Logo
image

ছিপাঝাৰত কুৰুক্ষেত্ৰ

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ দৰং জিলাৰ ছিপাঝাৰৰ ৩নং ধলপুৰ চৰত একাংশ লোকে বেদখল কৰি অহা চৰকাৰী ভূমি জিলা প্ৰশাসনে মুক্ত কৰিবলৈ লোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত ‘কুৰুক্ষেত্ৰ’সদৃশ ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ অঞ্চলটোৰ সহস্ৰাধিক লোকে ওলাই আহি জিলা প্ৰশাসনে গ্ৰহণ কৰা এই উচ্ছেদ অভিযানত বাধা প্ৰদান কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তপ্ত কৰি তোলে৷ আনকি এটা সময়ত পৰিৱেশ এনে পৰ্যায় পায়গৈ যে শ শ উচ্ছেদিত লোকে আৰক্ষীক উদ্দেশ্যি শিলগুটি, ফৰ্মূটি আদি নিক্ষেপ কৰে৷ সৃষ্ট পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ আৰু আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে প্ৰথমে শূন্যলৈ গুলীচালনা আৰু পৰ্যায়ক্ৰমে কন্দুৱা গেছ আৰু পাছত ৰবৰ গুলী ব্যৱহাৰ কৰিবলৈ বাধ্য হয়৷ অৱশ্যে পৰিস্থিতি অধিক অৱনতি ঘটাত আৰক্ষীয়ে প্ৰতিবাদকাৰী বেদখলকাৰীক উদ্দেশ্যি গুলীচালনা কৰিবলৈ বাধ্য হয়৷  দুয়োপক্ষৰ মাজত বহুসময় ধৰি তয়া-ময়া ৰণ অব্যাহত থকাত সমগ্ৰ এলেকাটোত চৰম আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ কাৰ্যতঃ ধলপুৰত সৃষ্টি হয় কুৰুক্ষেত্ৰ সদৃশ পৰিস্থিতিৰ৷ বেদখলকাৰীৰ নিৰ্বিচাৰ আক্ৰমণত মঙলদৈৰ উপ-পৰিদৰ্শক মণিৰুদ্দিন আহমেদ, উপ-আৰক্ষী অধীক্ষক অমিতাভ চৌধুৰী আৰু সশস্ত্ৰ শাখাৰ পৰিদৰ্শক [এবিআই] নাৰায়ণ শৰ্মা গুৰুতৰভাৱে আহত হোৱাত তিনিওজনকে অতি সংকটজনক অৱস্থাত গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়৷ বেদখলকাৰীৰ আক্ৰমণত আন তিনিজন আৰক্ষী জোৱান আহত হয় যদিও দুৰ্গম চৰ অঞ্চলত  অবাঞ্চিত ঘটনাটো সংঘটিত হোৱাৰ বাবে আহত তিনিওজনৰে নাম-ঠিকনা বাতৰি লিখা পৰলৈকে [নিশা ৭-৩০ বজা পৰ্যন্ত] জানিব পৰা হোৱা নাই৷ ইপিনে আৰক্ষীৰ গুলীত ৬ জন প্ৰতিবাদকাৰী আৰু সাধাৰণ লোক আহত হয়৷ আহতসকলৰ দুজনৰ ইতিমধ্যে  মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমক জনোৱাৰ বিপৰীতে দৰং জিলা প্ৰশাসনে এক প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা অনুসৰি  এই ঘটনাত এজন লোকৰহে মৃত্যু হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, আৰক্ষীৰ গুলীত মৃত্যু হৈছে গৰুখুঁটিৰ নিকটৱৰ্তী গাঁও কিৰাকাৰাৰ ১২ বছৰীয়া শ্বেইখ ফৰিদ আৰু ছাদ্দাম হুছেইন৷ ইয়াৰে ভিতৰত কিৰাকাৰাৰ শ্বেইখ ফৰিদে গৰুখুঁটিত কি হৈছিল তাকে প্ৰত্যক্ষ কৰিবলৈ আহিছিল বুলি স্থানীয় সূত্ৰত প্ৰকাশ৷ আৰক্ষীৰ গুলীত ৩নং ধলপুৰৰ জলিল হক আৰু ১নং ধলপুৰৰ ছাইফুদ্দিন আহত হৈছে৷ অৱশ্যে আহত আন দুজন লোকৰ নাম-ঠিকনা এতিয়াও জানিব পৰা হোৱা নাই৷ আহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পাব পাৰে বুলি স্থানীয় ৰাইজে সদৰি কৰিছে৷ এই ঘটনাৰ পাছত উচ্ছেদস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় দৰঙৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক পদ্ম হাজৰিকা আৰু সাংসদ দিলীপ শইকীয়াই৷ ইপিনে সমগ্ৰ ঘটনা পৰ্যৱেক্ষণ কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অহৰহ লাগি আছে জিলা উপায়ুক্ত প্ৰভাতী থাওছেন আৰু আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা৷ পৰিস্থিতি পৰ্যৱেক্ষণ কৰি আছে আইজিপি [আইন-শৃংখলা] দীপক কেডিয়া আৰু ডিআইজি [চিডব্লিউআৰ] ব্ৰজেন সিংহই৷ লক্ষণীয়ভাৱে আৰক্ষীৰ গুলীচালনাৰ মাজতে কোনো দুবৃৰ্ত্তই গৰুখুঁটিৰ দহটামান খেৰৰ পুজি আৰু শুকান মৰাপাট জ্বলাই পৰিস্থিতিৰ অৱনতি ঘটোৱাৰ চেষ্টা চলায়৷ উল্লেখ্য, অসম চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি ছিপাঝাৰৰ চৰত থকা চৰকাৰী ভূমিক মুখ্য কৰি ইতিমধ্যে আৰম্ভ কৰা হৈছিল ‘গৰুখুঁটি কৃষি প্ৰকল্প’ নামৰ এটা ব্যয়বহুল আৰু বহুমুখী কৃষিপ্ৰকল্প৷ একেদৰে শাক-পাচলিকে ধৰি মাছ, মাংস আৰু গাখীৰ উৎপাদনৰ লক্ষ্য বান্ধি লোৱা ‘গৰুখুঁটি কৃষি প্ৰকল্প’ৰ জৰিয়তে শতাধিক নিবনুৱা যুৱক-যুৱতীক বিভাগীয় প্ৰশিক্ষণো দিয়া হৈছিল৷ লক্ষণীয় যে, ছিপাঝাৰৰ দক্ষিণ প্ৰান্তত অৱস্থিত চৰ অঞ্চলৰ প্ৰায় ৭৭,৪২০ বিঘা চৰকাৰী ভূমিতেই ‘গৰুখুটি কৃষি প্ৰকল্প’ৰ সমগ্ৰ উৎপাদনমুখী কৃষিকৰ্ম ৰূপায়ণ কৰা হ’ব৷ কিন্তু ছিপাঝাৰৰ চৰ অঞ্চলৰ উল্লিখিত চৰকাৰী ভূমি একংশ লোকে অবৈধভাবে দখল কৰি অহাৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে ইয়াৰ উচ্ছেদ আৰম্ভ কৰে৷ দৰং জিলা প্ৰশাসনৰ দ্বাৰা ২০ ছেপ্টেম্বৰত ৰনং ধলপুৰ আৰু ৩নং ধলপুৰত উচ্ছেদ অভিযান চলাই প্ৰায় ৪,৫০০ বিঘা বেদখলকৃত চৰকাৰী ভূমি মুক্ত কৰাৰ লগতে তাৰ পৰা প্ৰায় ৮০০টা পৰিয়ালক আঁতৰাই পঠাইছিল৷ অৱশ্যে সহস্ৰাধিক নিৰাপত্তাৰক্ষীৰ ব্যৱস্থাৰে তথা দৰং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষকসহ বিভাগীয় কেইবাজনো উচ্ছপদস্থ বিষয়াৰ উপস্থিতিত সেইদিনা চলোৱা উচ্ছেদ অভিযান আছিল সম্পূৰ্ণ শান্তিপূৰ্ণ৷ আনকি ২০ ছেপ্টেম্বৰত বহুলোকে নিজেই আপোন ঘৰখন ভাঙি খালী কৰি দিছিল তেওঁলোকে অবৈধভাৱে দখল কৰি অহা চৰকাৰী ভূমি৷ প্ৰকাশ যে বেদখলকাৰীৰ কৱলত থকা ছিপাঝাৰৰ চৰ এলেকাৰ বাকীখিনি চৰকাৰী ভূমিও পৰ্যায়ক্ৰমে বেদখলমুক্ত কৰাৰ এক ব্যৱস্থাৰ অংশ হিচাপে দৰং জিলা প্ৰশাসনৰ লোক আজি পুনৰ উপস্থিত হয় ২নং ধলপুৰ আৰু ৩নং ধলপুৰ চৰত৷ উল্লেখ্য, ইয়াৰ ৩নং ধলপুৰত প্ৰশাসনৰ দ্বাৰা উচ্ছেদ অভিযান আৰম্ভ কৰিবলৈ লওতেই ইতিমধ্যে উচ্ছেদস্থলীৰ সমীপত সমবেত হোৱা শ শ লোকে এই উচ্ছেদ কাৰ্যত বাধা প্ৰদান কৰে৷ যাৰ বাবে কিছুসময় ধৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে ৩নং ধলপুৰ অঞ্চলৰ৷ ইয়াৰ মাজতে প্ৰতিবাদী ৰাইজৰ স’তে প্ৰশাসনৰ উচ্ছ পদস্থ বিষয়াই এক আলোচনাত মিলিত হোৱাত পৰিস্থিতিৰ শাম কাটিছিল যদিও উচ্ছেদ অভিযান চলোৱাৰ লগে লগে পুনৰ শ শ প্ৰতিবাদকাৰী আক্ৰমণাত্মক হৈ পৰে৷ আনকি শ শ উচ্ছেদিত লোকে আৰক্ষীলৈ শিলগুটি, ফৰ্মূটি আদি নিক্ষেপ কৰাত পৰিস্থিতি অধিক ভয়ংকৰ হৈ পৰে৷ পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ, ৰবৰ গুলী আদি ব্যৱহাৰ কৰিছিল যদিও উচ্ছেদিত লোক ক্ষান্ত নোহোৱাত গুলীচালনা কৰিবলৈ একপ্ৰকাৰ বাধ্য হয়৷ ইপিনে স্থানীয় সূত্ৰই সদৰি কৰা অনুসৰি, উচ্ছেদ অভিযানৰ পূৰ্বে আমছু নেতা আইনুদ্দিন আহমেদ নেতৃত্বাধীন এটা প্ৰতিনিধি দলৰ সৈতে ৩নং ধলপুৰত এক শান্তিপূৰ্ণ আলোচনাত মিলিত হোৱাৰ পাছত আমছুৰ দাবী কাৰ্যতঃ মানি লোৱাত আমছুৱে প্ৰশাসনৰ সিদ্ধান্তক আদৰণিও জনাইছিল৷ কিন্তু ইয়াৰ মাজতে আমছুৰ এটা বিৰোধী পক্ষই উক্ত সিদ্ধান্তৰ বিৰোধিতা কৰি একাংশ লোকক উচটনি দিয়াত ৰাইজ পুনৰ উত্তপ্ত হৈ পৰে আৰু এজন আৰক্ষী জোৱানক দাৰে ঘপিয়ায়৷  পৰিস্থিতি বেয়ালৈ ঢাল খোৱাত আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হয় বুলি সূত্ৰটোত প্ৰকাশ৷ 

