Logo
image

গৰুখুটিয়ে কঁপাইছে দেশ

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটিৰ ঘটনাই কঁপাইছে দেশ৷ উক্ত ঘটনাক লৈ শুকুৰবাৰে অব্যাহত আছে উত্তেজনা৷ বেদখল উচ্ছেদ কৰাক কেন্দ্ৰ কৰি গৰুখুটিত অব্যাহত আছে উত্তেজনাময় পৰিস্থিতি৷ বেদখল উচ্ছেদ কৰাক লৈ পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে দৰং জিলাত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে৷ গৰুখুটিত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে ইতিমধ্যে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম জাতীয় পৰিষদ, আমছু, অসম ৰাজ্যিক জমিয়ত উলামা আৰু প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই৷ আমছুৱে উচ্ছেদ অভিযান বন্ধ কৰা আৰু ভূমিহীনক পুনৰ সংস্থাপনৰ দাবীত শুকুৰবাৰে ৰাজ্যজুৰি ৰূপায়ণ কৰিছে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী৷ ক’ৰবাত যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰিছে আন কৰবাত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছে আমছুৰ কৰ্মী-সমৰ্থকে৷ গৰুখুটিৰ উচ্ছেদ অভিযানক অমাৱনীয় আখ্যা দিয়াৰ লগতে আমছুৱে উচ্ছেদিত লোকসকলক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে৷ শুকুৰবাৰে পুৱাৰ ভাগতে গৰুখুটিত উপস্থিত হয় প্ৰদেশ কংগ্ৰেছৰ এটা সঁজাতি দল৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, ৰাণা গোস্বামী আৰু আব্দুল খালেক গৰুখুটিত উপস্থিত হৈ উচ্ছেদিতসকলৰ পৰিয়ালক সাক্ষাৎ কৰে৷ গৰুখুটিৰ উচ্ছেদ অভিযানৰ বিৰোধিতা কৰি শুকুৰবাৰে মঙলদৈত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছে৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰক্ষীক গুলী কৰিবলৈ চোলা খুলি দিয়ে৷ প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈ কংগ্ৰেছ বিধায়িনী দলৰ উপ-দলপতি ৰকিবুল হুছেইনে কয়–গৰুখুটিত যদি বাংলাদেশীয়ে বেদখল কৰিছে চৰকাৰে কেৱল উচ্ছেদ কৰিয়ে দায়িত্ব সামৰাৰ পৰিৱৰ্তে অসমৰ পৰা বহিষ্কাৰ কৰক৷ আৰু যদি উচ্ছেদিতসকল অবৈধ নাগৰিক নহয় তেনেহ’লে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক৷ গৰুখুটিৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে মানৱ অধিকাৰ আয়োগত অভিযোগ দাখিল কৰিছে এটা সংগঠনে৷ গৰুখুটিৰ ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ  কৰিছে অসম জাতীয় পৰিষদে৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়– দৰঙৰ ধলপুৰত কালি সংঘটিত উচ্ছেদৰ সময়ত সংঘটিত ঘটনাই ভাৰত তথা বিশ্ববাসীৰ ওচৰত অসমক লজ্জানত কৰিছে৷ আৰক্ষীৰ গুলিত বাগৰি পৰা এজন ব্যক্তিৰ ওপৰত চৰকাৰী বাহিনীৰে অংশ হৈ যোৱা ফটোগ্ৰাফাৰজনে কৰা পাশৱিক আচৰণৰ বাবে বিশ্ববাসীৰ আগত অসমবাসীৰ মুখ উলিয়াব নোৱাৰা অৱস্থা হৈছে৷ ইয়াৰ বাবে দৰং জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগ পোনপটীয়াভাৱে দায়ী৷ সেয়ে আইন-শৃঙ্খলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব নোৱাৰা আৰু জঘন্য আনৱীয় ঘটনা