Logo
image

এজাহাৰেই নিদিলে চৰকাৰে

আমাৰ অসম, ২৪ ছেপ্টেম্বৰঃ অৱশেষত নিমাতী কাণ্ডৰ সকলো অভিযুক্তই জামিন লাভ কৰিলে৷ তিনিজন লোকৰ প্ৰাণ কাঢ়ি নিয়া নিমাতীৰ ভয়াৱহ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত ফৌজদাৰী গোচৰ পঞ্জীভুক্ত কৰি সকলো দোষীক শাস্তি প্ৰদান কৰা হ’ব বুলি মুখ্য মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যদিও চৰকাৰে এখন এজাহাৰ দাখিল কৰাৰো প্ৰয়োজনবোধ নকৰিলে৷ ইফালে এই দুৰ্ঘটনা সন্দৰ্ভত পঞ্জীভুক্ত কৰা গোচৰ সন্দৰ্ভত যোৰহাট জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে দুয়োপক্ষৰ শুনানী লৈ আৰু বিভিন্ন নথি-পত্ৰ পৰ্যবেক্ষণ কৰি নিমাতী কাণ্ডক এক দুৰ্ঘটনা বুলি অভিহিত কৰে আৰু ১১জন অভিযুক্তৰ জামিন মঞ্জুৰ কৰে৷ তেওঁলোক হ’ল দুৰ্ঘটনাত পতিত হোৱা ‘মা কমলা’ নামৰ ফেৰীখনৰ মালিক পানীৰাম কলিতা, ফেৰীখনৰ ইঞ্জিন চালক বদন দত্ত, কালেক্টৰ বিপুল বৰা, গুৰিয়াল প্ৰশান্ত পামেগাম, গুৰীয়াল  ধনবৰ দাস, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কৰ্মচাৰী প্ৰদীপ বৰবৰা, সহায়কাৰী যোগেন দত্ত, খালাচী বিজু দাস, মাষ্টাৰৰোল কৰ্মচাৰী জয়ন্ত দত্ত, খালাচী বিনোদ বৰুৱা আৰু মাষ্টাৰৰোল কৰ্মচাৰী বাবুলচন্দ্ৰ নেওগ৷ উল্লেখ্য, আন এজন অভিযুক্ত গৌতম কলিতাক ১৭ছেপ্টেম্বৰত আদালতে মুক্তি দিয়ে৷ যোৰহাটৰ নিমাতী ঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত ৮ ছেপ্টেম্বৰত সংঘটিত শোকাৱহ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত বুধবাৰে দ্বিতীয় শুনানি গ্ৰহণ কৰাৰ পাছত আজি আদালতে অভিযুক্তসকলৰ জামিন মঞ্জুৰ কৰে৷ ইয়াৰ পাছতে অভিযুক্ত পক্ষৰ অধিবক্তা ৰিণ্টু গোস্বামীয়ে ‘আমাৰ অসম’ক কয় যে আদালতে গোচৰটোৰ অভিযোগনামা পৰীক্ষা কৰি এই অভিমত প্ৰকাশ কৰে যে সাক্ষ্যসমূহৰ পৰা ই এক দুৰ্ঘটনা হিচাপেহে প্ৰমাণিত হৈছে৷ অভিযোগনামাত আৰক্ষীয়ে সন্নিৱিষ্ট কৰা সাক্ষীৰ সাক্ষ্যৰ ভিত্তিত ঘটনাটো কোনো ইচ্ছাকৃত ঘটনা নহয়, বৰঞ্চ ই এক দুৰ্ঘটনা হিচাপেহে প্ৰতীয়মান হয়, যাৰ বাবে গ্ৰেপ্তাৰ কৰা লোককেইজনক দোষী সাব্যস্ত কৰিব নোৱাৰি৷ 

চৰকাৰে দাখিল নকৰিলে এজাহাৰঃ নিমাতী ঘাটত হোৱা ভয়াবহ ফেৰী দুৰ্ঘটনা সন্দৰ্ভত ফৌজদাৰী গোচৰ পঞ্জীভুক্ত কৰি দোষীক শাস্তি প্ৰদান কৰা হ’ব বুলি ৯ ছেপ্টেম্বৰত যোৰহাট ভ্ৰমণলৈ অহা মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক জানিবলৈ দিছিল৷ এই দুৰ্ঘটনাৰ বাবে দেীষীসকলে শাস্তি পাব বুলিও তেওঁ প্ৰকাশ কৰিছিল৷ আনকি অভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ [আই ডব্লিউ টি]-ৰ অধীনত ফেৰী চলাচলত অনিয়মৰ বিষয়েও মুখ্য মন্ত্ৰীজনে প্ৰকাশ্যে স্বীকাৰ কৰিছিল৷ কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতো ঘটনা সন্দৰ্ভত ৰাজ্য চৰকাৰ, যোৰহাট জিলা প্ৰশাসন অথবা আভ্যন্তৰীণ জল পৰিবহণ বিভাগে কোনো এজাহাৰ দাখিল নকৰিলে৷ বৰঞ্চ খিলঞ্জীয়া অধিকাৰ সংগ্ৰাম সমিতি, অসমৰ সাধাৰণ সম্পাদক প্ৰশান্ত বৰা আৰু ছাত্ৰ-যুৱ সংগ্ৰাম সমিতি, অসমৰ সম্পাদক ঋষিৰাজ ভাগৱতীয়ে যোৰহাট থানাত এখন এজাহাৰ দাখিল কৰে৷ এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ ৩০৪ ধাৰাৰ অধীনত ১৯৩৩/২১ নম্বৰত এটা গোচৰ পঞ্জীভুক্ত কৰি মুঠ ১২জন লোকক গ্ৰেপ্তাৰ কৰে৷ পৰৱৰ্তী সময়ত ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিয়ে  আই ডব্লিউ টি-ৰ চাৰিজন বিষয়াৰ নাম উল্লেখ কৰি এখন এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে এই এজাহাৰখনো পূৰ্বৰ গোচৰৰ লগতে জাপি দিয়ে যদিও ইয়াৰ এজনকো গ্ৰেপ্তাৰ কৰিলে৷

