সকলো বিৰোধী শিবিৰ লগ হৈ এজন উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ কথা উল্লেখ কৰে অসম জাতীয় পৰিষদৰ সভাপতিজনে৷ ৰাজ্য চৰকাৰে বোকাখাতত গড়ৰ খৰ্গ দাহ কৰা কাৰ্যৰ বিৰোধিতা কৰে লুৰীণজ্যোতি গগৈয়ে৷ গোলাঘাট জিলাভিত্তিত অনুষ্ঠিত আজিৰ এই সভাত ৰাণা প্ৰতাপ বৰুৱাক সভাপতি বিতুল চুতীয়া আৰু ৰাতুল দত্তক যুটীয়া সম্পাদকৰূপে লৈ জাতীয় পৰিষদৰ গোলাঘাট জিলা সমিতি আৰু পল্লবী গগৈক সভানেত্ৰী, জ্যোস্না শইকীয়া আৰু ৰূপা দত্তক সম্পাদিকাৰূপে লৈ জিলা মহিলা শক্তি সমিতিখন গঠন কৰা হয়৷ সভাত কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰাজু ফুকন, কেন্দ্ৰীয় নেতা ডাঃ আনন্দ দাস, মহিলা শক্তি সমিতিৰ সভানেত্ৰী ৰঞ্জু বৰা, পৰিক্ষিত বৰুৱা আদিয়ে ভাষণ প্ৰদান কৰে৷
ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰকঃ কমলাক্ষৰ প্ৰত্যাহ্বান
ৰাজ্যৰ আটাইতকৈ বৃহৎ মাটিৰ দালাল হ’ল ন বিজেপি তথা ভবানীপুৰ সমষ্টিৰ বিধায়ক ফণী তালুকদাৰ৷ সৰু সৰু দালালক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰি দেখুৱাওক মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানৰ পাছতে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাক এই প্ৰত্যাহ্বান জনাইছে উত্তৰ কৰিমগঞ্জৰ বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি কমলাক্ষ দে পুৰকায়স্থই৷ আজি হাইলাকান্দি জিলা কংগ্ৰেছ কাৰ্যালয়ত এক সংবাদ মেল পাতি মুখ্যমন্ত্ৰী ফণী তালুকদাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় কমলাক্ষই৷ ইপিনে, হাইলাকান্দি আৰক্ষীয়ে দুই দালালক গ্ৰেপ্তাৰ কৰি এৰি দিয়াৰ পাছতে আকৌ গ্ৰেপ্তাৰ কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি বিধায়ক কমলাক্ষই কয়, বৰ্তমান ৰাজ্য চৰকাৰৰ নিজৰ স্থিতিয়ে স্বচ্ছ নহয়৷ ৰাজ্যৰ মন্ত্ৰীসকলে পুৱা দিয়া ঘোষণা বিয়লি মুখ্যমন্ত্ৰীয়ে নাকচ কৰি দিয়ে৷ ঠিক একপ্ৰকাৰ তেওঁৰ আউটিত থকা আৰক্ষীয়েও পুৱা এটা আৰু ৰাতি আনটো সিদ্ধান্ত গ্ৰহণ কৰে৷
ফণী তালুকদাৰক গ্ৰেপ্তাৰ কৰি চৰকাৰে বীৰত্ব দেখুৱাওকঃ বিধায়ক মনোৰঞ্জন তালুকদাৰ
