Logo
image

কৰ’নাই কোঙা কৰিলে ২০ হাজাৰ শিল্পীক

আমাৰ অসম, ২৩ ছেপ্টেম্বৰঃ কৰ’না মহামাৰীৰ বাবে দেশৰ সকলো ক্ষেত্ৰতে যথেষ্ট ক্ষতি হৈছে৷ বৰ্তমান এই ক্ষেত্ৰত অধিক ক্ষতিৰ সন্মুখীন হৈছে সাংস্কৃতিক ক্ষেত্ৰখন৷ নতুন এছ অ’ পিত দুৰ্গা পূজাকে ধৰি প্ৰায় সকলো খুলি দিয়া হ’ল৷ কিন্তু সাংস্কৃতিক অনুষ্ঠান খুলি দিয়া নহ’ল৷– এই অভিযোগ কৰে অল মিউজিচিয়ান্‌ছ ৱেলফেয়াৰ এছ’চিয়েশ্বনে৷ আজি সংগঠনটোৱে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজন কৰা সংবাদ মেলত শিল্পী ভদ্ৰকান্ত দাসে অভিযোগ কৰি কয়– কৰ’না মহামাৰীৰ সময়ত ২ বছৰ ধৰি শিল্পী, কলা-কুশলী ভুগি আছে৷ ৰাজ্যৰ প্ৰায় ২০,০০০ শিল্পী, কলা-কুশলীয়ে চৰকাৰীভাৱে বঞ্চিত হৈ আছে৷ তেওঁলোক পথৰ ভিক্ষাৰীত পৰিণত হৈছে৷ বৰ্তমান চৰকাৰী কাম-কাজ, ব্যৱসায় আৰম্ভ হৈছে, সভা-সমিতি ঠিকে চলি আছে৷ শিল্পী, কলা-কুশলীৰ কাম-কাজ বন্ধ হৈ গ’ল৷ যাৰ বাবে তেওঁলোকৰ পৰিয়াল পোহপাল দিয়াৰ পৰা বঞ্চিত হ’ব লগা হৈছে৷ নিজৰ সংগীত জগতৰ পৰা আঁতৰি পথৰ ওপৰতে মুৰ্গী, শাক-পাচলি, মমো আদি বিভিন্ন ধৰণৰ ব্যৱসায় কৰিব লগা হৈছে৷ সংগীতৰ জৰিয়তে ভাত খাও, কাপোৰ পিন্ধো, ঘৰ চলাও৷ একমাত্ৰ উপাৰ্জনৰ উপায় হ’ল আমি সংগীত কৰিব লাগে৷ এনে মহামাৰীৰ সময়ত মৌলিকৰ পাছতহে মনোৰঞ্জন আহে৷ আমি দুৰ্ভাগ্যবশতঃ, আমি মনোৰঞ্জনৰ লগত জড়িত৷ আমি প্ৰত্যেকজনে জীয়াই থাকিব লাগিব৷ বিহুৰ সময়ত বা দুৰ্গা পূজাৰ সময়ত যদি সাংস্কৃতিক সন্ধিয়া কৰিব পৰা নাযায়, তেন্তে সেই পৰিয়ালটো কেনেকৈ চলিব৷ সাংস্কৃতিক অনুষ্ঠানৰ লগত ভালেমান শিল্পী, কলা-কুশলী জড়িত হৈ থাকে৷ একাংশই একো কৰিব পৰা নাই৷ একাংশই সাহায্য সংগ্ৰহ কৰি কেইদিনমান চলিছে৷ ঘৰ ভাৰা দিবলৈ সমস্যাৰ সন্মুখীন হৈছে৷ পৰিয়াল চলোৱাৰ অসুবিধা হৈছে. চৰকাৰে ক’ভিড বিধি মানি পূজা পাতিব দিছে৷ ঠিক তেনেদৰে চৰকাৰে নিৰ্ধাৰণ কৰা সময়ৰ ভিতৰত নীতি-নিয়মৰ মাজেৰে শিল্পী, কলা-কুশলীক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ দিব লাগে৷ শিল্পী, কলা-কুশলীক চৰকাৰে সাহায্য দিব লাগে৷ কাম-কাজসমূহ কৰাৰ বাবে সুযোগ দিব লাগে৷ বৰ্তমান শিল্পী, কলা-কুশলীয়ে কোনো সাংস্কৃতিক অনুষ্ঠান কৰিব পৰা নাই৷ ক’ভিড বিধি মানি কৰাৰ সুবিধা দিব লাগে৷ আমি সাংস্কৃতিক সন্ধিয়া কৰিলে যেন ক’ভিড বাঢ়িব, এনে ধাৰণা চৰকাৰে পৰিহাৰ কৰিব লাগে৷ সংবাদ মেলত জ্যেষ্ঠ শিল্পী দুলাল নাথ, সংগঠনৰ সভাপতি জয়নুৰ আলী আহমেদ, উপদেষ্টা অৰুণজ্যোতি শইকীয়া, উমেশ নাথ উপস্থিত থাকে৷