প্ৰতিৰোধেৰে অসম তথা ভাৰতৰ সন্মান ৰক্ষা কৰিব নোৱাৰাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক তৎকালে নিলম্বিত কৰি দুয়োজনৰ ওপৰত বিভাগীয় তদন্ত কৰিব লাগে৷  চৰকাৰী ভূমিত হোৱা বেদখল চৰকাৰী নিয়ম অনুসৰি উচ্ছেদ কৰাটো যেনেকৈ জৰুৰী, তেনেকৈ ৰাজ্য বা দেশৰ সন্মান ৰক্ষা কৰাটোও জৰুৰী৷ চৰকাৰী দায়িত্ব পালন কৰিবলৈ যাওঁতে এনে কোনো কাৰ্য হ’বলৈ দিব নালাগিব যাৰ দ্বাৰা আইন-শৃঙ্খলা বিনষ্ট হয় বা মানৱাধিকাৰ ভংগ হোৱাৰ জৰিয়তে দেশৰ সামগ্ৰিক অহিত সাধন হয়৷ এই বিষয়সমূহ চোৱা-চিতাৰ দায়িত্ব জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ৷ কিন্তু কালি ধলপুৰত এই দিশসমূহ স্পষ্টভাৱে উপেক্ষা কৰা হৈছে - যাৰ পৰিণতিত আজি সমগ্ৰ বিশ্বৰ আগত অসমৰ এখন নেতিবাচক ছবি প্ৰচাৰিত হৈছে৷ প্ৰশাসন আৰু আৰক্ষীৰ দায়িত্বহীনতাৰ বাবেই লোকজনে তেনে ঘটনা সংঘটিত কৰিবলৈ পালে৷ উচ্ছেদ কাৰ্য চলোৱাৰ এটা সুনিৰ্দিষ্ট চৰকাৰী বিধি আছে৷ কিন্তু ধলপুৰৰ উচ্ছেদৰ সময়ত নিৰ্দিষ্ট উচ্ছেদ-নীতি অৱলম্বন নোহোৱাৰ কথাটো ইতিমধ্যে স্পষ্ট হৈছে৷ আনকি আইন-শৃঙ্খলা বিনষ্ট হোৱাৰ বিষয়টোতো প্ৰশাসন আৰু আৰক্ষীৰ ব্যৰ্থতা ফুটি উঠিছে৷ ধলপুৰৰ উচ্ছেদ আৰু তাৰ সৈতে সংলগ্ন সমগ্ৰ ঘটনাৱলী এটা পৰিকল্পিত ষড়যন্ত্ৰৰ অংশবিশেষ যেন ধাৰণা হয়৷ এই ঘটনাৰ সৈতে সাম্প্ৰদায়িক বিভাজন সৃষ্টিৰে ৰাজনৈতিক মুনাফা আদায়ৰ গোপন উদ্দেশ্য নিহিত হৈ আছে নেকি সেয়া নিশ্চিত কৰাৰ প্ৰয়োজন আছে৷ তাৰ বাবে উচ্ছতম ন্যায়ালয়ৰ এগৰাকী কৰ্মৰত ন্যায়াধীশৰ দ্বাৰা সমগ্ৰ ঘটনাৰ তদন্ত কৰক৷ ছিপাঝাৰৰ গৰুখুটি ঘটনাত আৰক্ষীৰ বৰ্বৰতাৰ তীব্ৰ নিন্দা কৰিছে অসম ৰাজ্যিক জমিয়ত উলামাৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল আৰু সাধাৰণ সম্পাদক হাফিজ বছিৰ আহমেদ কাছিমীয়ে৷ উক্ত ঘটনাৰ উচ্ছ পৰ্যায়ৰ তদন্ত কৰিবলৈ লগতে নিহত ব্যক্তিসকলৰ নিকটাত্মীয়ক ক্ষতিপূৰণ দিবলৈ চৰকাৰক দাবী জনায়৷ তেওঁ আৰু কয় যে –যিসকলে এনেদৰে বৰ্বৰতাৰে যি ঘটনা সংঘটিত কৰিলে তেওঁলোকে নিজৰ ল’ৰা-ছোৱালী পৰিয়ালৰ তথাও চিন্তা কৰিব লাগে, নিজৰ পৰিয়ালসমূহো যদি এনেদৰে মুক্ত আকাশৰ তলত থাকিবলগীয়া হয় তেন্তে কেনে অনুভৱ হ’ব পাৰে৷ চৰকাৰে এনেদৰে উচ্ছেদ কৰাৰ পূৰ্বে এই ক’ভিডৰ সময়ত মানৱীয় দৃষ্টিভংগীৰে আন ঠাইত সংস্থাপনৰ ব্যৱস্থা কৰি ল’ব লাগিছিল যাতে এনে পৰিস্থিতিৰ সৃষ্টি নহয়৷ তদুপৰি যিসকল লোকে উচ্ছেদৰ ফলত বিভিন্ন শিবিৰত আশ্ৰয় লৈ থাকিবলগীয়া হৈ আছে তেওঁওলোকক চৰকাৰে খাদ্য-সামগ্ৰী, যাৱতীয় বয়-বস্তু, কণ কণ শিশুৰ খাদ্য আদি সাহায্য প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায়৷ গৰুখুটিত গুলীত মৃত্যু হোৱা ব্যক্তিক প্ৰশাসনৰ এজন ফটো গ্ৰাফাৰে গুৰিওৱা কাৰ্যক সৰ্বত্ৰ গৰিহণা দিছে৷ প্ৰশাসনৰ ফটোগ্ৰাফাৰ বিজয় বনিয়াক শুকুৰবাৰে  কামৰূপৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাত আদালতে ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে৷ স্মতৰ্ব্য চি আই ডিয়ে বিজয় বনিয়াক নিবিচাৰিলে নিজৰ জিম্মাত৷