বাগ্সাৰ খাৰিজা বিজনীত উত্তৰ-পূব খাৰিজা বিজনী সাংস্কৃতিক মঞ্চ আৰু মধুপুৰ সত্ৰ সমিতিৰ উদ্যোগত আজি সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালাৰ আনুষ্ঠানিক উদ্বোধন কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰে৷ বিধায়কজনে সত্ৰীয়া নৃত্য আৰু বৰগীতে অসমীয়া সমাজ জীৱনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে যদিও একাংশ লোকে ইয়াক বিপথে পৰিচালিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে বুলি ভাষণ ৰাখি গুৰুজনাৰ সৃষ্টিৰাজিক আমি অসমীয়াসকলে জীয়াই ৰাখিব লাগিব বুলি সভাত মতপোষণ কৰে৷ ইপিনে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত বিধায়কজনে শেহতীয়াকৈ অসমত গ্ৰেপ্তাৰ কৰা মাটিৰ দালাল প্ৰসংগ উল্লেখ কৰি কয় যে ফণী তালুকদাৰৰ দৰে মাটিৰ মাফিয়াক কিয় গ্ৰেপ্তাৰ নকৰে চৰকাৰে৷ সৰু সৰু দালালক ধৰিলে এই সমস্যাটোৰ সমাধান নহয়৷ ফণীধৰ তালুকদাৰ সাংঘাতিক এজন মাটিৰ দালাল৷ তেওঁক চৰকাৰখনে গ্ৰেপ্তাৰ কিয় কৰা নাই৷ ইফালে সৰু সৰু দালালকেইটাক চৰকাৰে গ্ৰেপ্তাৰ কৰি বীৰত্ব দেখুওৱাইছে আনফালে ফণী তালুকদাৰৰ দৰে লোকসকলক গামোচা পিন্ধাই বিজেপিত যোগদান কৰোৱাইছে৷ একেদৰে অসমৰ প্ৰখ্যাত মাটিৰ দালাল পুতু জৈনকো আৰক্ষীয়ে আটক কৰা নাই, কনক ডেকাক আটক কৰা নাই, বিজেপিৰ মুখ্য মানুহ নাৰায়ণ ডেকাক আটক কৰা নাই৷ সৰু বিলাকক আটক কৰিব, প্ৰখ্যাত বিলাকক এৰি দিব, সেইটোতো হ’ব নোৱাৰে৷ মাটিৰ দালাল আটক কৰাক আদৰণি জনাইছোঁ৷ এইয়া মই ভালেই পাইছোঁ৷ দালালৰ পৰা মুক্ত হ’ব লাগে সকলো৷ প্ৰখ্যাত আৰু বিখ্যাত দালালবিলাক যেতিয়া শাসনাধিষ্ঠিত চৰকাৰৰ ছত্ৰছায়াত থাকে সেইটোতো অতিকৈ দুৰ্ভাগ্যজনক৷ সেয়ে আমি বিচাৰিছোঁ ফণী তালুকদাৰ, কনক ডেকা, নাৰায়ণ ডেকা, পুতুৰ দৰে লোকসকলক আগতে প্ৰশাসনে এৰেষ্ট কৰি দেখুৱাওক৷ উল্লেখ্য যে, সত্ৰীয়া নৃত্য আৰু বৰগীতৰ কৰ্মশালা ১৫দিন ধৰি চলিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে৷
নলবাৰীৰ ২৭দালালক জে’ললৈ প্ৰেৰণ
নলবাৰী আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত ভূ-মাফিয়া তথা দালালৰ বিৰুদ্ধে অভিযান চলাই আটক কৰাসকলৰ ভিতৰত ২৭জনক জে’ললৈ প্ৰেৰণ কৰাৰ বিপৰীতে তিনিজনক আৰক্ষীৰ জিন্মাত ৰাখিছে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে মাটিৰ দালালৰাজ উৎখাত কৰাৰ কথা ঘোষণা কৰাৰ পাছতেই নলবাৰী আৰক্ষীয়ে সোমবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তত ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান চলাই সাংবাদিক, শিক্ষক, দুজন লাট মণ্ডলসহ ৩০টাৰো অধিক মাটিৰ দালালক আটক কৰিবলৈ সক্ষম হয়৷ অৱশেষত আটাইকেইটাকে গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ জিলা উপায়ুক্ত গীতিমণি ফুকনে দাখিল কৰা গোচৰৰ ভিত্তিত