আৰক্ষীৰ কেচ ডায়েৰীৰ দুৰ্বলতাৰ বাবেই জামিন পালে অভিযুক্তইঃ আৰক্ষীয়ে দাখিল কৰা কেছ ডায়েৰীৰ দুৰ্বলতাৰ বাবেই নিমাতীৰ ভয়াৱহ ফেৰী দুৰ্ঘটনাৰ আটাইকেইজন অভিযুক্তই জামিন পোৱা বুলি অভিযোগ উঠিছে৷ আজি আদালতে তেওঁলোকৰ জামিন মঞ্জুৰ কৰাৰ পাছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় যে জামিন প্ৰদান কৰাটো আইনী প্ৰক্ৰিয়া৷ অভিযুক্তই জামিন পাব পাৰে–এই সন্দৰ্ভত আমি একো নকওঁ৷ কিন্তু আৰক্ষীয়ে দাখিল কৰা কেচ ডায়েৰীৰ সুৰুঙাৰ বাবেই অভিযুক্ত কেইজনে জামিন পালে বুলি তেওঁ অভিযোগ কৰে৷ ইফালে আভ্যন্তৰীণ জল পৰিবহন বিভাগত সংঘটিত অনিয়মৰ ৰৌ-বৰালি গ্ৰেপ্তাৰ নকৰি পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰাটোত তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷

ফেৰীত ‘লাইফ জেকেট’ পিন্ধাটো বাধ্যতামূলক

যাত্ৰীবাহী ফেৰী সেৱাৰ সুৰক্ষা ব্যৱস্থা সুনিশ্চিতকৰণৰ বাবে বিভিন্ন দিশ আলোচনা কৰিবলৈ বুধবাৰে কামৰূপ [ম] জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়৷ জিলা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া তথা অতিৰিক্ত উপায়ুক্ত গৌৰীশংকৰ দাস, অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসৰ উপৰি এনডিআৰএফ, নদী আৰক্ষী বিভাগৰ বিষয়া আদি উপস্থিত থকা সভাত উপায়ুক্ত বিশ্বজিৎ পেগুৱে জিলাখনৰ আভ্যন্তৰীণ জল পৰিবহণৰ সুৰক্ষাৰ সুনিশ্চিতকৰণৰ ক্ষেত্ৰত সকলোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগটোক নিৰ্দেশ দিয়ে৷ জল পৰিবহণৰ আৰম্ভণিতে যাত্ৰীসকলে ‘লাইফ জেকেট’ পিন্ধাতো বাধ্যতামূলক কৰাৰ উপৰি সকলোবোৰ বিষয় তদাৰকৰ বাবে এজন দণ্ডাধীশ নিযুক্ত কৰা হ’ব বুলি জিলা উপায়ুক্তজনে সভাত ব্যক্ত কৰে৷ জলপৰী, এলফ্ৰেস্ক’ আদি ফেৰীৰ ক্ষেত্ৰতো ‘লাইফ জেকেট’ পিন্ধাতো বাধ্যতামূলক বুলি সভাত জানিবলৈ দি উপায়ুক্তজনে জল পৰিবহণৰ সকলো নিৰ্দেশাৱলী কাৰ্যকৰী কৰাৰ বিষয়টো এনডিআৰএফ, নদী আৰক্ষী আৰু আভ্যন্তৰীণ জল পৰিবহণক যুটীয়াভাবে নিৰীক্ষণ কৰিবলৈ নিৰ্দেশ দিয়ে৷ ইয়াৰ উপৰি ৭০ শতাংশ ৰাজসাহায্যৰে চৰকাৰৰ ‘জীৱন ডিঙা’ আঁচনিৰ অধীনত ছিংগল ইঞ্জিনযুক্ত ফেৰীসমূহক ডাবল ইঞ্জিনযুক্ত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ উপায়ুক্তজনে আভ্যন্তৰীণ জল পৰিবহণ বিভাগক নিৰ্দেশ দিয়ে৷