Logo
image

নপতা ফুকন

গৰুখুটি-কাণ্ডৰ গইনা লৈ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ নতুন ষড়যন্ত্ৰ

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ পাকিস্তান যেন নপতা ফুকনহে৷ আফগানিস্তানৰ তালিবান চৰকাৰক বিশ্বজোৰা স্বীকৃতি প্ৰদানৰ আহ্বানৰ পৰা অসমৰ ছিপাঝাৰৰ গৰুখুটিৰ বেদখলৰ উচ্ছেদলৈকে– পাকিস্তানৰ হাতত কত আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধানৰ দায়িত্ব! সেনাবাহিনীৰ আঙুলিৰ ইচাৰাত বা আই এছ আইৰ এটা ইংগিততে যেতিয়াই তেতিয়াই উৰি যোৱাৰ আশংকাত থকা পাকিস্তানৰ ইমৰাণ খান চৰকাৰৰ আন্তঃৰাষ্ট্ৰীয় সমস্যা সমাধানৰ প্ৰবনতা দেখি বহুতৰে চকু কঁপালত উঠিছে৷ মাথোঁ এদিন পূৰ্বে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত আফঘানিস্তানৰ তালিবান চৰকাৰক স্বীকৃতি দিয়াৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ক কাবৌ কোকালি কৰা পাকিস্তানে অসমৰ দৰং জিলাৰ ছিপাঝাৰৰ সমীপৰ গৰুখুটিত হোৱা উচ্ছেদ অভিযানৰ ক্ষেত্ৰত কুটনৈতিক পদক্ষেপ গ্ৰহণ কৰি নতুন দিল্লীক ৰুষ্ট কৰি তুলিছে৷ উল্লেখ্য, যোৱা বৃহস্পতিবাৰে ছিপাঝাৰৰ সমীপৰ গৰুখুটিত চৰকাৰী ভূমিৰ বেদখল উচ্ছেদ কৰাৰ সময়ত চৰকাৰী বাহিনীৰ গুলীত দুজন মুছলিম সম্প্ৰদায়ৰ বেদখলকাৰীৰ মৃত্যু হৈছিল৷ সেই ঘটনাই আন্তঃৰাষ্ট্ৰীয় মিডিয়াৰ দৃষ্টি আকৰ্ষণ কৰিছিল আৰক্ষীৰ গুলীত মৃত্যুমুখী এজন লোকৰ শৰীৰত চৰকাৰী পৃষ্ঠপোষকতাত অহা বুলি অভিযোগ উঠা এজন ফটোগ্ৰাফাৰে একাধিকবাৰ জপিয়াই, পদাঘাত আৰু আঘাত কৰাৰ এটা ভিডিঅ’ প্ৰচাৰ হোৱাত৷ পাকিস্তানে অসমৰ এই ঘটনাত তীব্ৰ উদ্বিগ্নতা প্ৰকাশ কৰি পাকিস্তানস্থিত ভাৰতীয় মুৰব্বী বৈদেশিক বিষয়াক চমন জনায়৷ পাকিস্তানে ভাৰতীয় উচ্ছায়ুক্তৰ সৰ্বোচ্ছ বিষয়াজনক শুকুৰবাৰে চমন জনাই এই ঘটনাত দেশখনৰ উদ্বিগ্নতা প্ৰকাশ কৰাৰ লগতে প্ৰতিবাদ সাব্যস্ত কৰে৷ অসমত বাস কৰা মুছলিমক ৰাজ্য চৰকাৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি পাকিস্তানৰ বৈদেশিক দপ্তৰে ভাৰতীয় কুটনীতিবিদজনৰ ওচৰত অভিযোগ কৰে৷ পাকিস্তানৰ বৈদেশিক মন্ত্ৰণালয়ৰ পৰা এটা বিবৃতিত কয়– ‘অসমত সংঘটিত মুছলিমবিৰোধী হিংসাত্মক ঘটনাত পাকিস্তান গভীৰভাৱে উদ্বিগ্ন৷ এই ঘটনাৰ ক্ষেত্ৰত যি দোষী, তেওঁ বা তেওঁলোকক ভাৰত চৰকাৰে শাস্তি প্ৰদান কৰিব লাগে৷ তদুপৰি ভৱিষ্যতে এনেদৰে মুছলিমৰ ওপৰত হোৱা আক্ৰমণ বন্ধ কৰিব লাগে৷’ অসমত সংঘটিত এই ঘটনাৰ বাবে ভাৰতীয় কুটনীতিকক চমন জনোৱা আৰু ভাৰতৰ আভ্যন্তৰীণ আইন-শৃংখলাৰ ঘটনাত পাকিস্তানে মুৰ সুমুৱাত ভাৰতে অসন্তুষ্টি প্ৰকাশ কৰিছে৷ চৰকাৰী পৃষ্ঠপোষকতাত উক্ত ঘটনাৰ ফটো তুলি থকা যিজন ফটোগ্ৰাফাৰে মৃতপ্ৰায় ব্যক্তিজনৰ শৰীৰৰ ওপৰত দুবাৰকৈ জপিয়াই পৰি যি নৃশংসতা প্ৰদৰ্শন কৰিছিল তেওঁৰ নাম বিজয় শংকৰ বনিয়া৷ তেওঁক আৰক্ষীয়ে সেইদিনাই গ্ৰেপ্তাৰ কৰে আৰু শনিবাৰে আদালতে তেওঁক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে৷