Logo
image

টে’ট শিক্ষকৰ নিযুক্তিত ভয়ংকৰ কেলেংকাৰি

বহুজনৰ দৰমহা বন্ধৰ নিৰ্দেশ

আমাৰ অসম, ২৬ ছেপ্টেম্বৰঃ এইবাৰ টে’ট শিক্ষক নিযুক্তিতো ভয়ংকৰ কেলেংকাৰি সংঘটিত হৈছে৷ জাল টে’ট উত্তীৰ্ণ আৰু বি এড ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰে শিক্ষক পদত একাংশই নিযুক্তি লাভ কৰি ৰাজকোষৰ পৰা নিয়মীয়াকৈ দৰমহা ভোগ কৰি আহিছে বি টি চিত ভুৱা প্ৰমাণ পত্ৰই নিযুক্তি লাভ কৰি শিক্ষকতা বৃত্তিক কলংকিত কৰা ৫২ জন টে’ট শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে৷ ইতিপূৰ্বে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনৰ কেইবাখনো বিদ্যালয়ৰ প্ৰধান শিক্ষকে ভুৱা বি এড ডিগ্ৰীৰ প্ৰমাণ পত্ৰৰে চাকৰি কৰি অহাৰ তথ্য পোহৰলৈ আহিছিল৷ এইবাৰ বি টি চিত হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিকত স্নাতক শিক্ষক পদত ভুৱা টে’ট উত্তীৰ্ণৰ প্ৰমাণ পত্ৰই ৫২ জন প্ৰাৰ্থীয়ে চাকৰি লাভ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ এই তথ্য প্ৰমাণ লাভ কৰাৰ পাছতেই বড়োলেণ্ড টেৰিট’ৰিয়েল কাউন্সিলৰ শিক্ষা সঞ্চালকে ৩ আগষ্টত নিযুক্তি পোৱা ৫২ জন স্নাতক টে’ট শিক্ষকৰ দৰমহা বন্ধ ৰাখিবলৈ শুকুৰবাৰে কোকৰাঝাৰ, চিৰাং, বাগ্‌সা আৰু ওদালগুৰি জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকক নিৰ্দেশনা জাৰি কৰিছে৷ উল্লেখ্য বি টি চি প্ৰশাসনে হাইস্কুল আৰু উচ্ছতৰ মাধ্যমিকৰ ১৪২০ টা শিক্ষক পদত ৩ আগষ্টত নিযুক্তি প্ৰদান কৰিছিল৷ কিন্তু উক্ত নিযুক্তি তালিকাত টে’ট উত্তীৰ্ণৰ জাল প্ৰমাণ পত্ৰ আৰু বি এড ডিগ্ৰীৰ ভুৱা প্ৰমাণ পত্ৰ দি একাংশই নিযুক্তি লাভ কৰিছিল৷ শেহতীয়াকৈ শিক্ষা সঞ্চালকালয়ে অনুসন্ধান কৰি ৫২ জন এনে ভুৱা টে’ট শিক্ষকক চিনাক্ত কৰে৷ ইয়াৰ পাছতেই বি টি চি শিক্ষা সঞ্চালকে শুকুৰবাৰে এটা নিৰ্দেশনা যোগে শিক্ষকসকলৰ দৰমহা বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰে৷