Logo
image

৩০টা গোচৰ থকা সত্ত্বেও ‘নিৰাপদ’ ফণী

ইউডিএফ নেতাৰ ‘বিস্ফোৰণ’

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ এটা, দুটা নহয়, ফণী তালুকদাৰৰ বিৰুদ্ধে আছে ৩০ টাকৈ গোচৰ৷ বিধানসভাৰ সদ্য সমাপ্ত নিৰ্বাচনত এ আই ইউ ডি এফৰ টিকটত ভবানীপুৰ সমষ্টিৰ পৰা জয়ী হৈ কিছুদিন পূৰ্বে বিজেপিত যোগদান কৰা ফণী তালুকদাৰৰ বিৰুদ্ধে আছে মাটিৰ দালালি সন্দৰ্ভত বহু গুৰুতৰ অভিযোগ৷ এই অভিযোগ নতুন নহয়৷ বহু পূৰ্বৰে পৰা ফণী তালুকদাৰৰ বিৰুদ্ধে উত্থাপিত হৈ আহিছে এনে অভিযোগ৷ কিন্তু ইয়াৰ পিছতো বিধানসভাৰ বিগত নিৰ্বাচনত আজমল বাহিনীয়ে ফণী তালুকদাৰক নিজৰ দললৈ আদৰি আনি অতি সন্মানৰে সৈতে ভবানীপুৰ সমষ্টিৰ টিকট প্ৰদান কৰে৷ সমষ্টিটোত দলৰ বহু পুৰণি নেতা টিকটৰ দাবীদাৰ হিচাপে থিয় দিছিল যদিও এ আই ইউ ডি এফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ প্ৰত্যক্ষ নিৰ্দেশত ফণী তালুকদাৰক টিকট দিয়া হয়৷ ফণী তালুকদাৰ এ আই ইউ ডি এফ ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ পিছত এইবাৰ দলৰে একাংশ নেতা তেওঁৰ সমালোচনাত মুখৰ হৈ পৰিছে৷ ভবানীপুৰ সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনত এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা বিপিএফৰ পূৰ্বৰ পাৰিষদ ৰঞ্জিত খেৰকটাৰীয়ে ফণী তালুকদাৰৰ বিৰুদ্ধে বহু বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয়–ফণী তালুকদাৰ বিজেপিলৈ গৈছে কাৰণ তেওঁক এটা আশ্ৰয় লাগে৷ ৰক্ষাকবচ লাগে৷ বিগত সময় ছোৱাত তেওঁ তিনিবাৰ জেললৈ গৈছে৷ তেওঁৰ বিৰুদ্ধে ২০/৩০টা গোচৰ আছে৷ এই গোচৰ বিলাকৰ পৰা বাচিবলৈ হ’লে তেওঁ নিশ্চয় বিজেপিত আশ্ৰয় ল’ব লাগিবই৷ সেই কাৰণে বিজেপিৰ মন্ত্ৰী বিমল বৰাই কৈছে যে ফণী তালুকদাৰে প্ৰায়শ্চিত্ব হ’ব লাগিব৷ সেয়ে তেওঁ বিজেপিলৈ প্ৰায়শ্চিত্ব কৰিবলৈ গৈছে৷ গুৱাহাটীত তেওঁক সকলোৱে মাফিয়া-দালাল-দাদাগিৰি কৰা বুলি জানে৷ কোটি কোটি টকাৰ বেংক জালিয়তি কৰিছিল তেওঁ৷ যাৰ ফলত তেওঁ জেললৈ যাবলগীয়া হৈছিল৷ আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ফণী তালুকদাৰ সন্দৰ্ভত মত প্ৰকাশ কৰি কয়– মই তেওঁক মাটি দালাল বুলি কোৱা নাই৷ পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাটিৰ দালাল বুলি ধৰি আনি  ফণী তালুকদাৰক হাতীগাঁও থানাৰ লক আপত ভৰাই থৈছিল৷ তাৰ পিছত তেওঁ কেবামাহো জেল খাইছিল৷ শেহতীয়াভাৱে মাটিৰ দালালক কেন্দ্ৰ কৰি ৰাজ্যৰ সৰ্বত্ৰতে আৰক্ষীৰ অভিযান চলি থকা মাজতে উত্থাপিত হৈছে ফণী তালুকদাৰৰ প্ৰসংগ৷ ফণী তালুকদাৰৰ প্ৰসংগই বিব্ৰত কৰি তুলিছে শাসকীয় বিজেপি দলক৷ ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বই ফণী তালুকদাৰ কেন্দ্ৰীক সংবাদ মাধ্যমৰ প্ৰশ্নৰ গা এৰা মন্তব্য দি আছে৷ কিন্তু ইয়াৰ বিপৰীতে প্ৰাক্তন বিধায়ক তালুকদাৰ সংবাদ মাধ্যমৰ পৰা নিজকে সম্পূৰ্ণৰূপে আতৰাই ৰাখিছে৷ তেওঁৰ বিৰুদ্ধে উত্থাপিত কোনো এটা অভিযোগৰ স্পষ্টীকৰণ দিবলৈ আগবাঢ়ি অহা নাই এসময়ত ভূ-মাফিয়াৰূপে খ্যাত ফণী তালুকদাৰ৷