Logo
image

ৰবিৰ প্ৰস্থান হিমন্তৰ প্ৰৱেশ

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ দশক দশক ধৰি অব্যাহত থকা নগা শান্তি আলোচনাই নতুন দিশত অগ্ৰগতি লাভ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰেও বিদ্ৰোহী সংগঠনটোৰ সৈতে শান্তি আলোচনা প্ৰক্ৰিয়া সমাপ্ত কৰি চূড়ান্ত চুক্তিত স্বাক্ষৰ কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে৷ লক্ষণীয়ভাৱে শান্তি আলোচনাৰ মধ্যস্থতাকাৰী ৰাজ্যপাল আৰ এন ৰবিৰ সৈতে এনএছচিএনৰ [আই এম] সংঘাত হোৱাত সুদীৰ্ঘ ২১ মাহ ধৰি আনুষ্ঠানিক আলোচনা বন্ধ হৈ থকাৰ পাছত মঙলবাৰে মধ্যস্থতাকাৰী আৰ এন ৰবিৰ পদত্যাগ-পত্ৰ গৃহ মন্ত্ৰণালয়ে গ্ৰহণ কৰে৷ তাৎপৰ্যপূৰ্ণভাৱে নগা শান্তি আলোচনা প্ৰক্ৰিয়া আগবঢ়োৱাৰ বাবে গৃহ মন্ত্ৰণালয়ে কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাৰ প্ৰাক্তন বিশেষ সঞ্চালকপ্ৰধান অক্ষয় কুমাৰ মিশ্ৰক দায়িত্ব দিয়ে৷ গৃহমন্ত্ৰণালয়ে নতুন মধ্যস্থতাকাৰী হিচাপে অৱসৰপ্ৰাপ্ত চোৰাংচোৱা বিষয়াজনক দায়িত্ব দিয়াৰ সমান্তৰালভাৱে আলোচনা প্ৰক্ৰিয়াত উদ্যোগ লোৱাৰ বাবে নেডাৰ আহ৩ায়ক তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিশেষ দায়িত্ব প্ৰদান কৰিছে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’য়ে এতিয়াৰে পৰা শান্তি আলোচনা প্ৰক্ৰিয়াত সহযোগিতা আগবঢ়াব৷ স্বাভাৱিকতেই এতিয়া তদানীন্তন ৰাজ্যপাল আৰ এন ৰবিৰ প্ৰস্থানৰ পাছত নগা শান্তি প্ৰক্ৰিয়াত নেডাৰ আহ্বায়ক হিমন্তবিশ্ব শৰ্মা প্ৰৱেশ কৰা বুলিও ৰাজনৈতিক মহলত চৰ্চা লাভ কৰিছে৷ কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে ভাৰত-নগা ৰাজনৈতিক সংঘাতৰ বিষয়টোৰ মীমাংসাৰ পোষকতা কৰিছে৷ ইতিমধ্যে সোমবাৰ আৰু মঙলবাৰে কেন্দ্ৰীয়ে মধ্যস্থতাকাৰী অক্ষয় কুমাৰ মিশ্ৰই ডিমাপুৰস্থিত ছুমুকেডিমা আৰক্ষী ছাউনীত এনএছচিএনৰ [আই এম] সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ সৈতে আনুষ্ঠানিক বৈঠকতো মিলিত হয়৷ ইপিনে, মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী তথা ‘নেডা’ৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মায়ো ডিমাপুৰত উপস্থিত হৈ এন এছ চি এনৰ [আই এম] শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হোৱাৰ লগতে নগা ৰাজনৈতিক দলসমূহৰ উমৈহতীয়া মঞ্চ এনএনপিজিৰ ৱৰ্কিং কমিটী আৰু মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ সৈতে গুৰুত্বপূৰ্ণ আলোচনাত বহে৷ উল্লেখ্য, নাগালেণ্ডৰ তদানীন্তন ৰাজ্যপাল তথা মধ্যস্থতাকাৰী আৰ এন ৰবিক বিগত ৯ ছেপ্টেম্বৰত তামিলনাডুৰ ৰাজ্যপাল নিযুক্তি প্ৰদান কৰিছিল কেন্দ্ৰই৷ ইপিনে, ২০১৯ চনতে হোৱা অন্তিমখন ত্ৰিপাক্ষিক আলোচনাত এনএছচিএনৰ [আই এম] পৃথক পতাকা আৰু সুকীয়া সংবিধানৰ চৰ্তক মানি লোৱা নাছিল মধ্যস্থতাকাৰী ৰবিয়ে৷ এই দুই চৰ্তক লৈ দুয়োপক্ষৰ মাজত দূৰত্ব বৃদ্ধি পোৱাৰ লগতে এটা পক্ষই আনটো পক্ষৰ বিৰুদ্ধে সংবাদ মাধ্যমত বক্তব্যও ৰাখিছিল৷ কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৫ চনতে ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টত স্বাক্ষৰ কৰি শান্তি আলোচনা প্ৰক্ৰিয়া অব্যাহত ৰখাৰ পাছত পলমকৈ হ’লেও চূড়ান্ত শান্তি চুক্তি স্বাক্ষৰৰ বাবে তৎপৰতা আৰম্ভ কৰিছে গৃহ মন্ত্ৰণালয়ে৷ সেই সূত্ৰে নতুন মধ্যস্থতাকাৰী আৰু ‘নেডা’ৰ আহ৩ায়ক হিমন্ত বিশ্ব শৰ্মা লগতে নাগালেণ্ডৰ মুখ্যমন্ত্ৰীকো শান্তি আলোচনা প্ৰক্ৰিয়া আগবঢ়াই নিয়াৰ বাবে কেন্দ্ৰই সেউজ সংকেত দিয়া বিষয়টোৱে তাৎপৰ্য বহন কৰিছে৷ লক্ষণীয়ভাৱে কেন্দ্ৰীয় মধ্যস্থতাকীৰ অক্ষয় কুমাৰ মিশ্ৰই তিনিদিনীয়া আলোচনাৰ অন্তত বৃহস্পতিবাৰে দিল্লীলৈ ৰাওনা হয়৷ দিল্লীত নগা শান্তি প্ৰক্ৰিয়াৰ পৰৱৰ্তী আলোচনা সম্পন্ন হ’ব বুলি এনএছচিএনৰ সূত্ৰই সদৰী কৰিছে৷ এনএছচিএন [আইএম]ৰ জ্যেষ্ঠ নেতা ডেনিয়েল লোথাই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি নতুন মধ্যস্থতাকাৰী নিযুক্তিয়ে নগা-ভাৰত ৰাজনৈতিক সংঘাত মীমাংসাৰ পথ চমু চপাই আনিব৷ কেন্দ্ৰীয় চৰকাৰে নতুন মধ্যস্থতাকাৰী নিযুক্তি দিয়া বিষয়টোত এনএছচিএনে আদৰণি জনাইছে বুলিও জ্যেষ্ঠ নেতাজনে সংবাদ মাধ্যমক সদৰী কৰিছে৷