হাউলীত আমছুৰ উত্তাল প্ৰতিবাদ অৰ্ধ শতাধিক আমছু কৰ্মীক আটক

ছিপাঝাৰৰ ধলপুৰত বেদখল উচ্ছেদৰ নামত বৃহস্পতিবাৰে আৰক্ষীৰ গুলীচালনাত দুজন লোকৰ মৃত্যুৰ ঘটনাক লৈ ৰাজ্যজুৰি মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ একাংশই উচ্ছেদ অভিযানক সমৰ্থন জেনাৱাৰ বিপৰীতে একাংশই এয়া চৰকাৰৰ ভুল নীতি আৰু পৰিকল্পনাহীনতাৰ পৰিণতি বুলি অভিহিত কৰিছে৷ আৰক্ষী- প্ৰতিবাদকাৰীৰ সংঘাতত দুজন লোকৰ মৃত্যুৰ ঘটাৰ লগতে এজন ফটোগ্ৰাফৰে এজন গুলীবিদ্ধ লোকৰ ওপৰত অতি বৰ্বৰভাৱে আক্ৰমণ চলোৱাৰ বিৰুদ্ধে হাউলীত আমছুয়ে উত্তাল প্ৰতিবাদ জনোৱাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে৷ হিমন্ত বিশ্ব মুৰ্দাবাদ, অসম চৰকাৰ হায় হায়, অসম চৰকাৰ মূৰ্দাবাদ ধবনি দি প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে আমছুৰ কেন্দ্ৰীয় সমিতিৰ সহঃসাধাৰণ সম্পাদক জুব্বাৰ আলি সহ প্ৰায় অৰ্ধ শতাধিক আমছু কৰ্মীক আটক কৰে৷ 

উত্তৰ শালমাৰাৰ বিভিন্ন ঠাইত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ

কালি দৰং জিলাৰ ছিপাঝাৰৰ ধলপুৰ আৰু গৰুখুটিৰ ঘটনাৰ বিৰুদ্ধে ‘আমছু’ৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে উত্তৰ মহকুমাৰ বিভিন্ন প্ৰান্তত আজি আমছুৰ কৰ্মী-সমৰ্থকে লেংটিছিঙা, অভয়াপুৰী, লতিবাৰী-পিৰাধাৰা, বৰজানা, কলবাৰী, যোগীঘোপা, এফ চি আই, বালাপাৰা আদি আঞ্চলিক সমিতিৰ উদ্যাগত পৃথকে পৃথকে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰে৷ আমছুৰ অভয়াপুৰী পিৰাধৰা, কলবাৰী আঞ্চলিক সমিতিয়ে অভয়াপুৰীৰ ৰাজীৱ ভৱনৰ সন্মুখত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে উত্তাল কৰে৷ আমছুৱে আৰক্ষীৰ গুলীত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ একঁকালীন দহ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়াবলৈ আৰু পুনৰ সংস্থাপন নিদিয়াকৈ উচ্ছেদ কাৰ্য বন্ধ ৰাখিবলৈ চৰকাৰক দাবী জনায়৷ 

বালিপৰাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

দৰং জিলাৰ ছিপাঝাৰৰ গৰুখুটিৰ ঘটনাৰ প্ৰতিবাদত আজি বিয়লি ৪ বজাত নেমছুৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বালিপৰা আঞ্চলিকৰ সহযোগত বালিপৰা কেন্দ্ৰ স্থলত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰে৷ প্ৰতিবাদীসকলে চৰকাৰ বিৰোধী বিভিন্ন শ্লোগানেৰে বালিপৰাৰ পৰিবেশ উত্তাল কৰি তোলে৷ ওঁঠৰ মাইলতো আমছুৰ বালিপৰা আঞ্চলিকৰ উদ্যোগ ত মুখ্য মন্ত্ৰীৰ পুত্তলিকা দাহ কায’ সম্পন্ন কৰা হয়৷ 

কলগাছিয়াত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ

দৰঙৰ গৰুখুটিৰ উচ্ছেদথলীত অমানৱীয়ভাৱে গুলিবৰ্ষণ কৰি আৰক্ষীয়ে তিনিজনক হত্যা কৰাৰ প্ৰতিবাদত আজি কলগাছিয়াত ভাৰতীয় ষ্টেট বেংকৰ সন্মুখত কলগাছিয়া জিলা আমছুয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীসকলে উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপনৰ দাবী কৰাৰ লগতে ভূক্তভোগী সকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনায়৷ আৰক্ষীৰ গুলীত নিহত তিনিজনৰ পৰিয়ালক এককালীন দহ লাখ টকাকৈ ক্ষতি পূৰণৰো দাবী উত্থাপন কৰে আমছুৱে৷ 

বিজনীত গৰুখুটি কাণ্ডৰ প্ৰতিবাদ আমছু, এবিএমছুৰ

সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাৰ বিজনীতো দৰঙৰ গৰুখুটি কাণ্ডৰ বিৰুদ্ধে আমছুৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ বিজনী আঞ্চলিক আমছুৰ উদ্যোগত ৰূপায়ণ কৰিবলৈ লোৱা মুখ্যমন্ত্ৰী শৰ্মাৰ পুত্তলিকা দাহ কাৰ্যসূচীত বিজনী আৰক্ষীৰ তৰফৰ পৰা বাধা প্ৰদান কৰা হয়৷ প্ৰতিবাদকাৰী সকলে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকী পুত্তলিকা লৈ প্ৰতিবাদী সমদল উলিয়ায়৷  প্ৰতিবাদকাৰীসকলে অসম চৰকাৰ হায় হায়, সংখ্যালঘুসকলক হত্যা বন্ধ কৰক, বেআইনী উচ্ছেদ বন্ধ কৰক, সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰক আদি চৰকাৰ বিৰোধী শ্লোগান প্ৰদান কৰি উত্তাল কৰি তোলে প্ৰতিবাদস্থলী৷ ইফালে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানাহ দলঙৰ কাষত ডাঙাইগাঁও, ভাণ্ডাৰা, দক্ষিণ বিজনী আৰু গৰাইমাৰী আঞ্চলিক আমছুৰ উদ্যোগত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী ৰূপায়িত হয়৷ আনফালে বিজনী জিলা এবিএমছুৰ উদ্যোগত ভাওৰাগুৰীত গৰুখুটি কাণ্ডৰ বিৰুদ্ধে গণ বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰা হয়৷ 

গৰুখুঁটি ধলপুৰত নিমাওমাও পৰিৱেশঃ দুমুনিচকীত বন্ধৰ মিশ্ৰিত প্ৰভাৱ

ছিপাঝাৰৰ গৰুখুঁটিৰ ৩নং ধলপুৰত কালি উচ্ছেদিত প্ৰতিবাদী ৰাইজ আৰু আৰক্ষী বাহিনীৰ মাজত হোৱা তুমুল সংঘৰ্ষত কেইবাজনো লোকৰ মৃত্যুৰ প্ৰতিবাদত আজি দৰং জিলা সংখ্যালঘু সমম্বয়ৰক্ষী সমিতিৰ লগতে কেইবাটাও সংগঠনে জনোৱা বন্ধৰ কাৰ্যযসূচী শান্তিপূৰ্ণ ভাৱে অন্ত পৰে৷ পুৱা প্ত বজাৰ পৰা জনোৱা এই বন্ধত স্কুল-কলেজ, ব্যৱসায়িক প্ৰতিষ্ঠান আদি খোলা থাকে দুমুনিচকীত৷ পথত যাত্ৰীবাহী বাছৰ চলাচল বন্ধ আছিল যদিও ব্যক্তিগত যান-বাহন চলাচল অব্যাহত আছিল৷