Logo
image

‘মাষ্টাৰ মাইণ্ড’ৰ বিৰুদ্ধে ৭টা বিশেষ অভিযোগ আয়োগৰ

আইডল কেলেংকাৰি

আমাৰ অসম, ২৫ ছেপ্টেম্বৰঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ‘আইডল’ কেলেংকাৰিত দোষী সাব্যস্ত কৰা হৈছে আইডলৰ তদানীন্তন সঞ্চালক ড॰ কন্দৰ্প দাসক৷ ৰাজ্যৰ সৰ্ববৃহৎ শৈক্ষিক কেলেংকাৰি সংঘটিত কৰি ৭৪ হাজাৰ শিক্ষাৰ্থীৰ ভৱিষ্যতক লৈ হেতালি খেলা কন্দৰ্প দাসক সাতটা অভিযোগত দোষী সাব্যস্ত কৰি প্ৰাক্তন আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্য আয়োগে প্ৰতিবেদন দাখিল কৰিছে৷ পল্লৱ ভট্টাচাৰ্যৰ অধ্যক্ষতাত গঠিত আয়োগে ড॰ কন্দৰ্প দাস এণ্ড কোম্পানীৰ বিৰুদ্ধে দাখিল কৰা প্ৰতিবেদন ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে গ্ৰহণ কৰিছে৷ বিগত ২০ ছেপ্টেম্বৰত অনুষ্ঠিত বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে পল্লৱ ভট্টাচাৰ্যৰ প্ৰতিবেদন গ্ৰহণ কৰি দোষী সাব্যস্ত হোৱা তদানীন্তন সঞ্চালক কন্দৰ্প  দাসক ১০ দিনৰ ভিতৰত স্থিতি স্পষ্ট কৰাৰ বাবেও জাননী জাৰি কৰিছে৷ ইপিনে অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া পল্লৱ ভট্টাচাৰ্যই দাখিল কৰা প্ৰতিবেদন শেহতীয়াকৈ ‘আমাৰ অসম’ৰ হাতত আহি পৰিছে৷ য’ত নেকি আয়োগে কন্দৰ্প দাসক আইডল কেলেংকাৰিৰ মাষ্টাৰ মাইণ্ড হিচাপে চিহ্নিত কৰাই নহয়, ৭টা বিস্ফোৰক অভিযোগত দোষী সাব্যস্ত কৰিছে ড॰ দাসক৷ বৰ্তমান নিলম্বিত হৈ থকা ড॰ দাসৰ বিৰুদ্ধে প্ৰমাণিত হোৱা ৭টা অভিযোগৰ ভিতৰত–প্ৰথমটোত কেগৰ প্ৰতিবেদনত প্ৰকাশ পোৱা ড॰ কন্দৰ্প দাসে আইডলৰ সঞ্চালক থকা সময়ত ২০১০ চনৰ পৰা ২০১৭ চনলৈকে ২১টা অনুমোদন নোহোৱা পাঠ্যক্ৰম ২০১০ চনৰ পৰা ২০১৭ চনলৈকে চলাই থকা কাৰ্যত গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ আচৰণবিধি ১৯৮৪১ ৪ নম্বৰ দফা ভিত্তিত দোষী সাব্যস্ত কৰিছে৷ দ্বিতীয়তে আইডলে কোনো পাঠ্যক্ৰম চলাবৰ বাবে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদৰ পৰা অনুমোদন লাভ কৰাটো যে বাধ্যতামূলক সেই কথা জানিও ড॰ কন্দৰ্প দাসে আইডলৰ সঞ্চালক পদত থকা সময়ত [২০০৬ ৰ পৰা ২০১৬ চনলৈকে] অনুমোদন নোহোৱা  পাঠ্যক্ৰম সমূহ চলাই গৈছিল৷ সেইবাবে ড॰ কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ আচৰণবিধি ১৯৮৪১ ৪ নম্বৰ দফা মতে দোষী সাব্যস্ত কৰিছে৷ তৃতীয়তে আইডলৰ দ্বাৰা যিকোনো পাঠ্যক্ৰম চলাবলৈ হ’লে বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদৰ অনুমোদন