Logo
image

‘আমাৰ বিদ্যালয়’

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ ব্যৱসায়িক দৃষ্টিভংগীৰে নহয়, অঞ্চলটোত এটা সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি তোলাৰ লক্ষ্যৰে এদল উচ্ছ শিক্ষিত যুৱক-যুৱতীৰ প্ৰচেষ্টাত গোৱালপাৰাৰ মাটিয়াত স্থাপন হৈছে এখন ব্যতিক্ৰমি বিদ্যালয়৷ চলিত বছৰৰ আৰম্ভণিতে একমাত্ৰ সেৱাৰ মনোভাৱেৰে আৰম্ভ কৰা বিদ্যালয়খন হ’ল ‘আমাৰ বিদ্যালয়’৷ ব্যক্তিগত শিক্ষানুষ্ঠান হ’লেও এই বিদ্যালয়ৰ আছে বহু সুকীয়া বৈশিষ্ট্য৷ গুৰু-শিষ্যৰ পৱিত্ৰ সম্পৰ্কৰে গঢ় লৈ উঠা ‘আমাৰ বিদ্যালয়’খনে বহু কাৰণতে শেহতীয়াকৈ চচিত হৈছে৷ এই বিদ্যালয়খন কেৱল দাৰিদ্ৰ্য সীমাৰেখাৰ তলত বসবাস কৰা লোকৰ বাবেহে মুকলি৷ ইতিবাচক দিশটো হ’ল বিদ্যালয়খনত কোনো ধৰণৰ মাচুল দিব নালাগে৷ কিতাপ-পত্ৰ, টিউচন মাচুল আদায় দিব নালাগে ছাত্ৰ-ছাত্ৰীয়ে৷ সম্পূৰ্ণ বিনামূলীয়া ‘আমাৰ বিদ্যালয়’৷ জিলাখনৰ মাটিয়াৰ অজয় কুমাৰ নাথ, তাৰক চন্দ্ৰ সাউদ, আল্পনা, মৃদুলা, স্মৃতা ভৃগুহতঁৰ দৰে এদল উচ্ছ শিক্ষিত যুৱক-যুৱতীৰ চিন্তাৰ ফচল ‘আমাৰ বিদ্যালয়’৷ ষষ্ঠৰ পৰা দশম শ্ৰেণীলৈ শিক্ষা গ্ৰহণৰ সুবিধা থকা বিদ্যালয়খনত সাতজন শিক্ষকে মুঠ ৭২জন ছাত্ৰ-ছাত্ৰীক শিক্ষাদান কৰি আহিছে৷ গুণগত শিক্ষাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰা এই বিদ্যালয়খনত কেৱল আৰ্থিকভাৱে পিছপৰা আৰু দুখীয়া, মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ সুবিধা দিয়া হয়৷ আনহাতে এইখন বিদ্যালয়ত পাঠদান কৰিবলৈ অহা শিক্ষক-শিক্ষয়ত্ৰীসকলো দুখীয়া পৰিয়ালৰ পৰা অহা৷ অতি সামান্য পাৰিতোষৰ বিপৰীতে সেৱাৰ মনোভাৱেৰে প্ৰত্যেকজন শিক্ষক-শিক্ষয়িত্ৰীয়ে আত্মনিয়োগ কৰিছে ‘আমাৰ বিদ্যালয়’ত৷ বিদ্যালয়খনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ’ল শিক্ষা দানৰ সমান্তৰালকৈ ছাত্ৰ-ছাত্ৰীসকলক কুটীৰ শিল্প, স্বচ্ছতা, কৃষি, ক্ৰীড়াৰ অনুশীলন আদিৰ লগতে বিভিন্ন শিক্ষা প্ৰদান কৰে৷ বিদ্যালয়ৰ চৌহদৰ লগতে প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰীৰ ঘৰত গঢ়ি তোলা হৈছে নাৰ্চাৰী আৰু শাক-পাচলিৰ খেতি৷ প্ৰয়োজনীয়খিনি খোৱাৰ উপৰি বিক্ৰী কৰাৰ সুবিধা ৰাখিছে৷ বিদ্যালয়খনৰ এই সকলো কাম-কাজৰ নেতৃত্বত দিছে অধ্যক্ষ অজয় কুমাৰ নাথে৷ অধ্যক্ষ নাথে জানিব দিয়া মতে ইতিমধ্যে বিদ্যালয়খনে পৰৱৰ্তী দিনত নিজাববীয়াকৈ খেতি কৰি খেতিৰ পৰা পোৱা লাভৰ ধনেৰে বিদ্যালয়খন পৰিচালনা কৰাৰ এক আঁচনি প্ৰস্তুত কৰিছে৷ ইতিমধ্যে বিদ্যালয়খনত অধ্যয়নৰত সকলো ছাত্ৰ-ছাত্ৰীক খেতি-বাতিৰ লগতে সকলো কামত আত্মনিয়োগ কৰিব পৰাৰ জোখাৰে প্ৰস্তুত কৰি তুলিছে৷ তাহানিতে যেনেদৰে গুৰুৰ ঘৰত থাকি শিষ্যই শিক্ষাৰ লগতে ব্যৱহাৰিক শিক্ষা গ্ৰহণ কৰিছিল, তেনে আৱাসিক সুবিধা নাথাকিলেও ‘আমাৰ বিদ্যালয়’ৰ শিক্ষকসকলে বিদ্যালয়ত পাঠদান কৰাৰ উপৰি ঘৰত গৈয়ো দিছে শিক্ষা৷ গুৰু-শিষ্যৰ এনে পবিত্ৰ পৰম্পৰাই শেতীয়াকৈ চৰ্চাৰ মাজলৈ আনিছে ‘আমাৰ বিদ্যালয়’ক৷