Logo
image

চৰকাৰে বান্ধে, বিজেপিয়ে ভাঙে

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ ডিব্ৰুগড় জিলাৰ টিংখাঙত খোদ শাসকীয় দলে উলংঘা কৰিলে ক’ভিডৰ সকলো নীতি-নিয়ম৷  যি সময়ত ক’ভিড প্ৰট’কলৰ বাবে ৰাজ্যৰ শিক্ষানুষ্ঠান বন্ধ হৈ আছে, চিনেমা হল বন্ধ হৈ আছে, বিয়া, সবাহত জনসমাগমৰ সীমা নিৰ্ধাৰণ কৰি দিছে, আগন্তুক দুৰ্গা পূজাৰ বাবে নতুন এছ অ’ পি জাৰি কৰিছে তেনেস্থলত টিংখাঙত অনুষ্ঠিত হোৱা এক সাংস্কৃতিক অনুষ্ঠানক কেন্দ্ৰ কৰি এতিয়া সৰ্বত্ৰে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ৷ ভাৰতীয় জনতা যুৱ মৰ্চাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত টিংখাং আৰু লেঙেৰী মণ্ডল যুৱ মৰ্চাৰ সহযোগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ সৈতে সংগতি ৰাখি সেৱা আৰু সমৰ্পণ অভিযান নৱ ভাৰত মেলা নামেৰে ২০ ছেপ্টেম্বৰৰ পৰা দুদিনীয়াকৈ টিংখাঙৰ গান্ধী ময়দানত অনুষ্ঠিত কৰা হয় এক বিশাল মেলাৰ৷ দুয়োদিনৰ কাৰ্যসূচীৰ সন্ধিয়া অনুষ্ঠিত হয় আমন্ত্ৰিত শিল্পীৰদ্বাৰা সাংস্কৃতিক অনুষ্ঠান৷  সন্ধিয়াৰে পৰা অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে অসমৰ জনপ্ৰিয় শিল্পী বিপিন চাওদাঙে৷ টিংখাং আৰক্ষী থানাৰ গাতে লাগি থকা এই সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ গান্ধী ময়দানত সমবেত হয় হাজাৰ হাজাৰ লোক৷ কাৰোৰে মুখত নাছিল মাস্ক৷ কোনেও পালন কৰা নাছিল ক’ভিড বিধি৷ বিশ্বজুৰি সৃষ্টি হোৱা কাল ক’ভিডৰ সংসাৰী ৰূপৰ এনে জটিল সন্ধিক্ষণৰ সময়ত টিংখাঙত অনুষ্ঠিত এই সাংস্কৃতিক অনুষ্ঠানক লৈ ৰাইজ এতিয়া হতভম্ব হৈ পৰিছে৷ প্ৰশাসনে কেনেকৈ এই অনুমতি প্ৰদান কৰিলে বুলিও বিভিন্নজনৰ মনত প্ৰশ্নৰ উদয় হৈছে৷  ইফালে যিখন চৰকাৰে জনসাধাৰণৰ বাবে নিতৌ নতুন নতুন ক’ভিড বিধি ৰূপায়ণ কৰি ক’ভিড নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে তেনে সময়তে শাসকীয় দলটোৰে ভাতৃ সংগঠনে ক’ভিড বিধি উলংঘা কৰি এনেদৰে হাজাৰ হাজাৰ জনসাধাৰণৰ সমাগমেৰে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা কাৰ্যৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ উপ-সভাপতি শোভাকৰণ কোহাঞি,  টিংখং সমষ্টি সমিতিৰ সম্পাদকদ্বয় যোগেশ কোঁৱৰ, জোনজ্যোতি বৰুৱাৰ লগতে সমষ্টি সমিতিৰ বিষয়ববীয়াসকলে টিংখং থানাত ক’ভিড বিধি উলংঘা কৰাৰ অপৰাধত এক এজাহাৰ দাখিল কৰিছে৷ তেওঁলোকৰ দাবী যিসময়ত অসমৰ জাতীয় উৎসৱসমূহো পালন কৰাৰ পৰা ৰাইজ বিৰত আছে, শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ আছে তেনেস্থলত এনেদৰে ক’ভিড বিধি উলংঘা কৰি যি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিলে ইয়াত তেওঁলোকে আশ্চৰ্য প্ৰকাশ কৰাৰ লগতে আয়োজক সমিতিৰ বিষয়ববীয়াসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷  অসম জাতীয় পৰিষদৰ এই দাবী আৰু এজাহাৰৰ প্ৰতি কিমান গুৰুত্ব দিব আৰক্ষী-প্ৰশাসনে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব৷ আনহাতে, টিংখাঙত সৃষ্টি হোৱা এই পৰিৱেশৰ পাছত এতিয়া আৰু শিক্ষানুষ্ঠানসমূহ বন্ধ হৈ থকাৰ কোনো যুক্তি নাই বুলি দাবী কৰি বিভিন্ন দল-সংগঠনে টিংখাং সমষ্টিৰ বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ কৰি ছাত্ৰ-ছাত্ৰীসকলে শিক্ষা লাভৰ পৰা বঞ্চিত হ’ব লগা যাতে নহয় ইয়াৰো দাবী উত্থাপন কৰিছে৷  দুৰ্গা পূজাতো সাংস্কৃতিক অনুষ্ঠানৰ অনুমতি দিব লাগিব বুলি বিভিন্ন দল-সংগঠনে এতিয়া দাবী উত্থাপন কৰিছে৷ আৰক্ষী-প্ৰশাসনৰ মৌনতাক ৰাইজে তীব্ৰ সমালোচনা কৰিছে৷