থকাটো বাধ্যতামূলক বুলি জানিও ড॰ দাসে আইডলৰ সঞ্চালক থকা সময়ত প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ নকৰা বাবে তেওঁক গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ আচৰণবিধি ১৯৮৪ ৰ ৪ নম্বৰ দফা মতে দোষী সাব্যস্ত কৰিছে আয়োগে৷ চতুৰ্থতে ২০১০-১১ চনৰ পৰা ২০১৬-১৭ বৰ্ষ পৰ্যন্ত ৭৩,৯১২ জন ছাত্ৰ-ছাত্ৰীক ২১টা অনুমোদন নোহোৱা পাঠ্যক্ৰমত নামভৰ্তি কৰা তথা পাঠ্যক্ৰম শেষ কৰোৱাই কেন্দ্ৰীয় চৰকাৰৰ কোনো চাকৰিৰ বাবে অনুপযুক্ত কৰি তেওঁলোকক ভৱিষ্যত নিয়োগৰ সুবিধাৰ পৰাও বঞ্চিত কৰা হয়৷ এই সকলো কথা জানি শুনিও ড॰ কন্দৰ্প দাসে আইডলৰ সঞ্চালক থকা সময়ত এই পাঠ্যক্ৰম সমূহ চলাই যোৱা বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ আচৰণবিধি ১৯৮৪ ৰ ৪ নম্বৰ দফা মতে তেওঁক আয়োগে দোষী সাব্যস্ত কৰিছে৷ পঞ্চমত, বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদে ২০১০ চনৰ পৰা ২০১৭ চনলৈকে সুদীৰ্ঘ ৭ বছৰত আইডলে ২১টা অনুমোদন নোহোৱা পাঠ্যক্ৰম চলাই থকাৰ বিষয়ে অৱগত নাছিল৷ ড॰ কন্দৰ্প দাসে আইডলৰ সঞ্চালক থকা সময়ত [২০০৬ ৰ পৰা ২০১৬ চনলৈকে] বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদক এই কথা অৱগত কৰাত ব্যৰ্থ হোৱা কাৰ্যৰ বাবেও দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ আচৰণ বিধি ১৯৮৪ ৰ চ্ছ্ৰ নম্বৰ দফা মতে দোষী সাব্যস্ত কৰিছে৷ ষষ্ঠতে, বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদৰ পৰা অনুমোদন লাভ কৰি পাঠ্যক্ৰম চলাই যোৱাৰ এক সুনিদ্ধৰ্াৰিত প্ৰক্ৰিয়া থকা সত্বেও ড॰ দাসে আইডলৰ সঞ্চালক থকা সময়ত এই নীতি-নিয়মসমূহ মানি চলা নাছিল আৰু অনুমোদন নথকা পাঠ্যক্ৰম সমূহ চলাই যোৱা কাৰ্য ন্যায় সংগত নাছিল৷ সেইবাবে ড॰ কন্দৰ্প দাসক গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ আচৰণ বিধি ১৯৮৪১ ৪ নম্বৰ দফা মতে দোষী সাব্যস্ত কৰিছে৷¸ শেষত সম্পূৰ্ণ অনিয়মেৰে সঞ্চালক ড॰ কন্দৰ্প দাসৰ দ্বাৰা আইডল কতৃৰ্পক্ষই অনুমোদন নথকা পাঠ্যক্ৰমসমূহ চলাই যোৱাৰ ফলত বহু অপ্ৰয়োজনীয় বিত্তীয় খৰচ হৈছিল৷ যাৰ বাবে ড॰ কন্দৰ্প দাসেক গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ আচৰণ বিধি ১৯৮৪ৰ ৪ নম্বৰ দফা মতে দোষী সাব্যস্ত কৰিছে পল্লৱ ভট্টাচাৰ্যৰ  আয়োগে৷ এই প্ৰতিবেদনৰ পাছত ড॰ কন্দৰ্প দাসে বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদক কি প্ৰত্যুত্তৰ দিব সেয়া হ’ব লক্ষণীয়৷