Logo
image

বিজুলী ভৱনৰ নিযুক্তি কেলেংকাৰিৰ নেপথ্যত শীৰ্ষ বিষয়া

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ এ পি ডি চি এলৰ নিযুক্তি পৰীক্ষাৰ মূল্যায়নত সংঘটিত কেলেংকাৰিৰ চি এম ভিজিলেন্সে তদন্ত অব্যাহত ৰখাৰ সময়তে এইবাৰ মুখ খুলিছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মুখ্য কাৰ্যালয় প্ৰশাসনিক কৰ্মচাৰী সন্থাই৷ এ পি ডি চি এলৰ কাৰ্যালয় আৰু ক্ষেত্ৰ সহায়ক নিযুক্তি কেলেংকাৰিৰ লগতে পূৰ্বৰ প্ৰতিটো নিযুক্তিৰ কেলেংকাৰিত  বিজুলী ভৱনৰ উচ্ছপদস্থ বিষয়া জড়িত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে প্ৰশাসনীয় কৰ্মচাৰী সন্থাই৷ আনকি নিযুক্তি কেলেংকাৰিত জড়িত লবীটোক চিনাক্ত কৰি শাস্তি প্ৰদানৰো দাবী জনাইছে কৰ্মচাৰী সংগঠনটোৱে৷ উল্লেখ্য, বৰ্তমান ভিজিলেন্সৰ তদন্ত চলি থকা গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰবহী মূল্যায়নৰ  কেলেংকাৰিটোৱেই নহয়, শক্তিবিভাগে বিধানসভা নিৰ্বাচনৰ পূৰ্বে নিযুক্তি প্ৰদান কৰা পদসমূহতো ব্যাপক ধনৰ লেনদেন হোৱাৰ অভিযোগ উঠিছে৷ বিজুলী ভৱনৰ শীৰ্ষ বিষয়াৰ পৃষ্ঠপোষকতাতে দালাল চক্ৰই মুকলি বজাৰত একোটা পদ ৮ লাখ টকাৰ পৰা ১০ লাখ টকাত বিক্ৰী কৰিছিল৷ প্ৰশাসনিক কৰ্মচাৰী সন্থাটোৱে শক্তি বিভাগৰ সকলো নিযুক্তিতে অনিয়মৰ আঙুলি উঠাইছে যদিও কোন শীৰ্ষ বিষয়া এনে দুষ্কাৰ্যত জড়িত সেই কথা স্পষ্ট কৰা নাই৷ এই সন্দৰ্ভত এটা বিবৃতিত প্ৰশাসনিক কৰ্মচাৰী সন্থাৰ সাধাৰণ সম্পাদক ৰণজিৎ মহন্তই কয় যে এ পি ডি চি এলৰ ‘অফিচ কাম ফিল্ড এচিছষ্টেণ্ট’ পদত নিযুক্তি প্ৰক্ৰিয়া তথা পৰীক্ষা বহী নিৰীক্ষণত হোৱা বিসংগতিৰ বাবে মুখ্যমন্ত্ৰীৰ বিশেষ তদন্তকাৰী গোটে কৰা তদন্তক বিদ্যুৎ বিভাগৰ প্ৰশাসনিক কৰ্মচাৰী সন্থাই আদৰণি জনাইছো৷ ইতিমধ্যে নিযুক্তি লাভ সহকাৰী প্ৰৱন্ধক পদৰ বাছনি পৰীক্ষা তথা নিযুক্তি প্ৰক্ৰিয়াটোত যথেষ্ট অনিয়ম আৰু স্বজন-তোষণেৰে সম্পন্ন হ’ল৷ নিযুক্তি লাভ সহকাৰী প্ৰৱন্ধকৰ সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৰ স্বচ্ছতা পুনৰীক্ষণ কৰক মুখ্যমন্ত্ৰীয়ে৷ সমস্ত নিযুক্তি প্ৰক্ৰিয়াত যিসকল বিষয়া-কৰ্মচাৰী পোনপটিয়াকৈ জড়িত হৈ আছিল, সেই সকলকো এই তদন্তৰ আওটিলৈ আনিব লাগে৷ নিযুক্তি কেলেংকাৰিত ক্ষুদ্ৰ স্বাৰ্থ জড়িত এই লবীটো চিনাক্ত কৰি মুখ্য কাৰ্যালয় বিজুলীভৱনৰ পৰা ইয়াৰ পুলি-পোখা উভালি সম্পূৰ্ণৰূপে উৎখাত কৰক৷ বিগত কেইবছৰমানৰ পৰা প্ৰতিটো নিযুক্তি প্ৰক্ৰিয়াত এচাম উচ্ছপদস্থ বিষয়াৰ আশীষধন্য হৈ এটা লবী সক্ৰিয় হৈ আছে৷  বিজুলী ভৱনৰ মানৱ সম্পদ শাখাটোৰ শীৰ্ষ পদসমূহত এতিয়া এনে কিছু ব্যক্তিয়ে কাৰ্যনিৰ্বাহ কৰি আছে যাৰ এই বিষয়টোত কোনো দক্ষতা বা অভিজ্ঞতা নাই৷