আটাইকেইজনকে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি হাজিৰ কৰাই আদালতত৷ উল্লেখ্য সোমবাৰে নিশা জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই আৰক্ষীয়ে আটক কৰিছিল সাংবাদিক সঞ্জয় জৈনৰ লগতে নলবাৰী ৰাজহ বিষয়াৰ কাৰ্যালয়ৰ দুই লাট মণ্ডল চক্ৰেশ্বৰ কলিতা আৰু দেব কুমাৰ বৰুৱা, ব্যৱসায়ী অজয় কুমাৰ জৈন, তাজেৰ আলী, মুকেশ আগৰৱালা, দাদুল আহমেদ, অনিল কুমাৰ জৈন, চন্দ্ৰ প্ৰসাদ জৈন জৈন, ৰাজেশ জৈন, কৃষ্ণ কলিতা, সুকেশ কুমাৰ জৈন, মহিবুৰ ৰহমান, আজিজুল হক, চামচুল আলী, আইনুল হুছেইন, মুকেশ কুমাৰ জৈন, ৰুবুল আলী, বৰক্ষেত্ৰীৰ বিভিন্ন অঞ্চলৰ পৰা ৭ টাকৈ মাটিৰ দালাল ক্ৰমে মুকালমুৱাৰ নিকটৱৰ্তী নাৰায়ণপুৰ গাঁৱৰ হেমনুৰ আলী, মোবাৰক হুছেইন, হাউলিঘাট গাঁৱৰ তাজনুৰ আলী, ঘোৰাথাল গাঁৱৰ মাধৱ দাস, দমদমা পথাৰ গাঁৱৰ ফাৰুক আলী আহমেদ, ঘৰুৱাবাহা গাঁৱৰ জয়নাল আবেদিন আৰু মাধৱ নাথ আৰু বেলশৰ থানাৰ অন্তৰ্গত ককয়া গাঁৱৰ পংকজ নাথ৷ সেই দৰে টিহু আৰক্ষীয়ে আটক কৰিছিল জিলাখনৰ টিহু নান্নাট্টাৰী গাঁৱৰ শিক্ষক কন্দৰ্প ডেকাৰ লগতে ৰাজীব কলিতা, মধুসুদন কলিতা, মাণিক কলিতা আৰু বিপুল দাসক৷ আটকাধীন এই ৩০জনৰ ভিতৰৰ এজন নলবাৰী সদৰ আৰক্ষী থানাত অচেতন হৈ পৰা হেতু তেওঁ চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে আৰু শিক্ষক কন্দৰ্প ডেকাক ক’ভিড পজিটিভ ধৰা পৰাত শিক্ষকজনক চিকিৎসালয়ত ৰাখিছে৷ বাকী ২৭জনক আদালতত হাজিৰ কৰোৱাত ইয়াৰে অনিল জৈন, লাট মণ্ডল চক্ৰেশ্বৰ কলিতা আৰু চামছুল আলীক আৰক্ষীয়ে অধিক জেৰাৰ বাবে নিজৰ জিন্মাত লৈছে৷ ইফালে, জিলাখনৰ বহু দালালে আত্মগোপন কৰাৰ খবৰ পোৱা গৈছে৷ পলাতক এই দালালসকলৰ ভিতৰত আছে কেইবাটাও বাঘা বাঘা দালাল৷ জিলাখনৰ মুকালমুৱা আৰক্ষীয়ে ইতিমধ্যে ৫৮২য২১ নম্বৰত এটি গোচৰ ৰুজু কৰিছে৷ এই গোচৰৰ পাছতেই হাউলীঘাটৰ প্ৰদীপ বৰক্ষেত্ৰীয়া, নাৰায়ণপুৰৰ মফিজ আলী, জয়নুৰ আলী, ৰৌমাৰী দমদমাৰ হাইদৰ আলী, কাপলাবৰীৰ আয়ুব আলী, বাকৰিকুছিৰ গফুৰ আলী, ঘৰুৱাবাহাৰ শ্বহীদ আলী নামৰ দালালকেইটা চৰ্চালৈ আহিছে৷ বৰক্ষেত্ৰীত দীৰ্ঘদিনৰে পৰা এটা শক্তিশালী দালাল চক্ৰই দপদপনি চলাই আহিছে৷ অভিযোগ মতে, এনে দালালৰ সৈতে বৰক্ষেত্ৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ একাংশ লাট মণ্ডল প্ৰত্যক্ষভাৱে জড়িত আছে৷ এনে লাট মণ্ডল এতিয়া আটক হোৱাৰ ভয়ত দুশ্চিন্তাত পৰিছে বুলি জানিব পৰা গৈছে৷
হাইলাকান্দিত আৰক্ষীয়ে এৰি দিয়া দালালক পুনৰ গ্ৰেপ্তাৰ
হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীৰ হেঁচাত আৰক্ষীয়ে এৰি দিয়া দুই দালাল আকৌ গ্ৰেপ্তাৰ৷ মঙলবাৰে নিশা মুখ্যমন্ত্ৰীৰ তৎপৰতাৰ স্বয়ং থানাত আহি আত্মসমৰ্পণ কৰে দুই দালাল ছৰফ উদ্দিন বৰভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰে৷ বিধায়ক নিজাম উদ্দিনে দুই দালালক মালা পিন্ধাই নিয়াৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে ইয়াকলৈ সৰৱ হৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ ৰাজ্যৰ আন ঠাইৰ সমান্তৰালভাৱে সোমবাৰে নিশা হাইলাকান্দি আৰক্ষীয়ে জিলাৰ আলগাপুৰ, লালা, কাটলিছেড়াসহ জিলা সদৰৰ বিভিন্ন স্থানত অভিযান চলাই মাটিৰ দালালিত জড়িত থকাৰ অভিযোগত ১২জনকৈ লোকক আটক কৰিছিল৷ ইয়াৰ ভিতৰত আলগাপুৰ থানা এলেকাৰ পৰা আটক কৰা হৈছিল সৰ্বাধিক ৪জন লোকক৷ আটকাধীন দালালকেইজনৰ ভিতৰত আছিল ছৰফ উদ্দিন বৰভূঞা নামৰ স্থানীয় এজন পঞ্চায়ত প্ৰতিনিধিও৷ নিশা এইসকলক থানাত আটক কৰি ৰখাক কেন্দ্ৰ কৰি মঙলবাৰে পুৱাৰে পৰা আলগাপুৰ এলেকাত সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ৷ মাটিৰ দালালৰ পৰিৱৰ্তে নিৰ্দোষ লোকক আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন কৰি একাংশ স্থানীয় ৰাইজে ঘেৰাও কৰে আলগাপুৰ আৰক্ষী চকি৷ এওঁলোকৰ প্ৰতিবাদত সমৰ্থন জনাই আগবাঢ়ি আহে আলগাপুৰ সমষ্টিৰ বিধায়ক নিজাম উদ্দিন চৌধুৰীও৷ তেওঁ থানাত আহি কৰ্তব্যৰত আৰক্ষী বিষয়াসকলক আটকাধীন লোকসকলক মুক্ত কৰি দিয়াৰ বাবে তীব্ৰ হেঁচা প্ৰয়োগ কৰে৷ অৱশেষত আলগাপুৰ আৰক্ষীয়ে বিধায়কৰ হেঁচাত পঞ্চায়ত সদস্য ছৰফ উদ্দিন বৰভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰ নামৰ দুজন লোকক মুক্ত কৰি দিয়ে৷ কিন্তু ইয়াৰ পাছতে এই ঘটনাক কেন্দ্ৰ কৰি হাইলাকান্দিত সৃষ্টি হয় উত্তেজনাৰ৷ বিভিন্ন মহলৰ পৰা ঘটনাৰ নিন্দা জনায় বিভিন্নজনে৷ ইপিনে, এই বাতৰি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত ইয়াক লৈ সৰৱ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ প্ৰাপ্য তথ্য অনুসৰি, মুখ্যমন্ত্ৰীয়ে স্বয়ং হাইলাকান্দিৰ আৰক্ষী অধীক্ষকক ফোনযোগে এই দুই দালালক আকৌ গ্ৰেপ্তাৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰে৷ লগতে আলগাপুৰৰ বিধায়ক নিজাম উদ্দিক ফোন কৰি এই দুই দালালক আৰক্ষীক গতাই দিয়াৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতে মুহূৰ্তৰ ভিতৰতে সলনি হয় দৃশ্যপট৷ থানাৰ পৰা মুক্ত হৈ বিজয় মিছিল কৰা দুই দালাল ছৰফ উদ্দিন বৰভূঞা আৰু আনোৱাৰ উদ্দিন লস্কৰে আকৌ নিশা থানাত উপস্থিত হৈ আত্মসমৰ্পণ কৰে৷ ইপিনে, মঙলবাৰৰ পাছতে বুধবাৰেও হাইলাকান্দিত অব্যাহত থাকে আৰক্ষীৰ দালালবিৰোধী অভিযান৷ সোমবাৰ নিশা ৭জন দালালক গ্ৰেপ্তাৰ কৰাৰ পাছতে বুধবাৰে পুৱা আন জ্জজন দালালক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে৷ যাৰ ভিতৰত আছে আলগাপুৰ থানাত আত্মসমৰ্পণ কৰা দুই দালালো৷ ইপিনে, হাইলাকান্দি আৰক্ষী অধীক্ষক গৌৰব উপাধ্যায়ে দুই দালালক এৰি দিয়াৰ পাছত আকৌ গ্ৰেপ্তাৰ কৰা প্ৰসংগত সংবাদ মাধ্যমক মন্তব্য আগবঢ়াই কয়, এওঁলোকৰ বিৰুদ্ধে প্ৰাথমিক তদন্তত কোনো প্ৰমাণ নোপোৱাৰ বাবে যাবলৈ দিয়া হৈছিল৷ কিন্তু দালালৰ বিৰুদ্ধে তদন্ত আগবঢ়াৰ লগে লগে এই দুজনৰ বিৰুদ্ধেও তথ্য প্ৰমাণ পোৱাৰ পাছতে আকৌ গ্ৰেপ্তাৰ কৰা হৈছে বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষকজনে৷
মুছলপুৰত ১৪ মাটিৰ দালাল গ্ৰেপ্তাৰ
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই মাটিৰ দালালৰ বিৰুদ্ধে বাগ্সাত আৰক্ষীৰ অভিযান অব্যাহত আছে৷ কালি কেইজনমান মহৰিক সোধ-পোছৰ বাবে থানালৈ অনাৰ পাছত সোধ-পোছ কৰি নিশা নিজ নিজ ঘৰলৈ যাবলৈ দিয়া হয়৷ জিলাখনৰ বিভিন্ন ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ একাংশ মণ্ডল-কাননগোৰ সৈতে মিতিৰালি কৰি মাটিৰ দালালি কৰি জনসাধাৰণক হাৰাশাস্তি কৰি অহা ১৪জন লোকক আৰক্ষীয়ে আজি গ্ৰেপ্তাৰ কৰে৷ এই দালাল চক্ৰটোত আছে বহু প্ৰতিষ্ঠিত ব্যৱসায়ী৷ মুছলপুৰ আৰক্ষীৰ হাতত আৰু কেইজনমানৰ তালিকা আছে৷ এই ভাষ্য আৰক্ষীৰ৷ ইফালে একাংশ ভুক্তভোগী ৰাইজৰ অভিযোগ দালালৰ জৰিয়তে একাংশ মণ্ডলে মাটিৰ পঞ্জীয়ন আৰু অন্যান্য কামৰ বাবে ধন সংগ্ৰহ কৰিও সময়ৰ মূৰত কাম নকৰে৷ চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ তৰণিৰ সৈতেও আছে এইসকল দালালৰ সম্পৰ্ক৷ আজি বাগ্সা আৰক্ষীয়ে জিলাখনৰ তামুলপুৰ, বৰমা, বাগানপাৰা, বৰবৰী, গোৰেশ্বৰ আদি ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰা দালালসকল হ’ল ৰাজা ব্ৰহ্ম, ৰজত বড়ো, প্ৰণৱ বড়ো, জগত বৈশ্য, ৰজত বড়ো, বীৰেণ তালুকদাৰ, ইছমাইল আলী, ভুৱনেশ্বৰ ৰাভা, মলসিং ৰাভা, বুলেন বসুমতাৰী, কেশৰ দাস, ধ্ৰুৱজোতি দাস, কুশল বড়ো আৰু পুলেন্দ্ৰ খাটনিয়াৰ৷ আটাইকেইজনৰ বিৰুদ্ধে মাটিৰ দালালি কৰা সন্দৰ্ভত আৰক্ষীয়ে যাৱতীয় নথি-পত্ৰ লাভ কৰা বুলি কয়৷ আজি বিয়লি আটাইকেইজনকে আদালতলৈ প্ৰেৰণ কৰে৷