দুষ্কৃতিকাৰীয়ে সৃষ্টি কৰিছিল অপ্ৰীতিকৰ পৰিস্থিতিৰঃ জিলা প্ৰশাসন 

গৰুখুঁটিত বেদখলকাৰীৰ কৱলৰ পৰা চৰকাৰী ভূমি মুক্ত কৰিবলৈ যাওঁতে একাংশ দুষ্কৃতিকাৰীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰাত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱাৰ উপৰি এজন অসামৰিক লোক নিহত হয়৷ এক প্ৰেছ বিজ্ঞপ্তিযোগে এই কথা জনাইছে দৰং জিলা প্ৰশাসনে৷ জিলা প্ৰশাসনে জনোৱা অনুসৰি, ৩নং জ’নত উচ্ছেদৰ বিৰোধিতা কৰিবলৈ ওলাই অহা লোকসকলৰ সৈতে শীৰ্ষ প্ৰশাসনিক বিষয়াসকল শান্তিপূৰ্ণ আলোচনাত মিলিত হোৱাত প্ৰতিবাদকাৰীসকল ঘটনাস্থলীৰ পৰা আঁতৰি যায়৷ ইয়াৰ পাছতে প্ৰশাসনে যেতিয়া উক্ত অঞ্চলত উচ্ছেদ চলাবলৈ আগবাঢ়ে তেতিয়াই কাষৰীয়া অঞ্চলসমূহৰ হাবি আৰু বাহনিৰ আঁৰত দা-যাঠি আদি অস্ত্ৰ লৈ লুকাই থকা একাংশ দুষ্কৃতিকাৰীয়ে প্ৰশাসন আৰু আৰক্ষীৰ লোকসকলক আক্ৰমণ কৰিবলৈ আৰম্ভ কৰে৷ এই অতৰ্কিত আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ আৰক্ষীৰ তৰফৰ পৰা আত্মৰক্ষাৰ স্বাৰ্থত বল প্ৰয়োগ কৰিবলগীয়া হয়৷ 

গৰুখুঁটিৰ ঘটনাৰ তদন্ত ঘোষণা চৰকাৰৰ

গৰুখুঁটিৰ ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগে  ন্যায়িক তদন্ত ঘোষণা কৰিছে৷ গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰাউক্ত তদন্তৰ ব্যৱস্থা কৰা হৈছে৷  ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিব দেৱপ্ৰসাদ মিশ্ৰই এটা নিৰ্দেশনাযোগে এই তদন্ত ঘোষণা কৰে৷

উচ্চেদৰ বিৰুদ্ধে দলগাঁৱত ধৰ্মঘট

ছিপাঝাৰৰ ধলপুৰত চলি থকা উচ্ছেদৰ তীব্ৰ বিৰোধিতা কৰিছে  অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ, আমছু, নেমছু আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে৷ দলগাঁও ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ সন্মুখত সংগঠন কেইটাৰ প্ৰতিনিধিয়ে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ প্ৰতিবাদকাৰীসকলে সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰাৰ লগতে উচ্ছেদিত পৰিয়ালসমূহক পুনৰসংস্থাপনৰ দাবী জনায়৷